নতুন দিল্লীৰ পৰা কেজৰিৱাল..কলকাজীৰ পৰা আতিশী, আপৰ ৩৮ গৰাকী প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ
দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টিয়ে প্ৰকাশ কৰিছে চতুৰ্থ আৰু চূড়ান্ত তালিকা, য’ত ৩৮ জন প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰা হৈছে । নতুন দিল্লীৰ আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব অৰবিন্দ কেজৰিৱাল । কলকাজীৰ পৰা অতিশী আৰু বৃহত্তৰ কৈলাশৰ পৰা সৌৰভ ভৰদ্বাজ হব প্ৰাৰ্থী । কস্তুৰবা নগৰৰ আসনত বৰ্তমানৰ বিধায়ক মদন লালৰ টিকট বাতিল কৰি দলটোৱে […]
ৰোহিত-কোহলীৰ পৰা সূৰ্য-হাৰ্দিকলৈ… জানক ভাৰতৰ তাৰকা ক্ৰিকেটাৰসকলৰ বাবে কেনে আছিল ২০২৪ বৰ্য
ভাৰতীয় ক্ৰিকেট দলৰ বাবে ২০২৪ বৰ্ষটো উল্লেখনীয় আছিল । দলটোৱে আই চি চি ট্ৰফী (টি২০ বিশ্বকাপ ২০২৪) লাভ কৰি ১১ বছৰৰ অপেক্ষাৰ অন্ত পেলায় । এই বছৰটো দলৰ খেলুৱৈসকলৰ বাবে উত্থান-পতনেৰে ভৰি আছিল । ইয়াৰ মাজতে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে । ভাৰতৰ টি-২০ দলৰ অধিনায়ক হয় সূৰ্যকুমাৰ […]
আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি,,,প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক কৰিব সাক্ষাৎ
দেওবাৰ (১৫ ডিচেম্বৰ)ৰ পৰা মঙলবাৰ (১৭ ডিচেম্বৰ)লৈ তিনিদিনীয়া ভাৰত ভ্ৰমণত থাকিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে । শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাবে দায়িত্ব গ্ৰহণ কৰাৰ পিছত এয়া তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণ । তিনিদিনীয়া ভাৰত ভ্ৰমণৰ সময়ত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব । তিনিদিনীয়া এই ভ্ৰমণত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে […]
বেংগালুৰুত মহিলা প্ৰিমিয়াৰ লীগৰ নিলাম, ভাৰতৰ ছিমৰন শ্বেইখ এতিয়ালৈকে ব্যয়বহুল খেলুৱৈ…
বেংগালুৰুত মহিলা প্ৰিমিয়াৰ লীগৰ (WPL) আগন্তুক ছিজনৰ বাবে চলি আছে নিলাম । ১৯ জন খেলুৱৈৰ স্থান পূৰণৰ বাবে নিবিদা কৰা হৈছে । ইতিমধ্যে প্ৰতিযোগিতাখনৰ ৫টা দলে নিজৰ ৰিটেইনড খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে । গুজৰাট জায়েন্টছৰ দলটোৱে সৰ্বাধিক ৪.৪ কোটি টকাৰ পাৰ্চ লৈ নিলামত প্ৰৱেশ কৰিছে । আৰ চি বিৰ দলটোৱে ৩.২৫ কোটি টকাৰ পাৰ্চ লৈ […]
‘গৰিবী হটাও’ আটাইতকৈ ডাঙৰ জুমলাঃ কংগ্ৰেছক প্ৰধানমন্ত্ৰী মোদীৰ তীব্ৰ আক্ৰমণ…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত সংবিধান সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দিয়াৰ সময়ত কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছ এটা শব্দৰ প্ৰতি অতিকৈ আকৰ্ষিত, যাৰ অবিহনে তেওঁলোকে জীয়াই থাকিব নোৱাৰে, সেয়া হ’ল ‘জুমলা’ । কিন্তু এই দেশে জানে যে যদি ভাৰতত কোনো ডাঙৰ জুমলা আছিল আৰু সেয়া ৪-৪ প্ৰজন্মই ব্যৱহাৰ কৰিছিল, সেই জুমলা […]
২০২৪ত ক্ৰিকেটৰ পৰা অৱসৰ ল’লে বহু মহান খেলুৱৈয়ে, তালিকাত আছে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ নামো…
২০২৪ বৰ্ষটো ক্ৰিকেট অনুৰাগীৰ বাবে যিমান সুখৰ আছিল সিমানেই দুখৰো আছিল । এই বৰ্যটোত বহু ক্ৰিকেটাৰে নিজৰ অনুৰাগীক এনে বহু সুযোগ দিছিল, যিটো তেওঁলোকে উপভোগ কৰিছিল । বহু তাৰকা ক্ৰিকেটাৰে ক্ৰিকেটৰ পৰা বিদায় লৈছিল, যিয়ে তেওঁলোকৰ অনুৰাগীৰ হৃদয় ভাঙিছিল । বিৰাট কোহলী আৰু ৰোহিত শৰ্মাকো এইবাৰ অৱসৰ লোৱা ক্ৰিকেটাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । দুয়োজন […]
এইকেইখন ৰাজ্যৰ ১১খন জিলাত বান আৰু খৰাং পৰিস্থিতিৰ আশংকা…সকীয়াই দিলে আই আই টিৰ জলবায়ু প্ৰতিবেদনে
ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি) গুৱাহাটী আৰু মাণ্ডীয়ে যৌথভাৱে প্ৰকাশ কৰিছে জলবায়ুৰ বিপদাশংকা মূল্যায়ন প্ৰতিবেদন । প্ৰতিবেদনত কোৱা হৈছে যে বিহাৰ, কেৰালা আৰু ওড়িশাৰ ১১খন জিলাত বান আৰু খৰাং উভয়ৰে ‘অতি উচ্চ’ আশংকা আছে । ইয়াৰ ভিতৰত পাটনা, আলাপ্পুঝা, কেন্দ্ৰপাৰা আদি জিলাও আছে । এই জিলাসমূহত তাৎক্ষণিক পদক্ষেপ লোৱাৰ প্ৰয়োজন । প্ৰতিবেদনখনৰ শিৰোনাম […]
‘জৰুৰীকালীন অৱস্থাৰ পাপ খণ্ডন নহয়…’, সংবিধান সন্দৰ্ভত আলোচনাৰ সময়ত কংগ্ৰেছক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ
লোকসভাত সংবিধান সন্দৰ্ভত আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে । জৰুৰীকালীন অৱস্থাৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘যেতিয়া দেশে সংবিধানৰ ২৫ বছৰ সম্পূৰ্ণ কৰিছিল, তেতিয়া সংবিধানক মোহাৰি পেলোৱা হৈছিল । দেশখন কাৰাগাৰলৈ পৰিণত হ’ল, নাগৰিকৰ অধিকাৰ কাঢ়ি লোৱা হ’ল । কংগ্ৰেছৰ কপালত লগা এই পাপ এনেকুৱা যে ইয়াক কেতিয়াও খণ্ডন কৰিব নোৱাৰি […]
মংগল গ্ৰহৰ সৈতে জড়িত এইবোৰ আশ্চৰ্যকৰ কথা জানেনে ? জানি আচৰিত হ’ব আপুনি…
নাছা আৰু অন্যান্য মহাকাশ সংস্থাসমূহ মংগল গ্ৰহত জীৱনৰ সন্ধানত ব্যস্ত । দৰাচলতে এটা সময়ত পৃথিৱীৰ দৰেই মংগল গ্ৰহতো হয়তো জীৱন আছিল বুলি বিশ্বাস কৰা হয় । এই গ্ৰহটোক প্ৰায়ে পৃথিৱীৰ লগত তুলনা কৰা হয়, কিন্তু সঁচাকৈয়ে ৰঙা গ্ৰহটোত কেতিয়াবা জীৱন আছিল নে ? এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি বিজ্ঞানীসকল ব্যস্ত । অৱশ্যে আজি আমি মংগল গ্ৰহৰ […]
কেৱল ২খনত পৰাস্ত…! টি-২০ ইণ্টাৰনেশ্যনেলত ২০২৪ বৰ্ষত কেনে আছিল বিশ্ব চেম্পিয়ন টিম ইণ্ডিয়াৰ অভিলেখ ?
আৰু কেইটামান দিনৰ পিছতেই আমাৰ মাজৰ পৰা বিদায় মাগিব ২০২৪ বৰ্ষটোৱে । এই বছৰটো টিম ইণ্ডিয়া আৰু অনুৰাগীসকলৰ বাবে উৎসাহজনক তথা আনন্দৰে ভৰা আছিল । ২০২৪ বৰ্ষত ভাৰতীয় দলটোৱে ১১ বছৰৰ পাছত আই চি চিৰ ট্ৰফী জয়ৰ খৰাং পৰিস্থিতিৰ অন্ত পেলাইছিল । ইয়াৰ উপৰিও ২০২৪ চনত টিম ইণ্ডিয়াই বহু ডাঙৰ সফলতা লাভ কৰিছিল । এই […]