বৰ্ণিহাটৰ পৰা দিল্লীলৈ… বিষাক্ত হৈ পৰিছে ভাৰতৰ এই ১৩খন চহৰৰ বায়ু

ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰদূষণে ভাৰতৰ বহু চহৰত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । পৰিস্থিতি এনেকুৱা হৈছে যে ২০২৪ চনত ভাৰতৰ ১৩খন চহৰ বিশ্বৰ ২০খন প্ৰদূষিত চহৰৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে । এই দাবী ছুইজাৰলেণ্ডৰ এয়াৰ কোৱালিটি টেকনলজি কোম্পানী ‘আই কিউ এয়াৰ’ৰ ৱৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট ২০২৪ত কৰা হৈছে । এই প্ৰতিবেদন অনুসৰি মেঘালয়ৰ বৰ্ণিহাট আটাইতকৈ প্ৰদূষিত চহৰ । ইয়াৰ লগতে দিল্লী বিশ্বজুৰি আটাইতকৈ প্ৰদূষিত ৰাজধানী হৈয়েই আছে । ২০২৩ চনত ৩য় স্থানৰ তুলনাত ২০২৪ চনত ভাৰত বিশ্বৰ ৫ম প্ৰদূষিত দেশ হিচাপে পৰিগণিত হৈছে ।

প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত, ২০২৪ চনত পি এম ২.৫ (২.৫ মাইক্ৰনতকৈ সৰু প্ৰদূষণ কণা)ৰ ঘনত্ব ৭ শতাংশ হ্ৰাস পাইছে, যি ২০২৩ চনত প্ৰতি ঘন মিটাৰত ৫৪.৫ মাইক্ৰ’গ্ৰামৰ পৰা প্ৰতি ঘন মিটাৰত ৫০.৬ মাইক্ৰ’গ্ৰামলৈ হ্ৰাস পাইছে । ইয়াৰ পিছতো দেশৰ ৩৫ শতাংশ চহৰত পি এম ২.৫ৰ মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাৰ সীমা প্ৰতি ঘনমিটাৰত ৫ মাইক্ৰ’গ্ৰামতকৈ ১০গুণ বেছি । দিল্লীত পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰিছে, য’ত ২০২৩ চনত বাৰ্ষিক গড় পি এম ২.৫ৰ ঘনত্ব প্ৰতি ঘনমিটাৰত ১০২.৪ মাইক্ৰ’গ্ৰামৰ পৰা ২০২৪ চনত প্ৰতি ঘনমিটাৰত ১০৮.৩ মাইক্ৰ’গ্ৰামলৈ বৃদ্ধি হৈছে ।

ভাৰতৰ প্ৰদূষিত চহৰৰ তালিকা-

ভাৰতৰ পৰা সৰ্বাধিক প্ৰদূষিত শীৰ্ষ ২০ খন চহৰৰ ভিতৰত বৰ্ণিহাট (মেঘালয়), দিল্লী, মুলনপুৰ (পাঞ্জাব), ফৰিদাবাদ, গুৰুগ্ৰাম (হাৰিয়ানা), লনী, নয়ডা, গ্ৰেটাৰ নয়ডা, মুজাফৰনগৰ (উত্তৰ প্ৰদেশ), গংগানগৰ, ভীৱাদী, আৰু হনুমানগড় (ৰাজস্থান) অন্যতম । বৰ্ণিহাটৰ উচ্চ মাত্ৰাৰ প্ৰদূষণৰ কাৰণ হৈছে স্থানীয় কাৰখানা, যেনে সুৰা উৎপাদন, লোহা আৰু তীখা উদ্যোগৰ পৰা নিৰ্গমন । চুবুৰীয়া দেশ পাকিস্তানৰ চাৰিখন চহৰ আৰু চীনৰ এখন চহৰো এই তালিকাত আছে ।

এই প্ৰতিবেদন ভাৰতৰ বাবে এক সতৰ্কবাণী যে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিক আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব লাগে । বিশেষজ্ঞসকলৰ মতে ঔদ্যোগিক নিৰ্গমন, যান-বাহনৰ ধোঁৱাৰ দৰে উৎসৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ অবিহনে পৰিস্থিতি উন্নত কৰাটো কঠিন ।

বছৰটোৰ ভিতৰতে দিল্লীত প্ৰদূষণে ভয়ংকৰ ৰূপ-

দিল্লীৰ বায়ু প্ৰদূষণ সমগ্ৰ বছৰটো এক গুৰুতৰ সমস্যা হৈয়েই আছে, যিটো শীতকালত আৰু অধিক বিপদজনক হৈ পৰে । প্ৰতিকূল বতৰ, যান-বাহনৰ ধোঁৱা, ধানৰ নৰা জ্বলোৱা, ফটকা আৰু অন্যান্য স্থানীয় উৎসৰ ধোঁৱাই বায়ুৰ গুণাগুণৰ অৱনতি ঘটায় । বিশেষজ্ঞসকলে কয় যে পি এম ২.৫ কণা হাওঁফাওঁ আৰু ৰক্তবাহী নলীত প্ৰৱেশ কৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগ, হৃদৰোগ আৰু কেন্সাৰ আদিৰ সৃষ্টি কৰিব পাৰে ।

১৫ বছৰ পুৰণি বাহনে নাপাব পেট্ৰ’ল-ডিজেল…চৰকাৰে ল’লে সিদ্ধান্ত

দিল্লী চৰকাৰে এতিয়া প্ৰতিটো ফ্ৰণ্টতে কঠোৰভাৱে কাম কৰা দেখা গৈছে । দিল্লী চৰকাৰে প্ৰদূষণ সন্দৰ্ভতো কাম আৰম্ভ কৰিছে । দিল্লী চৰকাৰৰ পৰিৱেশ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই আজি এই সন্দৰ্ভত চৰকাৰৰ পক্ষ দাঙি ধৰে । তেওঁ স্পষ্টকৈ কয় যে প্ৰথমে আমি দিল্লীৰ প্ৰদূষণ বন্ধ কৰিব লাগিব, তেতিয়াহে আমি আন ৰাজ্যক ক’ব পাৰিম ।

মঞ্জিন্দৰ সিং ছিৰছাই কয় যে দিল্লীত প্ৰদূষণৰ অন্ত পেলাবলৈ ১৫ বছৰীয়া বাহনসমূহে ১ এপ্ৰিলৰ পৰা পেট্ৰ’ল নাপাব । আমি এটা দল গঠন কৰিছো যিয়ে ১৫ বছৰীয়া বাহন চিনাক্ত কৰিব ।

তেওঁ কয় যে, গধুৰ বাহন সন্দৰ্ভত আমি প্ৰথমে তদন্ত কৰিম কোনখন বাহন দিল্লীত প্ৰৱেশ কৰিছে । নিৰ্ধাৰিত নিয়ম অনুসৰি দিল্লীত প্ৰৱেশ কৰিছে নে নাই ?  লগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বাগিচা অভিযানত অন্তৰ্ভুক্ত কৰা হ’ব ।

পৰিবেশ মন্ত্ৰীগৰাকীয়ে কয় যে দিল্লীত বহুতো বৃহৎ প্ৰতিষ্ঠান আছে, যিয়ে প্ৰদূষণৰ সৃষ্টি কৰে । আমি তেওঁলোকক প্ৰদূষণ হ্ৰাস কৰিবলৈ নতুন গেজেট স্থাপনৰ নিৰ্দেশনাও জাৰি কৰিছো ।

দিল্লীৰ ওখ অট্টালিকাত এণ্টি স্মোক গান স্থাপন কৰাটো বাধ্যতামূলক হ’ব । দিল্লীৰ সকলো বাণিজ্যিক কমপ্লেক্স আৰু হোটেলত স্মোক গান স্থাপন কৰাটো বাধ্যতামূলক হ’ব । দিল্লীৰ খালী ভূমিত নতুন বনাঞ্চলৰ সৃষ্টি কৰা হ’ব যাতে প্ৰদূষণ হ্ৰাস কৰিব পৰা যায় ।

মঞ্জিন্দৰ সিং ছিৰছাই কয় যে আমি ক্লাউড ছিডিঙৰ কামো আৰম্ভ কৰিম । দিল্লীত নিৰ্মাণ হৈ থকা নতুন ওখ অট্টালিকাসমূহৰ ক্ষেত্ৰতো নতুন নিয়ম প্ৰযোজ্য হ’ব । আমাৰ এটাই লক্ষ্য, প্ৰদূষণৰ সৃষ্টি কৰাজনেও সমাধান দিব । যেতিয়া আমি আমাৰ ৰাজ্যত প্ৰদূষণ কমাব পাৰিম তেতিয়াহে আমি আন ৰাজ্যক কব পাৰিম । দিল্লীৰ নিজা প্ৰদূষণো ৫০ শতাংশতকৈও অধিক । আমি আমাৰ কৰ্তৃপক্ষক জনাইছো যে চৰকাৰ সম্পূৰ্ণ সহায় আগবঢ়াবলৈ সাজু ।

দিল্লী বিধানসভাত উপস্থাপন কৰা হ’ব CAG ৰ প্ৰতিবেদন; এটা এটাকৈ খুল খাব নেকি আপ চৰকাৰৰ গভীৰ ৰহস্য?

দিল্লীৰ ক্ষমতা এতিয়া বিজেপিৰ হাতত আছে আৰু মুখ্যমন্ত্ৰী ৰেখা গুপ্তাj নতুন চৰকাৰ শাসনত আছে। ৰেখা গুপ্তাৰ চৰকাৰ গঠন হোৱাৰ পিছত সোমবাৰৰ পৰা দিল্লী বিধানসভাৰ প্ৰথম অধিৱেশন আৰম্ভ হৈছে।

আজি, মঙলবাৰে, বিধানসভাৰ প্ৰথম অধিৱেশনৰ দ্বিতীয় দিন, আৰু আজি বিধানসভাত CAG (কম্পট্ৰ’লাৰ এণ্ড অডিটৰ জেনেৰেল)ৰ প্ৰতিবেদন উপস্থাপন কৰা হ’ব পাৰে।

CAG প্ৰতিবেদন উপস্থাপনে দিল্লী বিধানসভা অধিৱেশনত হুলস্থূল সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। কোৱা হৈছে যে CAG ৰ প্ৰতিবেদনত ‘৬ ফ্লেগ ষ্টাফ ৰোড’ত অৱস্থিত মুখ্যমন্ত্ৰী বাসগৃহৰ, যাক চিচমেহেল বুলি কোৱা হয়।

সেই প্ৰসাদটোৰ নৱীকৰণ সন্দৰ্ভত গুৰুতৰ অনিয়ম উত্থাপন কৰা হৈছে। এই কাঁচৰ প্ৰসাদটোৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গুৰুতৰভাৱে অভিযুক্ত কৰা হৈছে।

উপস্থাপন কৰিবলগা চিএজি প্ৰতিবেদনত দাবী কৰা হৈছে যে এই কাঁচৰ প্ৰাসাদৰ নৱীকৰণত নিয়ম উলংঘন কৰা হৈছে।

ইমানেই নহয় লগতে এইটোও অভিযোগ উত্থাপিত হৈছে যে মুখ্যমন্ত্ৰী বাসভৱনত এটা শিবিৰ কাৰ্যালয় আৰু কৰ্মচাৰী খণ্ড অন্তৰ্ভুক্ত কৰা হৈছে।চিএজিৰ প্ৰতিবেদনে পূৰ্বৰ কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে এই সন্দৰ্ভত অভিযোগ প্ৰকাশ কৰিব পাৰে।

চি.এ.জি. প্ৰতিবেদনত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ মেৰামতি সম্পৰ্কীয় বিষয়বোৰো অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে অডিটৰ সময়ত প্ৰকল্পটোৰ পৰিকল্পনা, নিবিদা আৰু কাৰ্যকলাপত বৃহৎ পৰিমাণৰ অনিয়ম পোৱা গৈছে বুলি জনা গৈছে।

খবৰ পোৱা গৈছিল যে এই প্ৰকল্পটো ২০২০ চনত ৭.৬১ কোটি টকাত অনুমোদিত হৈছিল, কিন্তু ২০২২ চনৰ এপ্ৰিল মাহলৈ ইয়াৰ ব্যয় আছিল ৩৩.৬৬ কোটি টকা।

সুৰা নীতি কেলেংকাৰীৰ ওপৰত চিএজিৰ প্ৰতিবেদন

সুৰা নীতি প্ৰস্তুত কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ বিচৰা হৈছিল, কিন্তু তেওঁলোকৰ পৰামৰ্শবোৰ বিবেচনা কৰা হোৱা নাছিল।

যিবোৰ কোম্পানীৰ অভিযোগ আছিল বা লোকচানত চলি আছিল তেওঁলোককো অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছিল।

কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ওপৰত কেবিনেট আৰু এলজিৰ পৰা কোনো অনুমোদন লোৱা হোৱা নাই।

সুৰা নীতিৰ ত্ৰুটিৰ বাবে চৰকাৰে ২,০২৬ কোটি লোকচান কৰিছে।

কভিড ১৯-ৰ নামত ১৪৪কোটি অনুজ্ঞা মাচুল ৰেহাই দিয়া হৈছিল।

সুৰা নীতিৰ নিয়মবোৰ আনকি বিধানসভাতো উপস্থাপন কৰা হোৱা নাছিল।

দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে, বিজেপিয়ে অভিযোগ কৰি আহিছে যে আম আদমী পাৰ্টি চৰকাৰে চিএজিৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ অনুমতি দিয়া নাছিল।

বিজেপিয়ে লগতে দাবী কৰে যে আম আদমী পাৰ্টি চৰকাৰৰ সময়ত, তেওঁলোকে চিএজিৰ প্ৰতিবেদন মুকলি কৰাৰ বাবে নিৰন্তৰ দাবী কৰি আছিল, কিন্তু কোৱা হৈছিল যে সেইবোৰ লুকুৱাবলৈ অডিটত ইচ্ছাকৃতভাৱে পলম হৈছিল।

এই সন্দৰ্ভত, বিজেপিয়েও আদালতৰ দুৱাৰত টোকৰ মাৰিছিল। এতিয়া, দিল্লীত বিজেপি চৰকাৰ গঠন হোৱাৰ লগে লগে, নৱনিযুক্ত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ঘোষণা কৰে যে বিধানসভাৰ প্ৰথম অধিৱেশনতে চিএজিৰ প্ৰতিবেদন উপস্থাপন কৰা হ’ব।

বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত হ’ল আতিশী; আপৰ বিধায়িনী দলৰ বৈঠকত সিদ্ধান্ত

দিল্লী বিধানসভাত আতিশীক বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে। বিধানসভাৰ অধিৱেশন সোমবাৰৰ পৰা আৰম্ভ হৈছে। দেওবাৰে আম আদমী পাৰ্টিৰ বিধায়িনী দলৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছিল।

এই বৈঠকত অৰবিন্দ কেজৰিৱাল, আতিশী আৰু গোপাল ৰায়কে ধৰি দলটোৰ আন কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত আছিল। আম আদমী পাৰ্টিৰ সকলো বিধায়কে এই বৈঠকত অংশগ্ৰহণ কৰিছিল।

বৈঠকৰ পিছত, গোপাল ৰায়ে এখন সংবাদমেল অনুষ্ঠিত কৰে আৰু কয় যে আতিশী বিৰোধী দলৰ নেতা হ’ব। সকলো বিধায়কে তেওঁক নিৰ্বাচিত কৰিছে। আতিশী দিল্লীৰ মুখ্যমন্ত্ৰীও আছিল।

গোপাল ৰায়ে কৈছিল যে আম আদমী পাৰ্টীয়ে গুৰুত্বপূৰ্ণ কাম কৰিছে।তেওঁলোকৰ প্ৰতিৰক্ষা বজাই ৰখাটো আমাৰ দায়িত্ব। ইয়াৰ উপৰিও, বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি বোৰ পূৰণ কৰাটো আমাৰ বিৰোধী দলৰ নেতাৰ দ্বৈত দায়িত্ব হ’ব।

বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছত, আতিশীয়ে কয় যে দিল্লীৰ ৰাইজে আম আদমী পাৰ্টিক বিৰোধীৰ ভূমিকা প্ৰদান কৰিছে। শক্তিশালী বিৰোধীৰ অৰ্থ কি?আমি কাম কৰি এইটো প্ৰদৰ্শন কৰিম।

তেওঁ লগতে কৈছিল, ‘নিৰ্বাচনৰ পূৰ্বে মইয়েই অধ্যক্ষলৈ চিএজি প্ৰতিবেদন প্ৰেৰণ কৰিছিলো।’তেওঁলোকে এই প্ৰতিবেদনখন উপস্থাপন কৰিছে বুলি ভ্ৰম বিয়পাই আছে।

মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই এক্সন মুডত ৰেখা গুপ্তা; ৫ টাকৈ ডাঙৰ সিদ্ধান্ত

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে দ্ৰুত পদক্ষেপ লোৱা আৰম্ভ কৰিছে। এই সন্দৰ্ভত, ৰেখা গুপ্তাই পূৰ্বৰ চৰকাৰৰ সময়ত আন ঠাইত নিযুক্তি লাভ কৰা বিষয়া আৰু কৰ্মচাৰীসকলক তেওঁলোকৰ মূল কেডাৰলৈ পুনৰ প্ৰতিবেদন দিবলৈ কৈছে।

আম আদমী পাৰ্টি চৰকাৰৰ সময়ত আন ঠাইত নিযুক্তি পোৱা বিষয়া আৰু কৰ্মচাৰীসকলক তেওঁলোকৰ মূল বিভাগবোৰত তৎক্ষণাৎ প্ৰতিবেদন দিবলৈ কোৱা হৈছে।

ৰেখা গুপ্তাই কালি ৰামলীলা ময়দানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। সন্ধিয়াৰ পিছত, তেওঁ যমুনা পৰিদৰ্শন কৰিছিল আৰু তাত আৰতিও কৰিছিল।

ৰেখা গুপ্তা আৰু সকলো মন্ত্ৰীয়ে আজি পিডব্লিউডি আৰু দিল্লী পানী পৰিষদৰ বিষয়াসকলৰ সৈতে চহৰখনত ৰাস্তা আৰু পানী যোগানৰ অৱস্থা পৰ্যালোচনা কৰিবলৈ সাক্ষাৎ কৰিব।

ইয়াৰ পূৰ্বে কালি কেবিনেটে তেওঁলোকৰ প্ৰথম খন বৈঠকত আয়ুষ্মান ভাৰত স্বাস্থ্য বীমা আঁচনি ৰূপায়ণত অনুমোদন জনায়।

ইয়াৰ লগতে  মহিলা সমৃদ্ধি আঁচনিৰ বিষয়ে আলোচনা কৰে আৰু অষ্টম বিধানসভাৰ প্ৰথম অধিৱেশনত চিএজিৰ ১৪ টা অমীমাংসিত প্ৰতিবেদন উপস্থাপন কৰাৰ সিদ্ধান্ত লয়।

ৰেখা গুপ্তাই কয় যে পূৰ্বৰ আম আদমী পাৰ্টি চৰকাৰে চহৰখনত স্বাস্থ্য আঁচনি ৰূপায়ণ কৰিবলৈ অনুমতি দিয়া নাছিল, যাৰ ফলত মানুহে ইয়াৰ পৰা লাভান্বিত হোৱাত বাধা দিছিল।

তেওঁ কয়, “পূৰ্বৰ চৰকাৰে দিল্লীত আয়ুষ্মান ভাৰত আঁচনি বন্ধ কৰি দিছিল।”প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক সমগ্ৰ দেশতে কাৰ্যকৰী কৰিছিল আৰু এতিয়া আমি ইয়াক দিল্লীৰ বাবে অনুমোদন জনাইছো।

কেবিনেটে অনুমোদন জনোৱা আঁচনিখনৰ অধীনত, প্ৰতিজন হিতাধিকাৰীক মুঠ ১০ লাখ টকাৰ স্বাস্থ্য আৱৰণ প্ৰদান কৰা হ’ব, কেন্দ্ৰীয় আৰু দিল্লী চৰকাৰে প্ৰতিজনে ৫ লাখ টকাৰ বৰঙনি আগবঢ়াব।

তেওঁ কয়, “আনুষ্ঠানিকতা সমূহ শীঘ্ৰেই সম্পূৰ্ণ হ’ব আৰু শীঘ্ৰেই পৰিকল্পনাৰ ৰূপায়ণ আৰম্ভ হ’ব।” মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেবিনেটে নৱগঠিত অষ্টম দিল্লী বিধানসভাৰ প্ৰথম অধিৱেশনত দিল্লী চৰকাৰৰ প্ৰদৰ্শন সন্দৰ্ভত কম্পট্ৰ’লাৰ এণ্ড অডিটৰ জেনেৰেলৰ (চিএজি) ১৪ খন প্ৰতিবেদন উপস্থাপন কৰাৰ সিদ্ধান্ত লৈছে, যিটো পূৰ্বৰ ‘আপ’ চৰকাৰে স্থগিত কৰি ৰাখিছিল।

বৈঠকত দিল্লীত যোগ্য মহিলাসকলক মাহিলী ২,৫০০ টকাৰ সাহায্য প্ৰদান কৰাৰ বাবে মহিলা সমৃদ্ধি আঁচনিৰ বিষয়েও আলোচনা কৰা হয়।

৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ সময়ত এই আঁচনিখন বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি সমূহৰ ভিতৰত এটা আছিল।

তেওঁ কয়, “এই পুঁজিবোৰ কেনেকৈ আৰু ক’ত নিয়োজিত কৰিব লাগে সেই সন্দৰ্ভত আমাৰ যথেষ্ট আলোচনা হৈছিল, কিন্তু এইটো এনেকুৱা এটা বিষয় যাৰ বাবে অধিক আলোচনাৰ প্ৰয়োজন। ইয়াক পিছত চূড়ান্ত কৰা হ’ব। ’’

হঠাৎ অসুস্থ ছোনীয়া গান্ধী ; দিল্লীৰ গংগাৰাম হাস্পতালত ভৰ্তি

হঠাৎ অসুস্থ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী। বৃহস্পতিবাৰে নিশা দিল্লীৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় কংগ্ৰেছৰ নেত্ৰীগৰাকীক।

প্ৰাৰম্ভিক তথ্য অনুসৰি, ছোনিয়া গান্ধীক নিয়মীয়া পৰীক্ষাৰ বাবে ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।অৱশ্যে নেত্ৰীগৰাকীক আজি চিকিৎসালয়ৰ পৰা অব্যাহতি দিব পাৰে।

ছোনিয়া গান্ধীৰ বয়স ৭৮ বছৰ।বৰ্তমান চিকিৎসকৰ এটা দলৰ তত্বাৱধানত আছে কংগ্ৰেছৰ নেত্ৰীগৰাকী।

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ ৰেখা গুপ্তাৰ…

আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৰেখা গুপ্তাই । ৰামলীলা ময়দানত অনুষ্ঠিত এক বৃহৎ শপতগ্ৰহণ অনুষ্ঠানত দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি.কে. ছাক্সেনাই তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাই । দিল্লী ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত সৰ্বসন্মতিক্ৰমে দলৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছত তেওঁ চৰকাৰ গঠনৰ দাবী কৰে । মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ পিছত নতুন দিল্লীৰ আসনৰ পৰা অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰা প্ৰবেশ সিং বাৰ্মাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

ৰেখা গুপ্তাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত প্ৰবেশ বাৰ্মা, আশীষ সুদ, মঞ্জিন্দৰ সিং ছিৰছা, ৰবীন্দ্ৰ ইন্দ্ৰৰাজ, কপিল মিশ্ৰ আৰু পংকজ সিঙে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । শপতগ্ৰহণৰ বাবে তিনিটা পৃথক মঞ্চ প্ৰস্তুত কৰা হৈছে । মূল মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাজ্যপাল ভি কে ছাক্সেনা, মনোনীত মুখ্যমন্ত্ৰী আৰু তেওঁৰ কেবিনেট সতীৰ্থ, এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে ।

ৰেখা গুপ্তা দিল্লীৰ নৱম মুখ্যমন্ত্ৰী । শেহতীয়াকৈ সমাপ্ত হোৱা দিল্লী বিধানসভা নিৰ্বাচনত শালীমাৰ বাগৰ পৰা বিধায়িকা নিৰ্বাচিত হৈছে ৰেখা গুপ্তা । মদন লাল খুৰানা, চাহিব সিং বাৰ্মা আৰু সুষমা স্বৰাজৰ পিছত তেওঁ দিল্লীৰ চতুৰ্থ বিজেপি মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে । ইয়াৰ লগে লগে তেওঁ বৰ্তমান বিজেপিৰ শাসনত থকা যিকোনো ৰাজ্যৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীও হৈ পৰিছে ।

শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথকে ধৰি বিজেপিৰ বহু জ্যেষ্ঠ নেতা উপস্থিত থাকে । তদুপৰি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) শাসিত ৰাজ্যৰ বহু মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীও এই অনুষ্ঠানৰ সাক্ষী হয় ।

ৰামলীলা ময়দানত বহু গণ্যমান্য ব্যক্তিৰ লগতে বহু সংখ্যক সাধাৰণ লোকো উপস্থিত থাকে । বুধবাৰে বিজেপি বিধায়িনী দলৰ বৈঠকত অষ্টম দিল্লী বিধানসভা দলৰ সদনৰ নেত্ৰী নিৰ্বাচিত হয় ৫০ বছৰীয়া ৰেখা গুপ্তা । দিল্লী বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে ৭০খন আসনৰ ভিতৰত ৪৮খন আসন লাভ কৰি জয়লাভ কৰি আম আদমী পাৰ্টিৰ দশকজোৰা শাসনৰ অন্ত পেলায় ।

আজি দিল্লীৰ মুখ্যমন্ত্ৰী হ’ব ৰেখা গুপ্তা, নাম ঘোষণাৰ পূৰ্বে বিজেপিত আছিল এই ডাঙৰ দায়িত্বত

দিল্লীয়ে লাভ কৰিছে নতুন মুখ্যমন্ত্ৰী । ভাৰতীয় জনতা পাৰ্টিৰ নেত্ৰী ৰেখা গুপ্তাই বৃহস্পতিবাৰে (২০ ফেব্ৰুৱাৰী, ২০২৫) ৰামলীলা ময়দানত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিব । বিশেষ কথাটো হ’ল ৰেখা গুপ্তা দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী হ’ব, কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে ৰেখা গুপ্তাই দলত কি ডাঙৰ দায়িত্ব পালন কৰি আছিল, জানক ।
বিধায়িকা হোৱাৰ পূৰ্বে ৰেখা গুপ্তাই সাংগঠনিক পৰ্যায়তো গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালিছে । ৰেখা গুপ্তা মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী । দিল্লী বিজেপিৰ সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে তেওঁ । বিশেষ কথাটো হ’ল ৰেখা গুপ্তাই দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সক্ৰিয় সদস্য হিচাপে পৰিগণিত হোৱাৰ লগতে সংঘৰ কাৰ্যসূচীত প্ৰায়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা দেখা গৈছে ।

প্ৰথম দুটা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজয়ৰ সন্মুখীন হৈছিল-

২০১৫ চনৰ বিধানসভা নিৰ্বাচনত ৰেখা গুপ্তাই শালিমাৰ বাগ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ১১ হাজাৰ ভোটত পৰাস্ত হৈছিল । ২০২০ চনতো শালিমাৰ বাগৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও চাৰে চাৰি হাজাৰ ভোটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । ইয়াৰ পিছত ২০২২ চনত শালিমাৰ বাগ-বি ৱাৰ্ডৰ পৰা কাউন্সিলাৰ নিৰ্বাচিত হয় তেওঁ । ৰেখা গুপ্তাই ২০২৫ চনত এইবাৰ শালিমাৰ বাগ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল আৰু এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ ওলাইছে ।

মুখ্যমন্ত্ৰী পদৰ বাবে আছিল বহু প্ৰতিদ্বন্দ্বী-

দিল্লীত মুখ্যমন্ত্ৰী পদৰ বাবে বহু প্ৰতিদ্বন্দ্বী আছিল । আম আদমী পাৰ্টিৰ ডাঙৰ ডাঙৰ নেতাক পৰাস্ত কৰাৰ পিছত মুখ্যমন্ত্ৰী পদৰ বাবে নাম বিবেচনা কৰা হৈছিল বিজেপিৰ বহু প্ৰাৰ্থী । মুখ্যমন্ত্ৰী পদৰ প্ৰধান প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত প্ৰথম নাম আছিল নতুন দিল্লীৰ বিধানসভাৰ আসনৰ পৰা অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰা প্ৰৱেশ বাৰ্মা, তাৰ পিছতে ৰেখা গুপ্তাৰ নাম । বিজেন্দ্ৰ গুপ্তা আৰু সতীশ উপাধ্যায়ৰ নামো চৰ্চা চলিছিল ।

আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিব ৰেখা গুপ্তাই…

আজিৰে পৰা দিল্লীত আৰম্ভ হ’ব ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ । মাত্ৰ এদিন পূৰ্বে বিজেপিৰ বিধায়িনী দলৰ বৈঠকত ৰেখা গুপ্তা নেত্ৰী নিৰ্বাচিত হৈছিল । দিল্লীৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে ছয় মন্ত্ৰীয়েও পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰিব । মন্ত্রীসকলৰ নামো প্রকাশ কৰা হৈছে ৷ মন্ত্রীসকলৰ তালিকাত মুখ্যমন্ত্রীৰ প্রতিদ্বন্দ্বিতাত অংশগ্রহণ কৰা প্রৱেশ বার্মা আৰু আশীষ সুদৰ লগতে মঞ্জিন্দৰ সিং ছিৰছা, কপিল মিশ্র, পংকজ সিং আৰু ৰবীন্দ্র ৰাজৰ নাম সন্নিবিষ্ট কৰা হৈছে ৷

দিল্লী চৰকাৰত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবল গা ৬ জনৰ তালিকাত প্ৰথম নাম প্ৰবেশ বাৰ্মা । দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহিব সিং বাৰ্মাৰ পুত্ৰ প্ৰবেশ বাৰ্মা নিৰ্বাচনত দিল্লী বিধানসভাত বিজেপিৰ অন্যতম ডাঙৰ মুখ । নতুন দিল্লী বিধানসভাৰ আসনৰ পৰা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা মুখ্যমন্ত্ৰী প্ৰাৰ্থী অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰি তেওঁ বিধানসভাত উপস্থিত হয় । অৰবিন্দ কেজৰিৱালক পৰাজিত কৰি বিধানসভাত উপস্থিত হোৱাৰ পিছত প্ৰবেশক মুখ্যমন্ত্ৰী পদৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছিল । এতিয়া ৰেখা গুপ্তাৰ মন্ত্ৰীসভাত তেওঁ মন্ত্ৰী হ’বলৈ গৈ আছে ।