ত্ৰিপুৰাৰ পশ্চিম জিলাৰ জগতপুৰ চৌমহানি অঞ্চলত জেনেৰেটৰৰ ভিতৰত বিস্ফোৰণৰ ফলত জ্বলি উঠে এখন পিকনিক বাছ । ইয়াৰ ফলত আহত হয় ১১জন লোক । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই মোহনপুৰৰ এই উদ্বেগজনক ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে । এক বিবৃতিত মুখ্যমন্ত্রীয়ে এই ঘটনাত আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে ।
আৰক্ষীৰ তথ্য অনুসৰি লোকসকল তিনিখন বাছত পিকনিকৰ বাবে বাছেৰে গাঁৱলৈ গৈছিল । তিনিওখন বাছ আছিল চি এন জি বাছ । সন্ধিয়া পিকনিকৰ অন্তত পশ্চিম জিলাৰ চম্পনগৰলৈ উভতি আহি থকা অৱস্থাত এই ঘটনা সংঘটিত হয় । জেনেৰেটৰৰ বিস্ফোৰণৰ ফলত এখন বাছত জুই লাগে । এই ঘটনাত আহত হয় ১১জন লোক । বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বাবে সকলোৰে অৱস্থা সুস্থিৰ ।
মুখ্যমন্ত্রী ড০ মাণিক সাহাই এই কৰুণ ঘটনাক লৈ গভীৰ উদ্বেগ প্রকাশ কৰে ৷ এক বিবৃতিত তেওঁ এই ঘটনাত আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰে । লগতে তেওঁ নিশ্চিত কৰে যে গুৰুতৰভাৱে আহত ৬ জন লোকক উন্নত চিকিৎসাৰ বাবে জি বি পণ্ট হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।