এপল আৰু গুগলত উপলব্ধ বহু ‘নিষিদ্ধ এপ’; যাৰ দ্বাৰা প্ৰস্তুত কৰা হয় মহিলাৰ অশ্লীল ছবি

এপল আৰু গুগলত এতিয়াও উপলব্ধ হৈ আছে বহু ‘নিষিদ্ধ এপ’। যি সমূহ এপ ব্যৱহাৰ কৰি বনোৱা হয় মহিলাৰ অশ্লীল ফটো।

ইতিমধ্যে এপল আৰু গুগলে অশ্লীল ছবি বনাব পৰা এপসমূহ নিষিদ্ধ কৰিছে।কিন্তু এক নতুন প্ৰতিবেদনত এক চাঞ্চল্যকৰ কথা পোহৰলৈ আহিছে।

টেক ট্ৰেন্সপাৰেন্সি প্ৰজেক্টৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে দুয়োটা প্লেটফৰ্মতে এনে বহুতো এপ এতিয়া উপলব্ধ আছে,যিয়ে মহিলাৰ স্বাভাৱিক এখন ফটো মহিলা গৰাকীৰ কোনো অনুমতি নোলোৱাকৈয়ে অশ্লীল ছবিলৈ ৰূপান্তৰিত কৰিব পাৰে।

প্ৰতিবেদনটোত কোৱা হৈছে যে,এপলৰ এপ ষ্ট’ৰ আৰু এণ্ড্ৰইডৰ প্লে ষ্ট’ৰত এনে বহু এপ আছে,যিয়ে মহিলাৰ স্বাভাৱিক এখন ফটো মহিলা গৰাকীৰ কোনো অনুমতি নোলোৱাকৈয়ে অশ্লীল ছবিলৈ ৰূপান্তৰিত কৰিব পাৰে। দুয়োটা প্লেটফৰ্মতে এনে এপৰ সংখ্যা ১০০ৰো অধিক।

প্ৰতিবেদনটোৰ মতে, এপলৰ এপ ষ্ট’ৰত প্ৰায় ৪৭টা আৰু প্লে ষ্ট’ৰত ৫৫টা এনে এপ আছে।এই এপসমূহত মহিলাৰ ফটো আৰু ভিডিঅ’ত তেওঁলোকৰ কাপোৰ নোহোৱা কৰা বৈশিষ্ট্য প্ৰদান কৰিছে।

এই এপসমূহ বিশ্বজুৰি উপলব্ধ।অৱশ্যে কোম্পানীয়ে এনে এপসমূহৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি আঁতৰাবলৈ চেষ্টা কৰি আছে।

অৱশ্যে প্ৰতিবেদনটোত এইটো উল্লেখ কৰা হোৱা নাই যে,গৱেষণাত এই এপসমূহ কেতিয়া আৰু কিমান দিনৰ পৰা দেখা গৈছে।

প্ৰতিবেদনটোত দাবী কৰিছে যে,এই এপবোৰ এপ ষ্ট’ৰ আৰু প্লে ষ্ট’ৰত খুব সহজে বিচাৰি পোৱা যায়।নতুন এপটোত nudify বা undress আদি সহজ শব্দৰে সন্ধান কৰিব পাৰিব।এই এপসমূহ বিশ্বজুৰি ৭০ কোটি বাৰ ডাউনলোড কৰা হৈছে।

লগতে পঢ়ক: মেটাৰ বিশেষ সতৰ্কতা… ১৮ বছৰৰ তলৰ ব্যৱহাৰকাৰীৰ বাবে বন্ধ হ’ব এই বিশেষ বৈশিষ্ট্য

Google আৰু Apple এ মিলালে হাত; কোটি টকাত চূড়ান্ত হ’ল চুক্তি

আইফোন ব্যৱহাৰকাৰী সকলৰ বাবে আহিছে এটা ভালখবৰ। Google আৰু Apple এ মিলালে হাত

আইফোন ব্যৱহাৰকাৰী সকলৰ বাবে Google আৰু Apple এ হাত মিলাইছে। Apple এ নিশ্চিত কৰিছে যে গুগল জেমিনি আইফোনত ব্যৱহৃত ভইচ এচিষ্টেণ্ট চিৰিৰ সৈতে সংযুক্ত কৰা হ’ব।

Apple ৰ এই সিদ্ধান্ত লাখ লাখ আইফোন ব্যৱহাৰকাৰীৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। Google জেমিনি এআইক চিৰিৰ সৈতে সংযুক্ত কৰাৰ লগে লগে ভইচ এচিষ্টেণ্টটো আইফোন, আইপেড, আৰু মেক ব্যৱহাৰকাৰীৰ বাবে আৰু অধিক ব্যক্তিগতকৃত হ’ব।এই বছৰ অনুষ্ঠিত হ’বলগীয়া WWDC 2026 ত এপলে এই কথা ঘোষণা কৰিব পাৰে।

Apple এ স্বীকাৰ কৰিছে যে গুগলৰ এআই প্ৰযুক্তি হৈছে এপল ফাউণ্ডেশ্যন মডেলৰ আটাইতকৈ ফলপ্ৰসূ ভেটি।এপল আৰু গুগলে এই যৌথ বিবৃতি Google কীৱৰ্ডছ ব্লগত প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বে ২০২৫ চনৰ নৱেম্বৰ মাহত ব্লুমবাৰ্গৰ মাৰ্ক গুৰমানে এই কথা প্ৰকাশ কৰিছিল যে,এপলে চিৰি আপডেটৰ বাবে Google ক বাছি লৈছে।ইয়াৰ বাবে এপলে প্ৰতি বছৰে ১ বিলিয়ন ডলাৰ খৰচ কৰিব।

এণ্ড্ৰইড অথৰিটিৰ এক নতুন প্ৰতিবেদন অনুসৰি দুয়োটা কোম্পানীয়ে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে এই চুক্তি আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে।অৱশ্যে দুয়োটা কোম্পানীয়ে ১ বিলিয়ন ডলাৰৰ বিষয়টোৰ কথা উল্লেখ কৰা নাই।

এপলে প্ৰথমে ঘোষণা কৰিছিল যে ২০২৪ চনৰ প্ৰথমাৰ্ধত চিৰিত এআইৰ বৈশিষ্ট্য সংযোজন কৰা হ’ব।পৰৱৰ্তী সময়ত এই প্ৰকল্পটো যোৱা বছৰৰ মাৰ্চলৈ পিছুৱাই দিয়া হৈছিল।

লগতে পঢ়ক: মহাকাশত সফলতাৰ এক নতুন অধ্যায় লিখিবলৈ সাজু ভাৰত; পিছ পৰি ৰ’ল আমেৰিকা

এপলৰ পৰা বিদায় ল’ব নেকি টিম কুকে?কোম্পানীয়ে বিচাৰিছে নতুন CEO

এপলৰ পৰা বিদায় ল’ব নেকি টিম কুক?

এপলে নিজৰ পৰৱৰ্তী চিইঅ’ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।এক প্ৰতিবেদন অনুসৰি, অহা বছৰ এপলৰ চিইঅ’ টিম কুক পদত্যাগ কৰিব পাৰে।টিমৰ পিছত এপলৰ বাঘজৰী কোনে ল’ব সেই সন্দৰ্ভত কোম্পানীটোৱে কাম আৰম্ভ কৰিছে।

পৰৱৰ্তী চিইঅ’ কোন হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।অৱশ্যে এপলৰ হাৰ্ডৱেৰ ইঞ্জিনিয়াৰিঙৰ জ্যেষ্ঠ উপ-সভাপতি জন টাৰ্নাছক এই পদৰ মূল প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছে।বহুতে এপলৰ পৰৱৰ্তী চিইঅ’ৰ প্ৰতিদ্বন্দ্বী হিচাপে জন টাৰ্নাছক উল্লেখ কৰিছে।

এই সন্দৰ্ভত এপলে এতিয়াও আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰদান কৰা নাই ।প্ৰায় ১৪ বছৰ এপলৰ নেতৃত্বত থকাৰ পিছত এতিয়া হয়তো অৱসৰ ল’ব পাৰে টিম কুক।অহা বছৰৰ আৰম্ভণিতে এপলে নিজৰ পৰৱৰ্তী চিইঅ’ৰ নাম ঘোষণা কৰিব পাৰে।

টিম কুকে ২০১১ চনত ষ্টিভ জবছে পদত্যাগ কৰাৰ পিছত এপলৰ দায়িত্ব লয়।উল্লেখ্য যে টিম কুক ১৯৯৮ চনত এপলত যোগদান কৰিছিল।

এপলৰ অপাৰেচন টিমক নতুন দিশলৈ লৈ যাবলৈ ষ্টিভ জবছে টিম কুকক নিযুক্তি দিছিল।২০০৫ চনৰ পৰা ২০১১ চনলৈকে তেওঁ কোম্পানীটোৰ মুখ্য পৰিচালন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

এই সময়ছোৱাত তেওঁ আইপড, মেকবুক, আইফোন, আইপেড আদি সামগ্ৰীৰ বাবে বিশ্বৰ মঞ্চত যোগান শৃংখল শক্তিশালী কৰিছিল।

লগতে পঢ়ক: Meta ই মুকলি কৰিলে নতুন AI স্পীচ মডেল; বুজি পাব ১৬০০ ৰো অধিক ভাষা

Apple আৰু Starlinkৰ মাজত চুক্তি!এই আইফোন ছিৰিজত উপলব্ধ হ’ব চেটেলাইট সংযোগ

Apple আৰু Starlinkৰ মাজত চুক্তি!

Apple ৰ আগন্তুক আইফোনত Starlink চেটেলাইট ইণ্টাৰনেট সংযোগ লাভ কৰিব পাৰিব।আইফোন ব্যৱহাৰকাৰীয়ে নেটৱৰ্ক অবিহনেও কলিং আৰু ইণ্টাৰনেট সেৱা লাভ কৰিব পাৰিব।

Apple আৰু ইলন মাস্কৰ কোম্পানী Starlink ৰ মাজত অতি সোনকালে চূড়ান্ত হ’ব এক ডাঙৰ চুক্তি।বৰ্তমান এপলৰ আইফোনসমূহে গ্ল’বেলষ্টাৰৰ জৰিয়তে চেটেলাইট সেৱা আগবঢ়ায়,যিটো কেৱল নিৰ্বাচিত দেশতহে উপলব্ধ হ’ব।

ষ্টাৰলিংকৰ উপগ্ৰহ সেৱাই বিশ্বৰ ১০০ খনতকৈও অধিক দেশত প্ৰৱেশ কৰিছে।অতি সোনকালে ভাৰততো ষ্টাৰলিংক উপগ্ৰহ সেৱা আৰম্ভ হ’ব।

কোম্পানীটোৱে আইফোন ১৮ ছিৰিজত চেটেলাইট সংযোগ প্ৰদান কৰিব পাৰে,যিটো ষ্টাৰলিংক উপগ্ৰহৰ ওপৰত ভিত্তি কৰি হ’ব।

২০২৬ চনত মুকলি হ’বলগীয়া আইফোন ১৮ ছিৰিজে গ্ল’বেলষ্টাৰৰ সলনি লাভ কৰিব ষ্টাৰলিংক চেটেলাইট সংযোগ থাকিব।

ইলন মাস্কৰ কোম্পানী ষ্টাৰলিংকে আমেৰিকাৰ আগশাৰীৰ টেলিকম অপাৰেটৰ টি-ম’বাইলৰ সৈতে অংশীদাৰিত্বৰে ডাইৰেক্ট টু ম’বাইল সেৱা পৰীক্ষা কৰিছে।

যদিহে এই চুক্তি এপল আৰু ষ্টাৰলিংকৰ মাজত কৰা হয়, তেন্তে ইয়াৰ পৰা এপল আৰু ষ্টাৰলিংক দুয়োটাই লাভৱান হ’ব।

গ্ল’বেলষ্টাৰৰ উপগ্ৰহ সেৱা আমেৰিকা আৰু ইউৰোপৰ নিৰ্বাচিত দেশসমূহত সীমাবদ্ধ হয়, যাৰ বাবে আইফোনত উপলব্ধ চেটেলাইট সংযোগ সেৱা ব্যৱহাৰকাৰীসকলৰ বাবে ব্যাপকভাৱে উপলব্ধ নহয়।

ষ্টাৰলিংকৰ এই সেৱা ১০০ খনতকৈও অধিক দেশত উপলব্ধ হ’ব, যাৰ বাবে আইফোন ব্যৱহাৰকাৰীয়ে বিপুল সুবিধা লাভ কৰিব।

লগতে পঢ়ক: সাৱধান! বিপদজনক হ’ব পাৰে AI ব্ৰাউজাৰ ব্যৱহাৰ কৰাটো

আইফোন ১৭ লঞ্চৰ পূৰ্বে বিপদত এপল; কোম্পানীটোৰ বিৰুদ্ধে আন এক গোচৰ ৰুজু

আইফোন ১৭ লঞ্চৰ পূৰ্বে বিপদত এপল

আইফোন ১৭ ছিৰিজ লঞ্চ হোৱাৰ পূৰ্বে সমস্যা বাঢ়িছে এপলৰ। আইফোন ১৭ নিৰ্মাতা কোম্পানীটোৱে কপিৰাইটযুক্ত কিতাপ ব্যৱহাৰ কৰি এআই মডেলক প্ৰশিক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে।এই সন্দৰ্ভত এপলৰ বিৰুদ্ধে দুজন লেখকে গোচৰ তৰিছে।

 গোচৰত লেখকসকলে অভিযোগ কৰিছিল যে কোম্পানীটোৱে নিজৰ OpenELM AI মডেলক প্ৰশিক্ষণ দিবলৈ তেওঁৰ কিতাপৰ পাইৰেটেড সংস্কৰণ ব্যৱহাৰ কৰিছিল।উল্লেখ্য যে কোম্পানীটোৱে যোৱা বছৰ নিজৰ মুক্ত উৎসৰ এআই মডেল মুকলি কৰিছিল।

দৰাচলতে যোৱা বছৰত কোম্পানীটোৱে ইউটিউবৰ ভিডিঅ’ৰ তথ্য ব্যৱহাৰ কৰি নিজৰ এআই মডেলক প্ৰশিক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছিল।

এপলৰ বিৰুদ্ধে এই গোচৰ আমেৰিকাৰ উত্তৰ কেলিফৰ্ণিয়াৰ ফেডাৰেল ক’ৰ্টত ৫ ছেপ্টেম্বৰ শুকুৰবাৰে দাখিল কৰা হৈছে।কোম্পানীটোৰ বিৰুদ্ধে ক্লাছ একচন গোচৰ ৰুজু কৰা হৈছে।

গ্ৰন্থখনৰ লেখক গ্ৰেডি হেণ্ড্ৰিক্স আৰু জেনিফাৰ ৰবাৰ্টছনে এপলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে টেক কোম্পানীসমূহে তেওঁলোকে লিখা কিতাপসমূহ ব্যৱহাৰ কৰি নিজৰ LLM আৰু OpenELM ক প্ৰশিক্ষণ দিছে।

এপলৰ OpenELM ৰ মডেল কাৰ্ড, যিটো Hugging Face ত সংযোজন কৰা হৈছিল, ইয়াৰ দ্বাৰা এই কথাটো পোহৰলৈ আহিছে যে মডেলটোক প্ৰশিক্ষণ দিবলৈ ব্যৱহৃত ডাটাছেটসমূহৰ ভিতৰত এটাত RedPajama অন্তৰ্ভুক্ত কৰা হৈছে।

কোম্পানীটোৱে ইয়াক ইণ্টাৰনেটৰ পৰা লাভ কৰিছিল, য’ত বহুতো এনোটেটৰৰ অনুজ্ঞা বিনামূলীয়া বিষয়বস্তুৰ সৈতে ৰাজহুৱা ডাটাছেটসমূহ মুকলি কৰে।

অভিযোগকাৰীয়ে আমেৰিকাৰ ফেডাৰেল আদালতত আবেদন জনাইছে যে এইটো এটা কপিৰাইট উলংঘন হয়, যাৰ বাবে টেক কোম্পানীটোৰ বিৰুদ্ধে ক্লাছ একচন ল’ব লাগে।অৱশ্যে এই গোচৰৰ জুৰীৰ বিচাৰ এতিয়াও হোৱা নাই।

লগতে পঢ়ক: Google ৰ বিৰুদ্ধে তদন্ত; ইউৰোপীয় আয়োগে বিহিলে ৩.৫ বিলিয়ন ডলাৰ জৰিমনা

Oppoৰ ওপৰত Apple ৰ  বাণিজ্যিক গোপনীয়তা চুৰি কৰাৰ অভিযোগ উত্থাপন

Oppoৰ ওপৰত Apple ৰ  গোপনীয়তা চুৰি কৰাৰ অভিযোগ

চীনৰ স্মাৰ্টফোন নিৰ্মাতা কোম্পানী Oppo ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি এপলে গোচৰ তৰিছে।আইফোন নিৰ্মাতা কোম্পানীটোৱে দাবী কৰিছে যে পূৰ্বে এই ডিভাইচটোত কাম কৰা এপল ৱাচৰ দলৰ এজন সদস্যই চীনৰ এটা প্ৰতিষ্ঠানত যোগদান কৰাৰ পিছত কোম্পানীটোৰ বাণিজ্যিক গোপনীয়তা চুৰি কৰিছিল।

এপলে অভিযোগ কৰিছে যে চেন্সৰ চিষ্টেমৰ আৰ্কিটেক্ট চেন ছিয়ে এপলৰ স্বাস্থ্য চেন্সিং প্ৰযুক্তিৰ গোপনীয় নথি-পত্ৰ গোপনে প্ৰৱেশ কৰি Oppo ক উপকৃত কৰিছে।

জুন মাহলৈকে চেন ছি এপলৰ কৰ্মচাৰী আছিল। এপল এৰি যোৱাৰ আগতে তেওঁ কোম্পানীটোৰ ট্ৰেড ছিক্ৰেট চুৰি কৰিছিল আৰু সেইবোৰ ব্যৱহাৰ কৰি Oppo  লাভৱান হৈছিল।

কেলিফৰ্ণিয়াৰ ছান জোছ ফেডাৰেল ক’ৰ্টত এপলে অ’প’ৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ।অৱশ্যে অপ’ই এই কথা অস্বীকাৰ কৰি কয় যে কোম্পানীটোৰ ইয়াৰ সৈতে কোনো সম্পৰ্ক আছে বুলি কোনো প্ৰমাণ পোৱা নাই।

এপলে অভিযোগত কয় যে ডাঃ শ্বিয়ে কোম্পানীটোৰ বৰ্তমানৰ ৱাচ গৱেষণা দলৰ সৈতে বহু বৈঠকত অংশগ্ৰহণ কৰিছিল।

এপল এৰি যোৱাৰ তিনিদিন পূৰ্বে তেওঁ এটা সুৰক্ষিত বক্স ফোল্ডাৰৰ পৰা ৬৩টা নথি-পত্ৰ ডাউনলোড কৰিছিল।সেই নথি-পত্ৰবোৰ তেওঁ এদিন আগতে ইউএছবি ড্ৰাইভলৈ ট্ৰেন্সফাৰ কৰিছিল।

আমেৰিকান কোম্পানীটোৱে অভিযোগ কৰিছে যে চীনৰ কোম্পানীটোৱে অ’প’ত যোগদান কৰাৰ পিছত এই বাণিজ্যিক গোপনীয়তাৰ সুযোগ লৈছে।

একে সময়তে অ’প’ৰ এগৰাকী মুখপাত্ৰই কয় যে আমি এই গোচৰৰ বিষয়ে অৱগত। আমি এপলৰ অভিযোগ পৰ্যালোচনা কৰি আছো।

এপলে অ’প’ত কাম কৰি থাকোঁতে তেওঁ এনেধৰণৰ কাম কৰিছিল বুলি উত্থাপন কৰা অভিযোগৰ সমৰ্থনত আমি কোনো প্ৰমাণ পোৱা নাই।

অ’প’ই প্ৰতিটো কোম্পানীৰ বাণিজ্যিক গোপনীয়তাক সন্মান কৰে। অ’প’ই এপলৰ বাণিজ্যিক গোপনীয়তাৰ অপব্যৱহাৰ কৰা নাই।

আইনী প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ সাজু হৈছে অ’প’। ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে।

লগতে পঢ়ক: পূৰ্ণগতিত চলিছে গগণযান মিছনৰ প্ৰস্তুতি;  স্প্লেছডাউনৰ সফল পৰীক্ষণ ISROৰ

Google আৰু  Appleৰ বাঢ়িছে সমস্যা; এপ ষ্ট’ৰৰ পৰা কৰা উপাৰ্জন হ’ব পাৰে বিপদ

Google আৰু  Appleৰ বাঢ়িছে সমস্যা

Google আৰু  Appleৰ বিপদৰ অন্ত পৰা নাই। এপ ষ্ট’ৰৰ পৰা পোৱা উপাৰ্জনে আমেৰিকাৰ দুয়োটা টেক কোম্পানীৰে বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ব্ৰিটেইনৰ প্ৰতিযোগিতা আৰু বজাৰ কৰ্তৃপক্ষই এই দুয়োটা কোম্পানীৰে স্ক্ৰু টান কৰিবলৈ সাজু হৈছে।মোবাইল প্লেটফৰ্মত এই দুটা কোম্পানীৰ আধিপত্য আৰু নিয়ন্ত্ৰণলৈ চাই গধুৰ জৰিমনা বিহা হ’ব CMA ৰ ওচৰলৈ এই দুটা কোম্পানীক কৌশলগত বজাৰৰ মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱ আহিছে।

এই দুটা কোম্পানীৰ এপ ষ্ট’ৰত ডেভেলপাৰসকলক নিজাকৈ পেমেণ্ট চিষ্টেম থকাৰ পৰা মুক্ত কৰাৰ প্ৰচেষ্টা চলি আছে।

Google আৰু  Appleৰ এপ ষ্ট’ৰত ইন-এপ ক্ৰয়ৰ বাবে ব্যৱহাৰকাৰীয়ে গুগল বা এপলৰ পেমেণ্ট চিষ্টেম ব্যৱহাৰ কৰাৰ বিকল্প আছে, যাৰ বাবে ডেভেলপাৰসকলে প্ৰতিটো ক্ৰয়ৰ ৩০ শতাংশ পৰ্যন্ত কমিচন এপল বা গুগলক দিব লাগে।

ইয়াৰ বাবেই এই দুয়োটা কোম্পানীয়ে ভাল লাভ কৰে। CMAৰ হস্তক্ষেপৰ পিছত এপ ডেভেলপাৰসকলৰ ৰাজহ বৃদ্ধি পাব পাৰে আৰু কমিচন হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

CMA ই বিচাৰে যে Google আৰু  Apple এ তেওঁলোকৰ এপ ষ্ট’ৰৰ বাবে এপ ৰিভিউ চিষ্টেম অধিক স্বচ্ছ কৰি তোলক। এপ ৰিভিউ চিষ্টেমৰ গোপনীয় তথ্য ব্যৱহাৰ কৰি কোম্পানীটোৱে নিজৰ সেৱাৰ প্ৰচাৰ কৰা বুলি এপলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে।

যদি এই অভিযোগ সঁচা হয় তেন্তে ইয়াৰ জৰিয়তে এপলে সুবিধা লাভ কৰিছে। এই সন্দৰ্ভত CMA এ নতুন নীতি আনিব পাৰে।

ইয়াৰ পিছত ব্যৱহাৰকাৰীয়ে এপ ষ্ট’ৰৰ পৰা কৰা ক্ৰয়ৰ বাবে এপল বা গুগল পে ৱালেটৰ বাহিৰেও অন্যান্য ডিজিটেল ৱালেট ব্যৱহাৰ কৰাৰ বিকল্প লাভ কৰিব।

চিএমএৰ মুখ্য কাৰ্যবাহী চাৰা কাৰ্ডেলে কয় যে ব্ৰিটেইনত মোবাইল ডিভাইচ বিক্ৰীৰ ৯০ৰ পৰা ১০০ শতাংশ এপল আৰু গুগলৰ।

ব্ৰিটেইনত এপৰ জৰিয়তে আহৰণ কৰা আয় অৰ্থনীতিৰ বাবে এক ডাঙৰ অৰিহণা যোগায়।ইয়াৰ ওপৰত ভিত্তি কৰি ৪ লাখ চাকৰিৰ সৃষ্টি হয় আৰু ইয়াৰ উপৰিও মুঠ জিডিপিত ১.৫ শতাংশ অৰিহণা যোগায়।

অৱশ্যে চিএমএৰ নতুন প্ৰস্তাৱিত নিয়মৰ বিৰোধিতা কৰিছে এপলে।কোম্পানীটোৱে স্পষ্টীকৰণত কয় যে এই পৰিৱৰ্তনে ব্যৱহাৰকাৰীৰ গোপনীয়তাক বিপদত পেলাব পাৰে।

বৰ্তমান চিএমএই এই বিষয়ত বিশেষজ্ঞৰ পৰা মতামত গ্ৰহণ কৰি আছে। অহা বছৰৰ পৰা এই নিয়ম কাৰ্যকৰী হ’ব পাৰে নিয়ন্ত্ৰকে।

লগতে পঢ়ক: তুৰস্কই প্ৰদৰ্শন কৰিলে নিজৰ শক্তি; নিৰ্মাণ কৰিলে হাইপাৰছ’নিক মিছাইল Tayfun Block-4

এপলৰ ডাঙৰ ঘোষণা; বন্ধ কৰিলে ৩ টা আইফোন আৰু ২ টা মেকবুক এয়াৰৰ বিক্ৰী

বিশ্বৰ শীৰ্ষ প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্তৰ্ভুক্ত এপলে শেহতীয়াকৈ বজাৰত কেইবাটাও সামগ্ৰী মুকলি কৰিছে। কোম্পানীটোৱে অলপতে আইফোন ১৬ ই আৰু মেকবুক এয়াৰ এম ৪ প্ৰৱৰ্তন কৰিছে।

যদিও কোম্পানীটোৱে নতুন ডিভাইচ মুকলি কৰি লাখ লাখ ব্যৱহাৰকাৰীক ভাল খবৰ দিছিল, এপলে এতিয়া এটা ডাঙৰ সিদ্ধান্ত লৈছে।

সামগ্ৰীটো প্ৰৱৰ্তন কৰাৰ লগে লগে, কোম্পানীটোৱে ইয়াৰ কিছুমান ডিভাইচ ইয়াৰ পৰ্টফলিঅ’ৰ পৰা নিঃশব্দে আঁতৰাই দিছিল।

মেকবুক এয়াৰ এম৪-ৰ আগমনৰ সৈতে, কোম্পানীটোৱে মেকবুক এয়াৰ এম২ আৰু মেকবুক এয়াৰ এম৩-ৰ বিক্ৰী বন্ধ কৰি দিছে।এই দুয়োটা মডেল নতুন ডিভাইচৰ আগমনলৈকে বিক্ৰীৰ বাবে উপলব্ধ আছিল।

মন কৰিবলগীয়া যে কোম্পানীটোৱে মেকবুক এয়াৰ এম২  ২০২২ চনত মুকলি কৰিছিল, আনহাতে মেকবুক এয়াৰ এম৩  ২০২৪ চনত মুকলি কৰিছিল।

যদি আপুনি মেকবুক এয়াৰ এম২ বা মেকবুক এয়াৰ এম৩ ক্ৰয় কৰিব বিচাৰে, সেইবোৰ এতিয়া অফিচিয়েল ৱেবছাইটত বিচাৰি নাপাব।

অৱশ্যে, সেইবোৰ ই-কমাৰ্চ প্লেটফৰ্মৰ পৰা ক্ৰয় কৰিবলৈ সক্ষম হ’ব। এইটো স্পষ্ট যে কোম্পানীটোৱে মেকবুক এয়াৰ এম৪ ৰ বিক্ৰী বৃদ্ধি কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে।

এপলে কেৱল মেকবুক এয়াৰেই নহয় কিছুমান আইফোন মডেলো ইয়াৰ অফিচিয়েল ৱেবছাইটৰ পৰা আঁতৰাই দিছে।

আইফোন ১৬ই মুকলি কৰাৰ পিছত, এপলে ইয়াৰ পৰ্টফলিঅ’ৰ পৰা ৩ টা আইফোন বন্ধ কৰিছে। এপলে বন্ধ কৰা আইফোনবোৰৰ ভিতৰত আছে আইফোন এছই, আইফোন ১৪, আৰু আইফোন ১৪ প্লাছ।