শীঘ্ৰেই ভাৰতীয় নাগৰিকসকলে লাভ কৰিব দেশৰ নিজা জি পি এছ (GPS) প্ৰণালী । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) এতিয়া সাধাৰণ ৰাইজৰ বাবে নিজৰ নেভিগেচন প্ৰণালী নাভিক (NaVIC) উপলব্ধ কৰাৰ দিশত আগবাঢ়িছে । আগতে এই প্ৰণালীটো মুখ্যতঃ প্ৰতিৰক্ষা আৰু অন্যান্য গুৰুত্বপূৰ্ণ চৰকাৰী কামত কৌশলগত উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হৈছিল । এই তথ্য ইনস্পেচৰ মুৰব্বী পৱন গোয়েংকাই দিছে । তেওঁ কৈছে যে শীঘ্ৰেই নাভিকে নাগৰিকসকলক সঠিক নেভিগেচন সেৱা প্ৰদান কৰিব ।
পূৰ্বতে ভাৰতীয় আঞ্চলিক নেভিগেচন চেটেলাইট চিষ্টেম (IRNSS) নামেৰে জনাজাত নাভিক (NAVIC ) হৈছে ভাৰতৰ নিজা থলুৱা উপগ্ৰহ নেভিগেচন ব্যৱস্থা । ইয়াক ইছৰোৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে যাতে ভাৰত আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত স্থান আৰু সময়ৰ সঠিক তথ্য প্ৰদান কৰিব পৰা যায় । এই সন্দৰ্ভত পৱন গোৱেংকাই কয় যে ইছৰোৱে ভাৰতৰ নিজা নেভিগেচন চিষ্টেম (NaVIC) অতি সোনকালে নাগৰিকৰ বাবে সহজলভ্য কৰি তুলিবলৈ কাম কৰি আছে, কাৰণ এতিয়ালৈকে এই ব্যৱস্থা কৌশলগত ব্যৱহাৰত সীমাবদ্ধ আছিল । তেওঁ আৰু কয়, ‘২০২৫ চনৰ ভিতৰত ইছৰো’ই মহাকাশ খণ্ডৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে ছটা জি এছ এল ভি উৎক্ষেপণকে ধৰি প্ৰতি বছৰে এক ডজন উপগ্ৰহ উৎক্ষেপণৰ লক্ষ্য ৰাখিব ।’
আৰু ৬টা উপগ্ৰহ উৎক্ষেপণ কৰা হ’ব-
গোৱেংকাই সংবাদ মাধ্যমৰ আগত কয়, ‘আমি নতুন এল ১ বেণ্ডৰ সৈতে ৭টা নেভিগেচন চেটেলাইট প্ৰৱৰ্তন কৰিছো যিয়ে নাগৰিকৰ মোবাইল ফোনলৈ এটা সামঞ্জস্যপূৰ্ণ চিপছেটৰ সৈতে NaVIC সংকেত প্ৰেৰণ কৰিবলৈ সক্ষম হ’ব । ইতিমধ্যে সাতটা উপগ্ৰহৰ ভিতৰত এটা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে, আৰু ছটা উপগ্ৰহ উৎক্ষেপণ কৰা হ’ব । পূৰ্বে উৎক্ষেপণ কৰা নেভিগেচন উপগ্ৰহবোৰে বিভিন্ন বেণ্ড (L5 আৰু S)ত কাম কৰিছিল । তেওঁ লগতে কয় যে NaVIC (Navigation with Indian Constellation) বিশ্বৰ অন্যান্য নেভিগেচন ব্যৱস্থাতকৈ অধিক সঠিক আৰু চৰকাৰে ইয়াৰ প্ৰসাৰ বহল কৰাৰ বাবে কাম কৰি আছে ।
নাভিক কি ?
নাভিক হৈছে ৭টা উপগ্ৰহ আৰু বিস্তৃত স্থল নেটৱৰ্কৰে গঠিত নতুন নেভিগেচন ব্যৱস্থা । এই ব্যৱস্থাই ২৪ ঘন্টা ৭ দিন কাম কৰে আৰু ইয়াৰ চাৰিওফালে ১৫০০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভাৰতৰ বিষয়ে অতি সঠিক তথ্য আছে । নাভিকে দুবিধ সেৱা আগবঢ়ায়: ষ্টেণ্ডাৰ্ড পজিচনিং চাৰ্ভিচ (এছ পি এছ), যিটো সাধাৰণ জনতাৰ বাবে উপলব্ধ, আৰু ৰেষ্ট্ৰিক্টেড চাৰ্ভিচ (আৰ এছ) যিটো প্ৰতিৰক্ষা আৰু অন্যান্য কৌশলগত উদ্দেশ্যত ব্যৱহাৰ কৰা হয় ।