যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে নিলম্বিত OC ভাৰ্গৱ বৰবৰা। পানবজাৰ থানাত 325/24 নম্বৰত গোচৰ ৰুজু হৈছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে।গুণ্ডৰূপী OC গৰাকীৰ বিৰুদ্ধে ৫ টা ধাৰাৰ ভিতৰত ৪ টা জামিনবিহীন ধাৰাত গোচৰ ৰুজু হৈছে। ১০৯ ধাৰাত অভিযুক্ত হল OC ভাৰ্গৱ বৰবৰা।
উপযুক্ত প্ৰমাণ পালে ১০ বছৰ পৰ্যন্ত জে’ল হ’ব ভাৰ্গৱৰ।দৰাচলতে শুকুৰবাৰে ফাঁচীবজাৰত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই প্ৰহাৰ কৰিছিল জ্ঞানদ্বীপ হাজাৰিকাক। তাৰ পিছতে সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছিল চাঞ্চল্য।
তাৰ পিছতেই পোহৰলৈ আহিছিল OC ভাৰ্গৱ বৰবৰাৰ এটাৰ পিছত আন এটা জঘন্য কাণ্ডৰ কথা। ৯ বছৰ পূৰ্বৰ আন এক ভাৰ্গৱ কাণ্ড আহিছে পোহৰলৈ।গোৱালপাৰাত OC হৈ থকা সময়ৰ নিৰ্মম, বৰ্বৰ কাণ্ড কৰিছিল ভাৰ্গৱ বৰবৰাই ।
থানাৰ লকআপৰ ভিতৰত ভাৰ্গৱ বৰবৰাই লোহিত কছাৰী নামৰ যুৱকজনক নিৰ্মম অত্যাচাৰ কৰাৰ অভিযোগ।পিছত লোহিত কছাৰীৰ মৃতদেহ ৰহস্যজনকভাৱে হৈছিল উদ্ধাৰ।যুৱকজনৰ মৃত্যুত নাম সাঙোৰ খাইছিল ভাৰ্গৱ বৰবৰাৰ।আৰু অৱশেষত জ্ঞানদ্বীপ হাজৰিকাক প্ৰহাৰৰ ৪০ ঘণ্টা পিছত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ।
এই ঘটনাৰ পিছতেই নিলম্বন হৈ থকা ভাৰ্গৱ বৰবৰাৰ বৰ্খাস্ত আৰু গ্ৰেপ্তাৰৰ দাবী উঠিছে সৰ্বত্তে।ভুক্তভোগী জ্ঞানদ্বীপে পাণবজাৰ থানাত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।
বোকাখাট থানাত এজাহাৰ দাখিল বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সমিতিৰ।আনহাতে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে কটনৰ ছাত্ৰ সমাজৰ। অৱশেষত পাণবজাৰ থানাৰ নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে মহানগৰ আৰক্ষীয়ে।