বিহাৰৰ হাজিপুৰত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাজপথতে দাউ দাউ কৈ জ্বলি উঠিল এখন যাত্ৰীভৰ্তি বাছ ।দুৰ্ঘটনাটোৰ এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে।
য’ত দেখা গৈছে যে বাছখন সম্পূৰ্ণৰূপে জ্বলি গৈছে। ঘটনাটো মহাত্মা গান্ধী সেতু দলঙৰ। অৱশ্যে, অগ্নি নিৰ্বাপক বাহিনীৰ বাহনসমূহে যথেষ্ট পৰিশ্ৰমৰ পিছত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে বাছখন হাজিপুৰৰ পৰা পাটনালৈ গৈ আছিল।কিন্তু মহাত্মা গান্ধী সেতু দলঙৰ ওচৰত হঠাতে বাছখনত যান্ত্ৰিক বিজুতিৰ ফলত জুই লাগি যায়। যাৰ ফলত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
পিছত পাটনা আৰু হাজিপুৰৰ আগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। সৌভাগ্যক্ৰমে বাছখনত থকা যাত্ৰী সকল কোনো হতাহত হোৱা নাই।