‘টিএমচিৰ গুণ্ডাক ৰেহাই দিয়া নহ’ব’; মমতা বেনাৰ্জীক সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

‘টিএমচিৰ গুণ্ডাক ৰেহাই দিয়া নহ’ব’; মমতা বেনাৰ্জীক সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক লক্ষ্য কৰি লয়। পশ্চিম বংগৰ পূব মেদিনীপুৰৰ হালদিয়াত এখন নিৰ্বাচনী সভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।এই সভাত প্ৰধানমন্ত্ৰী মোদীয়ে বংগৰ টিএমচি চৰকাৰ আৰু মমতা বেনাৰ্জীৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই। ইয়াৰ উপৰিও হালদিয়াত অনুষ্ঠিত হোৱা সভাৰ

পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক লক্ষ্য কৰি লয়।

পশ্চিম বংগৰ পূব মেদিনীপুৰৰ হালদিয়াত এখন নিৰ্বাচনী সভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।এই সভাত প্ৰধানমন্ত্ৰী মোদীয়ে বংগৰ টিএমচি চৰকাৰ আৰু মমতা বেনাৰ্জীৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই। ইয়াৰ উপৰিও হালদিয়াত অনুষ্ঠিত হোৱা সভাৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে বংগৰ জনসাধাৰণক ছটা গেৰান্টী দিছে।

নিৰ্বাচনী সভাখনত প্ৰধানমন্ত্ৰী মোদীয়ে বংগক ভয়মুক্ত কৰি তোলাৰ প্ৰথমটো গেৰান্টী দিয়ে।দ্বিতীয়টো গোৰান্টী হ’ল চৰকাৰী ব্যৱস্থাৰ জবাবদিহিতা নিশ্চিত কৰা।তৃতীয় গেৰান্টী হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে মমতা চৰকাৰক কাঠগড়াত ৰাখি দুৰ্নীতি আৰু অপৰাধ সম্পৰ্কীয় ফাইল খোলাৰ নিৰ্দেশ জাৰি কৰা হৈছে।চতুৰ্থ গেৰান্টীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দুৰ্নীতিগ্ৰস্তক জেললৈ প্ৰেৰণ কৰিব।

পঞ্চমটো গেৰান্টীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত বংগত কোনো টিএমচিৰ গুণ্ডা নাথাকিব। প্ৰধানমন্ত্ৰী মোদীৰ ছয় নম্বৰৰ গেৰান্টীটো এই নিৰ্বাচনৰ বাবে মাষ্টাৰষ্ট্ৰ’ক হিচাপেএ বিবেচিত হৈছে।প্ৰধানমন্ত্ৰী মোদীৰ এই ষষ্ঠ গেৰান্টী হৈছে সপ্তম দৰমহা আয়োগ কাৰ্যকৰী কৰা।

নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, টিএমচি চৰকাৰৰ অধীনত যদি সঁচাকৈয়ে কিবা হৈছে, তেন্তে সেইটো হৈছে অনুপ্ৰৱেশকাৰীৰ এটা কাৰখানা।টিএমচিৰ কাম হৈছে ভুৱা নথি ৰচনা আৰু চোৰাং গৰু সৰবৰাহ।

লগতে পঢ়ক: মহিলা সবলীকৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ নতুন বাৰ্তা, জনালে বিশেষ আহ্বান

শেহতীয়া প্ৰৱন্ধসমূহ