দিল্লী পালেহি জুবিন গাৰ্গৰ নশ্বৰ দেহ…

দিল্লী পালেহি জুবিন গাৰ্গৰ নশ্বৰ দেহ

দিল্লী বিমান বন্দৰত উপস্থিত জুবিন গাৰ্গক লৈ অনা বিমান

-মুখ্যমন্ত্ৰীয়ে চমজি ল’ব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ

-সকলো যাৱতীয় কাম কাজ সম্পন্ন কৰাৰ পিছতে উৰা মাৰিব গুৱাহাটীলৈ

-চাৰ্টাড বিমানযোগে লৈ অহা হ’ব গুৱাহাটীলৈ

-গুৱাহাটী বিমান বন্দৰৰ পৰা কাহিলীপাৰাৰ বাসগৃহলৈ

-মুখ্যমন্ত্ৰীৰ সক্ৰিয় নেতৃত্বত কাহিলীপাৰাস্থিত বাসগৃহলৈ অনা হ’ব প্ৰিয় শিল্পীগৰাকীক

-পুৱাই আৰম্ভ হ’ব জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

লগতে পঢ়ক : হাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈ শ্ৰদ্ধা : তিনিদিনীয় ৰাজ্যিক শোক ঘোষণা ৰাজ্য চৰকাৰৰ

পুনৰ AIR INDIA বিমানত বিসংগতি; মাজ আকাশৰ পৰাই উভতিল লণ্ডন অভিমুখী বিমান

পুনৰ AIR INDIA বিমানত বিসংগতি

দিল্লীৰ পৰা লণ্ডন অভিমুখী AIR INDIAৰ এখন বিমান উৰণৰ কিছুসময়ৰ পিছতেই কাৰিকৰী সমস্যাৰ বাবে উভতি আহিব লগা হয়।

তথ্য অনুসৰি AIR INDIAৰ বিমান নম্বৰ AI2017 কাৰিকৰী সমস্যাৰ বাবে ঘূৰি আহিবলগীয়া হৈছিল।এতিয়া যাত্ৰীসকলক আন এখন বিমানেৰে লণ্ডনলৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে।

এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ৩১ জুলাইত দিল্লীৰ পৰা লণ্ডন অভিমুখী বিমান নম্বৰ AI2017 এটা সন্দেহযুক্ত কাৰিকৰী সমস্যাৰ বাবে ঘূৰি আহিছিল।

ককপিটৰ ক্ৰুৱে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) অনুসৰণ কৰি বিমানখন বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল আৰু সতৰ্কতামূলক পৰীক্ষাৰ বাবে বিমানখন ঘূৰাই আনিছিল।’

এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই কয় যে যাত্ৰীসকলক অতি সোনকালে লণ্ডনলৈ লৈ যোৱাৰ বাবে বিকল্প বিমান নিয়োগ কৰা হৈছে।

গ্ৰাউণ্ড ষ্টাফে যাত্ৰীসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে। যাত্ৰীসকলক ভালদৰে চোৱা-চিতা কৰা হৈছে আৰু তেওঁলোকৰ সা-সুবিধাসমূহৰ যত্ন লোৱা হৈছে।

বিগত সময়তো এয়াৰ ইণ্ডিয়াৰ বহু বিমানে এনে সমস্যাৰ সন্মুখীন হৈছে।যোৱা সপ্তাহত জয়পুৰৰ পৰা মুম্বাই অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান উৰণৰ মাত্ৰ ১৮ মিনিটৰ পিছতে কাৰিকৰী বিসংগতিৰ বাবে পিছুৱাই গৈছিল।

চলিত মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় চৰকাৰে সংসদত জনাইছিল যে ২১ জুলাইলৈকে পাঁচটা বিমান সংস্থাই ১৮৩টা কাৰিকৰী ত্ৰুটিৰ কথা উল্লেখ কৰিছে।

এই ১৮৩ খনৰ ভিতৰত এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত ৮৫টা কাৰিকৰী ত্ৰুটিৰ কথা উল্লেখ আছে।

লগতে পঢ়ক:ভাৰতত নিৰ্মাণ কৰা হ’ব এছিয়াৰ সৰ্ববৃহৎ ডাটা চেণ্টাৰ; ৬ বিলিয়ন ডলাৰ বিনিয়োগ  Google ৰ

হঠাৎ দিল্লীৰ দুখনকৈ বিদ্যালয়ত হাহাকাৰ; বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান

দিল্লীৰ দুখনকৈ বিদ্যালয়ত হাহাকাৰ

সোমবাৰে ৰাজধানীৰ দুখন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হয়। তথ্য লাভ কৰাৰ পিছতেই শিক্ষকে সকলো ছাত্ৰ- ছাত্ৰীক লগে লগে শ্ৰেণীকোঠা খালী কৰিবলৈ কয়।

এই দুয়োখন বিদ্যালয়ে ইমেইলৰ জৰিয়তে বোমাৰ ভাবুকি লাভ কৰিছিল।তথ্য পোৱাৰ লগে লগে আৰক্ষীৰ দল সেই স্থানত উপস্থিত হৈ তালাচী অভিযান আৰম্ভ কৰে।

জানিব পৰা মতে, সোমবাৰে ৰাতিপুৱা প্ৰায় ৭.৩০ মান বজাত চাণক্যপুৰীৰ নৌসেনা বিদ্যালয় আৰু দ্বাৰকাৰ চি আৰ পি এফ বিদ্যালয়ত মেইলৰ দ্বাৰা বোমাৰে উৰুৱাই দিয়াৰ ধমকি লাভ কৰে।

তাৰ পিছতেই দুয়োখন বিদ্যালয়ত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়।সম্প্ৰতি দিল্লী আৰক্ষীৰ বোমা স্কোয়াড, ডগ স্কোয়াড, চাইবাৰ এক্সপাৰ্ট টিম আৰু বিশেষ কৰ্মচাৰীৰ দল সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বিদ্যালয় দুখনৰ পৰা বৰ্তমান কোনো সন্দেহজনক বস্তু পোৱা নাই।

আৰক্ষীয়ে ইমেইলটো কোনটো আই পি ঠিকনাৰ পৰা প্ৰেৰণ কৰা হৈছে সেই বিষয়েও কৰি আছে, আৰু ইয়াৰ আঁৰত কোনোবাই ধেমালি কৰিছে নে সঁচাকৈয়ে কিবা  ষড়যন্ত্ৰ আছে তাকো তদন্ত কৰি আছে।

লগতে পঢ়ক: ইছৰোৰ মানৱ মহাকাশ অভিযানৰ প্ৰস্তুতি পূৰ্ণগতিত; গগণযানৰ বাবে সাজু ইঞ্জিন

ভূমিকম্পই কঁপালে দিল্লী-এন চি আৰ… প্ৰায় ১০ ছেকেণ্ড ধৰি জোকাৰিলে ৰাজধানী

ভূমিকম্পই কঁপালে দিল্লী-এন চি আৰ

দিল্লী-এন চি আৰত পুৱাই ভূমিকম্পৰ প্ৰচণ্ড কম্পন অনুভূত হয় । বৃহস্পতিবাৰে পুৱা ৯:০৪ বজাত অনুভূত হয় এই ভূমিকম্প । ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৪.৪ আছিল । দিল্লী, নয়ডা, গাজিয়াবাদত প্ৰায় ১০ ছেকেণ্ড ধৰি পৃথিৱী কঁপি থাকে । বৃহস্পতিবাৰে পুৱাৰে পৰা বৰষুণৰ মাজতে যেতিয়া দিল্লী-এন চি আৰত পুৱা প্ৰায় ৯:০৪ বজাত পৃথিৱী কঁপে, তেতিয়া জনতাৰ মাজত এক আতংকময় পৰিৱে্শৰ সৃষ্টি হয় । ভূমিকম্পৰ কম্পন ইমানেই প্ৰবল আছিল যে অফিচত কাম কৰা লোক আৰু ঘৰত বহি থকা সকলেও অনুভৱ কৰিছিল । দিল্লীৰ পৰা ৫১ কিলোমিটাৰ দূৰত্বত হাৰিয়ানাৰ ঝজ্জাৰত ১০ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল বুলি জানিব পৰা গৈছে ।

দিল্লীৰ সমান্তৰালকৈ হাৰিয়ানাৰ কিছু জিলা যেনে ফৰিদাবাদ, গুৰুগ্ৰাম, জিন্দত ভূমিকম্পৰ প্ৰচণ্ড কম্পন অনুভূত হয় । এইবাৰ দিল্লীৰ খুব ওচৰৰ হাৰিয়ানাত আছিল কেন্দ্ৰবিন্দু । ভূমিকম্পৰ কেন্দ্ৰবিন্দু অতি ওচৰত থকাৰ বাবে দিল্লী-এন চি আৰত প্ৰবল কঁম্পন অনুভূত হয় ।

লগতে পঢ়ক : বায়ুসেনাৰ জাগুৱাৰ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত; ধ্বংসাৱশেষত উদ্ধাৰ ২ জনৰ মৃতদেহ

পাটনাৰ পৰা দিল্লীলৈ অহা ইণ্ডিগো বিমানৰ জৰুৰী অৱতৰণ; ১৬৯জন যাত্ৰীৰ হাহাকাৰ

পাটনাৰ পৰা দিল্লীলৈ অহা ইণ্ডিগো বিমানৰ জৰুৰী অৱতৰণ

বিহাৰৰ পাটনাৰ পৰা দিল্লী অভিমুখে অহা ইণ্ডিগো বিমানৰ জৰুৰীকালীন অৱতৰণ । চৰাইৰ খুন্দাত বিমানখনে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয় । এই বিমানখনত আছিল ১৬৯ জন যাত্ৰী ।

পাটনাৰ জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে বিমানখন । ইণ্ডিগোৰ বিমান নম্বৰ ৬E৫০০৯ পাটনাৰ পৰা দিল্লীলৈ আহি আছিল । সম্প্ৰতি বিমানখন মেৰামতিৰ প্ৰচেষ্টা অব্যাহত আছে ।

পাটনা বিমানবন্দৰৰ সঞ্চালকে কয় যে সকলো যাত্ৰী সুৰক্ষিত অৱস্থাত আছে । উৰণৰ কিছু সময়ৰ পিছতে বিমানখন নিৰাপদে অৱতৰণ কৰোৱা হয় । যাত্ৰীসকলৰ বাবে বিকল্প ব্যৱস্থা কৰা হ’ব বুলি জনাইছে বিমান সংস্থাটোৱে ।

পাটনা বিমানবন্দৰে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে স্থানীয় সময় অনুসৰি পুৱা ৮.৪২ বজাত পাটনাৰ পৰা দিল্লী অভিমুখী বিমান IG05009 বিমানখনে উৰা মাৰিছিল যদিও উৰণৰ কিছু সময়ৰ পিছতে বিমানখনত এটা চৰায়ে খুন্দা মাৰে । তদন্তৰ সময়ত ৰাণৱেত উদ্ধাৰ হৈছে এটা মৃত চৰাইৰ অৱশিষ্ট । বিমানখনৰ এটা ইঞ্জিনত কম্পনৰ বাবে বিমানখনক পাটনালৈ উভতি যাবলৈ কোৱা হয় । অৱশ্যে ৰাণৱেত নিৰাপদে অৱতৰণ কৰে বিমানখনে । বৰ্তমান সকলো যাত্ৰী সুৰক্ষিত অৱস্থাত আছে ।

লগতে পঢ়ক : ‘যিকোনো সময়তে আৰম্ভ হ’ব পাৰে তৃতীয় বিশ্বযুদ্ধ’;পাকিস্তানৰ বিৰুদ্ধে নীতিন গাডকাৰীৰ ডাঙৰ বক্তব্য

এতিয়াৰে পৰা ১৮ দিন আগতেই গম পোৱা যাব বতৰৰ কথা; IIT দিল্লীয়ে প্ৰস্তুত কৰিছে AI মডেল

IIT দিল্লীয়ে প্ৰস্তুত কৰিছে AI মডেল

কেৰালাত এইবাৰ পূৰ্বাভাসৰ ৮ দিন পূৰ্বেই বাৰিষা আহিছিল। আনহাতে দিল্লীত ইয়েল্ল’ সতৰ্কবাণী জাৰি কৰাৰ পিছতো বৰষুণ হোৱা নাছিল।কিন্তু এতিয়া আৰু চিন্তা নাই।

কাৰণ IIT দিল্লীৰ বৈজ্ঞানিকে এটা নতুন কৃত্ৰিম বুদ্ধিমত্তা (AI) ভিত্তিক মডেল প্ৰস্তুত কৰিছে, যিয়ে ১৮ দিন আগতেই বাৰিষাৰ আগমনৰ ভৱিষ্যদ্বাণী কৰিব পাৰিব।

IIT দিল্লীৰ এই প্ৰযুক্তি বৰ্তমানৰ বতৰ পূৰ্বাভাস মডেলতকৈ দ্ৰুত হোৱাই নহয়, ই অধিক সঠিকও।ইয়াত ট্ৰেন্সফৰ্মাৰ নিউৰেল নেটৱৰ্ক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে, যিটো ChatGPT ৰ দৰে আধুনিক ব্যৱস্থাতো ব্যৱহাৰ কৰা হয়।

এই গৱেষণাত অধ্যাপক ড০ সন্দীপ সুকুমাৰন, অধ্যাপক হৰিপ্ৰসাদ কোদমনা আৰু দুজন পি এইচ ডি পণ্ডিত কে এম অনিৰুদ্ধ আৰু পংকজে একেলগে কাম কৰিছে।

AI মডেল কেনেকৈ ভাল?

IIT দিল্লীৰ অধ্যাপক সন্দীপ সুকুমাৰনে কয় যে এই ট্ৰেন্সফৰ্মাৰ মডেলটো অতি উন্নত আৰু আধুনিক। তেওঁৰ গৱেষণাৰ সময়ত দেখিলে যে এই মডেলত ভুলৰ বৃদ্ধি পৰম্পৰাগত মডেলতকৈ বহু কম।

এই মডেলটোক আমেৰিকা, ব্ৰিটেইন আদি দেশৰ বতৰ পূৰ্বাভাসৰ মডেলৰ সৈতে তুলনা কৰিলে ই ভাল বুলি প্ৰমাণিত হ’ল।

তেওঁ কয় যে পৰম্পৰাগত মডেলটো চলাবলৈ বিশাল ছুপাৰ কম্পিউটাৰ আৰু বিশাল সম্পদৰ প্ৰয়োজন, আনহাতে নতুন AI মডেলটোৱে গেমিং লেপটপত ব্যৱহৃত হোৱাৰ দৰে এটা সাধাৰণ GPU ৰ সৈতেও কাম কৰিব পাৰে।

ইয়াৰ ফলত সময় ৰাহি হোৱাই নহয়, চৰকাৰী সম্পদৰ বহুখিনিও ৰাহি হ’ব।ভাৰত চৰকাৰৰ পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ পুঁজিৰে এই প্ৰকল্পটো ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ (আই এম ডি) সহযোগত কাম কৰি আছে।

৫ বছৰৰ তথ্যৰে কৰা অধ্যয়ন

পি এইচ ডি পণ্ডিত অনিৰুদ্ধই কয় যে তেওঁ যোৱা ৫ বছৰৰ বতৰৰ তথ্য অধ্যয়ন কৰি এ আই ভিত্তিক ট্ৰেন্সফৰ্মাৰ মডেলক পৰম্পৰাগত মডেলৰ সৈতে তুলনা কৰিছে।

ইয়াক আমেৰিকা আৰু ব্ৰিটেইনৰ বৰ্তমানৰ মডেলৰ সৈতে তুলনা কৰি তেওঁ এটা গ্ৰাফৰ জৰিয়তে বুজাই দিলে যে এআই মডেলটো কেৱল অধিক সঠিক নহয়, বৰঞ্চ ই সময় আৰু ধন দুয়োটা ৰাহি কৰে।

পৰম্পৰাগত মডেলসমূহে ছুপাৰ কম্পিউটাৰৰ সহায়ত ভৱিষ্যদ্বাণী কৰিবলৈ বহু সময় লয়, আনহাতে নতুন এআই মডেলে মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে ফলাফল দিব পাৰে।

লগতে পঢ়ক: এম বি এ আৰু এক্সিকিউটিভ এম বি এৰ মাজত পাৰ্থক্য কি ?  কোনটো ডিগ্ৰীয়ে আপোনাক দিব অধিক দৰমহা ?

লেহ অভিমুখী ইণ্ডিগো বিমানৰ জৰুৰী অৱতৰণ; যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি

লেহ অভিমুখী ইণ্ডিগো বিমানৰ জৰুৰী অৱতৰণ

আহমেদাবাদত সংঘটিত দুৰ্ঘটনাৰ পিছত দেশত সঘনাই জৰুৰীকালীন বিমান অৱতৰণৰ ঘটনা দেখা গৈছে । বৃহস্পতিবাৰে পুৱা দিল্লীৰ পৰা লেহ অভিমুখী ইণ্ডিগোৰ ৬ই ২০০৬ বিমানখন কাৰিকৰী কাৰণত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয় । অৱশ্যে বিমানখনৰ সকলো যাত্ৰী সুৰক্ষিত আচে বুলি জানিব পৰা গৈছে । তথ্য অনুসৰি ইণ্ডিগো বিমানখনত ক্ৰু মেম্বাৰকে ধৰি প্ৰায় ১৮০ জন লোক আছিল । বৃহস্পতিবাৰে পুৱা বিমানখনে দিল্লীৰ পৰা লেহলৈ উৰা মাৰিছিল । লেহ পোৱাৰ পূৰ্বেই বিমানখনত কাৰিকৰী বিজুতি ধৰা পৰে । লেহ পোৱাৰ কিছু সময়ৰ পাছতে বিমানখন উভতি আহি নিৰাপদে দিল্লীত অৱতৰণ কৰে । অৱশ্যে কি কাৰিকৰী ত্ৰুটিৰ বাবে বিমানখন জৰুৰীকালীন অৱতৰণ কৰিব লগা হ’ল সেই সন্দৰ্ভত আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই ।

বিমানৰ কাৰিকৰী বিজুতিৰ বহু ঘটনা সংঘটিত-

বুধবাৰে ইণ্ডিগোৰ এখন বিমান বাতিল কৰিবলগীয়া হৈছিল । ভুৱনেশ্বৰৰ পৰা কলকাতালৈ ৰাওনা হৈছিল ৬ই ৬১০১ নম্বৰৰ বিমানখন । অৱশ্যে উৰণৰ কেইমিনিটমান পূৰ্বে বিমানখন বাতিল কৰা হয় । ইয়াৰ কাৰণো বিমানখনৰ কাৰিকৰী ত্ৰুটি বুলি কোৱা হৈছিল । ইয়াৰ পূৰ্বে ২ জুনত ৰাঁচীত ইণ্ডিগোৰ এখন বিমানে শগুণৰ সৈতে সংঘৰ্ষত লিপ্ত হয়, যাৰ বাবে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয় । পাটনাৰ পৰা ৰাঁচী হৈ কলকাতালৈ যোৱা বিমানখন প্ৰায় ৩-৪ হাজাৰ ফুট উচ্চতাত আছিল । সেই সময়ত এটা শগুনৰ লগত সংঘৰ্ষ হৈছিল । সংঘৰ্ষৰ পিছত বিমানখন প্ৰায় ৪০ মিনিট সময় আকাশতে থাকে । এই ইণ্ডিগো বিমানখনত ক্ৰু মেম্বাৰকে ধৰি ১৭৫ জন যাত্ৰী আছিল ।

লগতে পঢ়ক : আগ্নেয়গিৰি বিস্ফোৰণ… পুনৰ মাজ আকাশৰ পৰাই উভতিল এয়াৰ ইণ্ডিয়াৰ বিমান

অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ জঁপিয়ালে সপ্তম মহলাৰ পৰা; দুই সন্তানসহ পিতৃৰ মৃত্যু

অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ জঁপিয়ালে সপ্তম মহলাৰ পৰা

দ্বাৰকাত সংঘটিত হৈছে এক কৰুণ ঘটনা । অট্টালিকাৰ সপ্তম মহলাত থকা এটা ফ্লেটত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ জঁপিওৱাত দুই সন্তানসহ মৃত্যু হয় পিতৃৰ । দ্বাৰকা ছেক্টৰ ১৩ৰ ছাবাদ ছ’চাইটি এম আৰ ভি স্কুলৰ সমীপৰ এটা অট্টালিকাত এই ঘটনা সংঘটিত হয় ।

লাভ কৰা তথ্য অনুসৰি জুইৰ পৰা নিজকে বচাবলৈ বেলকনিৰ পৰা জপিওৱাত এই তিনিজন লোকৰ মৃত্যু হয় । ইয়াৰে দুটি দহ বছৰীয়া শিশুক (এজন ল’ৰা আৰু এগৰাকী ছোৱালী) চিকিৎসালয়ত মৃত ঘোষণা কৰা হয় । পৰৱৰ্তী সময়ত তেওঁলোকৰ পিতৃ যশ যাদৱকো (৩৫) আই জি আই হাস্পতালত মৃত ঘোষণা কৰে । তেওঁ ফ্লেক্স বৰ্ডৰ ব্যৱসায়ত জড়িত আছিল ।

যশ যাদৱৰ পত্নী আৰু জ্যেষ্ঠ পুত্ৰ জুইৰ এই ঘটনাৰ পৰা ৰক্ষা পৰে । বৰ্তমান তেওঁলোক নিৰাপদে আছে । তেওঁলোকক ততাতৈয়াকৈ চিকিৎসাৰ বাবে আই জি আই হাস্পতাললৈ প্ৰেৰণ কৰা হয় । অট্টালিকাটোৰ সকলো বাসিন্দাক খালী কৰি বিদ্যুৎ আৰু পি এন জি সংযোগৰ দৰে সকলো সুবিধা বন্ধ কৰি দিয়া হৈছে । গাঁথনিগত স্থিৰতা মূল্যায়ন কৰিবলৈ ডি ডি এ আৰু এম চি ডিক অৱগত কৰা হৈছে । পৰিয়ালটোক সহায় কৰিবলৈ আকাশ আৰু আই জি আই দুয়োখন চিকিৎসালয়তে দল নিয়োগ কৰা হৈছে ।

লগতে পঢ়ক : আকৌ আহিব নেকি ছুনামি, ভূমিকম্প ! এইবাৰ তামিলনাডুৰ সমুদ্ৰ তীৰত পোৱা গ’ল ‘প্ৰলয় মাছ’

পুনৰ ভয়াৱহ হৈ পৰিছে ক’ভিড ১৯; চৰ্দি,কাহ হৈছে যদি তৎক্ষণাত সাৱধান হওক

ভয়াৱহ হৈ পৰিছে ক’ভিড ১৯

ভাৰতত কৰোনা ভাইৰাছৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ লগতে যোৱা ২৪ ঘন্টাত দেশত ৫১১ জন নতুনকৈ Covid-19 আক্ৰান্ত হৈছে। আনহাতে ২৪ ঘন্টাত ৭ জন লোকৰ মৃত্যু হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি,বহু ৰাজ্যত সক্ৰিয় ৰোগী (Covid-19 Active Case) দ্ৰুতগতিত বৃদ্ধি পাইছে, য’ত কেৰালা শীৰ্ষত আছে।

ইয়াৰ পিছত মহাৰাষ্ট্ৰ আৰু দিল্লীৰ নাম আছে।ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত উত্তেজনাও বৃদ্ধি পাইছে।

অৱশ্যে স্বাস্থ্য বিভাগে দাবী কৰিছে যে যিকোনো ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সম্পূৰ্ণ সাজু আৰু স্বাস্থ্য ব্যৱস্থা সম্পূৰ্ণৰূপে অভাৰহ’ল কৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইটত উপলব্ধ শেহতীয়া তথ্য অনুসৰি, দেশত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৭১০ জন।কৰোনা ভাইৰাছৰ সক্ৰিয় ৰোগীৰ সংখ্যা সৰ্বাধিক আছে কেৰালাত, য’ত ১১৪৭ জন ৰোগী চিকিৎসাধীন হৈ আছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত বহু ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।যোৱা ২৪ ঘন্টাত সমগ্ৰ দেশত Covid-19ৰ বাবে ৭ জন লোকৰ মৃত্যু হৈছে।

ৰাজধানী দিল্লীত শনিবাৰে কৰোনা ভাইৰাছত আক্ৰান্ত হৈ প্ৰথমজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।কৰোনাক লৈ মানুহৰ মাজত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশ।

লগতে পঢ়ক: ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ; ভৰি চুই ললে আশীৰ্বাদ