প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ক’ভিড-১৯ সংকটৰ সময়ত সহায় কৰা আৰু ভাৰত-ডমিনিকাৰ সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰচেষ্টাৰ বাবে ৰাষ্ট্ৰখনৰ সৰ্বোচ্চ বঁটাৰে সন্মানিত কৰা হৈছে । ডমিনিকাৰ ৰাষ্ট্ৰপতি চিলভানি বাৰ্টনে গোয়ানাত অনুষ্ঠিত ভাৰত-কেৰিকম সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক “ডমিনিকা এৱাৰ্ড অৱ অনাৰ”ৰে সন্মানিত কৰে ।
এই বঁটা লাভ কৰাৰ পিছত নৰেন্দ্ৰ মোদীয়ে কয়, “ডমিনিকাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা লাভ কৰি সন্মানিত অনুভৱ কৰিছো । ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ বাবে এই বঁটা উৎসৰ্গা কৰিছো ।”
ৰাষ্ট্ৰপতি বাৰ্টন, আপুনি ব্যক্তিগতভাৱে মোক এই বঁটা প্ৰদান কৰিবলৈ গোয়ানালৈ আহিছে । এই বিশেষ পদক্ষেপৰ বাবে মই আপোনাক বহুত ধন্যবাদ জনাইছো । ভাৰত আৰু ডমিনিকা দুখন গণতন্ত্ৰ । একে সময়তে, আমি সমগ্ৰ বিশ্বৰ বাবে মহিলা সবলীকৰণৰ বাবে আদৰ্শ, দুয়োখন দেশতে মহিলা ৰাষ্ট্ৰপতি আছে । ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু জনজাতীয় সম্প্ৰদায়ৰ পৰা অহা প্ৰথম ৰাষ্ট্ৰপতি । একেদৰে, ৰাষ্ট্ৰপতি বাৰ্টনো ডমিনিকাৰ প্ৰথম খিলঞ্জীয়া ৰাষ্ট্ৰপতি ।”
তেওঁ আৰু কয় যে দুয়োগৰাকীয়েই পৃথিৱীৰ সকলো মহিলাৰ বাবে প্ৰেৰণাৰ উৎস । ভাৰত আৰু ডমিনিকাৰ মাজত শতিকা পুৰণি ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক আছে । ১৯ শতিকাত বহু ভাৰতীয়ই ডমিনিকাক নিজৰ ঘৰ কৰি লৈছিল । তেওঁলোকে স্থাপন কৰা ভেটিয়ে আমাৰ সম্পৰ্কক এক শক্তিশালী ভেটি প্ৰদান কৰে ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ছ’চিয়েল মিডিয়া পোষ্টত কয়, “ডমিনিকাৰ ৰাষ্ট্ৰপতি চিলভানি বাৰ্টনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক “ডমিনিকা বঁটা”ৰে সন্মানিত কৰে, যিটো তেওঁলোকৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা । এই বঁটাৰ জৰিয়তে… Covid মহামাৰীৰ সময়ত প্ৰধানমন্ত্ৰী আৰু “ডমিনিকালৈ তেওঁৰ অৱদান আৰু ভাৰত-ডমিনিকা সম্পৰ্ক শক্তিশালী কৰাৰ বাবে তেওঁৰ দায়বদ্ধতাক স্বীকৃতি দিয়ে ।”
উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে গোয়ানা আৰু বাৰ্বাডোছৰ পৰাও শীৰ্ষ বঁটা লাভ কৰিব, যাৰ ফলত তেওঁৰ আন্তঃৰাষ্ট্ৰীয় বঁটাৰ মুঠ সংখ্যা ১৯টা হ’ব । গোয়ানাই প্ৰধানমন্ত্ৰী মোদীক সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা ‘দ্য অৰ্ডাৰ অৱ এক্সেলেন্স’ প্ৰদান কৰাৰ বিপৰীতে বাৰ্বাডোছে তেওঁক সন্মানীয় ‘অনৰেৰী অৰ্ডাৰ অৱ ফ্ৰিডম অৱ বাৰ্বাডোছ’ৰে সন্মানিত কৰিব ।