এপল হৈছে এক প্ৰসিদ্ধ প্ৰযুক্তি প্ৰতিষ্ঠান। ইয়াৰ ডিভাইচৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত এপল , যাৰ ভিতৰত আছে আইফোন, আইপেড, মেকবুক, আৰু অধিক।বিশেষকৈ, আইফোন হৈছে ইয়াৰ আটাইতকৈ বেছি পছন্দ কৰা ডিভাইচ।বেছিভাগ লোকেই ইয়াক ক্ৰয় কৰিব বিচাৰে। কোম্পানীটোৱে ইয়াৰ ব্যৱহাৰকাৰী সকলৰ বাবে এনে বহুতো এপ প্ৰস্তুত কৰে, যিবোৰ তেওঁলোকৰ বাবে অতি উপযোগী।এতিয়া এপলে আন এটা এপ ক্ৰয় কৰিব বিচাৰিছে।এপলে শেহতীয়াকৈ পিক্সেলমেটৰ ক্ৰয় কৰিবলৈ সন্মত হৈছে। পিক্সেলমেটৰ হৈছে লিথুৱেনিয়াৰ এটা কোম্পানী, যিয়ে ফটো সম্পাদনা এপ সমূহ প্ৰস্তুত কৰে। যদি এপলে ইয়াক ক্ৰয় কৰে, পিক্সেলমেটৰ প্ৰ’, আইঅএছৰ বাবে পিক্সেলমেটৰ আৰু ফটোমেটাৰৰ দৰে এপবোৰ এপলৰ অধীনত আহিব।পিক্সেলমেটৰে ইয়াৰ ব্যৱহাৰকাৰী সকলক আশ্বাস দিছে যে এই মুহূৰ্তত তেওঁলোকৰ এপসমূহ কোনো ডাঙৰ পৰিৱৰ্তন নহ’ব।পিক্সেলমেটৰ ২০০৭ চনত লিথুৱানিয়াত প্ৰতিষ্ঠা কৰা হৈছিল। এই কোম্পানীটোক এডোবৰ সামগ্ৰীৰ এক সুলভ বিকল্প হিচাপে জনা যায়।অৱশ্যে, এই চুক্তি সম্পূৰ্ণ হ’ব নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই। চুক্তিৰ বিত্তীয় বিৱৰণ এতিয়াও প্ৰকাশ কৰা হোৱা নাই।