পুনৰ মহানগৰীত ফুটিল পানীৰ পাইপ। পানীৰ পাইপ ফুটি ভয়াৱহ বান পৰিস্থিতি সৃষ্টি হৈছে মহানগৰীত। পানীৰ ঢলে নিমিষতে বুৰাই পেলাই মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল ।
কৃত্ৰিম বানত ককবকাইছে পাঠৰকুৱাৰী আৰু নাৰেঙ্গী গণেশ নগৰবাসীয়ে। জানিব পৰা মতে জল ব’ৰ্ডে টেষ্টিং কৰা পাইপ ফাটি সৃষ্টি হৈছে এই পৰিস্থিতি। যাৰ ফলত এটা ঘৰত পাহাৰৰ মাটি খহি হাহাকাৰ অৱস্থা সৃষ্টি হৈছে।