বাংলাদেশত সংখ্যালঘুৰ ওপৰত চলি থকা অত্যাচাৰ আৰু হিংসা অব্যাহত থকাৰ মাজতে ভাৰতত সৃষ্টি হৈছে প্ৰতিবাদ । ইয়াৰ মাজতে ভাৰতীয় উচ্চায়ুক্তক তলব কৰা হৈছে ।
ভাৰতত থকা বাংলাদেশ দূতাবাসৰ নিৰাপত্তাক লৈ উদ্বেগ প্ৰকাশৰ মাজতে মঙলবাৰে বাংলাদেশৰ ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় বাৰ্মাক বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়লৈ তলব কৰা হয় । জানিব পৰা মতে নতুন দিল্লী, কলকাতাকে ধৰি ভাৰতৰ কেইবাটাও স্থানত অৱস্থিত বাংলাদেশী মিছনৰ আশে-পাশে সৃষ্টি হোৱা নিৰাপত্তাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাৰ্মাক তলব কৰা হৈছে ।
জানিব পৰা মতে বাংলাদেশৰ বৈদেশিক সচিব আছাদ আলম ছিয়েমে মঙলবাৰে ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় বাৰ্মাক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ মাতি আনে । ভাৰতৰ বিভিন্ন প্ৰান্ত, বিশেষকৈ নতুন দিল্লী আৰু কলকাতাত বাংলাদেশৰ মিছনসমূহৰ নিৰাপত্তা সন্দৰ্ভত আলোচনাৰ বাবে আহ্বান কৰা হয় এই বৈঠক । বাংলাদেশ চৰকাৰে ভাৰতক নিজৰ মিছন আৰু কূটনীতিবিদসকলৰ নিৰাপত্তা সুদৃঢ় কৰিবলৈ অনুৰোধ জনায় ।
দহদিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চমন-
বিগত দহ দিনত দ্বিতীয়বাৰৰ বাবে প্ৰণয় বাৰ্মাক চমন কৰা হৈছে । ইয়াৰ পূৰ্বে ১৪ ডিচেম্বৰত ইনকিইলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ ওছমান হাদীৰ ওপৰত আক্ৰমণৰ দোষীক গ্ৰেপ্তাৰ কৰাত সহায় কৰিবলৈ তেওঁক তলব কৰা হৈছিল । মন কৰিবলগীয়া যে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ কাৰ্যকালত ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীক এই পৰ্যন্ত ছবাৰকৈ তলব কৰা হৈছে ।
অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ-
ইফালে বাংলাদেশী সংখ্যালঘুৰ ওপৰত আক্ৰমণৰ প্ৰতিবাদত শ শ লোকে কলকাতাত সমদল বাহিৰ কৰে । শ শ প্ৰতিবাদকাৰীয়ে পদযাত্ৰা বাহিৰ কৰে । গেৰুৱা পতাকা লৈ ছিলদাৰ পৰা বাংলাদেশ উপ উচ্চায়ুক্ত অভিমুখে যাত্ৰা কৰি থকা অৱস্থাত বেকবাগান অঞ্চলত আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে ।
আৰক্ষীৰ লাঠী চাৰ্জ-
প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বেৰিকেড ভাঙি উপ-উচ্চ আয়োগৰ ওচৰ চাপিবলৈ চেষ্টা কৰাত পৰিস্থিতি উত্তেজিত হৈ পৰে । ৰাইজক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে মৃদু লাঠী চাৰ্জৰ আশ্ৰয় লয় । বাংলাদেশৰ হিন্দুসকলৰ সুৰক্ষাৰ দাবীত আৰু শেহতীয়াকৈ এজন হিন্দু যুৱকক হত্যা কৰাৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰীসকলে শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
লগতে পঢ়ক : বাংলাদেশত সংখ্যালঘুৰ ওপৰত সংঘটিত আক্রমণক লৈ উদ্বেগ প্রকাশ ভাৰতৰ









