বিজেপিয়ে প্ৰকাশ কৰিলে ১৪৪ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা, ‘দিদি’ৰ বিৰুদ্ধে যুঁজত শুভেন্দু অধিকাৰী

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে বিজেপিয়ে

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে ১৪৪ জনীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে বিজেপিয়ে । নন্দিগ্ৰামৰ লগতে মমতা বেনাৰ্জীয়ে প্ৰতিদ্বন্দ্বিতা কৰা আৰু বৰ্তমান তেওঁ বিধায়িকা হিচাপে থকা সমষ্টি ভৱানীপুৰৰ পৰাও বিৰোধী দলপতি শুভেন্দু অধিকাৰীক প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দলটোৱে । বিজেপিত যোগদান কৰাৰ পূৰ্বে মমতা বেনাৰ্জীৰ ঘনিষ্ঠ শুভেন্দু অধিকাৰীয়ে পুনৰবাৰ উত্থাপন কৰিছে দুয়োগৰাকী নেতাৰ মাজত ৰাজনৈতিক সংঘাতৰ সম্ভাৱনা ।

উল্লেখ্য যে যোৱা বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জীয়ে শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে নন্দিগ্ৰামৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজয়ৰ সন্মুখীন হৈছিল । ইয়াৰ পাছতে ভৱানীপুৰৰ টিএমচিৰ বিধায়ক সোৱনদেব চট্টোপাধ্যায়ে মমতাৰ বাবে আসন ত্যাগ কৰাৰ সিদ্ধান্ত লয় আৰু তাৰ পৰাই উপ-নিৰ্বাচনত জয়ী হৈ বংগ বিধানসভাত স্থান লাভ কৰে । এই সমষ্টিৰ পৰা অধিকাৰীক প্ৰক্ষেপ কৰাৰ সিদ্ধান্তই বিজেপিয়ে নিজৰ দুৰ্গত থকা তৃণমূল কংগ্ৰেছৰ নেতৃত্বক প্ৰত্যাহ্বান জনোৱাৰ এক আগ্ৰাসী কৌশলৰ সংকেত দিছে ।

ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মতৰমৰ ৰচক আৰু প্ৰখ্যাত সাহিত্যিক বংকিম চন্দ্ৰ চেটাৰ্জীৰ পৰিয়ালৰ বংশধৰ সৌমিত্ৰ চেটাৰ্জীক নাইহাটীৰ টিকট প্ৰদান কৰা হৈছে । ঘোষিত প্ৰাৰ্থীসকলৰ ভিতৰত আছে ৪১ গৰাকী বৰ্তমানৰ বিধায়ক আৰু ৩ গৰাকী প্ৰাক্তন বিধায়ক । খৰগপুৰ সদৰৰ পৰা বিজেপি দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি দিলীপ ঘোষক প্ৰক্ষেপ কৰিছে দলে । বিজেপিৰ মহিলা নেত্ৰী অগ্নিমিত্ৰ পালক আছানছল দক্ষিণৰ পৰা প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ স্বপন দাসগুপ্তই ৰাছবেহাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ।

ইফালে কলিয়াগঞ্জৰ পৰা বাপন ঘোষ, ডাইমণ্ড হাৰ্বাৰৰ পৰা দীপক কুমাৰ হালদাৰ, আছানছল নৰ্থৰ পৰা কৃষ্ণেন্দু মুখাৰ্জী, হাছানৰ পৰা নিখিল বেনাৰ্জী, কোচ বেহাৰ নৰ্থৰ পৰা সুকুমাৰ ৰায়, শিলিগুৰিৰ পৰা শংকৰ ঘোষক প্ৰক্ষেপ কৰিছে বিজেপিয়ে । পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰথমখন তালিকাত ঘোষণা কৰা ১৪৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৫৭ গৰাকী পেছাদাৰী আৰু সামাজিক পটভূমিৰ । দলটোৱে শিক্ষা, সমাজ সেৱা আৰু পেছাদাৰী অভিজ্ঞতা থকা ব্যক্তিক টিকট প্ৰদানত অগ্ৰাধিকাৰ দিছে ।

উল্লেখ্য যে, ২৩ আৰু ২৬  এপ্ৰিলত দুটা পৰ্যায়ত পশ্চিম বংগত অনুষ্ঠিত হ’ব বিধানসভা নিৰবাচন । ৪ মে’ত ভোটগণনাৰ লগতে প্ৰকাশ পাব ফলাফল । ২০২১ চনৰ বংগ বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে ২১৫খন আসন লাভ কৰাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিয়ে ৭৭খন আসনেৰে মূল বিৰোধী দল হিচাপে আত্মপ্ৰকাশ কৰে । ৰাজ্যখনৰ যোৱা বিধানসভা নিৰ্বাচন ৮টা পৰ্যায়ত অনুষ্ঠিত হৈছিল । এইবাৰ নিৰ্বাচন আয়োগে মাত্ৰ দুটা পৰ্যায়ত বংগৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক : কংগ্ৰেছ ৰাইজৰ দলক ধ্বংস কৰিবলৈ পৰিকল্পনা কৰিছিলঃ অখিল গগৈৰ বিস্ফোৰণ

অসমকে ধৰি আন ৩ ৰাজ্যৰ ঘোষণা হ’ল নিৰ্বাচনৰ দিন; ৪ মে’ত ফলাফল

নিৰ্বাচন আয়োগে ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া অসম, পশ্চিম বংগ, তামিলনাডু, কেৰালা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে।

ভাৰতৰ নিৰ্বাচন আয়োগে ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে।পশ্চিম বংগ, অসম, কেৰালা, তামিলনাডু আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত অনুষ্ঠিত হ’ব এই বিধানসভা নিৰ্বাচন। তাৰে আজি দিন ঘোষণা কৰা হ’ল।ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ পৰ্যায়, প্ৰাৰ্থীৰ মনোনয়নৰ তাৰিখ, ভোটগ্ৰহণৰ তাৰিখ, ফলাফলৰ দিন ঘোষণা কৰা হৈছে।

অসম, তামিলনাডু, কেৰালা আৰু পুডুচেৰীত এটা পৰ্যায়ত আৰু পশ্চিম বংগত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন।মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে উল্লেখ কৰে যে অসমত ২০ মে’, পশ্চিম বংগত ৭ মে’  কেৰালা ২৩ মে’, পুডুচেৰীত ১৫ জুন আৰু তামিলনাডুত ১০ মে’ ২০২৬ ত বৰ্তমানৰ চৰকাৰসমূহৰ কাৰ্যকাল অন্ত পৰিব। কেৰালাত ১৪০, পুডুচেৰীত ৩০, অসমত ১২৬, তামিলনাডুত ২৩৪ আৰু পশ্চিম বংগত ২৯৪খন বিধানসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

নিৰ্বাচন আয়োগে চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।   

লগতে পঢ়ক: ঘোষণা কৰা হ’ল অসমত বিধানসভা নিৰ্বাচনৰ দিন; ৯ এপ্ৰিলত হ’ব ৰাজ্যত নিৰ্বাচন

ৰাষ্ট্ৰপতিৰ প্ৰট’কল উলংঘাক লৈ কঠোৰ কেন্দ্ৰ চৰকাৰ; গৃহ মন্ত্ৰালয়ে বংগ চৰকাৰৰ পৰা বিচাৰিছে প্ৰতিবেদন

পশ্চিম বংগত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ কাৰ্যসূচীত প্ৰট’কল উলংঘা আৰু স্থান সলনিৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্যৰ মুখ্য সচিবৰ পৰা উত্তৰ বিচাৰিছে। গৃহমন্ত্ৰী গৰাকীয়ে এই ঘটনাক সাংবিধানিক মৰ্যাদাৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পশ্চিম বংগ ভ্ৰমণৰ সময়ত প্ৰট’কল উলংঘা আৰু হঠাতে সভাস্থলীৰ পৰিৱৰ্তনে বিতৰ্কৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে,কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সমগ্ৰ বিষয়টোৰ ওপৰত ব্যাপক গুৰুত্ব দিছে।কেন্দ্ৰীয় গৃহ সচিবে পশ্চিম বংগৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰি সন্ধিয়া ৫ বজাৰ ভিতৰত বিতং প্ৰতিবেদন বিচাৰিছে।য’ত প্ৰট’কল নিদিয়া,সঠিক পথৰ তথ্য প্ৰদান নকৰা আৰু অন্যান্য ব্যৱস্থাত হোৱা ভুলৰ বাবে স্পষ্টিকৰণ বিচৰা হৈছে।

দৰাচলতে,ৰাষ্ট্ৰপতি মুৰ্মুৰ উত্তৰ বংগ ভ্ৰমণৰ সময়ত এই বিতৰ্কৰ সৃষ্টি হয়, য’ত তেওঁ দাৰ্জিলিং জিলাত অনুষ্ঠিত হোৱা নৱম আন্তঃৰাষ্ট্ৰীয় সন্থাল সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল।

প্ৰথমে বিধাননগৰ (ফানচিদেৱা ব্লক)ত এই অনুষ্ঠানৰ প্ৰস্তাৱ দিয়া হৈছিল,য’ত সন্থাল জনজাতীয় সম্প্ৰদায়ৰ পৰা বৃহৎ সংখ্যক লোক উপস্থিত হ’ব লগা আছিল,কিন্তু ৰাজ্য প্ৰশাসনে নিৰাপত্তা, যানজঁট আৰু অন্যান্য কাৰণৰ কথা উল্লেখ কৰি ইয়াক বাগডোগ্ৰা বিমানবন্দৰৰ সমীপৰ গোসাঁইপুৰ (বা গোসাঁইপুৰ)লৈ স্থানান্তৰিত কৰে।

এই পৰিৱৰ্তনক লৈ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজেও অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু কয় যে নতুন স্থানটো সৰু আছিল, যাৰ বাবে বহুতে যাব নোৱাৰিলে।

ৰাষ্ট্ৰপতি গৰাকীয়ে মমতা বেনাৰ্জীক কনিষ্ঠ ভগ্নী বুলি উল্লেখ কৰি প্ৰশ্ন কৰে যে, তেওঁৰ ওপৰত খং উঠি আছে নেকি? কাৰণ মুখ্যমন্ত্ৰী বা মমতা চৰকাৰৰ কোনো মন্ত্ৰীয়েই তেওঁক আদৰণি জনাবলৈ নাহিল।যিহেতু, পদৰ মৰ্যাদাৰ বাবে প্ৰট’কল মানি চলাটো অতি প্ৰয়োজনীয়।

জানিব পৰা মতে,ৰাষ্ট্ৰপতিৰ প্ৰট’কলৰ জৰিয়তে কেইবাটাও অভিযোগত নিৰাপত্তা সম্পৰ্কীয় ব্লু বুক নিয়ম উলংঘা কৰা হৈছে।য’ত – ৰাষ্ট্ৰপতিক আদৰণি জনোৱা আৰু বিদায় দিবলৈ মুখ্যমন্ত্ৰী, চি এছ আৰু ডিজিপি কিয় উপস্থিত নাছিল? তেওঁক আদৰণি জনাবলৈ কেৱল শিলিগুৰিৰ মেয়ৰ আছিল।

ৰাষ্ট্ৰপতিৰ বাবে নিৰ্মিত ৱাশ্বৰুমতো পানী নাছিল। প্ৰশাসনে যিটো পথেৰে গৈছিল সেই পথটো আৱৰ্জনাৰে ভৰি আছিল।এই আচৰণ সমগ্ৰ দেশৰ বাবে অপমানজনক।

লগতে পঢ়ক: শিক্ষিত আৰু সৱল মহিলাই হৈছে ৰাষ্ট্ৰৰ প্ৰকৃত স্তম্ভঃ অন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত ৰাষ্ট্ৰপতিৰ শুভেচ্ছা

“বংগ দুৰ্বল হ’লে আমি দিল্লী চৰকাৰক উফৰাই দিম”; বিজেপিক তীক্ষ্ণ সমালোচনা মমতা বেনাৰ্জীৰ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিৰ ওপৰত তীক্ষ্ণ সমালোচনা কৰি কেন্দ্ৰীয় চৰকাৰে বংগৰ ৰাজনীতিত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰে।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত তীব্ৰ আক্ৰমণ কৰি ৰাজ্যখনৰ ৰাজনীতিত হস্তক্ষেপ কৰা বুলি অভিযোগ কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে সকীয়নী দিছে যে এনে হেঁচা অব্যাহত থাকিলে দিল্লী চৰকাৰো উফৰাই দিব পাৰে।

মমতা বেনাৰ্জীয়ে কয় যে,ৰাজভৱনক বিজেপিৰ দলীয় কাৰ্যালয়লৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে আৰু নিৰ্বাচনৰ সময়ত ধন বিতৰণৰ পৰিকল্পনা কৰা হৈছে। তেওঁ অভিযোগ কৰিছে যে,ৰাজ্যলৈ যি সকল লোকক প্ৰেৰণ কৰা হৈছে, তেওঁলোক বিজেপিৰ কেডাৰ।

মুখ্যমন্ত্ৰী মমতাই জগদীপ ধনড়ৰ আৰু মহাৰাষ্ট্ৰৰ নেতা অজিত পাৱাৰৰ কথা উল্লেখ কৰি কয় তেওঁৰ লগত যিবোৰ সংঘটিত হ’ল, সেই বিষয়ে তেওঁ ইতিমধ্যে সঁচা কথা কৈছে।তেওঁ কেন্দ্ৰীয় চৰকাৰে অহংকাৰৰ ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰে আৰু কয় যে বৰ্তমানৰ চৰকাৰখন মিত্ৰশক্তিৰ সহযোগত চলি আছে।

মমতা বেনাৰ্জীয়ে লগতে কয় যে, ভোট কৰ্তন কৰি বিজেপিয়ে বংগক ভাগ কৰিব নোৱাৰে।বংগই যুঁজিব জানে আৰু ৰাজ্যৰ জনসাধাৰণে নিজৰ অধিকাৰৰ বাবে যুঁজি থাকিব।

লগতে পঢ়ক: জেডিইউত যোগদানৰ পূৰ্বেই সক্ৰিয় হৈছে নীতিশৰ পুত্ৰ নিশান্ত; পুৱাই দলীয় নেতাৰ সৈতে বৈঠক

পশ্চিম বংগত নিৰ্বাচনৰ পূৰ্বে ডাঙৰ আলোড়ন; ৰাজ্যপাল চি ভি আনন্দ বসুৰ পদত্যাগ

বিধানসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগত উত্তেজনা বৃদ্ধি পাইছে । পশ্চিম বংগৰ গৱৰ্ণৰ চি ভি আনন্দ বসুৱে পদত্যাগ কৰিছে।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগত বৃদ্ধি পাইছে উত্তেজনা।পশ্চিম বংগৰ গৱৰ্ণৰ চি ভি আনন্দ বসুৱে পদত্যাগ কৰিছে। বৃহস্পতিবাৰে দিল্লীত আছিল ৰাজ্যপালগৰাকী।

দিল্লী ভ্ৰমণৰ সময়ত চিভি আনন্দ বসুৱে ৰাজ্যপাল পদৰ পৰা পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছে।অৱশ্যে পদত্যাগ পত্ৰ গ্ৰহণ কৰা হৈছে নে নাই সেয়া জানিব পৰা হোৱা নাই।

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যপালৰ পদত্যাগক ৰাজনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰাৰ পিছত চিভি আনন্দ বসুৱে জনায় যে তেওঁ ৰাজ্যপালৰ কাৰ্যালয়ত বহু সময় কটালে।

২০২২ চনৰ ১৭ নৱেম্বৰত ড° চি ভি আনন্দ বসুক পশ্চিম বংগৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয়।বসুক  তেতিয়া পশ্চিম বংগৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছিল, যেতিয়া ৰাজ্যপাল জগদীপ ধনখৰ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।।

লগতে পঢ়ক: বিহাৰত অন্ত পৰিল নীতিশ যুগৰ!বিহাৰত বিজেপিৰেই মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত

চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ নিৰ্বাচন আয়োগৰ, ৫৮ লাখৰো অধিক নাম কৰ্তন

বিশেষ সংশোধন প্ৰক্ৰিয়াৰ অন্তত নিৰ্বাচন আয়োগে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিছে । SIRৰ পূৰ্বে মুঠ ভোটাৰৰ সংখ্যা আছিল ৭,৬৬,৩৭,৫২৯, যি এতিয়া হ্ৰাস পাই ৭,০৪,৫৯,২৮৪ হৈছে ।

পশ্চিমবংগত ভোটাৰ তালিকাৰ বিশেষ সংশোধন (SIR) প্ৰক্ৰিয়াৰ অন্তত ভাৰতীয় নিৰ্বাচন আয়োগে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিছে । আয়োগৰ মতে, ২০২৫ চনৰ ডিচেম্বৰত খচৰা তালিকা প্ৰকাশ হোৱাৰ পিছত ‘ফৰ্ম ৭’ ব্যৱহাৰৰ জৰিয়তে ৫,৪৬,০৫৩ জন ভোটাৰৰ নাম কৰ্তন কৰা হৈছে ।

SIRৰ পূৰ্বে পশ্চিমবংগত মুঠ ভোটাৰৰ সংখ্যা আছিল ৭,৬৬,৩৭,৫২৯, যি এতিয়া হ্ৰাস পাই ৭,০৪,৫৯,২৮৪ হৈছে । অৰ্থাৎ, এই তালিকাৰ পৰা ৬১ লাখৰো অধিক নামৰ সালসলনি ঘটিছে ।

পশ্চিমবংগৰ মুখ্য নিৰ্বাচনী বিষয়াৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, মুঠ ৫৮,২০,৮৯৯ টা ইনুমাৰেশ্যন ফৰ্ম (Enumeration Forms) প্ৰাপ্ত হোৱা নাছিল । নিৰ্বাচনী সংস্থাই ২৪,১৬,৮৫২ জন ভোটাৰক মৃত, ১২,২০,০৩৯ জন অনুপস্থিত, ১৯,৮৮,০৭৬ জন স্থানান্তৰিত হোৱা, ১,৩৮,৩২৮ জন ইতিমধ্যে তালিকাভুক্ত হোৱা বুলি চিনাক্ত কৰিছে আৰু আনুষংগিক অন্যান্য কাৰণত ৫৭,৬০৪ টা নাম কৰ্তন কৰা হৈছে ।

২০২৫ চনৰ ১৬ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পিছত, নিৰ্বাচনী সংস্থাই ‘ফৰ্ম ৬’ আৰু ‘৬এ’ ব্যৱহাৰ কৰি মুঠ ১,৮২,০৩৬ জন ভোটাৰক তালিকাভুক্ত কৰাৰ লগতে ‘ফৰ্ম ৮’ৰ জৰিয়তে ৬,৬৭১ টা সংশোধন কৰিছে । আয়োগৰ মতে, বিচাৰাধীন অৱস্থাত থকা ৬০,০৬,৬৭৫ জন ভোটাৰক চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । লিংগ অনুপাত ৯৫৬ ত স্থিৰ আছে, যিটো খচৰা তালিকা প্ৰকাশৰ পাছতো একেই আছিল ।

এই SIRৰ মূল উদ্দেশ্য আছিল প্ৰতিটো পৰ্যায়ত সম্পূৰ্ণ স্বচ্ছতাৰে সকলো যোগ্য ভোটাৰক অন্তৰ্ভুক্ত কৰা আৰু অযোগ্য ভোটাৰক বাদ দিয়া । প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে এই সংশোধন প্ৰক্ৰিয়াত ১০০ শতাংশ শাৰীৰিক পৰীক্ষণৰ কৌশল অৱলম্বন কৰা হৈছিল, য’ত বুথ পৰ্যায়ৰ বিষয়াসকলে (BLO) নিজেই ইনুমাৰেশ্যন ফৰ্ম বিতৰণ আৰু সংগ্ৰহৰ কাম পৰিচালনা কৰিছিল ।

মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে এই পুংখানুপুংখ পদক্ষেপে মৃত ব্যক্তি, ৰাজ্যৰ বাহিৰলৈ স্থায়ী প্ৰব্ৰজন আৰু দুবাৰকৈ হোৱা পঞ্জীয়নসমূহ চিনাক্ত কৰি অযোগ্য নামসমূহ আঁতৰাই ভোটাৰ তালিকা নিশ্চিত কৰিছে । নিৰ্বাচন আয়োগে ভোটাৰসকলক তেওঁলোকৰ নাম পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে আৰু প্ৰয়োজন হ’লে নাম অন্তৰ্ভুক্তিকৰণ (ফৰ্ম-৬/৬এ), সংশোধন (ফৰ্ম-৮) বা কৰ্তনৰ (ফৰ্ম-৭) বাবে অনলাইন বা অফলাইনযোগে আবেদন দাখিল কৰিবলৈ জনাইছে ।

লগতে পঢ়ক : মধ্য প্ৰাচ্যত যুদ্ধৰ বিভীষিকা, এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোৱে ল’লে ডাঙৰ সিদ্ধান্ত

 আজিৰে পৰা আৰম্ভ হ’ব বাবৰি মছজিদৰ নিৰ্মাণৰ কাম; ১২০০ মৌলানাই কৰিব কোৰান পাঠ

নিলম্বিত তৃণমূল কংগ্ৰেছৰ বিধায়ক হুমায়ুন কবীৰে দাবী কৰিছে যে আজি পুৱা ১০ বজাত প্ৰায় ১২০০ জন মৌলনাই কোৰান পাঠ কৰি আৰম্ভ কৰিব বাবৰি মছজিদ নিৰ্মাণৰ কাম।

পশ্চিমবংগৰ মুৰ্ছিদাবাদত বাবৰি সদৃশ মছজিদ নিৰ্মাণক লৈ ৰাজনীতি তুংগত আছে।তাৰ মাজতে আজিৰে পৰা মুৰ্ছিদাবাদৰ বেলদংগাত বাবৰি মছজিদৰ প্ৰতিৰূপ নিৰ্মাণৰ কাম আৰম্ভ হ’ব।

বাবৰি মছজিদৰ ভেটি স্থাপনৰ প্ৰায় দুমাহৰ পাছত আজিৰে পৰা এই প্ৰকল্পৰ কাম আৰম্ভ হ’ব।জানিব পৰা মতে, আজি পুৱা প্ৰায় ১০ বজাত শিলান্যাস কৰা হ’ব, য’ত প্ৰায় ১২০০ লোকে কোৰান পাঠত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।ইয়াৰ পিছত নিৰ্মাণ কাৰ্য্য আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব।

এই প্ৰকল্পৰ ঘোষণা আৰু আধাৰশিলা স্থাপন কৰা জনতা উন্নয়ন পাৰ্টিৰ মুৰব্বী তথা তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক হুমায়ুন কবীৰে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত মছজিদৰ ডিজাইন শ্বেয়াৰ কৰে।

প্ৰাক্তন বিধায়ক হুমায়ুন কবীৰে জানিবলৈ দিয়া মতে,নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পূৰ্বে প্ৰায় ১০০০ৰ পৰা ১২০০ মৌলানা, মুফতী আৰু ধৰ্মীয় নেতাই পবিত্ৰ কোৰান পাঠ কৰিব।

ইয়াৰ পিছত মছজিদ নিৰ্মাণৰ কাম আৰম্ভ হ’ব।এই মছজিদ নিৰ্মাণৰ কাম প্ৰায় দুবছৰত সম্পূৰ্ণ হোৱাৰ লক্ষ্য লোৱা হৈছে।এই নিৰ্মাণৰ বাবে প্ৰায় ৩০০ কোটি টকা ব্যয় হ’ব।

হুমায়ুন কবীৰে কয় যে মছজিদত চলি থকা ধৰ্মীয় অনুষ্ঠানত কোনো ভিআইপিক নিমন্ত্ৰণ কৰা হোৱা নাই।কবীৰৰ মতে এই অনুষ্ঠানলৈ কেৱল কোৰানৰ হাফিজ, মৌলানা, কাৰী, মুফতিৰ দৰে ধৰ্মীয় পণ্ডিতসকলকহে আমন্ত্ৰণ জনোৱা হৈছে।

পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই কাৰ্যসূচীত প্ৰায় দুঘণ্টা ধৰি কোৰান পাঠ কৰা হ’ব।ইয়াৰ পিছত দিনৰ ১২:৩০ বজাৰ পৰা ১ বজাৰ ভিতৰত মছজিদ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব।এই সময়ত হাজাৰ হাজাৰ মুছলমানলোক সমবেত হ’ব বুলি দাবী কৰা হৈছে।

লগতে পঢ়ক: অধ্যক্ষ ওম বিৰলাৰ ডাঙৰ সিদ্ধান্ত; অনাস্থা প্ৰস্তাৱৰ আলোচনা নোহোৱালৈকে নাযায় লোকসভালৈ

‘আমি ন্যায় পোৱা নাই’; SIR ৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত মমতা বেনাৰ্জী

পশ্চিম বংগত ভোটাৰ তালিকাক লৈ চলি থকা বিবাদে উচ্চতম ন্যায়ালয়ত প্ৰৱেশ কৰিছে। বুধবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আদালতত নিজৰ মতামত দাঙি ধৰে।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ব্যক্তিগতভাৱে উচ্চতম ন্যায়ালয়ত উপস্থিত হৈ ৰাজ্যখনত চলি থকা SIR প্ৰক্ৰিয়াৰ বিৰুদ্ধে যুক্তি দাঙি ধৰে আৰু আদালতত নিজৰ মতামত দাঙি ধৰে।

ভাৰতৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে SIR প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰ শুনানি আজি গ্ৰহণ কৰা হয়।

মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত থকা বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰিছে আৰু আদালতে এই বিষয়ত নিৰ্বাচন আয়োগক জাননী জাৰি কৰিছে।এই গোচৰৰ পৰৱৰ্তী শুনানি ৯ ফেব্ৰুৱাৰী সোমবাৰে অনুষ্ঠিত হ’ব।

বুধবাৰে উচ্চতম ন্যায়ালয়ত মমতা বেনাৰ্জীয়ে কয় যে তেওঁ ন্যায়ৰ বাবে আদালতলৈ আহিছে। কাৰণ তেওঁ ন্যায় পোৱা নাই।

তেওঁ অভিযোগ কৰে যে তেওঁ নিৰ্বাচন আয়োগক সকলো তথ্য জনাইছে,কিন্তু তেওঁৰ কথা কোনোও শুনা নাছিল।এই সন্দৰ্ভত চিজেআইয়ে স্পষ্ট কৰি দিলে যে আপোনাৰ নতুন আবেদনখনত নিশ্চিতভাৱে কিছুমান নতুন বিষয় আছে,কিন্তু যিবোৰ কথা আপোনালেকে কৈ আছে, সেইবোৰ ইতিমধ্যে আপোনাৰ অধিবক্তাই আদালতৰ সন্মুখত দাখিল কৰিছে।

শুনানিৰ সময়ত মমতা বেনাৰ্জীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ বানান পৰিৱৰ্তনৰ কথা উল্লেখ কৰি গণতন্ত্ৰ আৰু নাগৰিক অধিকাৰৰ বিষয়ে কয়।

তেওঁ অভিযোগ কৰে যে নিৰ্বাচনৰ ঠিক আগতে পশ্চিম বংগক লক্ষ্য কৰি লোৱা হৈছে আৰু ৰাজ্যত বৃহৎ পৰিসৰত ভোটাৰৰ নাম তালিকাৰ পৰা আঁতৰোৱা হৈছে।

লগতে পঢ়ক: ‘বিশ্বাসঘাতক বন্ধু’; ৰৱনীত বিট্টু সন্দৰ্ভত ৰাহুল গান্ধীৰ বিতৰ্কিত মন্তব্য

ED অভিযানৰ বিৰুদ্ধে দিল্লীত টিএমচিৰ প্ৰতিবাদ; ৮ সাংসদক আটক

পশ্চিম বংগৰ I-PAC ৰ কাৰ্যালয়ত ED এ অভিযান চলাই। এই অভিযানৰ বাবে টিএমচিৰ ৮ সাংসদে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে।

পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে,ৰাজনৈতিক কাৰ্যকলাপ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে কলকাতাৰ ৰাজনৈতিক পৰামৰ্শদাতা আৰু নিৰ্বাচন পৰিচালনা কোম্পানী I-PAC ৰ কাৰ্যালয়ত ED এ অভিযান চলাই। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সেই স্থানত উপস্থিত হয় আৰু ইয়াৰ পিছতে বিষয়টো উত্তপ্ত হৈ পৰে।

ED ৰ সেই অভিযানক লৈ শুকুৰবাৰে পুৱা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দলৰ সাংসদসকলে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে।

ডেৰেক অ’ব্ৰাইন, শতাব্দি ৰায়, মহুৱা মৈত্ৰ, বাপি হালদৰ, সাকেট গোখলে, প্ৰতিমা মণ্ডল, কীৰ্তি আজাদ আৰু ডাঃ শৰ্মিলা সৰকাৰে গৃহ মন্ত্ৰালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল।ইফালে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ টিএমচিৰ সাংসদসকলক আটক কৰে।

প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰো খবৰ পোৱা গৈছে। সাংসদ সকলক বলপূৰ্বকভাৱে আৰক্ষীৰ গাড়ীলৈ লৈ যোৱা হয়।

ইতিমধ্যে এই বিষয়টো কলিকতা উচ্চ ন্যায়ালয় পাইছে গৈ।উচ্চ ন্যায়ালয়ত দুখনকৈ আবেদন দাখিল কৰা হৈছে।দুয়োখন আবেদনৰ শুনানি হ’ব, এখন ইডিৰ আৰু আনখন টিএমচিৰ।

ইডিয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে প্ৰমাণ চুৰি কৰাৰ অভিযোগ উত্থাপন কৰিছে, আনহাতে মমতা বেনাৰ্জীয়ে, ইডিক অমিত শ্বাহৰ নিৰ্দেশত টিএমচিৰ তথ্য চুৰি কৰাৰ অভিযোগ উত্থাপন কৰিছে।   

লগতে পঢ়ক: ডি কে শিৱকুমাৰ, প্ৰিয়ংকা গান্ধী, কানহাইয়া কুমাৰ…; নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিশেষ টীম গঠন