পাঞ্জাৱী গায়ক সিদ্ধু মুজৱালাৰ হত্যাৰ পিছৰে পৰা শিৰোনামলৈ অহা গেংষ্টাৰ লৰেন্স বিষ্ণোইক লৈ এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে। তথ্য অনুসৰি, লৰেন্সৰ হিটলিষ্টত শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ অভিযুক্ত আফতাব পুনাৱালাৰ নামও অন্তৰ্ভুক্ত আছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, লৰেন্সৰ দলটোৱে তিহাৰ জেলত থকা আফতাবৰ ওপৰত চকু ৰাখিছে। বাবা চিদ্দিকীৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত শিৱ কুমাৰ গৌতমে আৰক্ষীক এই তথ্য প্ৰদান কৰিছে।শিৱই কৈছিল যে তেওঁৰ এজন সহযোগী শুভম লোংকাৰে তেওঁক কৈছিল যে শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আফতাবকো হত্যা কৰিব লাগিব।
এই তথ্য পোৱাৰ পিছত, তিহাৰ জেলৰ প্ৰশাসনে আফতাব পুনাৱালাৰ নিৰাপত্তা বৃদ্ধি কৰিছে। আফতাব পুনাৱালা ৪ নম্বৰ কাৰাগাৰত বন্দী হৈ আছে। উল্লেখ্য যে যোৱা বছৰ জুন মাহত শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ বিষয়টো পোহৰলৈ আহিছিল।
শ্ৰদ্ধা ৱাকাৰৰ বন্ধু আফতাবে তেওঁক ৩৬ টুকুৰাকৈ কাটি দিল্লীৰ ছত্ৰপুৰৰ অৰণ্যত পেলাই দিছিল।অপৰাধ শাখাৰ বিষয়াসকলে কৈছিল যে বাবা চিদ্দিকী হত্যাকাণ্ডৰ মুখ্য শ্বুটাৰ শিৱ কুমাৰ গৌতমে জেৰাৰ সময়ত এই কথা প্ৰকাশ কৰিছে।
শিৱই আৰক্ষীক কৈছিল যে তেওঁৰ আন সহযোগী শুভম লোংকাৰে তেওঁক কৈছিল যে তেওঁ দিল্লীৰ তিহাৰত ৰুজু কৰা শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আফতাব পুনাৱালাক হত্যা কৰিব লাগিব।