প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে শেহতীয়াকৈ মুক্তি পোৱা ছবি ‘দ্য সবৰমতী ৰিপ’ৰ্ট’ৰ প্ৰশংসা কৰি কয় যে সত্য ওলাই আহিছে আৰু ৰাইজে ইয়াক চাবলৈ সক্ষম হ’ব । ২০০২ চনৰ গোধৰা ৰে’ল দুৰ্ঘটনাৰ আগৰ ঘটনাৰ ওপৰত আধাৰিত বিক্ৰান্ত মেছী অভিনীত চলচ্চিত্ৰখনৰ বিষয়ে কৰা এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰিছিল ‘ঠিক কৈছে । এইটো ভাল যে সত্যটো ওলাই আহিছে আৰু যিটো সাধাৰণ ৰাইজে চাব পাৰিব । এটা কাল্পনিক কাহিনী কেৱল সীমিত সময়ৰ বাবেহে থাকিব পাৰে । শেষত তথ্য সদায় উন্মোচিত হয় ।‘
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছে । পোষ্টটোৱে ছবিখনৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ কথাও উল্লেখ কৰিছে । পোষ্টটোৱে দাবী কৰিছে যে এই ছবিখন কিয় চাব লাগে আৰু ইয়াৰ বিষয়ে চাৰিটা পইণ্ট উল্লেখ কৰিছে ।
চাৰিটা পইন্ট কি কি-
প্ৰথম কোৱা হৈছে যে এই প্ৰচেষ্টা বিশেষভাৱে প্ৰশংসনীয় কাৰণ ইয়াৰ দ্বাৰা আমাৰ শেহতীয়া ইতিহাসৰ অন্যতম লজ্জাজনক পৰিঘটনাৰ গুৰুত্বপূৰ্ণ সত্যটো পোহৰলৈ আহিছে । দ্বিতীয়তে কোৱা হৈছে যে ছবিখনৰ নিৰ্মাতাসকলে এই বিষয়টো অতি সংবেদনশীল আৰু মৰ্যাদাৰে চম্ভালিছে । তৃতীয় কথাত কোৱা হৈছে যে এটা বৃহত্তৰ বিষয়ত আমাৰ সকলোৰে বাবে আত্মনিৰীক্ষণৰ যোগ্য যে কেনেকৈ সবৰমতী এক্সপ্ৰেছৰ যাত্ৰী জ্বলোৱাৰ কাণ্ডটোক এটা ন্যস্ত স্বাৰ্থজড়িত গোটে ৰাজনৈতিক লেণ্ডমাইনলৈ ৰূপান্তৰিত কৰিছিল যিয়ে ইয়াক ব্যৱহাৰ কৰি এজন নেতাৰ ভাবমূৰ্তি কলংকিত কৰিছিল । তেওঁলোকৰ পৰিৱেশ তন্ত্ৰই নিজৰ ক্ষুদ্ৰ এজেণ্ডা পূৰণৰ বাবে ইটোৰ পিছত সিটো মিছা বিয়পাইছিল ।
চতুৰ্থ পইণ্টত কোৱা হৈছে যে অৱশেষত ৫৯ জন নিৰীহ ভুক্তভোগীয়ে নিজৰ কথা কোৱাৰ সুযোগ পালে । হয়, কোৱাৰ দৰে সত্যই সদায় প্ৰাধান্য পায় । এই ছবিখন সঁচাকৈয়ে সেই ফেব্ৰুৱাৰীৰ পুৱা আমি হেৰুৱাই পেলোৱা ৫৯ জন নিৰীহ পুৰুষ, মহিলা আৰু শিশুৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলি ।
কি আছিল গোধৰা কাণ্ড ?
২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীৰ পুৱা সবৰমতী এক্সপ্ৰেছ সময়মতে প্ৰায় ১২ বজাত গুজৰাটৰ গোধৰা ৰেল ষ্টেচন পায়হি । বিহাৰৰ মুজাফ্ফৰপুৰৰ পৰা গুজৰাটৰ আহমেদাবাদলৈ যোৱা এই ৰেলখনত শ শ যাত্ৰী আছিল । ইয়াৰ লগত বৃহৎ সংখ্যক কৰ সেৱকো আছিল । গোধৰাৰ পৰা ৰেলখন যোৱাৰ পিছত কেইবাবাৰো জৰুৰীকালীন শিকলি টনা হৈছিল । ইয়াৰ বাবেই ষ্টেচনৰ বাহিৰৰ চিগনেলৰ ওচৰত ৰেলখন ৰৈ যায় ।
ইয়াৰ পিছত ভয়ংকৰ আক্ৰমণ সংঘটিত হয় । সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি প্ৰায় ২০০০ জন লোকে ৰে’লখনৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰ লগতে ইয়াৰ চাৰিটা ডবাত জুই লগাই দিয়ে । এই অগ্নিকাণ্ডত ৫৯ জন লোক নিহত হয় আৰু ৪৮ জন যাত্ৰীও আহত হয় । ইয়াৰ পিছত সমগ্ৰ গুজৰাটতে সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হয় ।