লেবাননৰ ওপৰত ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে। বেইৰুট চহৰত হোৱা এটা আক্ৰমণত ৪০ জনৰো অধিক লোক নিহত হোৱাৰ আশংকা কৰা হৈছে।ইজৰাইলৰ দ্বাৰা হিজবুল্লাহৰ ঘাটিসমূহত নিৰন্তৰ আক্ৰমণ কৰি থকা হৈছে। ইজৰাইলী সেনাই পূৰ্বে চহৰখনৰ বহুতো অংশ খালি কৰাৰ নিৰ্দেশ দিছিল।
হুথি বিদ্ৰোহীসকলে দাবী কৰিছে যে ইজৰাইলৰ নিউটিম এয়াৰবেচক ‘বেলিষ্টিক মিছাইল’ৰে লক্ষ্য কৰি লোৱা হৈছে । তদুপৰি, তেওঁলোকে কৈছিল যে ইয়েমেনৰ আল-জাওফ প্ৰদেশৰ ওপৰেৰে এটা আমেৰিকান এমকিউ-৯ ৰিপাৰ ড্ৰোনেৰে গুলীবৰ্ষণ কৰিছিল
হুথি সামৰিক মুখপাত্ৰ য়াহিয়া চাৰেয়াই এটা সাক্ষাৎকাত কয়, “গাজা ষ্ট্ৰিপত হামাস আৰু লেবাননৰ হিজবুল্লাহৰ সমৰ্থনত আমি নিউটিম এয়াৰবেছৰ ফালে এটা হাইপাৰচনিক বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছিলো।” মিছাইলটো ইতিমদধ্য লক্ষ্যত উপনীত হৈছে” ।
তেওঁ লগতে কয় “আমাৰ বায়ু প্ৰতিৰক্ষা বাহিনীয়ে শুকুৰবাৰে পুৱতি নিশা আল-জাওফ প্ৰদেশৰ আকাশসীমাত এক প্ৰতিকূল অভিযান চলাই থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন এমকিউ-৯ ড্ৰ’ন গুলীবৰ্ষণ কৰিবলৈ সক্ষম হৈছিল” ।
ইজৰাইলে লেবাননৰ হিজবুল্লাহত নিৰন্তৰ আক্ৰমণ কৰি আছে। একে সময়তে, গাজাত হামাচৰ নতুন ঘাটি সমূহ বিচাৰি ইজৰাইলে আক্ৰমণ কৰি আছে। আনকি গাজাত হোৱা ধ্বংসযজ্ঞৰ পাছতো ইজৰাইলক অভিযোগ কৰা হৈছে যে ই সাহায্যৰ কাম সঠিকভাৱে চলাবলৈ নিদিয়ে। এনে পৰিস্থিতিত ইজৰাইলেও ৰাষ্ট্ৰসংঘৰ কথাক উপেক্ষা কৰিছে। ইয়াৰ উপৰিও, ইজৰাইলে আমেৰিকাকো উপেক্ষা কৰিছে।