দিল্লীত পুনৰ মণিপুৰৰ যুৱতীক নিৰ্যাতন, আৰক্ষীৰ জালত ৪ নাবালক অভিযুক্ত
উত্তৰ-পূবৰ এগৰাকী যুৱতীক আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত চাৰিজন নাবালক অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে
দিল্লীৰ মালবিয়া নগৰ অঞ্চলত উত্তৰ-পূবৰ এগৰাকী যুৱতীক আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত চাৰিজন নাবালক অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে । দেওবাৰে সন্ধিয়া এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । ডিচিপি আনন্দ মিট্টলে উল্লেখ কৰে যে মণিপুৰৰ বাসিন্দা যুৱতীগৰাকীয়ে বন্ধুৰ সৈতে সাকেট ক’ৰ্টৰ ওচৰৰ এখন পাৰ্কত খোজ কাঢ়ি গৈ থকা অৱস্থাত অভিযুক্তই আপত্তিজনক মন্তব্য কৰিবলৈ আৰম্ভ কৰে ।
ভুক্তভোগী যুৱতীয়ে প্ৰতিবাদ কৰাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰে । অভিযোগ অনুসৰি অভিযুক্তই যুৱতীগৰাকীক আক্ৰমণ কৰি পলায়ন কৰে । ঘটনাৰ পিছতে আহত যুৱতীগৰাকীক আৰক্ষীৰ সহযোগত ছফদৰজং হাস্পতাললৈ লৈ যোৱা হয় আৰু আৰু পৰৱৰ্তী সময়ত তেওঁক ৰিলিজ কৰা হয় । এজাহাৰৰ পিছতে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।
ইয়াৰ পিছতে চাৰিজন নাবালক অভিযুক্তক জিম্মাত লোৱা হয় । অৱশ্যে এই ঘটনাক লৈ এতিয়া ৰাজনৈতিক বাক্যবাণ আৰম্ভ হৈছে । দিল্লী আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি সৌৰভ ভৰদ্বাজে । তেওঁ অযোগ্য আখ্যা দি দিল্লী আৰক্ষী আয়ুক্তক লক্ষ্য কৰি লয় ।
লগতে পঢ়ক : দিল্লীৰ সুৰা কেলেংকাৰী: কেজৰিৱাল-চিছ’দিয়াকে ধৰি ২৩জন অভিযুক্তলৈ জাননী
