ভাৰতীয় ক্ৰিকেট দলটো বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণত আছে। একে সময়তে, ভাৰতত আটাইতকৈ ডাঙৰ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা ৰঞ্জী ট্ৰফী আয়োজন কৰা হৈছে। য’ত কেইবাটাও ডাঙৰ ডাঙৰ ৰেকৰ্ড কৰা হৈছে।
ইয়াৰ মাজতে এজন তাৰকা যুৱ খেলুৱৈয়ে এটা ইনিংছত ১০ টা উইকেট দখল কৰিছে।এই খেলুৱৈজন আন কোনো নহয় অংশুল কম্বোজ।
অংশুল কম্বোজে হাৰিয়ানাৰ হৈ খেলি ইতিহাস সৃষ্টি কৰিছে।লাহলীত চলি থকা ৰঞ্জী ট্ৰফীৰ খেলখনত তেওঁ কেৰালাৰ বিৰুদ্ধে এটা ইনিংছত ১০ টা উইকেট দখল কৰিছে। ৰঞ্জী ট্ৰফীত এনে কৰা অংশুল কম্বোজেই প্ৰথম বলাৰ নহয়।
ইয়াৰ পূৰ্বেও দুজন বলাৰে এনে অভিলেষ সৃষ্টি কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ হৈ এনে অভিলেষ সৃষ্টি কৰিছিল অনিল কুম্বলে। তেওঁ পাকিস্তানৰ বিৰুদ্ধে এখন টেষ্ট মেচৰ ইনিংছত ১০ টা উইকেট দখল কৰিছিল।
ৰঞ্জী ট্ৰফীত শেষবাৰৰ বাবে এটা ইনিংছত ১০ টা উইকেট লোৱাৰ কৃতিত্ব আছিল ১৯৮৫-৮৬ বৰ্ষত। প্ৰেবাংচু মোহন চেটাৰ্জী আৰু প্ৰদীপ সুন্দৰমে ৰঞ্জীত এনে ধৰণৰ কৃতিত্ব লাভ কৰিছিল।
ৰঞ্জী ট্ৰফীত বলাৰৰ এনে আধিপত্য খুব কম দেখা যায় আধুনিক ক্ৰিকেটত এজন বলাৰৰ বাবে এনে ধৰণৰ সাফল্য নিশ্চিতভাৱে অতি বিশেষ।