ৰাজধানী দিল্লীৰ কেইবাখনো বিদ্যালয়ে বোমাৰ ভাবুকি লাভ কৰাৰ পিছতে চৌদিশে আতংকময় পৰিৱেশৰ সূচনা হয় ।
শুকুৰবাৰে পুৱা ৰাজধানী দিল্লীৰ কেইবাখনো বিদ্যালয়ত বোমাতংকৰ সৃষ্টি হয় । ৰাজধানী দিল্লীৰ কেইবাখনো বিদ্যালয়ে বোমাৰ ভাবুকি লাভ কৰাৰ পিছতে চৌদিশে আতংকময় পৰিৱেশৰ সূচনা হয় । ফোনযোগে এই ভাবুকি লাভ কৰাৰ লগে লগে আৰক্ষীক খবৰ দিয়া হয় আৰু নিৰাপত্তা সংস্থাসমূহে লগে লগে তদন্তত নামি পৰে । বিভিন্ন বিদ্যালয়ত বোমা স্কোৱাড আৰু আৰক্ষী জোৱান উপস্থিত হৈছে আৰু তীব্ৰ তালাচী অব্যাহত আছে ।
খবৰ অনুসৰি বোমাৰ ভাবুকি প্ৰথমে ঝাণ্ডেৱালানৰ বি ডি তামিল শিক্ষা বিদ্যালয়ে লাভ কৰিছিল । পৰৱৰ্তী সময়ত আন বিদ্যালয়ৰ পৰাও একেধৰণৰ ভাবুকিৰ খবৰ আহে । লগে লগে আৰক্ষীয়ে সকলো স্পৰ্শকাতৰ বিদ্যালয়ক সতৰ্ক কৰি দি নিৰাপত্তা কটকটীয়া কৰে ।
সম্প্ৰতি দিল্লী আৰক্ষীৰ দল আৰু বোমা স্কোৱাডে বিদ্যালয়ৰ ভিতৰ আৰু আশে-পাশে থকা অঞ্চলত সন্দেহজনক বস্তুৰ সন্ধানত তালাচী চলাই আছে । শিশু আৰু কৰ্মচাৰীৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি সতৰ্কতামূলক ব্যৱস্থা হিচাপে কেইবাখনো বিদ্যালয় খালী কৰা হৈছে । ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক শান্ত হৈ থাকিবলৈ আৰু সুৰক্ষাৰ নিৰ্দেশনা মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে ।
আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে তদন্ত কৰি ভাবুকি দিয়া ফোনৰ উৎস বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে । এয়া কোনো সংগঠিত গেঙৰ কাম নে কোনো বিশেষ ব্যক্তিৰ দ্বাৰা প্ৰচাৰিত উৰাবাতৰি সেই কথা জানিবলৈ চেষ্টা কৰা হৈছে ।
লগতে পঢ়ক : পাইলটে ইচ্ছাকৃতভাৱে কৰিছিল দুৰ্ঘটনা! আহমেদাবাদৰ বিমান দুৰ্ঘটনা লৈ কৰা দাবীৰ প্ৰত্যুত্তৰ চৰকাৰৰ









