পৃথিৱীত এনেকুৱা বহুতো বস্তু আছে যিবোৰ দেখাত যিকোনো সাধাৰণ বস্তুৰ দৰে, কিন্তু ইয়াৰ দাম ইমানেই বেছি যে আপুনি কল্পনাও কৰিব নোৱাৰে । আজি আমি আপোনালোকক এনে এটা মুদ্ৰাৰ কাহিনী কবলৈ ওলাইছো, যিটো বনাবলৈ হয়তো কেইবা শ বা হাজাৰ টকা খৰচ হৈছিল, কিন্তু নিলাম হোৱাৰ সময়ত তাৰ বিড আছিল ৪ কোটি টকা ।
এই মুদ্ৰাৰ কাহিনী কি ?
জানিব পৰা মতে এই মুদ্ৰাটো ১৯৭৫ চনত নিৰ্মাণ কৰা হৈছিল । ইয়াক ২০ শতিকাৰ অন্যতম বিৰল মুদ্ৰা বুলি কোৱা হৈছে । নিলাম সংস্থাটোৱে কয় যে এই মুদ্ৰাটো আমেৰিকাৰ ডাইম, যিটো ১৯৭৫ চনত ছান ফ্ৰান্সিস্কো মিণ্টে নিৰ্মাণ কৰিছিল ।
আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ছবি ছপা আছে-
এই মুদ্ৰাত এখন ছবি দেখা পাব । এইখন আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ৰুজভেল্টৰ ছবি । ইয়াৰ বাহিৰেও প্ৰতিটো মুদ্ৰাত থকা ‘S’ চিন এইটো মুদ্ৰাত নাই । সমগ্ৰ বিশ্বতে এই ধৰণৰ মুদ্ৰা দুটাহে আছে, যাৰ বাবে এই মুদ্ৰাটো ইমান বিৰল ।
এই মুদ্ৰাৰ বাবে অনলাইনযোগে নিবিদা আৰম্ভ হৈছিল-
এই আপুৰুগীয়া মুদ্ৰাৰ নিলাম অনলাইনযোগে গ্ৰেট কলেকচন নামৰ এটা নিলাম গৃহই চলাইছিল । এই সন্দৰ্ভত কেলিফৰ্ণিয়া গ্ৰেট কলেকচনৰ অধ্যক্ষ ইয়ান ৰাছেলে কয় যে এই মুদ্ৰা নিলামৰ সফলতাত তেওঁ অতিশয় সুখী আৰু ইয়াক ৪.২৫ কোটি টকাত নিলাম কৰা হৈছে ।
নিলামৰ আগতে কাৰ হাতত আছিল এই মুদ্ৰা-
নিলামৰ পূৰ্বে এই মুদ্ৰাটো অহাইঅ’ৰ তিনিগৰাকী ভগ্নীৰ লগত আছিল । অৱশ্যে তেওঁলোকে নিজৰ পৰিচয় গোপন কৰি ৰাখিছে । কিন্তু নিলাম কোম্পানীটোৰ লগত কথা পাতি থাকোঁতে তেওঁলোকে কয় যে তেওঁলোকে এই মুদ্ৰাটো তেওঁলোকৰ ভাতৃৰ মৃত্যুৰ পিছত পাইছে । ভাতৃ আৰু মাতৃৰ এনে দুটা মুদ্ৰা আছিল, যিবোৰ তেওঁলোকে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল । কিন্তু ১৯৭৮ চনত ইয়াৰে এটা মুদ্ৰা ১৫ লাখ টকাত বিক্ৰী কৰিছিল ।