অহা বছৰ পাকিস্তানে আয়োজন কৰিব চেম্পিয়নছ ট্ৰফী । ইয়াৰ অধীনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ অথবা আই চি চিৰ এই প্ৰতিযোগিতাৰ ট্ৰফী ১৪ নৱেম্বৰত পাকিস্তানৰ ইছলামাবাদত উপস্থিত হৈছে । তাৰ পিছত পাকিস্তান চৰকাৰে পাকিস্তান অধীকৃত কাশ্মীৰ (PoK)ত এই ট্ৰফী পৰিভ্ৰমণ কৰাৰ কথা ঘোষণা কৰিছিল । কিন্তু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ আপত্তিৰ পিছতে আই চি চিয়ে এই সিদ্ধান্ত বাতিল কৰে ।
ইয়াৰ লগে লগে আই চি চিয়ে ট্ৰফী ট্যুৰৰ নতুন সূচী প্ৰকাশ কৰিছে, যাৰ অধীনত ট্ৰফী আৰু পাকিস্তান অধীকৃত কাশ্মীৰলৈ যাব নোৱাৰিব । সূচী অনুসৰি এই ট্ৰফী ১২ দিনীয়া ভ্ৰমণৰ বাবে ভাৰতলৈয়ো আহিব । ইয়াৰ বাহিৰেও এই ট্ৰফী আন দেশলৈও যাত্ৰা কৰিব ।
PoK ৰ কোনো চহৰলৈ নাযায় ট্ৰফী-
আচলতে পাকিস্তান চৰকাৰে এই ট্ৰফী ১৬ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰৰ ভিতৰত সমগ্ৰ পাকিস্তানত লৈ যোৱা হ’ব বুলি পৰিকল্পনা প্ৰস্তুত কৰিছিল । ইয়াৰ উপৰিও ইয়াক বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বত শৃংগ কে ২ লৈয়ো নিয়া হ’ব ।
ইয়াৰ উপৰিও মুজাফ্ফৰাবাদকে ধৰি PoK ৰ তিনিখন চহৰলৈ ট্ৰফী লৈ যোৱাৰ সিদ্ধান্তও লোৱা হৈছিল । কিন্তু বি চি চি আইৰ আপত্তিৰ পিছতে আই চি চিয়ে এই সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰে । লগতে পাকিস্তানক নিৰ্দেশ দিয়া হৈছে যে এই ট্ৰফী আৰু PoK লৈ নাযায় । আই চি চিয়ে প্ৰকাশ কৰা চেম্পিয়নছ ট্ৰফী ট্যুৰৰ নতুন সূচী-
ট্ৰফী পৰিভ্ৰমণ সূচী…
১৬ নৱেম্বৰ – ইছলামবাদ, পাকিস্তান
১৭ নৱেম্বৰ – পাকিস্তানৰ তক্ষশীলা আৰু খানপুৰ
১৮ নৱেম্বৰ – পাকিস্তানৰ এবটাবাদ
১৯ নৱেম্বৰ – মুৰী, পাকিস্তান
২০ নৱেম্বৰ – নাথিয়া গলি, পাকিস্তান
২২ – ২৫ নৱেম্বৰ – পাকিস্তানৰ কৰাচী
২৬-২৮ নৱেম্বৰ – আফগানিস্তান
১০-১৩ ডিচেম্বৰ – বাংলাদেশ
১৫-২২ ডিচেম্বৰ – দক্ষিণ আফ্ৰিকা
২৫ ডিচেম্বৰ-৫ জানুৱাৰী – অষ্ট্ৰেলিয়া
৬-১১ জানুৱাৰী – নিউজীলেণ্ড
১২-১৪ জানুৱাৰী – ইংলেণ্ড
১৫-২৬ জানুৱাৰী – ভাৰত
২৭ জানুৱাৰী – প্ৰতিযোগিতা আৰম্ভ – পাকিস্তান