নগাঁও চহৰত সংঘটিত হৈছে ডাবল মাৰ্ডাৰৰ ঘটনা। বেলনামাৰীৰে কোবাই কোবাই হত্যা কৰিলে দুই সতীৰ্থ কৰ্মচাৰীক। নগাঁৱৰ ২ নং মোলাপট্টিৰ ‘গৌৰী বেকাৰী’ত সংঘটিত হৈছে ডাবল মাৰ্ডাৰ কাণ্ড।
বিস্কুট বেকাৰীখনৰ দুই কৰ্মচাৰী উত্তম দাস আৰু অভিজিৎ সাহাৰ মৃতদেহ উদ্ধাৰ হৈছে বেকাৰীখনৰ ভিতৰত। বেকাৰীখনৰ ইন্দ্ৰজিৎ পাল নামৰ কৰ্মচাৰী গৰাকীয়ে দুই সহকৰ্মীক হত্যা কৰাৰ অভিযোগ।
কোনো কথাক লৈ তিনিওৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়। পিছত কাজিয়াখনে ইমানেই ভয়ংকৰ ৰূপ লয় যে অভিযুক্ত ইন্দ্ৰজিৎ পালে বেলনামাৰীয়ে কোবাই হত্যা কৰে দুই সতীৰ্থক।
বেলনামাৰীৰে কোবাই কোবাই হত্যা কৰাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ অভিযুক্ত ইন্দ্ৰজিৎ পালৰ। ইতিমধ্যে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ইন্দ্ৰজিৎ পালক