উত্তৰ ইজৰাইলৰ ৪০ খনকৈ চহৰত হঠাৎ লাগিছে হাহাকাৰ। এটাৰ পিছত আন এটা সামৰিক ঘাটিত জাৰি কৰা হৈছে হাই এলাৰ্ট। এইবাৰ হাইফাৰ ৰামাত ডেভিদ এয়াৰ বেছক লক্ষ্য কৰি ললে হিজবুল্লাই। হিজবুল্লাৰ দাবী ৰকেটে আক্ৰমণ কৰিছে উত্তৰ ইজৰাইলৰ বিমান বন্দৰটো।
কেইবাখনো চহৰত শুনিবলৈ পোৱা গৈছে চাইৰেণৰ শব্দ । কেৱল চহৰেই নহয় উত্তৰ পশ্চিম হাইফাত থকা ইজৰাইলৰ নৌসেনাৰ ঘাটিকো লক্ষ্য কৰি ললে হিজবুল্লাই। ষ্টেলা মেৰিজ নৌসেনা ঘাটিত মিছাইল নিক্ষেপ কৰিছে হিজবুল্লাই । ইজৰাইলে হিজবুল্লাৰ ওপৰত নজৰ ৰখাৰ বাবে ব্যৱহাৰ কৰে এই সামৰিক ঘাটি।
হঠাৎ ইজৰাইলক হিজবুল্লাই কৰা আক্ৰমণত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অই আক্ৰমণৰ পিছতেই ইজৰাইৱলৰ পশ্চিম গেলীলিতো হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। কিৰিয়াত ছিম্না আৰু নাহাৰিয়াত ভয়াৱহ পৰিৱেশ। আক্ৰমণৰ পিছতেই ইজৰাইলৰ কেইবাখনো চহৰত জাৰি কৰা হৈছে হাই এলাৰ্ট।