সংসদৰ সদ্য সমাপ্ত শীতকালীন অধিৱেশনত কিছু অবিস্মৰণীয় লজ্জাজনক বিতৰ্কৰ সৃষ্টি হয় । আদানী বিষয়ত চৰকাৰ আৰু বিৰোধীৰ মাজত আৰম্ভ হোৱা ৰাজনৈতিক যুদ্ধৰ ফলত তিক্ত অভিযোগ আৰু প্ৰত্যাক্ৰমণৰ পিছত সংবিধান নিৰ্মাতা আম্বেদকাৰৰ নামত জোকাৰণিৰ সৃষ্টি হয় আৰু শেষত গোচৰ ৰুজু হয় । অৱনতি ঘটা সম্পৰ্কৰ মাজতে সংসদীয় ইতিহাসত প্ৰথমবাৰৰ বাবে উচ্চ সদনৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰা হয় । দুয়োপক্ষৰ মাজত হোৱা উত্তপ্ত তৰ্কৰ বাবে উচ্চ সদনৰ ৬০ শতাংশ সময় আৰু লোকসভাৰ ৪২ শতাংশ সময় হুলস্থুলৰ মাজত হেৰাই যায় ।
বিৰোধী আৰু অধ্যক্ষ ধনখড়ৰ মাজত উত্তেজনা-
বিৰোধীয়ে অধিৱেশনৰ ঠিক পূৰ্বেই আমেৰিকাৰ আদালতত ঔদ্যোগিক আদানীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ অভিযোগ দুয়োটা সদনত ডাঙৰ বিষয় কৰি তুলিছিল । অধিবেশনৰ প্ৰথম সপ্তাহটো এই বিষয়ত তৰ্ক-বিতৰ্কত পাৰ হয় । ইফালে সংবিধানৰ ৭৫ বছৰৰ গৌৰৱময় যাত্ৰাক লৈ দুদিনীয়া বিশেষ আলোচনাত চৰকাৰ আৰু বিৰোধীয়ে সহমতত উপনীত হয় । কিন্তু এই সময়ছোৱাত বিৰোধীয়ে অধ্যক্ষ ধনখড়ৰ বিৰুদ্ধে বৈষম্যমূলক অভিযোগ উত্থাপন কৰি অনাস্থা প্রস্তাৱৰ জাননী দিয়াৰ বাবে উত্তেজনা আৰু অধিক বৃদ্ধি পায় ৷
লোকসভাত চাৰিখন বিধেয়ক, ৰাজ্যসভাত তিনিখন বিধেয়ক গৃহীত-
কামকাজৰ ক্ষেত্ৰত অধিবেশনৰ প্ৰদৰ্শন মধ্যমীয়া আছিল । এই সময়ছোৱাত লোকসভাত চাৰিখন বিধেয়ক আৰু ৰাজ্যসভাত তিনিখন বিধেয়ক গৃহীত হয় । লোকসভাত পুনৰ উত্থাপন হ’ল চাৰিখন বিধেয়ক । ইয়াৰ ভিতৰত এক দেশ-এক নিৰ্বাচন বিধেয়ক জে পি চি লৈ প্ৰেৰণ কৰা হয় । হুলস্থুল আৰু কামৰ স্তব্ধতাৰ বাবে কেইবাখনো বিধেয়ক দাখিল কৰিব পৰা নগ’ল । এই অধিবেশনত চৰকাৰে ৱাকফ সংশোধনী বিধেয়ক উত্থাপন কৰিব বুলি আলোচনা হৈছিল যদিও সেয়া নহ’ল ।
আম্বেদকাৰৰ সন্দৰ্ভত তিক্ততাই শিখৰত উপনীত হ’ল-
সংসদত চৰ্চিত হয় সংবিধানৰ ৭৫ বছৰীয়া যাত্ৰা । উচ্চ সদনত হোৱা আলোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আম্বেদকাৰ সন্দৰ্ভত কৰা মন্তব্যক তেওঁক অপমান বুলি অভিহিত কৰি বিৰোধীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ দাবী কৰে । এই বিষয়ত সংসদৰ ভিতৰত আৰু বাহিৰত দুয়োটা দলে মুখামুখি হৈছিল । একে ক্ৰমতে দুয়োপক্ষৰ মাজত হোৱা হতাহতিত বিজেপিৰ দুজন সাংসদ আহত হয় । ইয়াৰ পিছতে বিজেপিয়ে ৰাহুলৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰে ।
দুয়োখন সদনৰ কাৰ্যবিধিৰ ওপৰত এক দৃষ্টি-
সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে সংসদৰ দুয়োখন সদনত দুদিনীয়া আলোচনাত সকলো দলৰ জ্যেষ্ঠ নেতাৰ সৈতে প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে । আলোচনাৰ সময়ত দুয়োপক্ষই ইজনে সিজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে । সংবিধানৰ প্ৰস্তাৱনা, ৭৫ বছৰৰ কৃতিত্ব আৰু প্ৰত্যাহ্বান আৰু অভাৱৰ ওপৰত এজনো বক্তাই মতামত ৰখা নাছিল । বিৰোধীয়ে চৰকাৰক সংবিধান দুৰ্বল কৰাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে শাসকীয় দলে কংগ্ৰেছৰ কাৰ্যকালত সংঘটিত হোৱা ভুল আৰু অতিমাত্ৰাক আলোকপাত কৰে ।