কংগ্ৰেছ দলৰ নিকৃষ্ট কাণ্ডৰ বিৰোধিতাৰে শনিবাৰে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ যুৱ মৰ্চাই ।
যুৱ কংগ্ৰেছে দিল্লীত অনুষ্ঠিত হোৱা এ আই সন্মিলনত কৰা নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল বিজেপি । কংগ্ৰেছ দলৰ এই নিকৃষ্ট কাণ্ডৰ বিৰোধিতাৰে শনিবাৰে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ যুৱ মৰ্চাই । দিল্লীত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত বিজেপি যুৱ মৰ্চাৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰি কংগ্ৰেছৰ এই কাৰ্যৰ বিৰোধিতা কৰে ।
শুকুৰবাৰে এ আই ইমপেক্ট ছামিটত প্ৰতিবাদ সাব্যস্ত কৰি এক অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰিছিল যুৱ কংগ্ৰেছ কৰ্মীয়ে । কংগ্ৰেছৰ এই কাণ্ডই সমগ্ৰ দেশবাসীক লজ্জানত কৰি তুলিছিল । এই গোচৰত আৰক্ষীয়ে ইতিমধ্যে চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰৰ পিছতে তেওঁলোকক পাটিয়ালা হাউছ কোৰ্টলৈ অনা হয় । দিল্লী আৰক্ষীয়ে আটাইকেইজন অভিযুক্তক পাঁচ দিনৰ জিম্মাত ৰখাৰ দাবী জনাই । আনহাতে অভিযুক্তকেইজনৰ অধিবক্তাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰি জামিন আবেদন দাখিল কৰে । এই গোচৰত অভিযুক্তক পাঁচ দিনৰ আৰক্ষীৰ জিম্মা দিছে আদালতে । গ্ৰেপ্তাৰ হোৱা লোকসকল হৈছে কৃষ্ণ হৰি, কুন্দন যাদৱ, অজয় কুমাৰ আৰু নৰসিংহ যাদৱ ।
দিল্লী আৰক্ষীয়ে অভিযুক্তক পাঁচ দিনৰ জিম্মাৰ বাবে অনুৰোধ জনাইছিল । আন্তঃৰাষ্ট্ৰীয় নেতা আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ৰাষ্ট্ৰীয় বিৰোধী শ্লোগান দিয়া বুলি আৰক্ষীয়ে উল্লেখ কৰে । পলায়ন কৰা আন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোকৰ জিম্মা প্ৰয়োজনীয় আছিল ।
উল্লেখ্য যে, শুকুৰবাৰে ভাৰত মণ্ডপমত অনুষ্ঠিত হৈ থকা ইণ্ডিয়া এ আই ইমপেক্ট ছামিটত প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছ কৰ্মীয়ে । যি সময়ত এই হুলস্থুলীয়া পৰিৱ্শৰ সৃষ্টি হৈছিল, সেই সময়ত ভাৰত মণ্ডপমত বিদেশী প্ৰতিনিধিৰ দল এটাও উপস্থিত আছিল । যুৱ কংগ্ৰেছ কৰ্মীসকলে অৰ্ধ উলংগ হৈ এই প্ৰতিবাদ সাব্যস্ত কৰে । লগে লগে আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীক আঁতৰাই আনে । ঘটনাৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি চাৰিজন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰে । ঘটনাৰে জড়িত বাকীকেইজনক চিনাক্ত কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।
ইফালে গুৱাহাটীতো শনিবাৰে কংগ্ৰেছ দলৰ এই নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিজপিৰ যুৱ মৰ্চাই । গুৱাহাটীৰ ৰাজীৱ ভৱন ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি কৰ্মীসকলে ।
লগতে পঢ়ক : কংগ্ৰেছে কৰা ‘পাপ’ৰ পৰা অসমক মুক্ত কৰিব বিজেপিয়ে: কচুতলীৰ পৰা অমিত শ্বাহৰ হুংকাৰ









