হুমায়ুন কবীৰক মোক্ষম আঘাত; আছাদুদ্দিন ওৱেইছিয়ে ভংগ কৰিলে মিত্ৰতা

পশ্চিম বংগ বিধানসভা নিৰ্বাচন ২০২৬ ৰ মাজতে হুমায়ুন কবীৰৰ দলে মোক্ষম আঘাত পাইছে। কাৰণে এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই আছাদুদ্দিন ওৱেইছিয়ে তেওঁলোকৰ লগত মিত্ৰতা ভংগ কৰিছে।

পশ্চিম বংগ বিধানসভা নিৰ্বাচন ২০২৬ ৰ মাজতে AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে হুমায়ুন কবীৰৰ দলৰ সৈতে মিত্ৰতাৰ অন্ত পৰাৰ কথা ঘোষণা কৰিছে। ওৱেইছিয়ে কয় যে, বংগ নিৰ্বাচনত তেওঁৰ দলে অকলেই অৱতীৰ্ণ হ’ব।দলটোৱে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰিছে।

দৰাচলতে  ছ’চিয়েল মিডিয়াত হুমায়ুন কবিৰৰ এটা কথিত ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত যি বিতৰ্কৰ সৃষ্টি হৈছিল তাৰ পিছতে ওৱেইছিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ভিডিঅ’টোত তেওঁ বিজেপিৰ জ্যেষ্ঠ নেতাৰ সৈতে সম্পৰ্ক থকা বুলি দাবী কৰি বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক পৰাস্ত কৰাৰ প্ৰচেষ্টা চলোৱা দেখা গৈছে।

AIMIM এ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত পোষ্ট কৰি লিখিছে- হুমায়ুন কবীৰৰ এই প্রকাশে বংগৰ মুছলমানসকলৰ নিৰাপত্তাহীনতা উদঙাই দিছে৷ AIMIM এ এনে কোনো বিবৃতি সমৰ্থন কৰিব নোৱাৰে,যাৰ ফলত মুছলমানসকলৰ মৰ্যাদাক লৈ প্ৰশ্ন উত্থাপন হয়।আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ AIMIM-এ কবীৰৰ দলৰ সৈতে মিত্ৰতা প্ৰত্যাহাৰ কৰিছে। বংগৰ মুছলমানসকল আটাইতকৈ দৰিদ্ৰ, অৱহেলিত, শোষিত সম্প্ৰদায়ৰ ভিতৰত অন্যতম।দশক দশক ধৰি ধৰ্মনিৰপেক্ষ শাসন চলি থকাৰ পিছতো তেওঁলোকৰ বাবে একো কৰা হোৱা নাই।যিকোনো ৰাজ্যত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সন্দৰ্ভত দলৰ সেইটোৱে নীতি হয় যিটো প্ৰান্তীয় জনগোষ্ঠীসমূহে যাতে এটা স্বতন্ত্ৰ ৰাজনৈতিক কণ্ঠ লাভ কৰে।আমি স্বতন্ত্ৰভাৱে বংগৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু ভৱিষ্যতে কোনো দলৰ সৈতে মিত্ৰতা নকৰো।

লগতে পঢ়ক: আজি কলকাতাত বিজেপিৰ ‘সংকল্প পত্ৰ’ উন্মোচন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ বাবে ১৫ দফীয়া ইস্তাহাৰ মুকলি বিজেপিৰ

পশ্চিম বংগ বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প পত্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে অমিত শ্বাহে

শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগ বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ ‘সংকল্প পত্ৰ’ আনুষ্ঠানিকভাৱে মুকলি কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ৰাজ্যখনক “হতাশাৰ পৰা উন্নয়নলৈ” লৈ যোৱাৰ এক নিশ্চিত ৰোডমেপ হিচাপে ইয়াক উপস্থাপন কৰা হৈছে, য’ত উন্নয়ন, সংস্থাপন, মহিলা সৱলীকৰণ আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।

এখন সংবাদমেল সম্বোধন কৰি শ্বাহে তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে তেওঁলোকৰ ১৫ বছৰীয়া শাসনৰ ফলত ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতি সম্পূৰ্ণৰূপে ভাঙি পৰিছে । শ্বাহে কয়, “মানুহে মমতা দিদিক অতি আশাৰে ভোট দিছিল, কিন্তু আজি তেওঁলোকে অন্তৰৰ পৰা পৰিৱৰ্তন বিচাৰিছে ।” তেওঁ কয় যে বিজেপিৰ এই দৃষ্টিভংগী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত অভিযানৰ সৈতে সম্পূৰ্ণৰূপে সংগতিপূৰ্ণ ।

গৃহমন্ত্ৰী শ্বাহে কয়, “এই নিৰ্বাচনী ইস্তাহাৰ বংগৰ প্ৰতিটো শ্ৰেণীৰ লোকক হতাশাৰ পৰা উলিয়াই অনাৰ এক পথ । ই বিভিন্ন ধৰণৰ ভয়ৰ মাজত থকা কৃষকসকলক এক নতুন পথ দেখুৱাব । লগতে ই বংগৰ ৰাইজৰ আগত প্ৰধানমন্ত্ৰী মোদীয়ে কল্পনা কৰা বিকশিত ভাৰতৰ ৰোডমেপ দাঙি ধৰিব ।” তেওঁ লগতে কয়, “মানুহ শংকিত আৰু মোহভংগ হৈছে । মানুহে অন্তৰৰ পৰা পৰিৱৰ্তন বিচাৰে ।”

‘সোণাৰ বাংলা’ ধাৰণাটোক কেন্দ্ৰ কৰি যুগুত কৰা এই ইস্তাহাৰত ৰাষ্ট্ৰীয় সুৰক্ষা, যুৱক-যুৱতীৰ সংস্থাপন আৰু মহিলাৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি শাসন ব্যৱস্থাত আমূল পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া হৈছে ।

মুখ্য প্ৰতিশ্ৰুতিসমূহৰ বিষয়ে অমিত শ্বাহে কয় যে বিজেপিয়ে ইস্তাহাৰত ১৫ টা ডাঙৰ প্ৰতিশ্ৰুতি উল্লেখ কৰিছে, যাৰ লক্ষ্য হৈছে পশ্চিম বংগৰ শাসন, উন্নয়ন আৰু সুৰক্ষা সম্পৰ্কীয় উদ্বেগসমূহ সমাধান কৰা ।

দলে ৰাষ্ট্ৰীয় সুৰক্ষা ৰক্ষাৰ বাবে অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতি দিছে আৰু আশ্বাস দিছে যে এক “ডিটেক্ট, ডিলিট এণ্ড ডিপৰ্ট” নীতিৰ জৰিয়তে অবৈধ অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি বহিষ্কাৰ কৰা হ’ব । ইয়াৰ সমান্তৰালভাৱে বিজেপিয়ে টিএমচিৰ ১৫ বছৰীয়া শাসনকালত হোৱা দুৰ্নীতি, আইন-শৃংখলাৰ অৱনতি আৰু শাসনৰ ব্যৰ্থতাৰ ওপৰত আলোকপাত কৰি এখন বিতং শ্বেতপত্ৰ প্ৰকাশ কৰাৰ প্ৰতিশ্ৰুতি দিছে ।

তৃণমূল পৰ্যায়ৰ দুৰ্নীতিৰ মোকাবিলা কৰিবলৈ ইস্তাহাৰত ছিণ্ডিকেট বন্ধ কৰা আৰু বহুলভাৱে সমালোচিত “কাট মানি” সংস্কৃতি নিয়ন্ত্ৰণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে বিজেপিয়ে বকেয়া মৰগীয়া বানচ পৰিশোধ কৰা আৰু এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ আশ্বাস দিছে ।

নিযুক্তিৰ ক্ষেত্ৰত দলে অহা পাঁচ বছৰত এক কোটি চাকৰি আৰু স্ব-নিয়োজনৰ সুযোগ সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি দিছে । ইয়াৰ উপৰিও নিবনুৱা সমস্যা সমাধানৰ প্ৰচেষ্টাৰ অংশ হিচাপে নিবনুৱা যুৱক-যুৱতীসকলক ১০,০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছে ।

মহিলা সৱলীকৰণৰ ক্ষেত্ৰত ইস্তাহাৰত কেৱল মহিলাৰ বাবে আৰক্ষী বেটেলিয়ান গঠন, “দুৰ্গা সুৰক্ষা সহায়” আঁচনি ৰূপায়ণ আৰু ৰাজ্য চৰকাৰৰ চাকৰিত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ প্ৰতিশ্ৰুতি দিয়া হৈছে । ইয়াত মহিলা হিতাধিকাৰীৰ বাবে মাহিলি ৩,০০০ টকাৰ আৰ্থিক সাহায্যও অন্তৰ্ভুক্ত কৰা হৈছে ।

বিজেপিয়ে কুৰমালি আৰু ৰাজবংশী ভাষাক সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দি সাংস্কৃতিক আৰু ভাষিক স্বীকৃতিৰো প্ৰতিশ্ৰুতি দিছে । কৃষি খণ্ডত কৃষকৰ উপাৰ্জন বৃদ্ধিৰ বাবে ধান, আলু আৰু আমৰ দৰে শস্যৰ বাবে অধিক সহায়ৰ প্ৰতিশ্ৰুতি দিয়া হৈছে ।

উদ্যোগ আৰু আঞ্চলিক উন্নয়নৰ ওপৰতো বিশেষ গুৰুত্ব দি চাহ বাগানসমূহৰ পুনৰুদ্ধাৰ, দাৰ্জিলিং চাহ ব্ৰেণ্ডক শক্তিশালী কৰা আৰু মৰাপাট উদ্যোগৰ আধুনিকীকৰণৰ পৰিকল্পনা কৰা হৈছে । স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত ইস্তাহাৰত আয়ুষ্মান ভাৰত আৰু অন্যান্য কেন্দ্ৰীয় আঁচনি ৰূপায়ণৰ লগতে বিনামূলীয়া এইচপিভি ভেকচিন, স্তন কেন্সাৰ পৰীক্ষা আৰু উত্তৰ বংগত এইমছ, আইআইটি আৰু আইআইএম-ৰ দৰে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছে ।

লগতে পঢ়ক : আজি কলকাতাত বিজেপিৰ ‘সংকল্প পত্ৰ’ উন্মোচন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে

‘টিএমচিৰ গুণ্ডাক ৰেহাই দিয়া নহ’ব’; মমতা বেনাৰ্জীক সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক লক্ষ্য কৰি লয়।

পশ্চিম বংগৰ পূব মেদিনীপুৰৰ হালদিয়াত এখন নিৰ্বাচনী সভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।এই সভাত প্ৰধানমন্ত্ৰী মোদীয়ে বংগৰ টিএমচি চৰকাৰ আৰু মমতা বেনাৰ্জীৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই। ইয়াৰ উপৰিও হালদিয়াত অনুষ্ঠিত হোৱা সভাৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে বংগৰ জনসাধাৰণক ছটা গেৰান্টী দিছে।

নিৰ্বাচনী সভাখনত প্ৰধানমন্ত্ৰী মোদীয়ে বংগক ভয়মুক্ত কৰি তোলাৰ প্ৰথমটো গেৰান্টী দিয়ে।দ্বিতীয়টো গোৰান্টী হ’ল চৰকাৰী ব্যৱস্থাৰ জবাবদিহিতা নিশ্চিত কৰা।তৃতীয় গেৰান্টী হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে মমতা চৰকাৰক কাঠগড়াত ৰাখি দুৰ্নীতি আৰু অপৰাধ সম্পৰ্কীয় ফাইল খোলাৰ নিৰ্দেশ জাৰি কৰা হৈছে।চতুৰ্থ গেৰান্টীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দুৰ্নীতিগ্ৰস্তক জেললৈ প্ৰেৰণ কৰিব।

পঞ্চমটো গেৰান্টীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত বংগত কোনো টিএমচিৰ গুণ্ডা নাথাকিব। প্ৰধানমন্ত্ৰী মোদীৰ ছয় নম্বৰৰ গেৰান্টীটো এই নিৰ্বাচনৰ বাবে মাষ্টাৰষ্ট্ৰ’ক হিচাপেএ বিবেচিত হৈছে।প্ৰধানমন্ত্ৰী মোদীৰ এই ষষ্ঠ গেৰান্টী হৈছে সপ্তম দৰমহা আয়োগ কাৰ্যকৰী কৰা।

নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, টিএমচি চৰকাৰৰ অধীনত যদি সঁচাকৈয়ে কিবা হৈছে, তেন্তে সেইটো হৈছে অনুপ্ৰৱেশকাৰীৰ এটা কাৰখানা।টিএমচিৰ কাম হৈছে ভুৱা নথি ৰচনা আৰু চোৰাং গৰু সৰবৰাহ।

লগতে পঢ়ক: মহিলা সবলীকৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ নতুন বাৰ্তা, জনালে বিশেষ আহ্বান

ভবানীপুৰৰ আসনৰ পৰা মনোনয়ন দাখিল মমতা বেনাৰ্জীৰ; নিৰ্বাচনৰ পূৰ্বেই দেখুৱালে শক্তি

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীয়ে কলকাতাৰ ভবানিপুৰ বিধানসভাৰ আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভবানিপুৰ সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিল কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক পদযাত্ৰা কৰে।এই সময়ত টিএমচিৰ বহু সংখ্যক নেতা-কৰ্মী উপস্থিত আছিল।

মনোনয়ন দাখিল কৰাৰ পিছত মমতা বেনাৰ্জীয়ে কয়,“মই ৰাইজক আহ্বান জনাইছো—কেৱল ভৱানীপুৰতে নহয়,বৰঞ্চ বংগৰ ২৯৪খন আসনৰ আটাইকেইখনতে টিএমচিৰ জয় নিশ্চিত কৰিব লাগে।মই সঁচাকৈ গভীৰ দুখ পাইছো যে SIR ৰ সময়ত বংগৰ ভোটাৰ তালিকাৰ পৰা ইমানবোৰ নাম আঁতৰাই দিয় হ’ল।

যেতিয়া মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ কালিঘাটৰ বাসগৃহৰ পৰা ওলাই আহিছিল তেতিয়া সমৰ্থকৰ ব্যাপক ভিৰ তেওঁৰ লগত গৈছিল।মমতা বেনাৰ্জীয়ে ৰাস্তাৰ দুয়োকাষে শাৰী পাতি থকা দলীয় কৰ্মী আৰু সমৰ্থকসকলক সম্ভাষণ জনায়।এই সময়ছোৱাত প্ৰায় ৮০০ মিটাৰ খোজ কাঢ়ি আলিপুৰ জৰীপ বিল্ডিঙত উপস্থিত হয়, য’ত তেওঁ মনোনয়ন পত্ৰ দাখিল কৰে।

লগতে পঢ়ক: কাইলৈ অসম বিধানসভা নিৰ্বাচন; নিৰ্ণয় হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

‘পশ্চিম বংগত বিজেপি হাৰিলে হিন্দুৰ অস্তিত্ব সংকটত’; মিথুন চক্ৰৱৰ্তীৰ বিস্ফোৰক মন্তব্য

পশ্চিম বংগ নিৰ্বাচনক লৈ বলীউডৰ প্ৰাক্তন ছুপাৰষ্টাৰ মিথুন চক্ৰৱৰ্তীয়ে এক বিস্ফোৰক মন্তব্য দিছে। মালদাৰ হিংসাক লৈ ক্ষোভ প্ৰকাশ কৰি তেওঁ মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিভাজনকাৰী ৰাজনীতিৰ অভিযোগ উত্থাপন কৰে।

পশ্চিম বংগ বিধানসভা নিৰ্বাচন ২০২৬ৰ বিজেপিৰ তাৰকা প্ৰচাৰক মিথুন চক্ৰৱৰ্তীয়ে মমতা বেনাৰ্জী চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে।শেহতীয়াকৈ মালদাত সংঘটিত হিংসাত্মক পৰিস্থিতি আৰু নিৰ্বাচনী উত্তেজনাৰ মাজতে মিথুনে চক্ৰৱৰ্তীয়ে স্পষ্ট কৰি দিলে যে এই নিৰ্বাচন বংগৰ পৰিচয় আৰু নিৰাপত্তা ৰক্ষাৰ চূড়ান্ত যুঁজ।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে তুষ্টিকৰণ আৰু ঘৃণা বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ উল্লেখ কৰে যে বংগৰ পৰিস্থিতি এতিয়া বিস্ফোৰক হৈ পৰিছে।মিথুন চক্ৰৱৰ্তীয়ে গুৰুতৰ সতৰ্কবাণী জাৰি কৰি কয় যে, ‘ৰাজ্যখনৰ ভিতৰৰ এটা নিৰ্দিষ্ট অঞ্চলক ‘পশ্চিম বাংলাদেশ’লৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰা হৈছে।কিন্তু যেতিয়ালৈকে জীৱাই থাকো,মই সমস্ত শক্তিৰে ইয়াৰ বিৰোধিতা কৰিম।আমি বংগৰ পৰিচয় শেষ হ’বলৈ নিদিওঁ।’

অভিনেতা গৰাকীয়ে অভিযোগ উত্থাপন কৰে যে, নিৰ্বাচনী লাভৰ স্বাৰ্থত সীমান্তত বেৰ দিয়াৰ বাবে মাটিৰ ব্যৱস্থা কৰা হোৱা নাই,যিটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে প্ৰত্যক্ষ আপোচ।তেওঁ টিএমচি চৰকাৰক দেশৰ নিৰাপত্তাৰ বাবে ডাঙৰ ভাবুকি বুলি অভিহিত কৰে। অভিনেতা গৰাকীয়ে দাবী কৰে যে, এইবাৰ যদি বিজেপি পৰাজয় হয়, তেন্তে বংগত হিন্দুৰ অস্তিত্ব বিপদত পৰিব পাৰে।

লগতে পঢ়ক: ৪০ বছৰীয়া অপেক্ষাৰ অন্ত! সংসদৰ বিশেষ অধিৱেশনত মহিলাৰ অধিকাৰ সন্দৰ্ভত লোৱা হ’ব ঐতিহাসিক সিদ্ধান্ত

বংগ নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে চতুৰ্থখন প্ৰাৰ্থী তালিকা

পশ্চিমবংগৰ ২৯৪খন আসনৰ আটাইকেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিয়ে

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে আন এখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে বিজেপিয়ে । এই চতুৰ্থ তালিকাত ১৩ জন প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰা হৈছে । দ্বিতীয় তালিকাত ঘোষণা কৰা এজন প্ৰাৰ্থীকো সলনি কৰা হৈছে । তালিকা অনুসৰি দ্বিতীয় তালিকাত ঘোষণা কৰা মায়নাগুৰি (অনুসূচিত জাতি) আসনৰ পৰা এতিয়া বিজেপিৰ প্ৰাৰ্থী হ’ব ডালিম ৰায় ।

নতুন তালিকা অনুসৰি আশুতোষ বাৰ্মাক সীতাই আসনৰ পৰা, নাটাবাৰীৰ পৰা গিৰিজা শংকৰ ৰায়, বাগদাৰ পৰা সোমা ঠাকুৰ, মগৰাহাট পূবৰ পৰা উত্তম কুমাৰ বানিক আৰু ফাল্টাৰ পৰা দেবাংশু পাণ্ডাক টিকট দিয়া হৈছে । সোণাৰপুৰ উত্তৰৰ পৰা দেবাশীষ পাঠক, হাওৰা দক্ষিণৰ পৰা শ্যামল হাতী, পঞ্চলা আসনৰ পৰা ৰঞ্জন কুমাৰ পল, চণ্ডীপুৰৰ পৰা পিয়ুষ কান্তি দাস, গৰবেটাৰ পৰা প্ৰদীপ লোধা, মেমাৰীৰ পৰা মানৱ গুহা আৰু বাৰাবাণী আসনৰ পৰা অৰিজিত ৰায় বিজেপিৰ প্ৰাৰ্থী হ’ব ।

উল্লেখ্য যে, পশ্চিম বংগত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন । ২৩ তাৰিখে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু ২৯ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । অহা ৪ মে’ত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল ।

পশ্চিমবংগৰ ২৯৪খন আসনৰ আটাইকেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিয়ে । এই পৰ্যন্ত বিজেপিয়ে ২৮৭খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে । প্ৰথমখন তালিকাত ১৪৪ গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ পোৱাৰ পিছতে দ্বিতীয় তালিকাত ১১১ গৰাকী আৰু তৃতীয় তালিকাত ১৯ গৰাকীৰ নাম প্ৰকাশ কৰিছে দলটোৱে । এতিয়া চতুৰ্থ তালিকাত ১৩ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে । সুৱেন্দু অধিকাৰী, দিলীপ ঘোষ, অগ্নিমিত্ৰ পল, স্বপন দাসগুপ্ত, নিশিত প্ৰমানিক, ৰূপা গাংগুলী, জিতেন্দ্ৰ কুমাৰ তিৱাৰী, কৌস্তৱ বাগচিকে ধৰি কেইবাগৰাকীও বিশিষ্ট নেতাই প্ৰতিদ্বন্দ্বিতা কৰিব বংগ বিজেপিৰ ।

লগতে পঢ়ক : ইউনিফৰ্ম চিভিল ক’ডৰ পৰা দুই লাখ চাকৰিলৈঃ নিৰ্বাচনী ইস্তাহাৰত বিজেপিৰ বিশেষ ঘোষণা

পশ্চিম বংগৰ নিৰ্বাচনৰ পূৰ্বে চাঞ্চল্যৰ ঘটনা; উদ্ধাৰ ৮৪টা দেশত নিৰ্মিত বোমা

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দক্ষিণ ২৪ পৰগনা জিলাৰ পৰা ৮৪টা খাৰুৱা বোমা উদ্ধাৰ হৈছে। তালাচী অভিযানৰ সময়ত এটা পুখুৰীৰ পৰা এটা ৰাইফলো উদ্ধাৰ হৈছে ।

পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচন ওচৰ চাপিছে যদিও তাৰ পূৰ্বেও দক্ষিণ ২৪ পৰগনা জিলাৰ পৰা এক চাঞ্চল্যকৰ খবৰ ওলাইছে।জিলাখনত ৮৪টাকৈ দেশত নিৰ্মিত বোমা উদ্ধাৰ হৈছে। তালাচী অভিযানৰ সময়ত এটা পুখুৰীৰ পৰা উদ্ধাৰ হৈছে এটা ৰাইফল।

দক্ষিণ ২৪ পৰগনা জিলাত বৃহৎ সংখ্যক খাৰুৱা বোমা আৱিষ্কাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।পশ্চিম বংগ আৰক্ষীয়ে নিৰ্বাচনী নিৰাপত্তা ব্যৱস্থাৰ অংশ হিচাপে চলোৱা অনুসন্ধান অভিযানৰ সময়ত দক্ষিণ ২৪ পৰগনাত বৃহৎ সংখ্যক দেশত নিৰ্মিত বোমা আৰু ৰাইফল উদ্ধাৰ হৈছে। জব্দ কৰা সামগ্ৰী সমূহত ৮৪টা বোমা আৰু এটা ৰাইফল আছে।এই সামগ্ৰী সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে, আৰু বিজয়গঞ্জ বজাৰ আৰক্ষী থানাই তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক: প্ৰতিটো নিৰ্বাচনেই খিলঞ্জীয়াৰ পৰিচয়ৰ বাবে গুৰুত্বপূৰ্ণ : হিমন্ত বিশ্ব শৰ্মা

২৯১খন আসনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা, ভৱানীপুৰ পৰা যুঁজিব মমতা বেনাৰ্জীয়ে

২০২৬ চনৰ বংগ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে ২২৬ খনতকৈও অধিক আসন লাভ কৰিব বুলি দাবী কৰে মমতাই

পশ্চিমবংগ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে ২৯১খন আসনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উল্লেখ কৰে যে অনিত থাপাৰ নেতৃত্বাধীন বিজেপিএমে দাৰ্জিলিঙৰ তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ।

ভৱানীপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । টিএমচিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিৰ্বাচন আয়োগে বিজেপিৰ হৈ “খেল” খেলিছে বুলি অভিযোগ কৰে আৰু তেওঁলোকে বিজেপিৰ হৈ পোনপটীয়াকৈ প্ৰচাৰ চলাব লাগে বুলি উল্লেখ কৰে । ২০২৬ চনৰ বংগ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে ২২৬ খনতকৈও অধিক আসন লাভ কৰিব বুলি দাবী কৰে মমতাই ।

২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ শুভেন্দু অধিকাৰীৰ হাতত নন্দিগ্ৰামৰ আসনত পৰাস্ত হৈছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । ইয়াৰ পাছতে ভৱানীপুৰ উপ-নিৰ্বাচনত জয়ী হৈ বিধানসভাত প্ৰৱেশ কৰে তেওঁ । এইবাৰ নন্দিগ্ৰামৰ আসনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছে মমতাই । আজি দলত যোগদান কৰা পবিত্ৰা কাৰ্কেক নন্দিগ্ৰামৰ টিকট প্ৰদান কৰিছে তৃণমূল কংগ্ৰেছে । পবিত্ৰা বিৰোধী নেতা সুবেন্দু অধিকাৰীৰ ঘনিষ্ঠ সহযোগী আছিল আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত জয়লাভৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ২০২১ চনত টিএমচিৰ এগৰাকী কৰ্মীৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল তেওঁক ।

মুৰ্ছিদাবাদ জিলাৰ ভাৰতপুৰ আসনৰ পৰা মুস্তাফিজুৰ ৰহমানক প্ৰক্ষেপ কৰিছে টিএমচিয়ে । এই আসনখন বাবৰি বিবাদৰ সূচনা কৰা বিধায়ক হুমায়ুন কবীৰৰ হাতত আছিল । কালিম্পং আৰু কুৰ্চেয়ং দাৰ্জিলিঙৰ আসন অনিত থাপাৰ নেতৃত্বাধীন  বিজিপিএমক এৰি দিছে টিএমচিয়ে ।

তৃণমূল কংগ্ৰেছে ডুম ডম উত্তৰ আসনৰ পৰা চন্দ্ৰিমা ভট্টাচাৰ্য, কামাৰহাটী আসনৰ পৰা মদন মিত্ৰ, কলকাতা বন্দৰৰ আসনৰ পৰা ফিৰহাদ হাকিম, বেলেঘাটা আসনৰ পৰা কুনাল ঘোষ, শ্যামপুকুৰ আসনৰ পৰা ড০ শশী পাঞ্জা, হাবৰা আসনৰ পৰা জ্যোতিপ্ৰিয়া মল্লিকক প্ৰক্ষেপ কৰিছে । পশ্চিম বংগৰ নিৰ্বাচনত টিএমচিৰ ২৯১গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৫২গৰাকী মহিলা, ৯৫গৰাকী অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ আৰু ৪৭গৰাকী সংখ্যালঘু ।

লগতে পঢ়ক : কংগ্ৰেছত আন এক মোক্ষম আঘাত, ৰাইজৰ দলত যোগদান জ্যেষ্ঠ নেতা আবুল মিয়াৰ

মমতাৰ দুৰ্গত শুভেন্দুৰ প্ৰত্যাহ্বান, হাই ভল্টেজ যুঁজৰ সাক্ষী হ’ব ভৱানীপুৰ

বিজেপি নেতা শুভেন্দু অধিকাৰীক দুটা সমষ্টিৰ পৰা টিকট প্ৰদান কৰা হৈছে । নন্দিগ্ৰাম হৈছে মমতা বেনাৰ্জীক ক্ষমতালৈ অনা আৰু মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অঞ্চল ।

বংগ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে সোমবাৰে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা । এই তালিকাত ১৪৪ গৰাকী প্ৰাৰ্থী আছে । বিজেপি নেতা শুভেন্দু অধিকাৰীক দুটা সমষ্টিৰ পৰা টিকট প্ৰদান কৰা হৈছে । ভৱানীপুৰৰ লগতে নন্দিগ্ৰামৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰিব সুবেন্দুৱে । ইফালে ভৱানীপুৰৰ বৰ্তমানৰ বিধায়ক মমতা বেনাৰ্জী । সেয়ে ভৱানীপুৰত হয়তো পুনৰ এবাৰ মমতা বনাম শুভেন্দুৰ হাই ভল্টেজ যুঁজ দেখা যাব পাৰে । মমতা বেনাৰ্জীয়ে ক’ত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও ভৱানীপুৰৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে ।

উল্লেখ্য যে, ভৱানীপুৰ আসনৰ পৰা তিনিবাৰকৈ জয়লাভ কৰিছে মমতা বেনাৰ্জীয়ে । ২০১১ চনত বংগত চি পি এম চৰকাৰৰ পতন ঘটি মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ ক্ষমতালৈ আহিছিল । নন্দিগ্ৰাম হৈছে মমতা বেনাৰ্জীক ক্ষমতালৈ অনা আৰু মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অঞ্চল । সেই সময়ত শুভেন্দু অধিকাৰী তেওঁৰ ঘনিষ্ঠ সহযোগী আছিল । পৰৱৰ্তী সময়ত অধিকাৰীও তাৰ পৰাই বিধায়ক হয় । কিন্তু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত পৰিস্থিতি সলনি হয় । শুভেন্দুৱে বিজেপিত যোগদান কৰে আৰু বিজেপিয়ে তেওঁক মমতা বেনাৰ্জীৰ বিৰুদ্ধে নিৰ্বাচনত থিয় কৰাই । এই প্ৰত্যাহ্বান গ্ৰহণ কৰি মমতাই নিজৰ পুৰণি আসন এৰি নন্দিগ্ৰামৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয় ।

এই সমষ্টিত নিৰ্বাচনত জয়ী হোৱাৰ বাবে আত্মবিশ্বাসী আছিল মমতা বেনাৰ্জী । অৱশ্যে তাৰ বিপৰীতহে ঘটিল । ইয়াত “দিদি” নিৰ্বাচনত পৰাজিত হয় । ১৯৫৬ টা ভোটত পৰাস্ত হয় মমতা । কিন্তু তেওঁৰ দল টিএমচিয়ে ৰাজ্যখনত শক্তিশালী প্ৰদৰ্শন কৰি একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰে । ২০২১ চনৰ নিৰ্বাচনত মমতা বেনাৰ্জী নেতৃত্বাধীন টিএমচিয়ে ২১৫খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৭৭খন আসন লাভ কৰিছিল ।

নন্দিগ্ৰামত পৰাজয়ৰ পিছত মমতা বেনাৰ্জীয়ে আসনখন ত্যাগ কৰে । পৰৱৰ্তী সময়ত ভৱানীপুৰৰ পৰা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ৫০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰে । ভৱানীপুৰক মমতা বেনাৰ্জীৰ দুৰ্গ বুলি গণ্য কৰা হয় ।

উল্লেখ্য যে, এসময়ত মমতা বেনাৰ্জীৰ ঘনিষ্ঠ শুভেন্দু অধিকাৰীয়ে প্ৰথমবাৰৰ বাবে ২০০৬ চনত টিএমচিৰ টিকটত কান্তি দক্ষিণৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচনত জয়ী হয় । ইয়াৰ পিছত ২০০৯ চনৰ লোকসভা নিৰ্বাচনত তামলুক সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয় । ২০১৪ চনৰ নিৰ্বাচনতো তেওঁ নিজৰ আসন অক্ষুণ্ণ ৰাখে ।

২০১৬ চনৰ নিৰ্বাচনত তেওঁ নন্দিগ্ৰামৰ আসন জয়লাভ কৰি মমতা বেনাৰ্জী চৰকাৰৰ পৰিবহণ মন্ত্ৰী হৈছিল । মমতা বেনাৰ্জী চৰকাৰত তেওঁক গুৰুত্বপূৰ্ণ নেতা হিচাপে গণ্য কৰা হৈছিল । ২০২১ চনৰ নিৰ্বাচনত পৰিস্থিতি সলনি হৈ বিজেপিত যোগদান কৰে অধিকাৰীয়ে । বিজেপিত যোগদান কৰাৰ পিছত মমতাৰ ঘনিষ্ঠ সহযোগী শুভেন্দু হৈ পৰে তেওঁৰ তীব্ৰ প্ৰতিদ্বন্দ্বী ।

লগতে পঢ়ক : বিজেপিয়ে প্ৰকাশ কৰিলে ১৪৪ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা, ‘দিদি’ৰ বিৰুদ্ধে যুঁজত সুবেন্দু অধিকাৰী