কোন হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী…বিজেপিয়ে দিব পাৰে চমক, আজি লোৱা হ’ব সিদ্ধান্ত

ৰামলীলা ময়দানত বিজেপিৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে । অৱশ্যে পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত এতিয়াও আলোচনা চলি আছে । বুধবাৰে সন্ধিয়ালৈ মুখ্যমন্ত্ৰীৰ নামত মোহৰ লগাৰ সম্ভাৱনা আছে ।

আজি বিধায়িনী দলৰ বৈঠক-

বহু বিধায়ক মুখ্যমন্ত্রী পদৰ দৌৰত নামিছে যদিও বুধবাৰে বিধায়িনী দলৰ বৈঠকত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ৷ ইয়াৰ পিছতে বিজেপিয়ে উপ-ৰাজ্যপাল ভি কে ছাক্সেনাক সাক্ষাৎ কৰি দিল্লীত চৰকাৰ গঠনৰ প্ৰস্তাৱ দাখিল কৰিব । নৱ-নিৰ্বাচিত বিজেপি বিধায়কৰ তালিকাও তেওঁক গতাই দিয়া হ’ব । ইয়াৰ পিছত লেফটেনেণ্ট গৱৰ্ণৰে প্ৰস্তাৱটো ৰাষ্ট্ৰপতিলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব ।

চৰ্চাত আছে এইসমূহ নাম-

বিজেপিৰ সূত্ৰই জনোৱা মতে, কেন্দ্ৰীয় দলৰ পৰা নিযুক্ত পৰ্যবেক্ষক বিধায়িনী দলৰ বৈঠকত উপস্থিত থাকিব যিয়ে এই প্ৰস্তাৱৰ বিষয়ে হাইকমাণ্ডক অৱগত কৰিব । লগতে নিয়ম উলংঘা নকৰাটোও নিশ্চিত কৰা হ’ব । মুখ্যমন্ত্রী পদৰ বাবে প্রৱেশ বার্মা, বিজেন্দ্র গুপ্তা, সতীশ উপাধ্যায়, পৱন শর্মা, আশীষ সুদ, ৰেখা গুপ্তা, শিখা ৰায়, ৰবীন্দ্র ইন্দ্রজ সিং আৰু কৈলাশ গংগোৱালৰ নাম চর্চা চলি আছে ৷ লগতে কোৱা হৈছে যে বিজেপিয়ে মুখ্যমন্ত্ৰী হিচাবে নতুন মুখ প্ৰকাশ কৰি আচৰিত কৰিব পাৰে । ৰাজস্থান, হাৰিয়ানা, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়তো এই ধৰণৰ ধাৰা দেখা গৈছে ।

ৰামলীলা ময়দানত অভূতপূৰ্ব নিৰাপত্তাৰ ব্যৱস্থা-

বৃহস্পতিবাৰে শপতগ্ৰহণৰ পিছত দিল্লীবাসীয়ে তেওঁলোকৰ নতুন মুখ্যমন্ত্ৰী লাভ কৰিব । বৃহস্পতিবাৰে অৰ্থাৎ ২০ ফেব্ৰুৱাৰীত ৰামলীলা ময়দানত অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীৰ বাবে প্ৰস্তুতি পূৰ্ণগতিত চলি আছে । শপতগ্ৰহণৰ পৰিপ্ৰেক্ষিতত দিল্লী আৰক্ষীয়ে সভাস্থলীত অভূতপূৰ্ব নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ।

বহু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিব অংশগ্ৰহণ-

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও বিজেপি-এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । এনে পৰিস্থিতিত দিল্লী আৰক্ষীয়ে নিৰাপত্তাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে । যিহেতু এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী উপস্থিত থাকিব, সেয়েহে তেওঁৰ নিৰাপত্তাৰ বাবে এছ পি জি উপস্থিত থাকিব ।

দিল্লীত বিস্ফোৰক প্ৰত্যাৱৰ্তনক স্মৰণীয় কৰি তুলিবলৈ সাজু বিজেপি…নেতা, ধৰ্মীয় গুৰু আৰু শিল্পীৰ সমাহাৰেৰে বৰ্ণিল অনুষ্ঠান

দিল্লীত শপতগ্ৰহণ অনুষ্ঠান স্মৰণীয় কৰি তুলিবলৈ সাজু হৈছে বিজেপি । বৈঠকৰ সমান্তৰালকৈ বিজেপি নেতাসকলে সভাস্থলী ৰামলীলা ময়দান পৰিদৰ্শন কৰিছে । ৰাজভৱনৰ পৰাও শপতগ্ৰহণ স্থলী নিৰীক্ষণ কৰা হৈছে ।

সভাস্থলীত টেণ্ট আৰু চোফা স্থাপন কৰা হৈছে । অতিথিসকলক বহিব পৰাকৈ বহু সংখ্যক চকী আৰু এল ই ডি স্ক্ৰীণ স্থাপন কৰা হৈছে । ৰামলীলা ময়দানৰ সীমা দেৱালত নতুনকৈ ৰং কৰা হৈছে ।

পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’ব শপতগ্ৰহণ অনুষ্ঠান । মঙলবাৰে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘ, বিনোদ তাৱদে, ৰাজ্যিক বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে সেই স্থানত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় ।

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তো এখন বৈঠক অনুষ্ঠিত হয় । বিজেপি নেতাসকলে কয় যে শপতগ্ৰহণ অনুষ্ঠান ঐতিহাসিক আৰু স্মৰণীয় হ’ব । বীৰেন্দ্ৰ সচদেৱ আৰু তৰুণ চুঘেও লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাক সাক্ষাৎ কৰে ।

ৰামলীলা ময়দানত তিনিখন মঞ্চ প্ৰস্তুত কৰা হৈছে । মোদী, অমিত শ্বাহ, যোগী আদিত্যনাথকে ধৰি ৫০জনৰো অধিক উচ্চ নিৰাপত্তা থকা নেতা ৰামলীলা ময়দানত উপস্থিত হ’ব ।

এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকলৰ লগতে কেন্দ্রীয় কেবিনেট এখন মঞ্চত বহিব, আনহাতে নৱ-নির্বাচিত বিজেপি বিধায়কসকলে দ্বিতীয়খন মঞ্চত বহিব আৰু তৃতীয়খন মঞ্চত সন্ত আৰু চলচ্চিত্ৰ অভিনেতাকে ধৰি বিশেষ অতিথিসকলক দেখা যাব ৷

বৰ্ণিল অনুষ্ঠানৰ আয়োজন কৰা হ’ব-

অনুষ্ঠানৰ পূৰ্বে সাংস্কৃতিক কাৰ্যসূচীও হ’ব । কৈলাশ খেৰে অনুষ্ঠান পৰিৱেশন কৰাৰ সম্ভাৱনা আছে । কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ হিতাধিকাৰী শ্ৰেণীৰ লোককো আমন্ত্ৰণ জনোৱা হৈছে । ইয়াত লাডলী-বেহনাসকলকো নিমন্ত্ৰণ কৰা হৈছে ।

মুম্বাইৰ বিখ্যাত উদ্যোগপতি, কৃষক, চলচ্চিত্ৰ তাৰকা অক্ষয় কুমাৰকে ধৰি প্ৰায় ৩০ হাজাৰ লোকক আমন্ত্ৰণ জনোৱা হৈছে । বাবা ধীৰেন্দ্ৰ শাস্ত্ৰীকে ধৰি অন্যান্য ধৰ্মগুৰুসকলকো শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে ।

তাৰিখ একেই, সময় নতুন ! ৰামলীলা ময়দানত কেতিয়া শপত গ্ৰহণ কৰিব দিল্লীৰ নতুন মুখ্যমন্ত্ৰীয়ে…

দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ সময় সলনি হৈছে । ইয়াৰ পূৰ্বে ২০ ফেব্ৰুৱাৰীত বিয়লি ৪.৩০ বজাত দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া এই কাৰ্যসূচী পুৱা ১১ বজাত হ’ব বুলি নিৰ্ধাৰণ কৰা হৈছে । শপত গ্ৰহণৰ সময় নিশ্চিতভাৱে সলনি কৰা হৈছে যদিও তাৰিখ একেই আছে । অৰ্থাৎ এতিয়া ২০ ফেব্ৰুৱাৰীৰ পুৱা ১১ বজাত নতুন দিল্লীৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে । অনুষ্ঠানৰ স্থান (ৰামলীলা ময়দান) নিৰ্ধাৰণ কৰা হৈছে । কিন্তু এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ নামক লৈ কোনো ঘোষণা কৰা হোৱা নাই । কাইলৈ ​​(১৯ ফেব্ৰুৱাৰী) অনুষ্ঠিত হ’বলগীয়া বিধায়িনী দলৰ বৈঠকত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হ’ব বুলি আশা কৰা হৈছে ।

বুধবাৰৰ ​​নিশাৰ পৰা বন্ধ থাকিব ৰামলীলা ময়দানলৈ যোৱা পথ-

জানিব পৰা গৈছে যে ১৯ ফেব্ৰুৱাৰীৰ নিশাৰ পৰা ৰামলীলা ময়দানলৈ যোৱা সকলো পথ বন্ধ থাকিব । কেৱল ভি ভি আই পি বাহনৰ প্ৰৱেশৰ অনুমতি দিয়া হ’ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি ৫০জনৰো অধিক উচ্চ নিৰাপত্তা থকা নেতা ৰামলীলা ময়দানত উপস্থিত হ’ব । ২০খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও এই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব । সকলো কেন্দ্ৰীয় মন্ত্ৰী আৰু এন ডি এৰ নেতাকো এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হৈছে ।

শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব ৫০ গৰাকী চলচ্চিত্ৰ তাৰকা

শপতগ্ৰহণৰ পূৰ্বে ৰামলীলা ময়দানৰ মঞ্চত সংগীত আৰু গীতৰ বৰ্ণিল অনুষ্ঠান অনুষ্ঠিত হ’ব । কৈলাশ খেৰে অনুষ্ঠান পৰিৱেশন কৰিব । চলচ্চিত্ৰ তাৰকা অক্ষয় কুমাৰ, বিবেক অবেৰয়, হেমা মালিনী, কৈলাশ খেৰকে ধৰি ৫০ জনৰো অধিক চলচ্চিত্ৰ তাৰকা উপস্থিত থাকিব এই অনুষ্ঠানত । মুম্বাইৰ বিখ্যাত উদ্যোগপতি মুকেশ আম্বানী, গৌতম আদানীকে ধৰি এক ডজন উদ্যোগপতিও ৰামলীলা ময়দানত উপস্থিত থাকিব । ইয়াৰ উপৰিও বাবা ৰামদেৱ, স্বামী চিদানন্দ, বাবা বাগেশ্বৰ ধীৰেন্দ্ৰ শাস্ত্ৰীকো শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে ।

লাদলী বেহনাকে ধৰি ৩০ হাজাৰ অতিথি আমন্ত্ৰণ-

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে নিয়োজিত অন্যান্য ৰাজ্যৰ বিজেপি নেতা-কৰ্মীকো আমন্ত্ৰণ জনাইছে । লাডলী বেহনা, কৃষককো এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে । প্ৰায় ৩০ হাজাৰ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে । এন ডি এ গঠনকাৰী দলসমূহৰ নেতাসকলকো আমন্ত্ৰণ জনোৱা হ’ব ।

পুৱাই কঁপি উঠিল ৰাজধানী ; ভূপৃষ্ঠৰ পৰা মাত্ৰ….

সোমবাৰে ৰাতিপুৱাই দিল্লীত ভূমিকম্পৰ তীব্ৰ কম্পন অনুভৱ কৰা হৈছিল। ভূমিকম্পটো ইমান তীব্ৰ আছিল যে স্থানীয় লোকসকল ঘৰৰ পৰা ওলাই আহিছিল।

ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল দিল্লী এনচিআৰ আছিল আৰু ই ভূ পৃষ্ঠৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰ গভীৰ আছিল। এইকাৰণে দিল্লীত তীব্ৰ কম্পন অনুভৱ কৰা হৈছিল।

ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰৰ মতে, পুৱা ৫:৩৬ বজাত নতুন দিল্লীত কম্পন অনুভৱ কৰা হৈছিল। ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত ৪.০ প্ৰাবল্য আছিল।

দিল্লীৰ লগতে হাৰিয়ানা আৰু পঞ্জাৱৰ কিছুমান অঞ্চলটো কম্পন অনুভৱ কৰা হৈছিল।অৱশ্যে ভূমিকম্পৰ ফলত কোনো লোক হতাহত হোৱা নাই।

নতুন দিল্লী ৰে’ল ষ্টেচনত ৰে’লৰ বাবে অপেক্ষা কৰি থকা এজন যাত্ৰীয়ে কয় যে, “ভূমিকম্পটো অলপ সময়ৰ বাবে আছিল, কিন্তু তীব্ৰতা যথেষ্ট বেছি আছিল। এনে লাগিছিল যেন এখন ৰে’ল অতি তীব্ৰ গতিত আহি আছে।”

এনে ভূমিকম্প সাধাৰণতে গভীৰ ভূমিকম্পতকৈ অধিক বিপদজনক। ইয়াৰ কাৰণ হৈছে অগভীৰ ভূমিকম্পই পৃষ্ঠৰ ওচৰত অধিক শক্তি মুকলি কৰে, যাৰ ফলত তীব্ৰ জোকাৰণি হয় ।

এইবাৰ দিল্লীতো একেই ঘটিছে।ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল দিল্লীৰ দুৰ্গাবাই দেশমুখ বিশেষ শিক্ষা মহাবিদ্যালয়ৰ ওচৰত আৰু ভূপৃষ্ঠৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰ তলত আছিল। এইকাৰণে কম্পনটো অলপ সময়ৰ বাবে অনুভৱ কৰা হৈছিল।

১৮ ফেব্ৰুৱাৰীত দিল্লীত শপতগ্ৰহণ অনুষ্ঠান…সোমবাৰে চূড়ান্ত হ’ব​​ মুখ্যমন্ত্ৰীৰ নাম

দিল্লীত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ তাৰিখ ঘোষণা কৰা হৈছে । দিনৰ ১২ বজাত ৰাজধানীৰ ৰামলীলা ময়দানত শপত গ্ৰহণ কৰিব দিল্লীৰ নতুন মুখ্যমন্ত্ৰীয়ে । ইয়াৰ পূৰ্বে সোমবাৰে (১৭ ফেব্ৰুৱাৰী) বিজেপি বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হ’ব, য’ত মুখ্যমন্ত্ৰী নিৰ্বাচিত হ’ব ।

দৰাচলতে বিজেপিয়ে সোমবাৰে (১৭ ফেব্ৰুৱাৰী) বিধায়িনী দলৰ এখন বৈঠক আহ্বান কৰিছে য’ত মুখ্যমন্ত্ৰীৰ নাম নিৰ্ণয় কৰা হ’ব । ইতিমধ্যে সকলো বিধায়কক এই বিষয়ে অৱগত কৰা হৈছে । এই বৈঠক দিল্লী ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হ’ব । ১৯ তাৰিখে কেশৱ কুঞ্জৰ নতুন কাৰ্যালয় উদ্বোধন কৰা হ’ব । সংঘৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিজেপিৰ নতুন মুখ্যমন্ত্ৰীয়ে ।

১০ দিনৰ পিছত হ’ব শপত গ্ৰহণ-

উল্লেখ্য যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দহ দিনৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব । ৫ ফেব্ৰুৱাৰীত দিল্লীত বিধানসভা নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়, যাৰ ফলাফল ৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা হৈছিল । কিন্তু নির্বাচনৰ ফলাফল ঘোষণাৰ এসপ্তাহৰ পাছতো মুখ্যমন্ত্রীৰ নাম বিজেপিয়ে ঘোষণা কৰা নাই ৷

সোমবাৰে শেষ হ’ব উৎকণ্ঠাৰ-

সোমবাৰে (১৭ ফেব্ৰুৱাৰী) দিল্লীৰ মুখ্যমন্ত্ৰী পদক লৈ চলি থকা জল্পনা-কল্পনা তথা উৎকণ্ঠা শেষ হ’ব । সোমবাৰে বিধায়িনী দলৰ বৈঠকৰ পিছত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হ’ব আৰু আগন্তুক পাঁচ বছৰৰ বাবে দিল্লীৰ কমাণ্ড কাক দিয়া হ’ব সেয়া স্পষ্ট হ’ব ।

কোন হ’ব মুখ্যমন্ত্ৰী ?

নিৰ্বাচনৰ ফলাফলৰ পিছৰে পৰা দিল্লীৰ ৰাজনৈতিক মহলত মুখ্যমন্ত্ৰী পদৰ বাবে বহু প্ৰতিদ্বন্দ্বীৰ নাম লৈছে বিজেপিয়ে । অৱশ্যে বিজেপিৰ বহু জ্যেষ্ঠ নেতাই কয় যে মুখ্যমন্ত্ৰীগৰাকী বিজেপিৰ ৪৮জন বিধায়কৰ ভিতৰত এজন হ’ব । এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰী কোন হ’ব সেয়া হ’ব লক্ষণীয় ।

কোন হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?  চৰ্চাত আছে প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা এই নেতাসকলৰ নামো

৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা হৈছিল দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল । এই নিৰ্বাচনত স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিজেপিয়ে । কিন্তু ফলাফল ঘোষণাৰ এটা সপ্তাহ পাৰ হৈ যোৱাৰ পিছতো মুখ্যমন্ত্ৰীৰ মুখ এতিয়াও চূড়ান্ত হোৱা নাই । তাৰ মাজতে এতিয়া নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি তীব্ৰতৰ হৈ পৰিছে । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ ভ্ৰমণৰ পৰা দিল্লীলৈ উভতি আহিছে । প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰীৰ মুখ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব বুলি ধাৰণা কৰা হৈছে । সেয়ে প্ৰধানমন্ত্ৰীৰ প্ৰত্যাৱৰ্তনৰ বাবে অপেক্ষা কৰি আছিল বিজেপি নেতাসকলে । এতিয়া শপতগ্ৰহণ আৰু ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ মুখ সন্দৰ্ভত সিদ্ধান্তৰ অপেক্ষাত আছে সকলো ।

উল্লেখ্য যে, ১৯ বা ২০ ফেব্ৰুৱাৰীত দিল্লীত শপতগ্ৰহণ অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে । আজি ১৫ জানুৱাৰী । অৰ্থাৎ ৫ দিনৰ ভিতৰত দিল্লীয়ে নতুন মুখ্যমন্ত্ৰী পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । ১৭ বা ১৮ ফেব্ৰুৱাৰীত বিজেপি বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হ’ব পাৰে, য’ত মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত হ’ব পাৰে বুলিও তথ্য পোৱা গৈছে । সূত্ৰ অনুসৰি ৪৮ জনৰ ভিতৰত ১৫ জন বিধায়কৰ নাম চৰ্টলিষ্ট কৰা হৈছে আৰু তাৰ ভিতৰত ৯ জন বিধায়কৰ নাম চৰ্টলিষ্ট কৰা হ’ব । তাৰ পিছত সেই ৯ জনৰ মাজৰ পৰাই মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু অধ্যক্ষৰ নাম নিৰ্ণয় কৰা হ’ব ।

এই নামবোৰৰ আলোচনা তীব্ৰতৰ হৈ পৰিছে-

বৰ্তমান মুখ্যমন্ত্ৰী পদৰ বাবে যিবোৰ নাম চৰ্চিত হৈছে সেইবোৰৰ ভিতৰত ৰেখা গুপ্তা, শিখা ৰায়, প্ৰৱেশ বাৰ্মা, মোহন সিং বিষ্ট, বিজেন্দ্ৰ গুপ্তা, সতীশ উপাধ্যায়, আশীষ সুদ আৰু পৱন শৰ্মাৰ দৰে নাম ।

ৰেখা গুপ্তা আৰু শিখা ৰায়…

ৰেখা গুপ্তা আৰ এছ এছৰ বেকগ্ৰাউণ্ডৰ পৰা আহিছে । শালিমাৰ বাগ আসনৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাবে নিৰ্বাচিত হৈছে তেওঁ । তেওঁ দিল্লী পৌৰ নিগমৰ তিনিবাৰৰ কাউন্সিলাৰ আছিল । আন এটা নাম হৈছে শিখা ৰায়, যি তিনিটা কাৰ্যকালৰ বাবে বিধায়ক হৈ আছে । এইবাৰ তেওঁ বৃহত্তৰ কৈলাশ আসনৰ পৰা কেবিনেট মন্ত্ৰী সৌৰভ ভৰদ্বাজক পৰাস্ত কৰিছিল ।

প্ৰবেশ বাৰ্মাও আছে এই দৌৰত-

এইবাৰ দিল্লীৰ হৈ যুঁজত আটাইতকৈ গুৰুত্বপূৰ্ণ মুখ হিচাপে পৰিগণিত হোৱা প্ৰবেশ বাৰ্মাও এই দৌৰত আছে । নতুন দিল্লীৰ আসনৰ পৰা নিৰ্বাচনত কেজৰিৱালক পৰাস্ত কৰিছে তেওঁ । দুবাৰকৈ বিধায়ক আৰু দুবাৰ সাংসদ হৈ আহিছে তেওঁ । তেওঁ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহিব সিং বাৰ্মাৰ পুত্ৰ ।

৬ বাৰৰ বিধায়ক মোহন সিং বিষ্ট-

৬ বাৰৰ বিধায়ক মোহন সিং বিষ্টৰ নামো এই দৌৰত আছে । মূলতঃ উত্তৰাখণ্ডৰ বিষ্টে ছাত্ৰ জীৱনত আৰ এছ এছত যোগদান কৰিছিল ।

বিজেন্দৰ গুপ্তাৰ নামো আছে…

দিল্লী বিজেপিৰ ডাঙৰ মুখ বুলি গণ্য কৰা বিজেন্দ্ৰ গুপ্তাও এই দৌৰত আছে । তেওঁ একেৰাহে তিনিবাৰৰ বিধায়ক । তেওঁ দিল্লী বিজেপিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে । তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰো সদস্য ।

কোন সতীশ উপাধ্যায়-

একে সময়তে সতীশ উপাধ্যায়ো প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত আছে । ব্ৰাহ্মণ মুখ হোৱাৰ বাবে এইবাৰ নিৰ্বাচনতো জয়ী হৈছে তেওঁ । ইয়াৰ পূৰ্বে তেওঁ দিল্লী বিজেপিৰ ৰাজ্যিক সভাপতিও আছিল । ইয়াৰ বাহিৰেও আন এটা নাম হৈছে প্ৰথমবাৰৰ বাবে বিধায়ক হোৱা আশীষ সুদৰ । বৰ্তমান তেওঁ গোৱা বিজেপিৰ দায়িত্বত আছে আৰু জম্মু-কাশ্মীৰত বিজেপিৰ সহ-প্ৰভাৰী । নৱ-নিৰ্বাচিত বিধায়ক পৱন শৰ্মাৰ নামো আগবাঢ়িছে । এইবাৰ তেওঁ উত্তম নগৰৰ পৰা বিধায়ক নিৰ্বাচিত হৈছে ।

আচলতে দিল্লীত বিজেপিৰ মুখ্যমন্ত্ৰী কোন হ’ব সেই চৰ্চা এতিয়াও চলি আছে কাৰণ নিৰ্বাচনৰ সময়ত বিজেপিয়ে কোনো মুখ ঘোষণা কৰা নাছিল ।

কোন হ’ব ৰাজধানীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী…ইয়াতো বিজেপিয়ে ল’ব নেকি আশ্চৰ্যকৰ সিদ্ধান্ত ? চৰ্চাত কোন কোন ?

দিল্লীত আম আদমী পাৰ্টিক পৰাস্ত কৰি ২৭ বছৰীয়া ক্ষমতাৰ পৰা নিৰ্বাসনৰ অন্ত পেলোৱাৰ পিছত বিজেপিৰ বাবে পৰৱৰ্তী প্ৰত্যাহ্বান হৈছে মুখ্যমন্ত্ৰী বাছনি কৰা । ইতিমধ্যে বহু প্ৰতিদ্বন্দ্বীৰ নামো চৰ্চালৈ আহিবলৈ আৰম্ভ কৰিছে । কোৱা হৈছে যে বিজেপিৰ শীৰ্ষ নেতৃত্বই হয়তো নতুন দিল্লীৰ আসনত অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰা প্ৰৱেশ বাৰ্মাক পুৰস্কৃত কৰিব পাৰে আৰু তেওঁ দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত আগবাঢ়ি আছে । নিৰ্বাচনৰ ফলাফলৰ লগে লগে প্ৰবেশ বাৰ্মা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰিবলৈ যায় । ইয়াৰ পিছতে তেওঁ বিজেপিৰ নৱনিৰ্বাচিত একাংশ বিধায়কৰ লগতে উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাক সাক্ষাৎ কৰিবলৈ দিল্লী ৰাজ নিৱাসতো উপস্থিত হয় ।

কিন্তু যোৱা কিছু বছৰত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ মনত কি চলি আছে সেয়া অনুমান কৰিবলৈ ৰাজনৈতিক বিশ্লেষক আৰু সাংবাদিকসকলৰ বাবে কঠিন হৈ পৰিছে । বিগত কেইবাবাৰো এনেকুৱা হৈছে যে সংবাদ মাধ্যমত কিছু নাম চৰ্চা হ’লে ভাৰতীয় জনতা পাৰ্টিয়ে অচিনাকি মুখ এখন আগবঢ়াই সকলোকে আচৰিত কৰি তোলে । শেহতীয়াকৈ যেতিয়া মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত বিজেপিয়ে জয়লাভ কৰিছিল, তেতিয়া মুখ্যমন্ত্ৰী পদৰ বাবে সংবাদ মাধ্যমত পৰিচিত নাম চৰ্চিত হৈছিল । কিন্তু বিজেপিয়ে এনে নেতাক তিনিওখন ৰাজ্যতে মুখ্যমন্ত্রী পদত অধিষ্ঠীত কৰিলে, যিটো কোনেও অনুমান কৰিব পৰা নাছিল । ছত্তীশগড়ত বিজেপিয়ে চৰকাৰৰ নেতৃত্ব বিষ্ণু দেৱ ছাইক, মধ্যপ্ৰদেশত মোহন যাদৱক আৰু ৰাজস্থানত ভজনলাল শৰ্মাৰ হাতত অৰ্পণ কৰে ।

দিল্লীত মুখ্যমন্ত্ৰী পদৰ বাবে এই নামসমূহৰ চৰ্চা-

১৯৯৩ চনৰ পৰা ১৯৯৮ চনৰ ভিতৰত বিজেপিয়ে শেষবাৰৰ বাবে দিল্লীত ক্ষমতা দখল কৰিছিল । এই ৫ বছৰৰ সময়ছোৱাত দলটোৱে ৩ জনক মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠীত কৰিছিল – মদন লাল খুৰানা, চাহিব সিং বাৰ্মা আৰু সুষমা স্বৰাজ । এই মুহূৰ্তত দিল্লীত চৰ্চা চলি থকা নামসমূহৰ ভিতৰত আছে প্ৰবেশ বাৰ্মাৰ উপৰিও আৰ এছ এছৰ বিশেষ অজয় ​​মহাৱাৰ, পূৰ্বাঞ্চলি অভয় বাৰ্মা আৰু পংকজ সিং, বিজেপিৰ তিনিবাৰৰ বিধায়ক বিজেন্দ্ৰ গুপ্তা আৰু এ বি ভি পিৰ প্ৰাক্তন নেতা তথা এন ডি এম চিৰ উপাধ্যক্ষ সতীশ উপাধ্যায় । দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱৰ নামো চৰ্চা চলি আছে । এই সন্দৰ্ভত সোধাত সচদেৱে কয়, ‘দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব কেৱল বিজেপি কৰ্মী আৰু কেন্দ্ৰীয় নেতৃত্বই এই সিদ্ধান্ত ল’ব ।’

অৰাজকতা আৰু অহংকাৰৰ পৰাজয় হৈছে…বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী

দিল্লী বিধানসভা নিৰ্বাচনত দৰ্শনীয় প্ৰদৰ্শনৰ পিছত সমগ্ৰ দেশতে বিজেপি কৰ্মীসকলে ঢাক-ঢোল বজাই বিজয় উৎসব উদযাপন কৰিছে । ভাৰতীয় জনতা পাৰ্টিয়ে ২৭ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই বিপুল সংখ্যাগৰিষ্ঠতাৰে দিল্লীত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়, য’ত তেওঁক উষ্ম আদৰণি জনোৱা হয় ।

দিল্লীয়ে মুকলিকৈ দিলে সমৰ্থন- প্ৰধানমন্ত্ৰী মোদী

‘ভাৰত মাতা কি জয়, যমুনা মাইয়া কি জয়’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ আৰম্ভ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি দিল্লীৰ জনসাধাৰণৰ মাজত উৎসাহ আৰু শান্তি বিৰাজ কৰিছে । দিল্লী আপ-দা মুক্ত হৈ পৰিছে । দিল্লীবাসীক বিজেপিক সেৱাৰ সুযোগ দিবলৈ অনুৰোধ কৰিছিলোঁ । মোদীৰ নিশ্চয়তাক বিশ্বাস কৰা দিল্লীৰ প্ৰতিটো পৰিয়ালক মই শিৰনত কৰি প্ৰণাম জনাইছো । দিল্লীয়ে আমাক মুকলিকৈ মৰম দিছে । আমি দ্ৰুত উন্নয়ন আনি দিল্লীবাসীৰ ঋণ পৰিশোধ কৰিম

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মই দিল্লীৰ প্ৰতিজন বাসিন্দালৈ এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু আপোনালোক সকলোৱে প্ৰতিটো পৰিয়াললৈ এই পত্ৰ প্ৰেৰণ কৰিছিল । মই দিল্লীলৈ প্ৰাৰ্থনা কৰিছিলোঁ যে বিজেপিক একবিংশ শতিকাত সেৱা আগবঢ়োৱাৰ সুযোগ দিয়ক, বিজেপিক দিল্লীক উন্নত ভাৰতৰ উন্নত ৰাজধানী হিচাপে গঢ়ি তোলাৰ সুযোগ দিয়ক । মই দিল্লীৰ প্ৰতিটো পৰিয়ালক মোদীৰ নিশ্চয়তাক বিশ্বাস কৰাৰ বাবে প্ৰণাম জনাইছো ।”

দিল্লী এখন মিনি ইণ্ডিয়া- প্ৰধানমন্ত্ৰী মোদী

কৰ্মীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “দিল্লী কেৱল এখন চহৰ নহয়, বৰঞ্চ মিনি হিন্দুস্তান । এয়া এখন ক্ষুদ্ৰ ভাৰত । দিল্লীয়ে ভাৰতৰ ধাৰণাটো সম্পূৰ্ণ মনোভাৱৰ সৈতে মূৰ্ত কৰি তুলিছে । এক প্ৰকাৰে দিল্লী হৈছে বৈচিত্ৰ্যৰে ভৰা ভাৰতৰ ক্ষুদ্ৰ ৰূপ । আজি এই বৈচিত্ৰ্যপূৰ্ণ দিল্লীয়ে বিজেপিক এক বৃহৎ আদেশেৰে আশীৰ্বাদ দিলে । প্ৰতিটো ভাষাৰ, প্ৰতিখন ৰাজ্যৰ মানুহে পদুমৰ চিহ্নৰ বুটাম টিপিলে ।”

ভাষণত পূৰ্বাঞ্চলৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ কয়, “নিৰ্বাচনী প্ৰচাৰৰ সময়ত মই য’তেই গৈছিলো, মই গৌৰৱেৰে কৈছিলো যে মই পূৰ্বাঞ্চলৰ এজন সাংসদ । পূৰ্বাঞ্চলৰ ৰাইজে এই সম্পৰ্কক নতুন শক্তি প্ৰদান কৰিলে । সেয়ে মই সাংসদ হিচাপে পূৰ্বাঞ্চলৰ ৰাইজক বিশেষভাৱে ধন্যবাদ জনাইছো । আমি দিল্লীক আধুনিক চহৰ কৰিম । ৰাস্তা-ঘাট সন্দৰ্ভত আমাৰ কাম ৰাইজে দেখিছে ।”

মিল্কিপুৰত বিজেপিৰ বিজয় সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য-

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “অযোধ্যাৰ মিল্কিপুৰতো বিজেপিয়ে এক বৃহৎ জয় লাভ কৰিছে । প্ৰত্যেক শাখাই বৃহৎ সংখ্যক বিজেপিক ভোট দিছে । বন্ধুসকল, আজি দেশে বিজেপিৰ সন্তুষ্টিৰ ৰাজনীতি বাছি লৈছে আৰু তুষ্টিকৰণৰ নহয় । দিল্লীৰ কাষতে উত্তৰ প্ৰদেশ, এসময়ত ইউ পিৰ আইন-শৃংখলাৰ পৰিস্থিতি এক বৃহৎ প্ৰত্যাহ্বান আছিল । উত্তৰ প্ৰদেশত এনকেফেলাইটিছৰ বিধ্বংসী পৰিস্থিতি ৰৈ গৈছিল, কিন্তু আমি ইয়াক সমাপ্ত কৰাৰ সংকল্প লৈ কাম কৰিছিলো ।”

গৌৰৱ, অৰাজকতা আৰু অহংকাৰৰ পৰাজয় হৈছে- প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দিল্লীৰ জনসাধাৰণে সম্পূৰ্ণ হৃদয়েৰে মৰম দিলে । দিল্লীবাসীৰ এই মৰম আৰু বিশ্বাসৰ বাবে আমি ঋণী । এতিয়া দিল্লীৰ ডাবল ইঞ্জিন চৰকাৰে দ্ৰুত উন্নয়নৰ জৰিয়তে এই ধন পৰিশোধ কৰিব । আজিৰ ঐতিহাসিক জয় সাধাৰণ জয় নহয় । দিল্লীৰ ৰাইজে আপ দলিয়াই দিলে । দিল্লী এক দশকৰ দুৰ্যোগৰ পৰা মুক্ত হৈ পৰিল । দিল্লীত বিকাশ, দৃষ্টিভংগী আৰু আস্থাৰ জয় হৈছে । অহংকাৰ, অৰাজকতা, আৰু আপ-দা পৰাজিত হৈছে । এই ফলস্বৰূপে দিনে-নিশাই বিজেপি কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাই বিজয়ৰ গৌৰৱ বৃদ্ধি কৰে । সকলো কৰ্মী এই জয়ৰ যোগ্য । সকলোকে বিজয়ৰ বাবে অভিনন্দন জনাইছো ।

দিল্লীত শূণ্য ফলাফলেৰে হেট্ৰিক…এখনো আসন লাভ নকৰিলে কংগ্ৰেছে

বিগত দুবাৰৰ দৰে এইবাৰো কংগ্ৰেছে দিল্লী বিধানসভা নিৰ্বাচনত খাতা খুলিব নোৱাৰিলে । যিহেতু এইবাৰ কংগ্ৰেছে নিজৰ পূৰ্ণ শক্তি প্ৰয়োগ কৰিছিল আৰু ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীকে ধৰি দলটোৰ ডাঙৰ নেতা আৰু সকলো জ্যেষ্ঠ নেতাই প্ৰচাৰ চলাইছিল । ইয়াৰ বাহিৰেও জনসাধাৰণক তেওঁলোকৰ প্ৰতি আকৰ্ষিত কৰাৰ স্বাৰ্থত দলটোৱে বিজেপি আৰু আম আদমী পাৰ্টিতকৈ অধিক জনকল্যাণমূলক আঁচনি আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও দিল্লীৰ ভোটাৰসকলে কংগ্ৰেছক প্ৰত্যাখান কৰে । নিৰ্বাচনী প্ৰচাৰৰ সময়ত বহু কংগ্ৰেছ নেতাই দাবী কৰিছিল যে তেওঁলোকৰ দলটোৱে পুৰণি ৰাজনৈতিক ভূমি পুনৰ লাভ কৰাত সফল হ’ব । কিন্তু শেষত এই নিৰ্বাচনৰ ফলাফলত মুখথেকেছা খাবলগীয়া হয় দলটোৱে ।

য’ত শক্তিশালী আছিল, তাতো লাভ নকৰিলে সফলতা

এই নিৰ্বাচনত কংগ্ৰেছে বহু জ্যেষ্ঠ নেতাক প্ৰচাৰত থিয় কৰাইছিল । ইয়াৰ উপৰিও একাংশ নতুন মুখৰ ওপৰতো বাজি ধৰিছিল, য’ত যুৱ নেতাক অধিক অগ্ৰাধিকাৰ দিয়া হৈছিল । ইয়াৰ বাহিৰেও কংগ্ৰেছে পৰম্পৰাগতভাৱে যিবোৰ অঞ্চলত মজবুত দখল আছিল সেইবোৰৰ প্ৰতি বিশেষ গুৰুত্ব দিছিল । কিন্তু এই প্ৰচেষ্টাসমূহৰ পিছতো কংগ্ৰেছে নিজৰ পুৰণি স্থিতি পুনৰ লাভ কৰাত চূড়ান্ত ব্যৰ্থ হয় ।

লাভ কৰিব নোৱাৰিলে ২০১৩ চনৰ সন্মানো-

কেৱল এয়াই নহয় ২০১৩ চনৰ নিৰ্বাচনৰ সন্মানো লাভ কৰিব নোৱাৰিলে কংগ্ৰেছে । সেই সময়ত দলটোৱে আঠখন আসন লাভ কৰিছিল । সেয়েহে তেওঁলোকৰ প্ৰদৰ্শনৰ কোনো বিশেষ উন্নতি দেখা নগ’ল । আনহাতে ২০১৩ চনৰ পূৰ্বে কংগ্ৰেছৰ সমৰ্থনৰ ভিত্তি আছিল শক্তিশালী । ১৯৯৮, ২০০৩ আৰু ২০০৮ চনত তেওঁলোকে চৰকাৰ গঠন কৰিছিল । এইদৰে দিল্লী নিৰ্বাচনত বিজেপি আৰু আম আদমী পাৰ্টিৰ মাজত কঠোৰ যুঁজ হৈছিল আৰু কংগ্ৰেছে আশা কৰিছিল যে দলটোৱে পুৰণি স্থিতি পুনৰ লাভ কৰিবলৈ সক্ষম হ’ব ।

নিৰ্বাচনৰ ফলাফলৰ পিছত বিজেপি আৰু আম আদমী পাৰ্টিয়েও কংগ্ৰেছৰ প্ৰদৰ্শনক লৈ প্ৰশ্ন উত্থাপন কৰিছে । তেওঁলোকৰ নেতাসকলে দাবী কৰিছে যে কংগ্ৰেছে দিল্লীৰ ভোটাৰৰ আস্থা হেৰুৱাইছে । তেওঁলোকৰ ভোটদানৰ শতাংশ সামান্য বৃদ্ধি হৈছে । আনহাতে দলটোৰ নেতাসকলে ডাঙৰ ডাঙৰ দাবী কৰি আছিল ।