২৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল জুনিয়ৰ এন টি আৰ, জাহ্নবী কাপুৰ আৰু ছৈফ আলী খান অভিনীত ‘দেৱৰা: পাৰ্ট ১’ । এই ছবিখনক লৈ যথেষ্ট চৰ্চা হৈছিল আৰু বক্স অফিচত ইয়াৰ আৰম্ভণি ভাল আছিল যদিও তাৰ পিছত ইয়াৰ উপাৰ্জনৰ গ্ৰাফ ক্ৰমে কমি আহিছিল । সামগ্ৰিকভাৱে ‘দেৱৰা: পাৰ্ট ১’ বক্স অফিচত আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব নোৱাৰিলে । ইফালে ‘দেৱৰা’ এতিয়া অ’ টি টিত মুক্তিৰ বাবে সাজু হৈছে ।
‘দেৱৰা : পাৰ্ট ১’ -অ’টিটিত কেতিয়া আৰু ক’ত মুক্তি পাব ?
জুনিয়ৰ এন টি আৰৰ ‘দেৱৰা: পাৰ্ট ১’ থিয়েটাৰত চাব নোৱাৰা সকলৰ বাবে এটা ভাল খবৰ । আচলতে থিয়েটাৰত মুক্তি পোৱাৰ পিছত এই ছবিখন এতিয়া অ’ টি টি প্ৰিমিয়াৰৰ বাবে প্ৰস্তুতি চলাইছে । ৮ নৱেম্বৰৰ পৰা নেটফ্লিক্সত ষ্ট্ৰীম হ’ব ‘দেৱৰা: পাৰ্ট ১’ । ষ্ট্ৰীমিং প্লেটফৰ্মে ছবিখনৰ ডিজিটেল অধিকাৰ সকলো ভাষাতে লাভ কৰিছে, এইদৰে, ই হিন্দী, তেলেগু, তামিল, কানাড়া, মালয়ালম ভাষাত ডিজিটেলভাৱে ষ্ট্ৰীমিং হ’ব ।
‘দেৱৰা: পাৰ্ট ১’ৰ বক্স অফিচ ৰিপ’ৰ্ট কেনেকুৱা ?
বহু আশাৰে ছবিগৃহত মুক্তি পাইছিল ‘দেৱৰা: পাৰ্ট ১’। ইয়াৰ বাম্পাৰ অপেনিঙো হৈছিল য’ত সকলো ভাষাতে মিলি প্ৰায় ৭৪ কোটি টকা সংগ্ৰহ কৰিছিল । ইয়াৰ পিছত এই ছবিখনে টিকটৰ উইণ্ড’ত সকলো অভিলেখ ভংগ কৰিব যেন লাগিছিল । কিন্তু দ্বিতীয় দিনাৰ পৰাই ছবিখনৰ উপাৰ্জন হ্ৰাস পাবলৈ ধৰিলে আৰু ইয়াৰ লগে লগে ছবিখন উপাৰ্জনৰ ক্ষেত্ৰত বহু পিছ পৰি ৰ’ল । ‘দেৱৰা: পাৰ্ট ১’ বক্স অফিচত এভাৰেজ ব্যৱসায় কৰিছে ।
অৱশ্যে এই ছবিখনে ইয়াৰ ট্ৰিটমেন্ট আৰু ভি এফ এক্সৰ বাবে অতিশয় প্ৰসংশিত হৈছে । ছবিখনৰ অভিনেতাসকলে বহু প্ৰশংসা লাভ কৰিছিল যদিও বক্স অফিচত ‘দেৱৰা: পাৰ্ট ১’ৰ প্ৰদৰ্শন হতাশাজনক আছিল । এই পৰ্যন্ত ছবিখনৰ মুঠ সংগ্ৰহ ৩৪৩ কোটি টকা ।
RRRৰ পিছত এই ছবিখন আছিল এন টি আৰৰ প্ৰথম একক মুক্তি । জুনিয়ৰ এন টি আৰে ‘দেৱৰা’ই ভাল সঁহাৰি নোপোৱাৰ বাবে দৰ্শকক দোষাৰোপ কৰিছিল । উল্লেখ্য যে, জুনিয়ৰ এন টি আৰে এতিয়া হৃতিক ৰোশন আৰু কিয়াৰা আদৱানীৰ সৈতে ‘ৱাৰ ২’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব ।