ঘৰুৱা চাহিদা আৰু বিশ্ব বজাৰত শক্তিৰ বাবে সোণৰ মূল্য ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা সোণৰ মূল্য ৭% বৃদ্ধি পাইছে । অৰ্থনৈতিক অনিশ্চয়তাৰ বাবে বিশ্বৰ দেশসমূহে সোণৰ মজুত বৃদ্ধি কৰিছে । আমেৰিকা, জাৰ্মানী, চীনৰ দৰে দেশৰ সোণৰ বিশাল মজুত আছে ।
ৱৰ্ল্ড গল্ড কাউন্সিলৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ কিছু নিৰ্বাচিত দেশ সৰ্বাধিক সোণৰ মজুত থকা দেশৰ শীৰ্ষত আছে । ইয়াৰ ভিতৰত আমেৰিকা শীৰ্যত আছে । কোনখন দেশত সৰ্বাধিক সোণৰ মজুত আছে আৰু ভাৰতৰ স্থান কিমান জানো আহক ।
বিশ্বৰ সোণৰ মজুত থকা শীৰ্ষ ৮ খন দেশ-
১.আমেৰিকা- ৬০৯,৫২৭.৮৫ টন (মূল্য- ৮.১৩৩ বিলিয়ন ডলাৰ)
আমেৰিকাত বিশ্বৰ সৰ্বাধিক সোণ মজুত আছে, যাৰ ওজন ৬০৯,৫২৭.৮৫ টন আৰু মূল্য ৮.১৩৩ বিলিয়ন ডলাৰ । এই সোণৰ এটা বৃহৎ অংশ সমগ্ৰ দেশৰ ফ’ৰ্ট নক্স আৰু বিভিন্ন ভল্টত সুৰক্ষিত ৰখা হৈছে, যিয়ে আমেৰিকাৰ অৰ্থনৈতিক শক্তিক প্ৰতিফলিত কৰে ।
২.জাৰ্মানী – ২৫১,১৬৬.১৩ টন (মূল্য- ৩.৩৫১ বিলিয়ন ডলাৰ)
মজুতৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত থকা জাৰ্মানীৰ হাতত আছে ২৫১,১৬৬.১৩ টন সোণ, যাৰ মুঠ মূল্য ৩.৩৫১ বিলিয়ন ডলাৰ । জাৰ্মানীৰ বেছিভাগ সোণ ফ্ৰেংকফৰ্টৰ বুণ্ডেছবেংকৰ ভল্ট আৰু অন্যান্য বিদেশী স্থানত মজুত কৰা হয় ।
৩. ইটালী – ১৮৩,৭৪২ টন (মূল্য – ২.৪৫১ বিলিয়ন ডলাৰ)
ইটালীত ১৮৩,৭৪২ টন সোণ মজুত আছে, যাৰ মুঠ মূল্য ২.৪৫১ বিলিয়ন ডলাৰ । এই সোণ মূলতঃ ইটালীৰ কেন্দ্ৰীয় বেংক (বেংক অৱ ইটালী)ত সুৰক্ষিত ৰখা হয়, যিয়ে দেশখনৰ আৰ্থিক স্থিতিশীলতাক প্ৰতিফলিত কৰে ।
৪. ফ্ৰান্স – ১৮২,৬২৮.৩৫ টন (২.৪৩৬ বিলিয়ন ডলাৰ)
ফ্ৰান্সৰ হাতত আছে ১৮২,৬২৮.৩৫ টন সোণ, যাৰ মূল্য ২.৪৩৬ বিলিয়ন ডলাৰ । এই মজুত বেংক অৱ ফ্ৰান্স (Banque de France)ৰ দ্বাৰা পৰিচালিত আৰু ই দেশৰ মুদ্ৰানীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
৫. ৰাছিয়া – ২.৩৩৫ বিলিয়ন ডলাৰ
ৰাছিয়াৰ হাতত ২.৩৩৫ বিলিয়ন ডলাৰৰ সোণৰ মজুত আছে । যদিও ইয়াৰ মুঠ মজুত শীৰ্ষ দেশসমূহতকৈ কম, তথাপিও ৰাছিয়াৰ কেন্দ্ৰীয় বেংকে নিজৰ বৈদেশিক মুদ্ৰাৰ মজুতৰ বৈচিত্ৰ্যতা বৃদ্ধিৰ বাবে সোণৰ মজুত অহৰহ বৃদ্ধি কৰি আছে ।
৬. চীন- সোণৰ মজুত মূল্য- ২.২৬৪ বিলিয়ন ডলাৰ
চীনৰ হাতত আছে ১৬৯,৬৮৯.৫২ টন সংৰক্ষিত সোণ, যাৰ মূল্য ২.২৬৪ বিলিয়ন ডলাৰ । বিশ্বৰ অন্যতম বৃহৎ অৰ্থনীতি চীনে নিজৰ মুদ্ৰা শক্তিশালী কৰাৰ লগতে আৰ্থিক বিপদৰ পৰা নিজকে ৰক্ষা কৰিবলৈ অহৰহ সোণৰ মজুত বৃদ্ধি কৰি আছে ।
৭. জাপান – সোণৰ মজুত মূল্য: ৮৪৫.৯৭ মিলিয়ন ডলাৰ
জাপানত ৬৩,৩৯৭.৮৭ টন সোণৰ মজুত আছে, যাৰ মূল্য ৮৪৫.৯৭ মিলিয়ন ডলাৰ । এই মজুত বেংক অৱ জাপানৰ দ্বাৰা পৰিচালিত আৰু ই দেশৰ অৰ্থনৈতিক স্থিতিশীলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
৮. ভাৰত- সোণৰ মজুত মূল্যঃ ৮৪০.৭৬ মিলিয়ন ডলাৰ
ভাৰতত ৬৩,০০৭.২০ টন সোণৰ মজুত আছে, যাৰ মূল্য ৮৪০.৭৬ মিলিয়ন ডলাৰ । সোণৰ প্ৰতি ভাৰতৰ সম্পৰ্ক অতি গভীৰ আৰু দেশখনে নিজৰ অৰ্থনৈতিক নিৰাপত্তা সুদৃঢ় কৰি ৰাখিবলৈ পৰ্যাপ্ত সোণৰ মজুত বজাই ৰাখিছে ।