এখন দলঙক লৈ এতিয়া চিন্তিত হৈ পৰিছে শ্ৰীভূমি জিলাৰ লোকসকল। কিয়নো যিকোনো মুহূৰ্তত ভাঙিব পাৰে বৰাক উপত্যকাৰ কাটিগড়াৰ গেমন দলং খন। হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনা ।
যাৰ বাবে ভীতিগ্ৰস্ত হৈ পৰিছে জনতা। যিকোন মুহূৰ্তত ভাঙি পৰিব পাৰে বৰাক উপত্যকাৰ কাটিগড়া-বদৰপুৰ সংযোগী গেমন দলং।
দৰাচলতে ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাটিগড়া আৰু বদৰপুৰ সংযোগী গেমন দলং খন দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছে।ইয়াক লৈ সংশ্লিষ্ট বিভাগে জাৰি কৰিছে নিষেধাজ্ঞা।
কিন্তু সেই নিষেধাজ্ঞাক আওকাণ কৰি ৰাতিৰ আন্ধাৰত কাছাৰত ধনৰ বিনিময়ত কাটিগড়া আৰক্ষীক মেনেজ কৰি ২০ টনৰ অধিক বোজা ভৰ্তি ট্ৰাক পাৰ হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।
যাৰ বাবে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। এই দলঙখন খহি পৰিলে গুৱাহাটীৰ সৈতে বৰাক উপত্যকাৰ শ্ৰীভূমি, হাইলাকান্দিকে ধৰি চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ,মিজোৰাম, মনিপুৰৰ লগত যোগাযোগ ব্যৱস্থা সংযোগ বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা আছে। সেয়ে মুখ্যমন্ত্ৰীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনায় ৰাইজে।।