আনাৰস, যাক মাটিকঠাল বুলিও কোৱা হয়, বহুলোকৰ বাবে ই এক প্ৰিয় ফল । এই ফল বিধ ইয়াৰ উৎকৃষ্ট সোৱাদ আৰু পুষ্টিৰ বাবে জনাজাত । এই ফলটোৱে কেৱল সতেজতা প্ৰদান কৰাই নহয়, ইয়াক ভিটামিন চি আৰু খনিজ পদাৰ্থৰ এক সমৃদ্ধ উৎস বুলিও গণ্য কৰা হয় । বিশেষজ্ঞৰ মতে যদিও আনাৰস খোৱাৰ কেইবাটাও উপকাৰীতা থাকিব পাৰে, কিন্তু কিছুমান লোকে ইয়াক পৰিহাৰ কৰা উচিত কিয়নো ই তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে ।
এইসমূহ ৰোগত আনাৰস খাব নালাগে-
চিলিয়াক ৰোগ-
চিলিয়াক ৰোগ থকা লোকসকলৰ বাবে আনাৰস উপকাৰী নহ’ব পাৰে, কিয়নো ই গ্লুটেন প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰে । আনাৰসত প্ৰাকৃতিকভাৱে ব্ৰোমেলিন এনজাইম থাকে, যি এই ৰোগীসকলৰ অৱস্থাৰ অধিক অৱনতি ঘটাব পাৰে । যদি চিলিয়াক ৰোগীয়ে আনাৰস সেৱন কৰে, তেওঁলোকে পেটফুলা, বিষ আৰু বিভিন্ন অসুবিধা অনুভৱ কৰিব পাৰে ।
এচিডিটি-
গেষ্ট্ৰাইটিছ বা এচিডিটিত ভুগি থকা লোকসকলৰ বাবেও আনাৰস ক্ষতিকাৰক হ’ব পাৰে । ইয়াক সেৱন কৰিলে তেওঁলোকৰ অসুবিধা বৃদ্ধি হ’ব পাৰে । বিশেষকৈ ৰাতি এই ফল খোৱা পৰিহাৰ কৰিব লাগে ।
বৃক্কৰ ৰোগ-
ভিটামিন চি গ্ৰহণৰ সৰ্বোচ্চ সীমা দৈনিক প্ৰায় ২০০ মিলিগ্ৰাম । অত্যধিক পৰিমাণৰ ভিটামিন চি সেৱন কৰিলে বৃক্কৰ সমস্যা থকা লোকৰ ক্ষতি হ’ব পাৰে । সেয়েহে, যদি আপুনি আপোনাৰ বৃক্কক ক্ষতিৰ পৰা সুৰক্ষিত কৰিব বিচাৰে, ইয়াৰ গ্ৰহণ সীমিত কৰক ।
ডায়েবেটিছ-
আনাৰসত প্ৰাকৃতিক শৰ্কৰা আৰু কেলৰি থাকে, যাৰ ফলত ডায়েবেটিক ৰোগীয়ে গ্ৰহণ কৰিলে ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হ’ব পাৰে । যাৰ ফলত হঠাতে স্বাস্থ্যৰ জটিলতা আহিব পাৰে । ডায়েবেটিক ৰোগীসকলে আনাৰসৰ সলনি তেওঁলোকৰ আহাৰত আন ফল অন্তৰ্ভুক্ত কৰিব লাগে ।