আকৌ এনকাউণ্টাৰ; মৰিকলং ডকাইতি-কাণ্ডৰ মাষ্টাৰমাইণ্ড খাইৰুল আলী নিহত

মৰিকলঙৰ চাঞ্চল্যকৰ ডকাইতিৰ মূল অভিয়ুক্তক খাইৰুল আলীক এনকাউণ্টাৰ। পুনৰ ডকাইতিৰ পৰিকল্পনাৰে নগাঁৱলৈ আহিছিল খাইৰুল।

নগাঁৱত পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক। আৰক্ষীৰ গুলীত নিহত হ’ল মৰিকলং ডকাইতিৰ মাষ্টাৰমাইণ্ড খাইৰুল আলী ওৰফে মণি।নগাঁৱৰ ৰাঙলুৰ বৰকন্দলীত সংঘটিত হয় এই ঘটনাটো।জানিব পৰা মতে মৰিকলং ডকাইতি-কাণ্ডৰ মাষ্টাৰমাইণ্ড খাইৰুল আলী পলাতক অৱস্থাত আছিল। ৫ জনীয়া এটা ডকাইতৰ দলৰ সৈতে সোমবাৰে নিশা পুনৰ ডকাইতিৰ পৰিকল্পনাৰে নগাঁৱলৈ আহিছিল খাইৰুল।

ডকাইতৰ দলটো অহা বুলি খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলাইছিল।আৰক্ষীৰ দলটোৰ সৈতে মুখামুখি হোৱাত ডকাইতৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। আৰক্ষীয়েও তাৰ প্ৰত্যুত্তৰ দিয়াৰ সময়তেই গুলীবিদ্ধ হয় দুৰ্ধৰ্ষ ডকাইত খাইৰুল আলী। ঘটনাস্থলীৰ পৰা ৫ টা ডকাইত পলাই যাবলৈ সক্ষম হয়।

গুলীবিদ্ধ খাইৰুল আলীক NMCH ক ভৰ্তি কৰোৱা হয় যদিও চিকিসকে মৃত ঘোষণা কৰে। আৰক্ষীয়ে খাইৰুলৰ পৰা এটা ৭.৬৫ পিষ্টল, দুটা খালী কাৰ্টিজ আৰু ডকাইতিত ব্যৱহৃত দা উদ্ধাৰ কৰে। নিহত খাইৰুলৰ ঘৰ লখিমপুৰ চহৰৰ থানা ৰোডত।

লগতে পঢ়ক: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় ২৯ মে’লৈ সংৰক্ষিত উচ্চ ন্যায়ালয়ৰ

নগাঁওবাসী সাৱধান! গুটখা খাই ৰাজহুৱা স্থানত পিকালেই ভৰিব লাগিব জৰিমনা

 

গুটখা খাই য’তে ত’তে পিক পেলোৱা সকল সাৱধান। নগাওঁ পৌৰসভাই ৰাজহুৱা স্থানত পিক পেলোৱা সকলৰ বাবে জাৰি কৰিছে নিৰ্দেশনা।

স্বচ্ছতা বজাই ৰখা আৰু জনস্বাস্থ্য উন্নত কৰাৰ লক্ষ্যৰে নগাঁও পৌৰসভাই এক নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি সমগ্ৰ চহৰখনৰ ৰাজহুৱা স্থানত পিক পেলোৱা আৰু “ৰেড স্পট” সৃষ্টি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।

নগাঁও পৌৰসভাই যোৱা ২০ মে’ত জাৰি কৰা জাননী অনুসৰি  ব্যৱসায়ী, দোকানী, চালক আৰু সাধাৰণ ৰাইজক ৰাজহুৱা স্থানত পান-মছলা, গুটখা, জৰ্দা, তামোল-পান খাই পিক নেপেলাবলৈ নিৰ্দেশ দিছে।

পৌৰসভা কৰ্তৃপক্ষই কয় যে ৰাজহুৱা স্থানত থু পেলোৱা আৰু ৰঙা দাগ সৃষ্টি কৰাৰ প্ৰথাই চহৰখনৰ নান্দনিক আকৰ্ষণৰ ক্ষতি কৰে, অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰে আৰু জনস্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলায়।এখন স্বচ্ছ আৰু সুন্দৰ চহৰ নিৰ্মাণৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। পৌৰসভাই নাগৰিকসকলক স্বচ্ছতা বজাই ৰখাৰ ক্ষেত্ৰত সহযোগিতা আৰু ৰাজহুৱা স্থানত পিক পেলোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।

তেওঁলোকে সকীয়াই দিছে যে আদেশ উলংঘা কৰি পিক পেলোৱা ব্যক্তিসকলক বৰ্তমানৰ পৌৰসভাৰ নিয়মৰ অধীনত জৰিমনা বিহাৰ লগতে আইনী ব্যৱস্থাৰো সন্মুখীন হ’ব লাগিব।

লগতে পঢ়ক: ৪৫ হাজাৰ টকাৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ACS বিষয়া লাচিত কুমাৰ দাস

সোণ বিচাৰি অভিযান; মৰিকলং ডকাইতি কাণ্ডৰ মূল অভিযুক্ত ৰাজিবুৰ ৰহমানক লৈ যোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত

নগাঁৱৰ বৰঘাটত নিশা আৰক্ষীৰ এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয়। বাহনখনত মৰিকলং ডকাইতি কাণ্ডৰ মূল অভিযুক্ত ৰাজিবুৰ ৰহমানো আছিল।

শুকুৰবাৰে নিশা নগাঁও বাইপাছত দুৰ্ঘটনাগ্ৰস্ত হয় আৰক্ষীৰ এখন বাহন। বাহনখনত আছিল মৰিকলং ডকাইতি কাণ্ডৰ মূল অভিযুক্ত ৰাজিবুৰ ৰহমান। জানিব পৰা মতে, নিশা ৰাজিবুৰক লৈ নগাঁও আৰক্ষীয়ে সোণ বিচাৰি চলাইছিল অভিযান। সেই সময়তে নগাঁৱৰ বৰঘাটত আৰক্ষীৰ এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় ডকাইত ৰজিবুৰ ৰহমান।দুৰ্ঘটনাটোত আৰক্ষী বিষয়া বিমান গগৈ সহ দুগৰাকী আৰক্ষী জোৱানো আহত হয়।লগে লগে ডকাইত ৰজিবুৰ ৰহমানক সংকটজনক অৱস্থাত নগাওঁ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

লগতে পঢ়ক: অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: ১৫-২০ বছৰ পুৰণি পেট্ৰ’ল আৰু ডিজেল চালিত বাহনৰ চলাচলত নিষেধাজ্ঞা

নগাঁৱৰ মৰিকলঙত চাঞ্চল্যকৰ ঘটনা; চিকিৎসকৰ বাসগৃহত ডকাইতি কাণ্ড

নগাঁৱৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি। চিকিৎসকৰ ঘৰত ডকাইতৰ দলৰ লুটপাট। ডাঃ ৰঞ্জিত শইকীয়াৰ ঘৰত লুটপাটৰ লগতে পত্নীসহ চিকিৎসকগৰাকীক আক্ৰমণ।

নগাঁৱৰ মৰিকলঙত এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে।মাজনিশা প্ৰায় ৬ জনীয়া এটা ডকাইতৰ দলে চিকিৎসক ৰঞ্জিত শইকীয়াৰ বাসগৃহত প্ৰৱেশ কৰি লুটপাত চলোৱাৰ লগতে চিকিৎসক গৰাকী আৰু তেওঁৰ পত্নীক আক্ৰমণ কৰে।

ডকাইতৰ দলটোৱে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল পত্নীসহ চিকিৎসকগৰাকীক। পুৱতি নিশা তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত ৰঞ্জিত শইকীয়াই ওচৰ-চুবুৰীয়াৰ ঘৰলৈ গৈ সহায় বিচাৰে। লগে লগে স্থানীয় আৰক্ষী উপস্থিত হৈ ৰঞ্জিত শইকীয়া আৰু পত্নীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি গুৱাহাটী লৈ প্ৰেৰণ কৰে।  

নিৰ্বাচনৰ কিছুদিন পূৰ্বেও চিকিৎসক ৰঞ্জিত শইকীয়াৰ ঘৰৰ পৰা ডকাইতে লুটি নিছিল ২৭লাখ কৈ টকা। ঘটনাস্থলীত উপস্থিত হৈ CID আৰু ফৰেনচিকৰ দলে তদন্ত চলাই আছে। ঘটনাস্থলীত ডকাইতৰ দলে এৰি যোৱা ক্লুৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত অব্যাহত ৰাখিছে।  

লগতে পঢ়ক: ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল; মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট

৮ বছৰৰ অপেক্ষাৰ অন্ত: অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান

অৱশেষত আদালতে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান দিলে। নগাওঁ জিলা সত্ৰ ন্যায়াধীশ আদালতে ২০জনক দোষী সাব্যস্ত কৰে।

৮ বছৰীয়া দীঘলিয়া অপেক্ষাৰ অন্তত অৱশেষত অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান দিলে আদালতে। নগাওঁ জিলা সত্ৰ ন্যায়াধীশ আদালতে ২০জনক দোষী সাব্যস্ত কৰাৰ লগতে ২৫জন অভিযুক্তক দোষমুক্ত ঘোষণা কৰে।আদালতে ৰায়দান দিয়ে যদিও ২৪ এপ্ৰিলত হে ২০দোষীৰ শাস্তি ঘোষণা কৰিব।

২০১৮ চনৰ ৮ জুনত কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ  যেৱাৰ সময়তে সংঘটিত হৈছিল এই বৰ্বৰ হত্যাকাণ্ডটো।ডকমকাৰ পাণজুৰি গাঁৱত নিশা উভতি অহাৰ সময়ত নীলোৎপল দাস আৰু অভিজিৎ নাথ একাংশ উন্মাদ লোকৰ আক্ৰমণৰ বলি হৈছিল।দেশ জোকাৰি যোৱা এই নিৰ্মম হত্যাকাণ্ড ৮ বছৰ ধৰি গোচৰ চলি আছিল।আৰক্ষীয়ে ঘটনাৰ ৪৮ ঘণ্টাৰ পিছতে ৪৮জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল।

লগতে পঢ়ক: দেৰগাঁৱত ভয়াৱহ দুৰ্ঘটনা; অচিনাক্ত বাহনৰ খুন্দাত নিহত প্ৰধান শিক্ষক

শোকাৱহ; অচিনাক্ত বাহনৰ খুন্দাত নিহত পথাচাৰী

উৰুকাৰ প্ৰাকক্ষণত ৰহাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। অচিনাক্ত বাহনৰ খুন্দাত নিহত পথাচাৰী। নিহত লোকজনক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই।

ৰহাৰ দীঘলীআটিত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰে বাহনখনৰ।

ACS হ’ল দুই ভগ্নী-ভাতৃ ; পুত্ৰ জীয়ৰীৰ সফলতাত গৌৰৱান্বিত পিতৃ-মাতৃ

আজি ঘোষণা কৰা হ’ল অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ ফলাফল।সদ্যঘোষিত ফলাফলত নগাঁৱৰ কৰৈয়নীৰ হেঙুলিচুকত আজি আনন্দৰ বন্যা বৈছে।

কাৰণ একে ঘৰৰে দুই ভাতৃ ভগ্নীয়ে স্থান লাভ কৰিবলৈ সক্ষম হ’ল অসম লোকসেৱা আয়োগৰ ফলাফলত। ACS হ’ল জিন্টো বৰা আৰু মঞ্জুশ্ৰী বৰা।

জিন্টো বৰাই ২১ সংখ্যক  স্থান আৰু মঞ্জুশ্ৰী বৰাই ২৫ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে । পুত্ৰ-কন্যাৰ এই সফলতাত গৌৰৱান্বিত পিতৃ-মাতৃ।