আকৌ এনকাউণ্টাৰ; মৰিকলং ডকাইতি-কাণ্ডৰ মাষ্টাৰমাইণ্ড খাইৰুল আলী নিহত

মৰিকলঙৰ চাঞ্চল্যকৰ ডকাইতিৰ মূল অভিয়ুক্তক খাইৰুল আলীক এনকাউণ্টাৰ। পুনৰ ডকাইতিৰ পৰিকল্পনাৰে নগাঁৱলৈ আহিছিল খাইৰুল।

নগাঁৱত পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক। আৰক্ষীৰ গুলীত নিহত হ’ল মৰিকলং ডকাইতিৰ মাষ্টাৰমাইণ্ড খাইৰুল আলী ওৰফে মণি।নগাঁৱৰ ৰাঙলুৰ বৰকন্দলীত সংঘটিত হয় এই ঘটনাটো।জানিব পৰা মতে মৰিকলং ডকাইতি-কাণ্ডৰ মাষ্টাৰমাইণ্ড খাইৰুল আলী পলাতক অৱস্থাত আছিল। ৫ জনীয়া এটা ডকাইতৰ দলৰ সৈতে সোমবাৰে নিশা পুনৰ ডকাইতিৰ পৰিকল্পনাৰে নগাঁৱলৈ আহিছিল খাইৰুল।

ডকাইতৰ দলটো অহা বুলি খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলাইছিল।আৰক্ষীৰ দলটোৰ সৈতে মুখামুখি হোৱাত ডকাইতৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। আৰক্ষীয়েও তাৰ প্ৰত্যুত্তৰ দিয়াৰ সময়তেই গুলীবিদ্ধ হয় দুৰ্ধৰ্ষ ডকাইত খাইৰুল আলী। ঘটনাস্থলীৰ পৰা ৫ টা ডকাইত পলাই যাবলৈ সক্ষম হয়।

গুলীবিদ্ধ খাইৰুল আলীক NMCH ক ভৰ্তি কৰোৱা হয় যদিও চিকিসকে মৃত ঘোষণা কৰে। আৰক্ষীয়ে খাইৰুলৰ পৰা এটা ৭.৬৫ পিষ্টল, দুটা খালী কাৰ্টিজ আৰু ডকাইতিত ব্যৱহৃত দা উদ্ধাৰ কৰে। নিহত খাইৰুলৰ ঘৰ লখিমপুৰ চহৰৰ থানা ৰোডত।

লগতে পঢ়ক: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় ২৯ মে’লৈ সংৰক্ষিত উচ্চ ন্যায়ালয়ৰ

এনকাউণ্টাৰত নিহত ১৭ টা শিশুক পণবন্দী কৰি ৰখা ৰোহিত আৰিয়া…

এনকাউণ্টাৰত নিহত ১৭ টা শিশুক পণবন্দী কৰি ৰখা ৰোহিত আৰিয়া

মুম্বাইৰ পৱাই অঞ্চলত অৱস্থিত ‘ৰ’ ষ্টুডিঅ’ত বৃহস্পতিবাৰে বিয়লি শিশু অপহৰণৰ গোচৰৰ এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে।

আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত ১৭টা শিশুসহ ১৯ জন লোকক পণবন্দী কৰি লোৱা মানসিকভাৱে অস্থিৰ অভিযুক্ত ৰোহিত আৰিয়া গুলীবিদ্ধ হয়।চিকিৎসালয়ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

ষ্টুডিঅ’টোত আৰক্ষীয়ে বাথৰুমৰ খিৰিকিৰ জৰিয়তে প্ৰৱেশ কৰিছিল। সেই সময়ত অভিযুক্তৰ হাতত এয়াৰ গান আৰু কিছু ৰাসায়নিক পদাৰ্থ আছিল।আৰক্ষীয়ে তেওঁক আত্মসমৰ্পণ কৰিবলৈ কয় যদিও অভিযুক্তই সন্মতি নিদিলে।

ইয়াৰ পিছত আৰক্ষীয়ে এনকাউণ্টাৰ কৰে। গুলী লগাৰ পিছত তেওঁক যোগেশ্বৰী ট্ৰমা হস্পিতাললৈ লৈ যোৱা হয় আৰু চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

শিশুকেইটাক নিৰাপদে উদ্ধাৰ কৰাৰ পিছতে ডিচিপি দত্ত কিষাণ নালাৱাডে জানিবলৈ দিয়ে যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দিনৰ প্ৰায় ১:৪৫ বজাত তথ্য লাভ কৰে।

তথ্য লাভ কৰাৰ লগে লগে বিভিন্ন আৰক্ষীৰ দল সেই স্থানত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰথমে আৰক্ষীয়ে কথা বতৰাৰ জৰিয়তে শেষ কৰিব বিচাৰিছিল। কিন্তু অভিযুক্তই সেই কথা মানি লোৱা নাছিল।

যাৰ ফলত আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয় আৰু আৰক্ষীৰ গুলীত ৰোহিত আৰিয়াৰ মৃত্যু হয়। তাৰ পিছতেই ষ্টুডিঅ’ৰ ভিতৰত আবদ্ধ হৈ থকা শিশুসকলক নিৰাপদে উলিয়াই অনা হয়।

লগতে পঢ়ক: ভয়ংকৰ কাণ্ড; দিন-দুপৰতে প্ৰায় ২০ টা শিশুক পণবন্দি ইউটিউবাৰৰ

পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ গুলি ; গৰু চোৰক এনকাউণ্টাৰ

হোজাইৰ শংকৰদেৱ নগৰত এক গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে।আৰক্ষী আৰু গৰু চুৰৰ মাজত সংঘটিত হয় এই গুলিয়াগুলি।আৰক্ষীৰ গুলিত আঘাট প্ৰাপ্ত গৰু চুৰ আজাৰুল ইছলাম।

জানিব পৰা মতে উদালী আৰক্ষীয়ে এখন গাড়ীত গৰু উঠোৱা প্ৰত্যক্ষ কৰে।গৰু উঠাই গাড়ীখনে নগাঁও দিশে আহে।উদালী আৰক্ষীয়ে শংকৰদেৱ নগৰ আৰক্ষীক খৱৰ দিয়াত শংকৰদেৱ নগৰ আৰক্ষীয়ে আৰক্ষী চকীৰ সন্মূখত বেৰিকেট লগাই।

পিছত গৰু চোৰৰ বাহনখনে শংকৰদেৱ নগৰ আৰক্ষীৰ বেৰিকেট ভাঙি পলাৱলৈ কৰে চেষ্টা।পিছত শংকৰদেৱ নগৰৰ আৰক্ষী চকীৰ পৰা কিছু দূৰ আহি আৰক্ষীয়ে এখন বাহন ধৰোতেই গাড়ীৰ পৰা চাৰিজনে পলাৱলৈ কৰে চেষ্টা আৰু তাৰে আৰক্ষী বিষয়াক লক্ষ্য কৰি গুলি চালনা কৰে।

তেনেতে আৰক্ষীয়ে নিজৰ আত্মৰক্ষাৰ বাবে গৰু চুৰ আজাৰুলক গুলি চালনা কৰাত আঘাট প্ৰাপ্ত হয় গৰু চোৰটো ।আৰক্ষীয়ে ২ টা ৰাউণ্ড গলী নিক্ষেপ কৰিছিল।

আৰক্ষীয়ে ঘটনাস্হলীৰ পৰা ৭.৫  পিষ্টল উদ্ধাৰ কৰে।জব্দকৃত গাড়ী খনৰ নম্বৰ AS 01 GD 6020 । ঘটনাত এজন কনিষ্টৱল আহত হয়। পলায়ন কৰা গৰু চোৰ বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে।