আমেৰিকাত বসবাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ বাবে সেয়া আছিল এক ঐতিহাসিক মুহূৰ্ত, যেতিয়া ভাৰতীয় মূলৰ আমেৰিকান সাসংদ সুহাস সুব্ৰমণিয়ামে পবিত্ৰ হিন্দু গ্ৰন্থ গীতা স্পৰ্শ কৰি শপত গ্ৰহণ কৰিছিল । ভাৰ্জিনিয়াৰ ১৩সংখ্যক জিলাক প্ৰতিনিধিত্ব কৰা সুব্ৰমণিয়াম এজন আমেৰিকান । ইষ্ট ক’ষ্টৰ পৰা সংসদলৈ নিৰ্বাচিত হোৱা তেওঁ প্ৰথমজন ভাৰতীয়-আমেৰিকান ।
যেতিয়া সুহাস সুব্ৰমণিয়ামে গীতাত হাত থৈ শপত গ্ৰহণ কৰিছিল, তেতিয়া তেওঁৰ মাতৃও তাত উপস্থিত আছিল । আমেৰিকাৰ কংগ্ৰেছক বিশ্বৰ অন্যতম শক্তিশালী ৰাজনৈতিক প্ৰতিষ্ঠান হিচাপে গণ্য কৰা হয় আৰু এইটো নিশ্চিতভাৱে সকলো ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয় ।
আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভলৈ নিৰ্বাচিত হোৱা প্ৰথমজন হিন্দু আমেৰিকান তুলসী গাবাৰ্ডৰ স্থান লব তেওঁ । গাবাৰ্ডেও সুহাসৰ দৰে ২০১৩ চনত গীতাত হাত ৰাখি শপত গ্ৰহণ কৰিছিল । তেতিয়া তেওঁ এই কাম কৰা কংগ্ৰেছৰ প্ৰথম সদস্য আছিল । তেতিয়াৰ পৰাই গীতাৰ শপত খোৱাটো আমেৰিকাৰ ৰাজনীতিত হিন্দু-আমেৰিকানসকলৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ প্ৰতীক হৈ পৰিছে ।
সুব্ৰমণিয়ামৰ নিৰ্বাচনৰ লগে লগে কংগ্ৰেছত ভাৰতীয়-আমেৰিকান সাংসদৰ সংখ্যা এতিয়া চাৰিজনলৈ বৃদ্ধি পাইছে । ভাৰতীয়-আমেৰিকান কংগ্ৰেছৰ সদস্যসকলৰ ভিতৰত আছে ৰাজা কৃষ্ণমূৰ্তি, ৰো খান্না আৰু শ্ৰী থানেদাৰ । ইয়াৰ দ্বাৰা ভাৰতীয়-আমেৰিকানসকলৰ ক্ৰমবৰ্ধমান ৰাজনৈতিক প্ৰভাৱ প্ৰতিফলিত হয়, যিসকল বৰ্তমান আমেৰিকাৰ কংগ্ৰেছৰ অন্যতম বিশিষ্ট ।