দিল্লীত দুভাগত বিভক্ত হ’ল আম আদমী পাৰ্টি ! নতুন দল গঠনৰ ঘোষণা…

দিল্লীত বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে আম আদমী পাৰ্টি । দলটোৰ ১৩ গৰাকী কাউন্সিলাৰে পদত্যাগ কৰিছে । নতুন দল গঠনৰ কথা ঘোষণা কৰিছে বিদ্ৰোহী কাউন্সিলাৰসকলে । এম চি ডিত বিদ্ৰোহী নেতাই এটা সুকীয়া গোট গঠন কৰিছে । এই পৌৰসভাৰ কাউন্সিলাৰসকলে আম আদমী পাৰ্টিৰ পৰা পদত্যাগ কৰি ইন্দ্ৰপ্ৰস্থ বিকাশ পাৰ্টি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । হেমচন্দ্ৰ গোৱেলৰ নেতৃত্বত তৃতীয় ফ্ৰণ্ট গঠনৰ সিদ্ধান্ত লোৱা হৈছে । মুকেশ গোৱেল হ’ব দলৰ অধ্যক্ষ ।

আম আদমি পাৰ্টিয়ে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্ৰোহী কাউন্সিলাৰসকলে । ২০২২ চনত আম আদমী পাৰ্টিৰ টিকটত তেওঁলোক এম চি ডিৰ কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হয় । কিন্তু এম চি ডিত ক্ষমতালৈ অহাৰ পাছতো আম আদমি পাৰ্টিৰ শীৰ্ষ নেতৃত্বই এম চি ডি সুচাৰুৰূপে চলাব পৰা নাছিল বুলি অভিযোগ উত্থাপন কৰে তেওঁলোকে ।

আম আদমী পাৰ্টিৰ এই কাউন্সিলাৰসকলে পদত্যাগ কৰে-

আম আদমি পাৰ্টিৰ পৰা পদত্যাগ কৰা কাউন্সিলাৰ কেইজনৰ ভিতৰত আছে হেমান চান্দ গোৱেল, দীনেশ ভৰদ্বাজ, হিমানী জৈন, উষা শৰ্মা, চাহাব কুমাৰ, ৰাখী কুমাৰ, অশোক পাণ্ডে, ৰাজেশ কুমাৰ, অনিল ৰাণা, দেৱেন্দ্ৰ কুমাৰ, হিমানী জৈন ।

পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ভাৰত… উচ্চায়ুক্তৰ আন এজন বিষয়াক ২৪ ঘণ্টাৰ ভিতৰত দেশ এৰাৰ নিৰ্দেশ

ভাৰতে নতুন দিল্লীত পাকিস্তানী উচ্চায়ুক্তত কৰ্মৰত এজন বিষয়াক persona non grata বুলি ঘোষণা কৰি ২৪ ঘন্টাৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিছে । পাকিস্তানী বিষয়াজন তেওঁৰ অধিকাৰক্ষেত্ৰৰ বাহিৰত অন্যান্য সন্দেহজনক কামত জড়িত আছিল বাবে ভাৰতে এই ব্যৱস্থা গ্ৰহণ কৰিছে । ভাৰতে আজি এই সন্দৰ্ভত পাকিস্তান উচ্চায়ুক্তৰ চাৰ্জ ডি এফেয়াৰৰ সন্দৰ্ভত ডেমাৰ্চ (আন এখন দেশৰ বিৰুদ্ধে লোৱা কূটনৈতিক পদক্ষেপ) জাৰি কৰি বিষয়াজনক ২৪ ঘন্টাৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিয়ে ।

কিন্তু পাকিস্তানী বিষয়াগৰাকীৰ পৰিচয় আৰু তেওঁ কেনেধৰণৰ সন্দেহজনক কামত জড়িত আছিল সেই সন্দৰ্ভত চৰকাৰে কোনো তথ্য প্ৰদান কৰা নাই । বৈদেশ মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে, “ভাৰতত চৰকাৰী মৰ্যাদাৰ সৈতে অসংগতিপূৰ্ণ কাৰ্যকলাপত জড়িত হোৱাৰ বাবে ভাৰত চৰকাৰে নতুন দিল্লীত পাকিস্তান উচ্চায়ুক্তত কৰ্মৰত এজন পাকিস্তানী বিষয়াক নন গ্ৰেটা বুলি ঘোষণা কৰিছে । বিষয়াগৰাকীক ২৪ ঘন্টাৰ ভিতৰত ভাৰত এৰি যাবলৈ কোৱা হৈছে । এই সন্দৰ্ভত আজি পাকিস্তান উচ্চায়ুক্তৰ চাৰ্জ ডি এফেয়াৰ্ছলৈ এখন ডেমাৰ্চ জাৰি কৰা হয় ।”

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে নতুন দিল্লীয়ে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰ (PoK)ৰ ৯টা সন্ত্ৰাসবাদী আন্তঃগাঁথনি স্থান ধ্বংস কৰিবলৈ অপাৰেচন সিন্দুৰ আৰম্ভ কৰাৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই অভিযানত ভাৰতে বিমান আক্ৰমণত জয়ছ, লস্কৰ আৰু হিজবুলৰ ৯টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে, য’ত কমেও ১০০টা সন্ত্ৰাসবাদী নিহত হয় ।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ এদিন পিছত ২৩ এপ্ৰিলত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও কঠোৰ কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰে, য’ত নতুন দিল্লীত পাকিস্তান উচ্চায়ুক্তৰ বিষয়াৰ সংখ্যা ৫৫ৰ পৰা ৩০লৈ হ্ৰাস কৰাকে ধৰি ভাৰতে পাকিস্তানৰ সকলো প্ৰতিৰক্ষা উপদেষ্টাক বহিষ্কাৰ কৰি এসপ্তাহৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিয়ে । ভাৰতে ইছলামবাদত থকা উচ্চায়ুক্তৰ পৰাও প্ৰতিৰক্ষা উপদেষ্টাসকলক প্ৰত্যাহাৰ কৰি কূটনীতিবিদৰ সংখ্যাও হ্ৰাস কৰে ।

ম’ক ড্ৰিলৰ পূৰ্বে দিল্লীত এলাৰ্ট; কৰ্নাট প্লেচকে ধৰি বহু স্থানত নিৰাপত্তা বৃদ্ধি

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত গৃহ মন্ত্ৰালয়ে ৭ মে’ত ম’ক ড্ৰিলৰ নিৰ্দেশ দিছে।

এনে পৰিস্থিতিত ম’ক ড্ৰিলৰ পূৰ্বে দিল্লী আৰক্ষীয়ে দেশৰ ৰাজধানীৰ গুৰুত্বপূৰ্ণ স্থানসমূহৰ নিৰাপত্তা বৃদ্ধি কৰিছে। কৰ্না’ট প্লেচত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীৰ জোৱানকো মোতায়েন কৰা হৈছে। পালিকা বজাৰৰ পৰা ৰাজীৱ চকলৈ মেট্ৰ’ৰ ভিতৰত আৰু বাহিৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

ম’ক ড্ৰিল কাইলৈ ​​অৰ্থাৎ বুধবাৰৰৰ পৰা হ’ব, কিন্তু তাৰ আগতেই দিল্লী আৰক্ষীয়ে মহানগৰীৰ সকলো গুৰুত্বপূৰ্ণ আৰু জনবহুল স্থানসমূহ চিনাক্ত কৰি সেই সকলোবোৰ ঠাইৰ নিৰাপত্তা বৃদ্ধি কৰিছে।

জয়ৰ পথলৈ ঘূৰি আহিবলৈ উত্ৰাৱল দিল্লী কেপিটেলছ, আশা সজীৱ ৰাখিবলৈ নামিব কে কে আৰ

মঙলবাৰে আই পি এলৰ এখন মেচত দিল্লী কেপিটেলছৰ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ । আজি নিশা ৭.৩০ বজাৰ পৰা দিল্লীৰ অৰুণ জেইটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন । দেওবাৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিৰুদ্ধে পৰাজয়কে ধৰি বিগত চাৰিখন মেচত দিল্লীয়ে দুখনত পৰাজয়ৰ সন্মুখীন হৈছে আৰু লীগ পৰ্যায়ৰ অন্তিম মেচত দলটোৱে নিজৰ স্থিতি শক্তিশালী কৰিব বিচাৰিব । শীৰ্ষ ক্ৰমত অভিষেক পোৰেলে আক্ৰমণাত্মকভাৱে বেটিং কৰিছে যদিও প্ৰত্যাৱৰ্তনৰ পিছত ফাফ ডু প্লেছিছে অৰুণ জেটলী ষ্টেডিয়ামৰ লেহেমীয়া খেলপথাৰত সংগ্ৰাম কৰা দেখা গৈছে ।

প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব কে কে আৰৰ স্পীনাৰ-

চলিত ছিজনত দিল্লীৰ সফল বেটছমেন হিচাপে পৰিগণিত হোৱা কে এল ৰাহুলে দেওবাৰে স্পীনাৰৰ বিৰুদ্ধে দ্ৰুত ৰান সংগ্ৰহত ব্যৰ্থ হয় । অভিজ্ঞ স্পীন যুটি সুনীল নাৰিন আৰু বৰুণ চক্ৰৱৰ্তীৰ বিৰুদ্ধে তেওঁ ভাল প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব । কে কে আৰত আছে মানসম্পন্ন স্পীনাৰ যিয়ে আয়োজক দলৰ বাবে কঠিন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে । পাঞ্জাব কিংছৰ বিৰুদ্ধে বৰষুণ প্ৰভাৱিত খেলখনত সংগ্ৰাম কৰা কে কে আৰৰ আত্মবিশ্বাস অলপ কম হ’ব । দিল্লীয়ে কৰুণ নায়াৰৰ পৰাও ভাল ইনিংছ আশা কৰিব যাতে মিডল অৰ্ডাৰৰ সমগ্ৰ বোজা ৰাহুলৰ ওপৰত নপৰে ।

ফিল্ডিং উন্নত কৰিব লাগিব দিল্লীয়ে-

বলিং বিভাগত দিল্লীৰ অধিনায়ক অক্ষৰ পেটেলে শেষৰখন খেলত দুটা উইকেট দখল কৰিছিল যদিও আন বলাৰসকলৰ পৰা সমৰ্থন নাপালে । আৰ চি বিৰ বিৰুদ্ধে উইকেট ল’ব নোৱাৰা ষ্টাৰ পেচাৰ মিচেল ষ্টাৰ্কে নিজৰ পূৰ্বৰ দল কে কে আৰৰ দুৰ্বলতাৰ সুযোগ লবলৈ চেষ্টা কৰিব, আনহাতে কুলদীপ যাদৱে মাজৰ অভাৰত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে । দিল্লীয়ে ফিল্ডিঙৰ উন্নতি সাধন কৰিব লাগিব । আৰ চি বিৰ বিৰুদ্ধে ক্ৰুনাল পাণ্ডিয়াৰ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাইছিল পোৰেলে । বৰ্তমান কে কে আৰৰ মাত্ৰ ৭ পইণ্ট আৰু দলটো টেবুলৰ সপ্তম স্থানত আছে ।

জয়ৰ ওপৰত নিৰ্ভৰশীল কে কে আৰৰ আশা-

ডিফেণ্ডিং চেম্পিয়ন কে কে আৰে প্লে অফলৈ যোৱাৰ আশা জীয়াই ৰাখিবলৈ এই মেচখনত জয়লাভ কৰাটো প্ৰয়োজন কাৰণ দিল্লীয়ে প্লে অফলৈ যোৱাৰ পথ অতি কঠিন কৰি তুলিব । বিভিন্ন বিভাগত সমস্যাৰ সন্মুখীন হৈছে দলটো । কুইণ্টন ডি কক আৰু ৰহমানুল্লাহ গুৰবাজে নাৰিনৰ সৈতে ইনিংছ মুকলি কৰাৰ সুযোগ লাভ কৰিছে । ৰাহানে আৰু অংকৃশ ৰঘুবংশীৰ ওপৰত দলটোৱে ৰান সংগ্ৰহৰ বাবে বহু পৰিমাণে নিৰ্ভৰশীল । মধ্য ক্ৰমত ভেংকটেশ আয়াৰ, আন্দ্ৰে ৰাছেল, ৰিংকু সিং আৰু ৰমনদীপ সিঙে বিশেষ প্ৰভাৱ পেলাব পৰা নাই ।

দলটোৰ বলিঙো চিন্তনীয় বিষয় । কে কে আৰৰ বলাৰসকলে অপেনিং যুটী ভঙাত সমস্যাৰ সন্মুখীন হৈছে যাৰ বাবে বিপক্ষ দলে তেওঁলোকৰ বিৰুদ্ধে ডাঙৰ ডাঙৰ স্ক’ৰ কৰিছে ।

NCERT ৰ পাঠ্যপুথিত স্থান পালে মহাকুম্ভমেলাই; আঁতৰিল মোগল আৰু দিল্লী চুলতানীৰ অধ্যায়

দিল্লীৰ এনচিইআৰটিৰ নতুন পাঠ্যপুথিত সপ্তম শ্ৰেণীৰ কিতাপৰ পৰা মোগল আৰু দিল্লী চুলতানী বিষয়ক অধ্যায় আঁতৰোৱা হৈছে।

এই পৰিৱৰ্তনসমূহৰ অধীনত নতুন অধ্যায়সমূহত ভাৰতীয় বংশ, ‘পবিত্ৰ ভূগোল’, মহাকুম্ভ আৰু চৰকাৰী আঁচনিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

এই পদক্ষেপসমূহ ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) আৰু ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো (এনচিএফএছই) ২০২৩ৰ সৈতে সামঞ্জস্যপূৰ্ণ যিয়ে ভাৰতীয় পৰম্পৰা, দৰ্শন, শিক্ষা ব্যৱস্থা আৰু স্থানীয় প্ৰেক্ষাপটৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এনচিইআৰটিৰ বিষয়াসকলৰ মতে, এইটো পাঠ্যপুথিৰ প্ৰথম খণ্ড হয় আৰু আগন্তুক মাহত দ্বিতীয় খণ্ড মুকলি কৰা হ’ব।কিন্তু পূৰ্বে আঁতৰোৱা অংশবোৰ পুনৰ যোগ কৰা হ’ব নে নহয় সেই কথা তেওঁ নিশ্চিত কৰা নাই।

২০২২-২৩ চনত ক’ভিড-১৯ মহামাৰীৰ সময়ত এনচিইআৰটিয়ে ইতিমধ্যে মোগল আৰু দিল্লী চুলতানীৰ ওপৰত ভিত্তি কৰি লোৱা অংশসমূহ হ্ৰাস কৰা হৈছিল,কিন্তু এতিয়া নতুন পাঠ্যপুথিৰ পৰা সেইবোৰ সম্পূৰ্ণৰূপে আঁতৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে।

জোছ বাটলাৰৰ ধুমুহাত বিধ্বস্ত দিল্লী কেপিটেলছ… গুজৰাট টাইটানছৰ দৰ্শনীয় জয়

আজি অনুষ্ঠিত হোৱা আই পি এলৰ এখন মেচত গুজৰাট টাইটানছে দিল্লী কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰে । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলা এই মেচখনত প্ৰথমে বেটিং কৰি ২০৩ ৰান সংগ্ৰহ কৰে দিল্লীয়ে । ইয়াৰ প্ৰত্যুত্তৰত ১৯.২ অভাৰত ৭ উইকেট বাকী থকা অৱস্থাত গুজৰাটে মেচখনত বিজয় সাব্যস্ত কৰে । এয়া প্ৰথমবাৰৰ বাবে আই পি এলৰ এখন খেলত দুশৰো অধিক ৰান সংগ্ৰহ কৰি দিল্লীয়ে লক্ষ্য ৰক্ষা কৰাত ব্যৰ্থ হয় ।

গুজৰাট টাইটানছে ঘৰুৱা খেলপথাৰত ২০৪ ৰানৰ বিশাল লক্ষ্য লাভ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে গুজৰাটৰ আৰম্ভণি দুৰ্বল আছিল কিয়নো অধিনায়ক শুভমন গীল মাত্ৰ ৫ ৰান সংগ্ৰহ কৰি আউট হয় । এই মেচখনত ৩৬ ৰানৰ ইনিংছ খেলা সাই সুদৰ্শনেও অৰেঞ্জ কেপ নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে । সুদৰ্শন আউট হোৱাৰ লগে লগে গুজৰাটে ৭৪ ৰান সংগ্ৰহ কৰি দ্বিতীয়টো উইকেট হেৰুৱাই । গুজৰাটক জয়ী হ’বলৈ তেতিয়াও ১৩০ ৰানৰ প্ৰয়োজন আছিল ।

গুজৰাটে সৃষ্টি কৰিলে ইতিহাস-

আই পি এলৰ ইতিহাসত যেতিয়াই দিল্লী কেপিটেলছে প্ৰথমে বেটিং কৰি ২০০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰিছে তেতিয়াই প্ৰতিখন মেচতে লক্ষ্য ৰক্ষা কৰি আহিছে । আজিৰ গুজৰাটৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে দিল্লীয়ে ১৩ বাৰ এই অভিলেখ গঢ়িছে । কিন্তু আই পি এলত দিল্লীৰ বিৰুদ্ধে দুশৰো অধিক ৰানৰ লক্ষ্য সফলতাৰে অৰ্জন কৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে গুজৰাট টাইটানছ ।

জোছ বাটলাৰ বিস্ফোৰক বেটিং-

গুজৰাট টাইটানছে ৭৪ ৰান সংগ্ৰহ কৰি ২ উইকেট হেৰুৱাই শলঠেকত পৰাৰ পিছত জোছ বাটলাৰ আৰু শ্বাৰফান ৰাদাৰফোৰ্ডে দলৰ দায়িত্ব লৈ গুজৰাটক জয়ৰ ওচৰলৈ লৈ যায় । লক্ষ্যত উপনীত হোৱাৰ পূর্বে ৰাদাৰফোর্ডে ৪৩ ৰানত আউট হয় যদিও তাৰ পাছত ৰাহুল তেৱাটিয়াৰ ছয়ৰে গুজৰাটে জয়লাভ কৰে ।

গুজৰাটৰ অন্তিম অভাৰত জয়ী হ’বলৈ ১০ ৰানৰ প্ৰয়োজন হৈছিল আৰু মিচেল ষ্টাৰ্কে বলিং কৰি আছিল । শেষৰখন মেচত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ছুপাৰ অভাৰত দিল্লীক জয়ৰ নেতৃত্ব দিছিল ষ্টাৰ্কে । কিন্তু ৰাহুল তেৱাতিয়াই শেষৰ অভাৰৰ প্ৰথম বলত ছয় মাৰি দ্বিতীয় বলত চাৰিৰে গুজৰাটৰ জয় নিশ্চিত কৰে । ৯৭ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ উভতি আহে জোছ বাটলাৰ ।

আই পি এলৰ ইতিহাসত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অৰ্জন কৰা এয়া দ্বিতীয় সৰ্বাধিক সফল ৰান চেজ । ২০২৩ চনত গুজৰাটৰ বিৰুদ্ধে ২০৬ ৰানৰ লক্ষ্য খেদি এই খেলপথাৰত সৰ্বাধিক লক্ষ্য সফলতাৰে অনুসৰণ কৰাৰ অভিলেখ কে কে আৰৰ হাতত আছে । এতিয়া এই তালিকাত গুজৰাটে দ্বিতীয় স্থান লাভ কৰিছে । একে সময়তে আৰ চি বি য়েও নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দুশৰো অধিক লক্ষ্য অনুসৰণ কৰি সফলতা লাভ কৰিছে ।

নিশা হঠাৎ খহি পৰিল ৪ মহলিয়া অট্টালিকা; ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু লোক

দিল্লীৰ মুস্তাফাবাদ অঞ্চলত শনিবাৰে পুৱতি নিশা খহি পৰিল এটা চাৰি মহলীয়া অট্টালিকা। ঘটনাৰ পিছতে বহু লোক ধ্বংসাৱশেষত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।

মুস্তাফাবাদ বিধান সভা সমষ্টিৰ দয়ালপুৰ আৰক্ষী থানাত অৱস্থিত ১ নং শক্তি বিহাৰ লেনত শুকুৰবাৰে নিশা হঠাতে ভাঙি পৰে এটা চাৰি মহলীয়া অট্টালিকা।

ঘটনাৰ সময়ত অধিকাংশ লোক শুই আছিল, যাৰ বাবে বহু লোক ধ্বংসাৱশেষত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দল ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই।

উত্তৰ-পূব জিলাৰ অতিৰিক্ত ডিচিপি সন্দীপ লাম্বাই জনোৱা মতে, এতিয়ালৈকে ১৪ জন লোকক নিৰাপদে ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে, য’ত ৬ জন লোকৰ মৃত্যু হৈছে।

এন ডি আৰ এফ আৰু দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে যোৱা ৬ ঘণ্টা ধৰি উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে।

স্থানীয় ৰাইজৰ মতে, পুৱা প্ৰায় ৩ বজাত এটা প্ৰচণ্ড শব্দ শুনা পাইছিল আৰু কেইছেকেণ্ডমানৰ ভিতৰতে সমগ্ৰ অট্টালিকাটো ভাঙি পৰে।

মুস্তাফাবাদ অঞ্চলত অট্টালিকাটো ভাঙি পৰাৰ চিচিটিভি ফুটেজো পোহৰলৈ আহিছে।চিচিটিভি ফুটেজত মাজনিশা অট্টালিকাটো তাচঘৰৰ দৰে খহি পৰা দেখিবলৈ পোৱা গৈছে।

৭ উইকেটত জয়লাভ দিল্লী কেপিটেলছৰ… একেৰাহে দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ছানৰাইজাৰ্ছ হায়দৰাবাদ

আই পি এলৰ এখন মেচত আজি দিল্লী কেপিটেলে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰিছে । চলিত ছিজনত হায়দৰাবাদৰ এয়া একেৰাহে দ্বিতীয়টো পৰাজয় । এই মেচখনত এছ আৰ এইচে প্ৰথমে বেটিং কৰি ১৬৩ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে দিল্লীয়ে ১৬ অভাৰতে বিজয় লক্ষ্যত উপনীত হয় । দিল্লী কেপিটেলছে একেৰাহে দ্বিতীয়টো জয় লাভ কৰিছে, য’ত ফাফ ডু প্লেছিছে অৰ্ধশতক অৰ্জন কৰিছে । ডু প্লেছিছৰ পঞ্চাশ ৰান আৰু অনিকেত বাৰ্মাৰ ৭৪ ৰানৰ সহায়ত দিল্লীয়ে মেচখনত বিজয় সাব্যস্ত কৰে ।

সহজেই লক্ষ্যত উপনীত হয় দিল্লী-

দিল্লী কেপিটেলছে ১৬৪ ৰানৰ লক্ষ্য লাভ কৰে । ইয়াৰ উত্তৰত জেক ফ্ৰেজাৰ মেকগাৰ্ক আৰু ফাফ ডু প্লেছিছে দিল্লীৰ হৈ বিস্ফোৰক আৰম্ভণি কৰে । মেকগাৰ্ক আৰু ডু প্লেছিছৰ মাজত ৮১ ৰানৰ অপেনিং অংশীদাৰিত্ব আছিল । মেকগাৰ্কে ৩৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ডু প্লেছিছে ২৭টা বলত ৫০ ৰানৰ ধুমুহাময় ইনিংছ খেলি দিল্লীৰ জয়ৰ ভেটি স্থাপন কৰে । এই ইনিংছত তেওঁ ৩টা চাৰি আৰু ৩টা ছয় কোবাই ।

দিল্লীৰ হৈ অভিষেক পোৰেলো জিলিকি উঠে, তেওঁ শেষত ছয় কোবাই দিল্লী কেপিটেলছৰ জয় নিশ্চিত কৰে । পোৰেলে ১৮টা বলত ৩৪ ৰানৰ অপৰাজিত ইনিংছ খেলে । একে সময়তে ট্ৰিষ্টান ষ্টাবছেও ১৪টা বলত ২১ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । আজি আই পি এল ২০২৫ত প্ৰথমখন মেচ খেলা কে এল ৰাহুলে ডাঙৰ ইনিংছ খেলাত ব্যৰ্থ হয় আৰু তেওঁ ৫ টা বলত ১৫ ৰান সংগ্ৰহ কৰি আউট হয় । ৫টা বলৰ চুটি ইনিংছত ৰাহুলে ২টা চাৰি আৰু এটা ছয় কোবাই ।

মিচেল ষ্টাৰ্কৰ পাঁচ উিকেট-

দিল্লী কেপিটেলছৰ জয়ৰ ভেটি স্থাপন কৰে মিচেল ষ্টাৰ্কে । তেওঁ ট্ৰেভিছ হেড, ঈশান কিষাণ আৰু নীতিশ কুমাৰ ৰেড্ডীকে ধৰি ৫ জন ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেটছমেনক আউট কৰে । ষ্টাৰ্কৰ উপৰিও দিল্লীৰ হৈ কুলদীপ যাদৱেও ৩টা উইকেট দখল কৰে । উল্লেখ্য যে ৫টা উইকেট দখল কৰি ষ্টাৰ্কে পাৰ্পল কেপৰ দৌৰত প্ৰথম স্থান লাভ কৰিছে ।

পুনৰ WPL চেম্পিয়ন হ’ল মুম্বাই ইণ্ডিয়ানছ…ছিন্নভিন্ন হৈ পৰিল দিল্লীৰ সপোন, একেৰাহে তৃতীয়বাৰৰ বাবে ফাইনেলত পৰাস্ত

উজ্জ্বল প্ৰদৰ্শনেৰে মহিলা প্ৰিমিয়াৰ লীগ (WPL) ২০২৫ত জয়লাভ কৰিবলৈ সক্ষম হৈছে মুম্বাই ইণ্ডিয়ানছ । ১৫ মাৰ্চত (দেওবাৰে) ব্ৰাবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক ৮ ৰানত পৰাস্ত কৰে । ফাইনেলত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক জয়ী হ’বলৈ ১৫০ ৰানৰ লক্ষ্য বান্ধি দিছিল যদিও দলটোৱে ৯ উইকেটত মাত্ৰ ১৪১ ৰানহে কৰিবলৈ সক্ষম হয় ।

হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছে দ্বিতীয়বাৰৰ বাবে WPL খিতাপ দখল কৰিছে । ইয়াৰ পূৰ্বে ২০২৩ চনত অনুষ্ঠিত হোৱা ডব্লিউ পি এলৰ প্ৰথম ছিজনতো জয়ী হৈছিল দলটো । আনহাতে, দিল্লী কেপিটেলছৰ দল একেৰাহে তৃতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাৰ ফাইনেলত পৰাস্ত হৈছে । উল্লেখ্য যে WPLৰ দ্বিতীয় ছিজনত দিল্লী কেপিটেলছক পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (RCB)য়ে জয়লাভ কৰিছিল ।

চূড়ান্ত খেলখনত লক্ষ্য খেদি যোৱাৰ সময়তে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাইছিল দিল্লী কেপিটেলছে । এটা সময়ত দিল্লী কেপিটেলছৰ স্ক’ৰ ৬ উইকেটৰ বিনিময়ত ৮৩ ৰান আছিল আৰু তেওঁলোকে ডাঙৰ পৰাজয়ৰ দিশে আগবাঢ়িছিল । কিন্তু দক্ষিণ আফ্ৰিকাৰ অল ৰাউণ্ডাৰ মাৰিজান কেপে ধুমুহাময় ইনিংছ খেলি মেচখনক এক ৰোমাঞ্চকৰ ৰূপলৈ লৈ যায় । অৱশ্যে ১৮ নং অভাৰত হেলি মেথিউছে কেপক আউট কৰি দিল্লীৰ আশাত চেঁচা পানী ঢালে ।

কেপে ৫টা চাৰি আৰু ২টা ৬ৰ সহায়ত ২৬টা বলত ৪০ ৰান সংগ্ৰহ কৰে । কেপৰ বাহিৰেও জেমিমা ৰড্ৰিগেছে ৩০ ৰান আৰু নিকি প্ৰসাদে ২৫ ৰানত অপৰাজিত হৈ থাকে । মুম্বাই ইণ্ডিয়ানছৰ হৈ নেট স্কাইভাৰ-ব্ৰাণ্টে সৰ্বাধিক তিনিটা উইকেট দখল কৰে । আনহাতে আমেলিয়া কেৰে দুটা সফলতা লাভ কৰে । ছাইকা ইছাক, হেলি মেথিউছ আৰু শ্বাবনিম ইছমাইলেও এটাকৈ সফলতা লাভ কৰে ।

শক্তিশালী ইনিংছ খেলে এম আইৰ অধিনায়ক হৰমনপ্ৰীতে-

ইয়াৰ পূৰ্বে টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত মুম্বাই ইণ্ডিয়ানছে ৭ উইকেট হেৰুৱাই ১৪৯ ৰান সংগ্ৰহ কৰে । অধিনায়ক হৰমনপ্ৰীত কৌৰে ৪৪টা বলত ৬৬ ৰানৰ সৰ্বোচ্চ ইনিংছ খেলে য’ত ৯টা চাৰি আৰু ২টা ছয় আছিল । একে সময়তে ইংলেণ্ডৰ অল-ৰাউণ্ডাৰ নেট স্কাইভাৰ-ব্ৰাণ্টে চাৰিটা চাৰিৰ সহায়ত ২৮টা বলত ৩০ ৰানৰ বৰঙণি আগবঢ়ায় । দিল্লী কেপিটেলছৰ হৈ জেছ জ’নাচেন, মাৰিজান কেপ আৰু নাল্লাপুৰেডী চৰণীয়ে দুটাকৈ উইকেট দখল কৰে । ইফালে এনাবেল চাথাৰলেণ্ডে সফলতা লাভ কৰে ।