নিশা যমুনামুখৰ সৰুপথাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিশা কৰ্তব্যৰ পৰা ওভতাৰ পথত অজ্ঞাত বাহনৰ খুন্দা থিতাতে মৃত্যু হয় PSOজন। নিহত PSO জন নগাঁৱৰ ৰাঙলুৰ বসিৰ আহমেদ ।
হোজাই DSP ইকবাল হুছেইনৰ PSO হিচাপে আছিল।বহু সময় ধৰি ৰাজপথতে পৰি থাকিল আৰক্ষী জোৱনজনৰ মৃতদেহ।
জানিব পৰা মতে AS-31-D-7679 নম্বৰৰ Pulsar NS বাইখনেৰে হোজাই অভিমুখে গৈ থকা সময়তে এখন অচিনাক্ত বাহনৰ খুন্দাত দুৰ্ঘটনাত পতিত হয় জোৱানজনৰ।
ইফালে আৰক্ষী জোৱান গৰাকীৰ মৃতদেহ পথত পৰি থকা সময়তে একেটা স্থানতে ২০ মিনিট পিছত সংঘটিত হয় আন এক ভয়ংকৰ পথ দুৰ্ঘটনা ।
একেটা স্থানতে বাইক দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত এজন লোক । আহত লোকজনক সংকটজনক অৱস্থাত হস্পিতালত প্ৰেৰণ কৰা হয় ।
বসিৰ আহমেদৰ মৃত্যুত শোকত ভাগি পৰিছে মাতৃ-ভগ্নী। পুত্ৰৰ মৃতদেহৰ কাষত ৰৈ হিয়া ঢাকুৰি কান্দিলে মাতৃয়ে।