৩৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়ৰ বাবে বুধবাৰে পুৱাৰ পৰা অসমৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে । ধলাই (এছ ছি), চিদলী (এছ টি), বঙাইগাঁও, বিহালী আৰু চামগুৰি বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে এই উপ-নিৰ্বাচন । শেহতীয়া লোকসভা নিৰ্বাচনত এই ৫টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ লগে লগে এই আসনসমূহ খালী হৈ আছিল ।
পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ সন্ধিয়া ৫ বজাত সমাপ্ত হ’ব । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি মুঠ ৩৪ জন প্ৰাৰ্থীয়ে এই ভোট যুদ্ধত নামিছে আৰু ইয়াৰে অধিকাংশই প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।
পাঁচখন আসনৰ ১,০৭৮ টা কেন্দ্ৰত মসৃণ নিৰ্বাচন নিশ্চিত কৰিবলৈ প্ৰায় ৯,০০০ ভোটগ্ৰহণ কৰ্মী নিয়োজিত কৰা হৈছে, য’ত ৯ লাখতকৈও অধিক ভোটাৰে ভোটদান কৰিব । ৫৯২ টা ভোটকেন্দ্ৰৰ পৰা ৱেবকাষ্টিং কৰা হৈছে । এঘাৰটা বুথ আদৰ্শ ভোটকেন্দ্ৰ হিচাপে নিৰ্মাণ কৰা হৈছে আৰু ১৪ টা মহিলা কৰ্মচাৰীয়ে পৰিচালনা কৰিছে ।
অসম আৰক্ষীৰ সমৰ্থনত সকলো ভোটকেন্দ্ৰত প্ৰায় ১,৫০০ কৰ্মচাৰীৰে গঠিত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চি এ পি এফ) ১৫ টা কোম্পানী মোতায়েন কৰা হৈছে । চামগুৰিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছে ধুবুৰীৰ সাংসদ ৰাকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰক্ষেপ কৰাৰ বিপৰীতে বিজেপিয়ে দিপ্লু ৰঞ্জন শৰ্মাক প্ৰক্ষেপ কৰিছে ।
বিহালী আসনৰ প্ৰাৰ্থী হিচাপে মনোনীত হোৱাৰ পিছত কংগ্ৰেছত যোগদান কৰা জয়ন্ত বৰাৰ তেওঁৰ পূৰ্বৰ দল বিজেপিৰ সৈতে পোনপটীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে । গেৰুৱা দলটোৱে সমষ্টিটোৰ পৰা দিগন্ত ঘাটোৱালক মনোনীত কৰিছে । বৰা আৰু ঘাটোৱালৰ উপৰিও চি পি আই(এম এল) লিবাৰেচনৰ লখিকান্ত কুৰ্মী ঐক্যবদ্ধ বিৰোধী প্ৰাৰ্থী হিচাপে আৰু আপৰ অনন্ত গগৈ বিহালীত নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।
আনহাতে বঙাইগাঁৱত দিপ্তীময়ী চৌধুৰীক বিজেপি দলৰ সহযোগী অসম গণ পৰিষদে প্ৰক্ষেপ কৰিছে । উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে প্ৰথমবাৰৰ বাবে সংসদৰ ভিতৰত ভৰি দিয়াৰ পূৰ্বে ১৯৮৫ চনৰ পৰা একেৰাহে ৮টা কাৰ্যকাল বঙাইগাঁৱক প্ৰতিনিধিত্ব কৰা অগপৰ সাংসদ ফণী ভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰী । ইফালে এই সমষ্টিত কংগ্ৰেছে ব্ৰজেনজিৎ সিংহক প্ৰক্ষেপ কৰিছে ।
বৰাক উপত্যকাৰ ধলাইত কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুবাজ্যোতি পুৰকায়স্থৰ পৰা বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে । বিটিআৰৰ ছিদলীত ভোটযুদ্ধ আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে আৰু কংগ্ৰেছে ২০ বছৰতকৈও অধিক সময়ৰ পাছত এজন প্ৰাৰ্থী থিয় কৰাইছে ।
ছিদলীত কংগ্ৰেছৰ সঞ্জীৱ ৱাৰী, ইউ পি পি এলৰ নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু বি পি এফৰ সুদ্ধো কুমাৰ বসুমতাৰীৰ মাজত তিনিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে ।
উল্লেখ্য যে, এই নিৰ্বাচনৰ পাঁচখন আসনৰ ভিতৰত মাত্ৰ এখন আসন কংগ্ৰেছৰ দখলত আছিল, বাকী চাৰিখন আসন বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে প্ৰতিনিধিত্ব কৰি আছিল ।
বৰ্তমান ১২৬ জনীয়া অসম বিধানসভাত শাসকীয় বিজেপিৰ শক্তি ৬১, আনহাতে মিত্ৰ দল অগপত ৮ জন আৰু ইউ পি পি এলৰ ৬ জন বিধায়ক আছে । বিৰোধী শিবিৰত কংগ্ৰেছৰ শক্তি ২৬, এ আই ইউ ডি এফৰ ১৫ জন, বি পি এফৰ ৩ জন আৰু চি পি আই (এম)ৰ এজন বিধায়ক আছে ।