আজি ঘোষণা হ’ব ৰাজ্যৰ ৫ সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল। ৫ সমষ্টিত নিৰ্ণয় হ’ব ৩৪ জন প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য।৮ বজাৰ লগে লগেই আৰম্ভ হয় ভোটগণনা । প্ৰথমে পোষ্টেল বেলটেৰে আৰম্ভ হয় ভোটগণনা।
১৩ নৱেম্বৰত হৈছিল ৫ সমষ্টিৰ উপ নিৰ্বাচন। এইবাৰ এই নিৰ্বাচনত মূল যুঁজ দেখিবলৈ পোৱা যাব বিজেপি আৰু কংগ্ৰেছৰ মাজত। বিশেষকৈ চামগুৰি আৰু বিহালী সমষ্টিয়ে এইবাৰ নিৰ্বাচনত জনতাৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিব।
এইবাৰ নিৰ্বাচনত চামগুৰিত সৰ্বাধিক ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। সমষ্টিটোত বিজেপিয়ে দিপ্লুৰঞ্জন শৰ্মাক প্ৰাৰ্থীত্ব দিয়া বিপৰীতে কংগ্ৰেছে সাংসদ ৰকিবুলৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থিত্ব দিছে ।
একেদৰে বঙাইগাঁও সমষ্টিও সমানে সমানে চৰ্চিত হৈছে। সমষ্টিটোত অগপ সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা।