আকৌ এনকাউন্টাৰ; মৰিকলং ডকাইতি-কাণ্ডৰ মাষ্টাৰমাইণ্ড খাইৰুল আলী নিহত

আকৌ এনকাউণ্টাৰ; মৰিকলং ডকাইতি-কাণ্ডৰ মাষ্টাৰমাইণ্ড খাইৰুল আলী নিহত

মৰিকলঙৰ চাঞ্চল্যকৰ ডকাইতিৰ মূল অভিয়ুক্তক খাইৰুল আলীক এনকাউণ্টাৰ। পুনৰ ডকাইতিৰ পৰিকল্পনাৰে নগাঁৱলৈ আহিছিল খাইৰুল। নগাঁৱত পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক। আৰক্ষীৰ গুলীত নিহত হ’ল মৰিকলং ডকাইতিৰ মাষ্টাৰমাইণ্ড খাইৰুল আলী ওৰফে মণি।নগাঁৱৰ ৰাঙলুৰ বৰকন্দলীত সংঘটিত হয় এই ঘটনাটো।জানিব পৰা মতে মৰিকলং ডকাইতি-কাণ্ডৰ মাষ্টাৰমাইণ্ড খাইৰুল আলী পলাতক

মৰিকলঙৰ চাঞ্চল্যকৰ ডকাইতিৰ মূল অভিয়ুক্তক খাইৰুল আলীক এনকাউণ্টাৰ। পুনৰ ডকাইতিৰ পৰিকল্পনাৰে নগাঁৱলৈ আহিছিল খাইৰুল।

নগাঁৱত পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক। আৰক্ষীৰ গুলীত নিহত হ’ল মৰিকলং ডকাইতিৰ মাষ্টাৰমাইণ্ড খাইৰুল আলী ওৰফে মণি।নগাঁৱৰ ৰাঙলুৰ বৰকন্দলীত সংঘটিত হয় এই ঘটনাটো।জানিব পৰা মতে মৰিকলং ডকাইতি-কাণ্ডৰ মাষ্টাৰমাইণ্ড খাইৰুল আলী পলাতক অৱস্থাত আছিল। ৫ জনীয়া এটা ডকাইতৰ দলৰ সৈতে সোমবাৰে নিশা পুনৰ ডকাইতিৰ পৰিকল্পনাৰে নগাঁৱলৈ আহিছিল খাইৰুল।

ডকাইতৰ দলটো অহা বুলি খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলাইছিল।আৰক্ষীৰ দলটোৰ সৈতে মুখামুখি হোৱাত ডকাইতৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। আৰক্ষীয়েও তাৰ প্ৰত্যুত্তৰ দিয়াৰ সময়তেই গুলীবিদ্ধ হয় দুৰ্ধৰ্ষ ডকাইত খাইৰুল আলী। ঘটনাস্থলীৰ পৰা ৫ টা ডকাইত পলাই যাবলৈ সক্ষম হয়।

গুলীবিদ্ধ খাইৰুল আলীক NMCH ক ভৰ্তি কৰোৱা হয় যদিও চিকিসকে মৃত ঘোষণা কৰে। আৰক্ষীয়ে খাইৰুলৰ পৰা এটা ৭.৬৫ পিষ্টল, দুটা খালী কাৰ্টিজ আৰু ডকাইতিত ব্যৱহৃত দা উদ্ধাৰ কৰে। নিহত খাইৰুলৰ ঘৰ লখিমপুৰ চহৰৰ থানা ৰোডত।

লগতে পঢ়ক: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় ২৯ মে’লৈ সংৰক্ষিত উচ্চ ন্যায়ালয়ৰ

শেহতীয়া প্ৰৱন্ধসমূহ