বলীউডৰ অভিনেতা বৰুণ ধাৱানে বিগত কেইবাদিন ধৰি তেওঁৰ আহিবলগীয়া ছবি ‘বেবীজন’ৰ প্ৰচাৰ চলাই আছে। তাৰ মাজতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক এটা অনুষ্ঠানত সাক্ষাৎ কৰে অভিনেতা গৰাকীয়ে।
সেই অনুষ্ঠানত বৰুণ ধাৱানে গৃহমন্ত্ৰী গৰাকীক ৰাম আৰু ৰাৱণৰ মাজত আটাইতকৈ ডাঙৰ পাৰ্থক্যৰ বিষয়ে সুধিছিল। ইয়াৰ লগতে, বৰুণ ধাৱানে তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।
অভিনেতা বৰুণ ধাৱনে গৃহমন্ত্ৰী গৰাকীৰ প্ৰশংসা কৰি কয় যে “আপোনাক সদায় টিভিত দেখি থাকো আজি লগ পাই ভাল লাগিল”।
অভিনেতা গৰাকীয়ে গৃহমন্ত্ৰী গৰাকীক লগতে কয় যে মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছো। আৰু সেই প্ৰশ্নটো হৈছে “ভগৱান ৰাম আৰু ৰাৱণৰ মাজত আটাইতকৈ ডাঙৰ পাৰ্থক্যটো কি?”
সেই প্ৰশ্নৰ উত্তৰত অমিত শ্বাহে কয় যে “
তেওঁ কয়, “কিছুমান লোকৰ ৰুচী অনুসৰি ধৰ্ম হয়, তেওঁলোকে ধৰ্ম অনুসৰি কৰ্ম নিৰ্ধাৰণ কৰে। একে সময়তে, কিছুমান লোকে তেওঁলোকৰ আগ্ৰহ অনুসৰি ধৰ্ম সলনি কৰে।ধৰ্মৰ ব্যাখ্যা অনুসৰি ৰামে তেওঁৰ জীৱন যাপন কৰিছিল। একে সময়তে, ৰাৱণে তেওঁৰ ব্যাখ্যা অনুসৰি ধৰ্ম সলনি কৰিবলৈ চেষ্টা কৰিছিল। ৰাম আৰু ৰাৱণৰ মাজত এয়াই আছিল আটাইতকৈ ডাঙৰ পাৰ্থক্য।”
গৃহমন্ত্ৰীৰ কথাত সন্তুষ্ট হৈ বৰুণ ধাৱানে তেওঁক দেশৰ হনুমান বুলি আখ্যা দিছে, যি দিন-ৰাতি নিস্বাৰ্থভাৱে দেশৰ সেৱা কৰে।
অভিনেতাজনে কয় যে, “এজন শিল্পীয়ে মনত ৰখা এটা শাৰীও স্পষ্টভাৱে ক’ব নোৱাৰে। এজন ব্যক্তিয়ে তেতিয়াহে এনে কাম কৰিব পাৰে যেতিয়া সেইবোৰ তেওঁৰ হৃদয়ৰ পৰা পোনপটীয়াকৈ আহে। মই কওঁ আপুনি দেশৰ হনুমান,” যিয়ে দিন ৰাতি নিস্বাৰ্থভাৱে দেশৰ সেৱা কৰে”।