ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭ টা বন্যহস্তীৰ মৃত্যু; ৬ খন ৰে’ল বাতিল
যমুনামুখত বন্যহস্তীৰ লগত এক শোকাৱহ ঘটনা সংঘটিত হয়। ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৭ টাকৈ হাতী ।
যমুনামুখত এক শোকাৱহ ঘটনা সংঘটিত হয়।তীব্ৰবেগী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭ টাকৈ বন্যহস্তীৰ কৰুণ মৃত্যু।দুৰ্ঘটনাটোৰ ফলত ৰে’ল খনৰ পাঁচটাকৈ ডবা লাইনচুৎ হয়।
খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহিছিল প্ৰায় শতাধিক হাতী।ল’ক’ পাইলটে জৰুৰীকালীন ব্ৰেক মাৰিছিল যদিও ট্ৰেইনখন ৰোৱাৰ পূৰ্বেই মহটিয়ালে হাতীৰ জাকটো।নিশা প্ৰায় দুই বজাত সংঘটিত হয় এই ঘটনা।মিজোৰামৰ চাইৰাঙৰ পৰা নতুন দিল্লী অভিমুখী আছিল ৰে’লখন।
ইফালে দুৰ্ঘটনাৰ ফলত স্তব্ধ হৈ পৰিছে বহুকেইখন ৰে’ল। পুৱতি নিশালৈ দুৰ্ঘটনাস্থলীতে আবদ্ধ হৈ আছিল ৰে’ল যাত্ৰীসকল। অসুবিধাত পৰা যাত্ৰীৰ বাবে গুৱাহাটীৰ পৰা বিশেষ ৰে’লৰ ব্যৱস্থা গ্ৰহণ কৰে উত্তৰ-পূব সীমান্ত ৰে’লৱে’ই।
দুৰ্ঘটনাটোৰ বাবে ৬খন ৰে’ল বাতিল কৰা হৈছে। ৰঙিয়া-নিউ তিনিচুকীয়া এক্সপ্ৰেছ, গুৱাহাটী-যোৰহাট টাউন সংযোগী জনশতাব্দী এক্সপ্ৰেছ, গুৱাহাটী-বদৰপুৰ সংযোগী ভিষ্টাডম এক্সপ্ৰেছ, নিউ তিনিচুকীয়া-ৰঙিয়া এক্সপ্ৰেছ, মৰিয়নি-গুৱাহাটী এক্সপ্ৰেছ আৰু লামডিং-গুৱাহাটী পেছেঞ্জাৰ ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে।
লগতে পঢ়ক: পাঁচ বছৰত অসমত বৃদ্ধি পথ দুৰ্ঘটনাত নিহতৰ সংখ্যাঃ কেন্দ্রীয় পথ পৰিবহণ মন্ত্রীৰ উদ্বেগজনক তথ্য