দেওবাৰে প্ৰথমবাৰৰ বাবে নাইজেৰিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তিনিখন দেশ ভ্ৰমণৰ অংশ হিচাবে নাইজেৰিয়াত উপস্থিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী, য’ত ব্ৰাজিল আৰু গোয়ানাও ভ্ৰমণ কৰিব তেওঁ । নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুৱে আবুজা বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায় । ভাৰত আৰু নাইজেৰিয়াৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে এই ভ্ৰমণ বিশেষ বুলি বিবেচিত হৈছে । বিগত ১৭ বছৰত নাইজেৰিয়া ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী ।
‘গ্ৰেণ্ড কমাণ্ডাৰ অফ দা অৰ্ডাৰ অফ দ্য নাইজাৰ’ –
নাইজেৰিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ দ্বিতীয় সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা ‘গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য নাইজাৰ’ৰে সন্মানিত কৰে । এই বঁটা লাভ কৰা দ্বিতীয়জন বিদেশী বিশিষ্ট ব্যক্তি হিচাপে পৰিগণিত হৈছে প্ৰধানমন্ত্ৰী মোদী । ইয়াৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক যিকোনো দেশে প্ৰদান কৰা এয়া ১৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় বঁটাত পৰিণত হয় । তিনিখন দেশ ভ্ৰমণৰ প্ৰথম পৰ্যায়ৰ অংশ হিচাপে দেওবাৰে নাইজেৰিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী ।
১৭ বছৰৰ পাছত নাইজেৰিয়াত উপস্থিত হৈছে ভাৰতৰ এজন প্ৰধানমন্ত্ৰী-
১৭ বছৰৰ পাছত এয়া প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নাইজেৰিয়া ভ্ৰমণ । নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুৰ আমন্ত্ৰণত মোদী দেশখনত উপস্থিত হৈছে । ব্ৰাজিল আৰু গোয়ানাও ভ্ৰমণ কৰিব তেওঁ । ভাৰত চৰকাৰৰ বিষয়াসকলে কয় যে নাইজেৰিয়াই প্ৰধানমন্ত্ৰী মোদীক ‘গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ নাইজাৰ’ (জিকন) বঁটাৰে সন্মানিত কৰে । এতিয়ালৈকে ব্ৰিটেইনৰ প্ৰয়াত ৰাণী এলিজাবেথে ১৯৬৯ চনত জি চি অ’ন বঁটা লাভ কৰা একমাত্ৰ বিদেশী ব্যক্তি ।