ৰাম চৰণৰ ছবি ওপৰত দিল্লী বিস্ফোৰণৰ প্ৰভাৱ; পিছুৱাই দিয়া হ’ল শ্বুটিং

ৰাম চৰণৰ ছবি ওপৰত দিল্লী বিস্ফোৰণৰ প্ৰভাৱ

১০ নৱেম্বৰত ৰাজধানী দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ সমীপত সংঘটিত হোৱা সন্ত্ৰাসবাদী বোমা বিস্ফোৰণত মুঠ ১৩ জন লোক নিহত হৈছিল। এই বিস্ফোৰণৰ প্ৰভাৱ দক্ষিণৰ ছবিৰ ওপৰটো পৰিছে।

যিটো স্থানত এই বিস্ফোৰণটো হৈছিল, তাৰে কিছু দূৰত দক্ষিণৰ ছুপাৰষ্টাৰ ৰাম চৰণৰ আগন্তুক ছবি পেড্ডীৰ শ্বুটিং হ’ব লগা আছিল।

সেই শ্বুটিঙৰ বাবে পৰিচালকে পূৰ্বতেই অনুমতি লৈছিল,অৱশ্যে এতিয়া এই বিস্ফোৰণৰ পিছত পৰিচালকে এটা ডাঙৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য যে, ৰাম চৰণৰ ছবি পেড্ডীৰ কিছু শ্বুটিং এতিয়াও বাকি আছে। যিটো লালকিল্লাৰ আশে-পাশে হ’ব লগা আছিল।

কিন্তু এতিয়া ছবিখনৰ এই শ্বুটিঙৰ সূচী সলনি কৰিছে।১৬ আৰু ১৭ নৱেম্বৰত লালকিল্লাৰ আশে-পাশে ছবিখনৰ শ্বুটিং হোৱাৰ কথা আছিল। কিন্তু এতিয়া বুকিং বাতিলৰ বাবে শ্বুটিং সম্ভৱ নহ’ব।

অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্নাইও নিজৰ আগন্তুক ছবিখনৰ শ্বুটিং লালকিল্লাৰ আশে-পাশে কৰিবলৈ ওলাইছিল যদিও শ্বুটিং বাতিলৰ তথ্য এতিয়াও জানিব পৰা হোৱা নাই।   

লগতে পঢ়ক: ধৰ্মেন্দ্ৰৰ ঘৰৰ বাহিৰত পাপাৰাজ্জীৰ ভিৰ; ছানী দেওলৰ ধমক

“দিল্লীত বায়ু প্ৰদূষণৰ পৰা ৰক্ষা পাবলৈ মাস্ক যথেষ্ট নহয়”; উচ্চতম ন্যায়ালয়ৰ উদ্বেগ প্ৰকাশ

উচ্চতম ন্যায়ালয়ৰ উদ্বেগ প্ৰকাশ

দিল্লীত উচ্চ মাত্ৰাৰ বায়ু প্ৰদূষণক লৈ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে গুৰুতৰ উদ্বেগ প্ৰকাশ কৰে।ন্যায়ালয়ে কৈছে যে, এতিয়া দিল্লীত বায়ু প্ৰদূষণৰ পৰা ৰক্ষা পাবলৈ মাস্কেই যথেষ্ট নহয়।

ন্যায়াধীশ পি এছ নৰসিংহই এই কথা সেই সময়ত কৈছিল, যি সময়ত গোচৰৰ শুনানিৰ সময়ত জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আদালতত উপস্থিত হৈছিল।

এই সন্দৰ্ভত ন্যায়াধীশ নৰসিংহই কয় যে আপোনালোক সকলোৱে ইয়ালৈ কিয় আহিছে? আমাৰ ভাৰ্চুৱেল ৰায়দানৰ সুবিধা আছে…অনুগ্ৰহ কৰি ইয়াৰ সুবিধা লওক।

এই বিষয়ত ছিবালে ক’লে যে আমি মাস্ক ব্যৱহাৰ কৰিছো।ইয়াৰ পিছত ন্যায়াধীশ নৰসিংহই কয় দিল্লীৰ বায়ু প্ৰদূষণত এতিয়া মাস্ক যথেষ্ট নহয়।

লগতে পঢ়ক: ৬ ডিচেম্বৰৰ বাবে কৰিছিল সকলো প্ৰস্তুতি; ফাদিল হৈছে ডাঃ উমৰ নবীৰ ভয়ংকৰ ষড়যন্ত্ৰ!

দিল্লী, মুম্বাই, চেন্নাই, ত্ৰিবেন্দ্ৰম, হায়দৰাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি…

৫ টা কৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

দিল্লী বোমা বিস্ফোৰণৰ তদন্ত চলিয়েই আছে, তাৰ মাজতে বুধবাৰে বিয়লি ৩.৩০ বজাত ইণ্ডিগো এয়াৰলাইন্সে পাঁচটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক বোমাৰে উৰুৱাই দিয়া ইমেইল লাভ কৰে।

ইণ্ডিগোলৈ প্ৰেৰণ কৰা মেইলত দিয়া ভাবুকিৰ সৈতে পাঁচটা বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকিৰ সম্পৰ্ক আছিল।

এই বিমানবন্দৰসমূহ হ’ল দিল্লী, মুম্বাই, চেন্নাই, ত্ৰিবেন্দ্ৰম আৰু হায়দৰাবাদ।এই ভাবুকিৰ ফলত হাহাকাৰ সৃষ্টি হৈছে আৰু তদন্ত আৰম্ভ হৈছে যদিও ইমেইলটোৰ উৎস আৰু পৰিচয় এতিয়াও স্পষ্ট হোৱা নাই।

মুম্বাইৰ পৰা বাৰাণসী অভিমুখী এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমান উৰণৰ মাজভাগতে বোমাৰ ভাবুকি পোৱাৰ পিছতে আতংকৰ সৃষ্টি হয় আৰু এই ঘটনাৰ পিছত লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হাই এলাৰ্ট ঘোষণা কৰা হৈছে।

বিমানখনে জৰুৰীকালীন অৱতৰণ কৰি লগে লগে আইছ’লেশ্যন পথলৈ লৈ যোৱা হয়। সকলো যাত্ৰীক নিৰাপদে উলিয়াই অনা হয়, বোমা নিষ্কাশন দলে বিমানখন ভালদৰে পৰীক্ষা কৰে, কিন্তু এতিয়ালৈকে কোনো সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই।

লগতে পঢ়ক: দিল্লী বিস্ফোৰণত জড়িত কাকো ৰেহাই দিয়া নহ’ব…উচ্চস্তৰীয় বৈঠকৰ অন্তত অমিত শ্বাহ

দিল্লী বিস্ফোৰণৰ পিছতে মুম্বাই-উত্তৰ প্ৰদেশত হাই এলাৰ্ট; স্পৰ্শকাতৰ অঞ্চলত নিশ্চিদ্ৰ তালাচী

দিল্লী বিস্ফোৰণৰ পিছতে হাই এলাৰ্ট

দিল্লী বিস্ফোৰণে সমগ্ৰ দেশৰ চোৰাংচোৱা সংস্থাসমূহৰ নিদ্ৰা হৰণ কৰিছে । সোমবাৰে সন্ধিয়া লালকিল্লাৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ । এই বিস্ফোৰণত ১০ জনকৈ লোক নিহত হোৱাৰ লগতে ২৪ জনতকৈ অধিক লোক আহত হৈছে । প্ৰত্যক্ষদৰ্শীৰ মতে এই বিস্ফোৰণ অতি শক্তিশালী আছিল । বিস্ফোৰণৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী । ঘটনাস্থলীত তদন্তকাৰী সংস্থাও উপস্থিত হয় ।

দিল্লী বিস্ফোৰণৰ পিছতে মুম্বাই আৰক্ষীক হাই এলাৰ্টত ৰখা হৈছে । মহানগৰীৰ স্পৰ্শকাতৰ অঞ্চলত বৃদ্ধি কৰা হৈছে টহল আৰু অৱৰোধ । ৰেল ষ্টেচন, মল, ধৰ্মীয় স্থান, ৰাজহুৱা স্থানত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে । যিকোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ৰোধৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইফালে উত্তৰ প্ৰদেশত হাই এলাৰ্ট জাৰি কৰা হৈছে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ।

উত্তৰ প্ৰদেশৰ প্ৰধান স্থান, ধৰ্মীয় স্থান, বজাৰ আৰু জনবহুল অঞ্চলত কঠোৰ নিৰীক্ষণত ৰখা হৈছে । ছ’চিয়েল মিডিয়াত উৰাবাতৰি সক্রিয়ভাৱে নিৰীক্ষণ কৰা হৈছে ৷ মুখ্যমন্ত্রীয়ে আৰক্ষীক ড্ৰোন আৰু পৰ্যবেক্ষণৰ দৰে প্রযুক্তি নিৰীক্ষণ কৰিবলৈ নির্দেশ দিয়ে ৷ উত্তৰ প্ৰদেশ আৰু দিল্লীৰ সীমান্তত জাৰি কৰা হৈছে নিশ্চিদ্ৰ তালাচী । নয়ডা আৰু গাজিয়াবাদ আৰক্ষীক সজাগ হৈ থাকিবলৈ কোৱা হৈছে ।

নয়ডাৰ ভিৰ হোৱা অঞ্চলসমূহত আৰক্ষীয়ে তালাচী আৰম্ভ কৰিছে । মহানগৰীৰ অন্যতম আড়ম্বৰপূৰ্ণ অঞ্চল ১৮ নং ছেক্টৰত তালাচী চলি আছে । সন্দেহজনক বাহন আৰু লোকক ৰখাই সোধা-পোছা কৰা হৈছে । মেট্ৰ’ ষ্টেচন আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বৃদ্ধি কৰা হৈছে আৰক্ষীৰ টহল । চিচিটিভিৰ জৰিয়তে নিৰীক্ষণ চলি আছে । দিল্লীৰ গাতে লাগি থকা গুৰুগ্ৰামতো হাই এলাৰ্ট জাৰি কৰা হৈছে ।

দিল্লী বিস্ফোৰণৰ পিছত এই অঞ্চলসমূহত হাই এলাৰ্টঃ

-কলকাতাত উচ্চ সতৰ্কতা জাৰি । আৰক্ষীয়ে সকলো ইউনিটক সতৰ্ক কৰি দিছে । সমগ্ৰ মহানগৰীতে আৰম্ভ হৈছে তালাচী ।

-উত্তৰাখণ্ড আৰক্ষীয়ে জাৰি কৰিছে হাই এলাৰ্ট । ডেৰাডুনৰ মল, ব্যস্ত বজাৰ, বাছ টাৰ্মিনেল, ৰেল ষ্টেচন আদিত নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।

-উত্তৰ প্ৰদেশ আৰু নেপাল সীমান্ততো নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।

-হাৰিয়ানাতো জাৰি কৰা হৈছে হাই এলাৰ্ট । ফৰিদাবাদত উদ্ধাৰ হোৱা এমোনিয়াম নাইট্ৰেটৰ দিল্লী বিস্ফোৰণৰ সৈতে সম্পৰ্ক নিশ্চিত হোৱা নাই ।

উচ্চ তীব্ৰতাৰ বিস্ফোৰণ, মৃত্যুৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা-

উল্লেখ্য যে, দিল্লী বিস্ফোৰণৰ তীব্ৰ প্ৰাবল্যৰ আছিল । শেহতীয়া খবৰ অনুসৰি এই ঘটনাত ১০ জন লোক নিহত আৰু ২৪ জনতকৈ অধিক লোক আহত হৈছে । আনহাতে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, কিয়নো বিস্ফোৰণ উচ্চ তীব্ৰতাৰ আছিল ।

লগতে পঢ়ক : ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল ৰাজধানী দিল্লী; লালকিল্লাৰ সমীপত হাহাকাৰ পৰিস্থিতি

JNU ত অধ্যক্ষ পদসহ চাৰিওটা পদতে বাওঁপন্থীৰ জয়লাভ…

JNU ত অধ্যক্ষ পদসহ চাৰিওটা পদতে বাওঁপন্থীৰ জয়লাভ…

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU) ৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত বাওঁপন্থী দলটোৱে পুনৰবাৰ জয়লাভ কৰিছে।চাৰিওটা পদতে বাওঁপন্থী প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।বাওঁপন্থী অদিতি মিশ্ৰই অধ্যক্ষৰ পদত জয়লাভ কৰিছে।

অধ্যক্ষ পদৰ বাবে এবিভিপিৰ বিকাশ পেটেলক পৰাস্ত কৰিলে বাওঁপন্থী প্ৰাৰ্থী অদিতি মিশ্ৰই।ইফালে উপাধ্যক্ষ পদৰ বাবে বাওঁপন্থী কে গোপিকাই এবিভিপিৰ তনয়া কুমাৰীক পৰাস্ত কৰে।

বাওঁপন্থী সুনীল যাদৱে সাধাৰণ সম্পাদকৰ পদৰ বাবে এবিভিপিৰ ৰাজেশ্বৰ কান্ত ডুবেক পৰাস্ত কৰাৰ লগতে বাওঁপন্থী দনিশ আলীয়ে যুটীয়া সম্পাদক পদৰ বাবে অনুজ ডামাৰাক পৰাস্ত কৰিছে।

যোৱা বছৰ এবিভিপিয়ে জেএনইউ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পেনেলত যুটীয়া সম্পাদকৰ পদত জয়লাভ কৰি এক দশকৰ অন্তত ডাঙৰ প্ৰত্যাৱৰ্তন কৰিছিল।

২০১৫ চনত এবিভিপিয়ে শেষবাৰৰ বাবে এই পদত জয়লাভ কৰিছিল,ইয়াৰ পিছত বহু বছৰ ধৰি বাওঁপন্থী সংগঠনসমূহে সকলো গুৰুত্বপূৰ্ণ পদবীৰ ওপৰত অহৰহ নিয়ন্ত্ৰণ বজাই ৰাখিছিল আৰু প্ৰতিবাৰেই ক্লিন ছুইপ লাভ কৰিছিল।

লগতে পঢ়ক: সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে সংগ্ৰাম কৰি আছে নেকি ? শীঘ্ৰেই চাওক সত্যজিৎ ছাৰৰ বাতৰি কাকতৰ বিশ্লেষণ

বিশ্বৰ প্ৰদূষিত চহৰৰ তালিকাৰ শীৰ্ষ দহত ৰাজধানী দিল্লী; চৌদিশে কেৱল বিষাক্ত ধোঁৱা

প্ৰদূষিত চহৰৰ তালিকাত শীৰ্ষ দহত ৰাজধানী দিল্লী

দীপাৱলীৰ পিছতে আকৌ এবাৰ ধোঁৱা আৰু ধূলিৰৰে আবৃত হৈ পৰিছে ৰাজধানী দিল্লী । চুইজাৰলেণ্ডৰ বায়ু গুণগত মানৰ প্ৰতিষ্ঠান IQAirৰ শেহতীয়া প্ৰতিবেদন অনুসৰি দিল্লী বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰত পৰিণত হৈছে । এই তালিকাত ভাৰতৰ মুম্বাই (৫ম) আৰু কলকাতা (৮ম)কোঅন্তৰ্ভুক্ত কৰা হৈছে । পাকিস্তানৰ লাহোৰ আৰু কৰাচী, কুৱেইট, তাছকেণ্ড আৰু ডোহা, অষ্ট্ৰেলিয়াৰ কেনবেৰা, ইণ্ডোনেছিয়াৰ জাকাৰ্টাও শীৰ্ষ দহটা স্থানত আছে ।

খবৰ অনুসৰি দীপাৱলীৰ পিছত ৰাজধানী দিল্লীৰ বায়ুৰ গুণাগুণৰ তীব্র অৱনতি ঘটিছে । ফটকা, বাহনৰ নিৰ্গমন, নিৰ্মাণ কাৰ্যৰ ধোঁৱাই বতাহত বিষাক্ত কণা নিৰ্গত কৰিছে । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড (চিপিচিবি)ৰ তথ্য অনুসৰি মঙলবাৰে পুৱা দিল্লীৰ AQI ৩৫০ত ৰেকৰ্ড কৰা হৈছে, যিটো “অতি বেয়া” শ্ৰেণীত পৰে । কিছুমান অঞ্চলত, যেনে বাৱানা, জাহাংগীৰপুৰী, ৱাজিৰপুৰ, আলিপুৰ আৰু বুৰাৰী ক্ৰছিঙত AQI য়ে ৪০১ অতিক্ৰম কৰিছে, যিটো “গুৰুতৰ” শ্ৰেণীত পৰে ।

গ্ৰীণ ক্ৰেকাৰ্ছৰ অনুমতি দিছিল উচ্চতম ন্যায়ালয়ে-

দেৱালীৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে দিল্লী-এনচিআৰত কেৱল সেউজীয়া ক্ৰেকাৰ জ্বলোৱাৰ অনুমতি দিছিল আৰু সময়সূচী নিৰ্ধাৰণ কৰিছিল : ১৮ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ, সন্ধিয়া ৬ৰ পৰা ৭ বজাৰ ভিতৰত আৰু ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰত । কিন্তু বহু অঞ্চলত গভীৰ নিশালৈকে একাংশই ফটকা ফুটাই দিল্লীৰ বতাহ আৰু অধিক প্ৰদূষিত কৰি তোলে ।

ইফালে পৰিৱেশ বিশেষজ্ঞসকলে সকীয়াই দিছে যে যদিহে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে এই শীতকালত প্ৰদূষণ আৰু অধিক ভয়াৱহ হ’ব পাৰে ।

লগতে পঢ়ক : দীপাৱলীৰ পূৰ্বেই বিষাক্ত দিল্লীৰ জলবায়ু; একিউআইয়ে অতিক্ৰম কৰিলে ৩০০

দীপাৱলীত বিষাক্ত হৈ পৰিল দিল্লীৰ আকাশ-বতাহ; উশাস লোৱাও হৈ পৰিছে কঠিন

দীপাৱলীত বিষাক্ত হৈ পৰিল দিল্লীৰ আকাশ-বতাহ

দীপাৱলীৰ পুৱাই ধোঁৱাময় হৈ পৰে ৰাজধানী চহৰ দিল্লী । ৰাষ্ট্ৰীয় ৰাজধানী চহৰখনৰ আকাশ-বতাহ বিষাক্ত হৈ পৰা পৰিলক্ষিত হৈছে । ডাঠ ধোঁৱা আৰু কুঁৱলীৰ আৱৰণে চহৰখনক আৱৰি ধৰিছে, যাৰ ফলত নেদেখা হৈ পৰিছে আকাশ । ধোঁৱাময় চহৰখনত একোকে নেদেখা পৰিৱেশৰ সূচনা হৈছে । বায়ুৰ গুণাগুণ সূচকাংক (AQI) ৩০০ অতিক্ৰম কৰিছে, যিটো অতি বেয়া তথা সংবেদনশীল শ্ৰেণীত পৰে ।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ SAMEER এপ অনুসৰি সোমবাৰে পুৱা ৯ বজাত দিল্লীৰ সামগ্ৰিক AQI ৩৩৯ ত ৰেকৰ্ড কৰা হয় । প্ৰায় ৩৮টা নিৰীক্ষণ কেন্দ্ৰৰ তথ্য অনুসৰি বেছিভাগ অঞ্চলৰ বায়ুৰ গুণাগুণ ৩০০ৰ ওপৰত । আনন্দ বিহাৰৰ AQI ৪১৪ আৰু ৱাজিৰপুৰৰ ৪১২, দুয়োটা ‘গুৰুতৰ’ শ্ৰেণীত পৰে । ইফালে, পুছা (৩৭১), অশোক বিহাৰ (৩৯৪) আৰু বাৱানা (৩৬৯)ৰ ‘অতি বেয়া’ মাত্ৰা লাভ কৰিছে ।

আনহাতে দিল্লীৰ কিছুমান অঞ্চল যেনে শ্ৰী অৰবিন্দ মাৰ্গ (১৬৫) আৰু ডিটিইউ (১৯৮)ৰ বায়ুৰ গুণাগুণ বাকী অঞ্চলতকৈ কিছু উন্নত আছিল যদিও ইয়াকো স্বাস্থ্যকৰ বুলি ক’ব পৰা নাযায় ।

দ্বিতীয় পৰ্যায়ৰ GRAP কাৰ্যকৰী-

বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগে দিল্লী-এনচিআৰত দ্বিতীয় পৰ্যায়ৰ গ্ৰেডেড ৰেচপন্স একচন প্লেন (GRAP) ৰূপায়ণ কৰিছে । প্ৰদূষণৰ মাত্ৰা বৃদ্ধি আৰু ভাৰত বতৰ বিজ্ঞান বিভাগ আৰু আই আই টি এমৰ পূৰ্বাভাসৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে, যিয়ে অনাগত দিনত পৰিস্থিতি অধিক বেয়া হোৱাৰ সতৰ্কবাণী দিছে ।

বতৰ বিভাগৰ আগজাননী-

আই এম ডিৰ তথ্য অনুসৰি সোমবাৰে পুৱা দিল্লীৰ সৰ্বনিম্ন তাপমাত্ৰা ২০.২ ডিগ্ৰী চেলছিয়াছ । দিনটোৰ শেষলৈ আকাশ পৰিষ্কাৰ হোৱাৰ সম্ভাৱনা আছে আৰু সৰ্বোচ্চ তাপমাত্ৰা প্ৰায় ৩৩ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে ।

সেউজ ফটকা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা-

যোৱা বুধবাৰে উচ্চতম ন্যায়ালয়ে কিছুমান চৰ্ত সাপেক্ষে দিল্লী-এনচিআৰত সেউজীয়া ফটকা বিক্ৰী আৰু ফুটোৱাত অনুমতি দিছিল । নিৰ্ধাৰিত সময় অনুসৰি দীপাৱলীৰ এদিন পূৰ্বে আৰু উৎসৱৰ দিনটোত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ তাৰ পিছত নিশা ৮ বজাৰ পৰা ১০ বজালৈ ফটকা ফুটাব পাৰিব ।

লগতে পঢ়ক : দীপাৱলীৰ পূৰ্বেই বিষাক্ত দিল্লীৰ জলবায়ু; একিউআইয়ে অতিক্ৰম কৰিলে ৩০০

দীপাৱলীৰ পূৰ্বেই বিষাক্ত দিল্লীৰ জলবায়ু; একিউআইয়ে অতিক্ৰম কৰিলে ৩০০

দীপাৱলীৰ পূৰ্বেই বিষাক্ত দিল্লীৰ জলবায়ু

দীপাৱলীৰ এদিন পূৰ্বেই দিল্লী-এনচিআৰৰ জলবায়ু বিষাক্ত হৈ পৰিছে। বিষাক্ত জলবায়ুত দিল্লীবাসীয়ে উশাহ লোৱাটো কঠিন হৈ পৰিছে।

দিল্লীৰ বায়ু অতি বেয়া শ্ৰেণীত উপনীত হৈছে।প্ৰদূষণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি GRAP ২ পৰ্যায় কাৰ্যকৰী কৰা হৈছে।

দীপাৱলীৰ মাত্ৰ এদিন পূৰ্বে দেওবাৰে দিল্লী-এনচিআৰৰ বায়ুৰ গুণাগুণে ‘অতি দুৰ্বল’ শিতানত উপনীত হয়।দিল্লীৰ বহু অঞ্চলত একিউআইয়ে ৩০০ অতিক্ৰম কৰিছে।

ইয়াৰ বাবে ষ্টেজ-২ৰ অধীনত GRAP (Graded Response Action Plan) ৰ সকলো নিয়ম তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে।

তথ্য অনুসৰি দিল্লীৰ AQI (Air Quality Index) ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।আজি সন্ধিয়া ৪ বজাত ২৯৬ আৰু সন্ধিয়া ৭ বজাত ৩০২ নম্বৰ লাভ কৰা একিউআইৰ ৰেকৰ্ড ‘অতি বেয়া’ শ্ৰেণীত পৰে।

বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগৰ নিৰ্দেশত কোৱা হৈছে, “দিল্লীৰ AQI ৰাতিপুৱাৰ পৰা বৃদ্ধি পাইছে আৰু সন্ধিয়া ৪ বজাত ২৯৬ আৰু সন্ধিয়া ৭ বজাত ৩০২ বজাত ৰেকৰ্ড কৰা হয়।আইএমডি/আইআইটিএমৰ পূৰ্বাভাসেও আগন্তুক দিনত একিউআইৰ অধিক অৱনতি ঘটাৰ ভৱিষ্যদ্বাণী কৰিছে।”

লগতে পঢ়ক: ২৬ লাখ চাকিৰে সজাই তোলা হ’ল অযোধ্যা; গঢ়িলে বিশ্ব অভিলেখ

দিল্লীৰ ব্ৰহ্মপুত্ৰ এপাৰ্টমেণ্টত ভয়ংকৰ অগ্নিকাণ্ড…

দিল্লীৰ ব্ৰহ্মপুত্ৰ এপাৰ্টমেণ্টত ভয়ংকৰ অগ্নিকাণ্ড

দিল্লীৰ ডাঃ বিষাম্বৰ দাস মাৰ্গৰ ব্ৰহ্মপুত্ৰ এপাৰ্টমেণ্টত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।এই অট্টালিকাটোত বহু লোকসভা আৰু ৰাজ্যসভাৰ সাংসদে বাস কৰে।

এই ভৱনটো সংসদ ভৱনৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত অৱস্থিত।অগ্নিকাণ্ডৰ তথ্য পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। অৱশ্যে এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।

অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা নাই। অগ্নিনিৰ্বাপকৰ ৬ খনকৈ বাহনে জুই নুমুৱাবলৈ চেষ্টা কৰি আছে।

লগতে পঢ়ক: গৰিব ৰথ এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড; দাউ দাউ কৈ জ্বলি উঠিল কেইবাটাও ডবা