বিহাৰৰ ৰাণীগঞ্জ খণ্ডৰ পৰা এটা আচৰিত ঘটনা পোহৰলৈ আহিছে। জিলাখনৰ পাচিৰা পঞ্চায়তৰ ৬ নং ৱাৰ্ডত, এজন ঋণগ্ৰস্ত অভিভাৱকে নিজৰ ডেৰ বছৰীয়া পুত্ৰক ৯০০০ টকাত বিক্ৰী কৰিলে। জানিব পৰা মতে ৰেহানা আৰু মহম্মদ হাৰুণে এটা বিত্তীয় কোম্পানীৰ পৰা ৫০ হাজাৰ টকাৰ ঋণ লৈছিল। যেতিয়া দুয়োজনে এই ঋণ পৰিশোধ কৰিব নোৱাৰাত, বিত্ত কোম্পানীৰ এজেণ্টসকলে বাৰে বাৰে তেওঁলোকৰ ঘৰলৈ আহিছিল আৰু তেওঁলোকক কিস্তি জমা দিবলৈ কৈছিল। ঋণ পৰিশোধ কৰিবলৈ উপায়হীন হৈ পিতৃ-মাতৃয়ে তেওঁলোকৰ ডেৰ বছৰীয়া পুত্ৰক মাত্ৰ ৯ হাজাৰ টকাত বিক্ৰী কৰে।একে সময়তে, আৰক্ষীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে শিশুটো বিক্ৰী কৰাৰ বিষয়ে তথ্য লাভ কৰে। ইয়াৰ পিছত, ৰাণীগঞ্জ আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰে আৰু গোচৰটোৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে শিশুটো ক্ৰয় কৰা অভিযুক্ত মহম্মদ আৰিফৰ বাসগৃহৰ পৰা শিশুটো উদ্ধাৰ কৰে। ঘটনাৰ সন্দৰ্ভত শিশুটোৰ পিতৃ আৰু শিশুটো ক্ৰয় কৰা ব্যক্তিজনক সোধা-পোছা অব্যাহত ৰাখিছে।