“ঝালমুৰি মই খালো,জ্বলা-পোৰা অনুভৱ টিএমচিয়ে কৰিছে”: মমতা বেনাৰ্জীক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

পশ্চিম বংগত ৰাজহুৱা সভা সম্বোধন কৰি মমতা বেনাৰ্জীক লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয় “ঝালমুৰি মই খালো,জ্বলা-পোৰা অনুভৱ টিএমচিয়ে কৰিছে”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে পশ্চিমবংগৰ কৃষ্ণনগৰত এখন ৰাজহুৱা সভা সম্বোধন কৰে। ইয়াত অনুষ্ঠিত বিজয় সংকল্প সভাত প্ৰধানমন্ত্ৰী মোদীয়ে টিএমচি চৰকাৰ আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত আক্ৰমণ চলাই তেওঁৰ চৰকাৰৰ নীতি-নিয়মক সমালোচনা কৰে।ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনী পৰিৱেশ সন্দৰ্ভত এক উল্লেখযোগ্য বক্তব্য আগবঢ়ায়। তেওঁ কয়, “ঝালমুৰি মই খাইছিলো, কিন্তু জ্বলা-পোৰা অনুভৱ টিএমচিয়ে কৰিছে।”

দৰাচলতে প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ পশ্চিম বংগৰ এখন দোকানত ঝলমুৰি খাইছিল,যিটো চৰ্চাৰ বিষয় হৈ পৰিছিল। ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰী মমতাই প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি কয় যে- এইখন এখন পৰিকল্পিত নাটক আছিল, ঝলমুৰিৰ দোকানখনত মাইক্ৰ’ফোন লগাই থোৱা আছিল,তাৰ পিছত, তেওঁ এছ পি জিক ঝলমুৰি প্ৰস্তুত কৰিবলৈ দিলে যাতে নাটক এখন মঞ্চস্থ কৰিব পৰা যায়!কেতিয়াবা নিৰ্বাচনৰ সময়ত গুহালৈ যায়। কেতিয়াবা তেওঁ নিজকে ‘চাইৱালা’ বুলি বৰ্ণনা কৰে!তেওঁ ১০ টকা দি ঝলমুৰি খালে— কল্পনা কৰকচোন।সকলোবোৰ নাটক আছিল”।

এনে বক্তব্যক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ৪ মে’ত মিঠাই বিতৰণ কৰা হ’ব আৰু ঝালমুৰিও বিতৰণ কৰা হ’ব।ৰাজ্যত বৰ্তমান প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে, আৰু তেওঁ সকলো ভোটাৰলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে ৰাইজক আহ্বান জনায় যে এইবাৰ ভোটাৰ ভোটদানৰ নতুন অভিলেখ গঢ়িব লাগে।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীক ‘সন্ত্রাসবাদী’ আখ্যা দি বিপদত AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে;  নিৰ্বাচন আয়োগৰ জাননী

ইন্টাৰনেটত জগতত খলকনি তুলিছে প্ৰধানমন্ত্ৰী মোদীৰ ‘ঝালমুড়ি’ৰ ভিডিঅ’ই

প্ৰধানমন্ত্ৰী মোদীৰ ব্যাপক ডিজিটেল প্ৰভাৱৰ পুনৰ প্ৰমাণ দি পথৰ কাষৰ ঝালমুড়ি উপভোগৰ তেওঁৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে

শেহতীয়াকৈ সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বিশেষ ভিডি’অ । প্ৰধানমন্ত্ৰী মোদীৰ ব্যাপক ডিজিটেল প্ৰভাৱৰ পুনৰ প্ৰমাণ দি পশ্চিম বংগৰ বিখ্যাত পথৰ কাষৰ “ঝালমুড়ি” উপভোগ কৰাৰ তেওঁৰ এটা স্বাভাৱিক ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ইনষ্টাগ্ৰামত পোষ্ট কৰাৰ মাত্ৰ এদিনৰ ভিতৰতে এই ভিডিঅ’টোৱে ১০০ মিলিয়নৰো অধিক ভিউ লাভ কৰিছে, আনহাতে ফেচবুকত ই ক্ষিপ্ৰতাৰে ৯০ মিলিয়নৰ ঘৰ চুইছেগৈ ।

এই ‘মোদী প্ৰভাৱ’ কেৱল ছচিয়েল মিডিয়াৰ টাইমলাইনতে সীমাবদ্ধ নাথাকি এই মুখৰোচক খাদ্যবিধৰ প্ৰতি এক ব্যাপক কৌতুহলৰো সৃষ্টি কৰিছে । গুগল চাৰ্চত “ঝালমুড়ি” শব্দটোৱে বিগত ২২ বছৰৰ ভিতৰত সৰ্বোচ্চ শিখৰ স্পৰ্শ কৰিছে, যাৰ ফলত এই সাধাৰণ মুখৰোচক বিধে এক নতুন মাত্ৰা লাভ কৰিছে । ছচিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোদীৰ দৰ্শকৰ সংখ্যা অতুলনীয় । ১০০ মিলিয়নতকৈ অধিক ইনষ্টাগ্ৰাম অনুগামীৰ সৈতে তেওঁ এই সফলতা অৰ্জন কৰা বিশ্বৰ প্ৰথমগৰাকী নেতা হিচাপে পৰিগণিত হৈছে । ইয়াৰ উপৰিও ফেচবুকত তেওঁৰ ৫৬ মিলিয়ন আৰু এক্সত (পূৰ্বৰ টুইটাৰ) ১০৬.৬ মিলিয়ন অনুগামীয়ে তেওঁৰ অপৰিসীম প্ৰভাৱকে সূচাইছে ।

অহা ২৩ আৰু ২৯ এপ্ৰিলত দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া পশ্চিম বংগ নিৰ্বাচনৰ নিৰন্তৰ প্ৰচাৰৰ মাজতে ঝাড়গ্ৰামৰ এখন স্থানীয় দোকানৰ ওচৰত এই আমোদজনক মুহূৰ্তটোৰ সৃষ্টি হয় । ভিডিঅ’টোত প্ৰধানমন্ত্ৰীগৰাকীক দোকানীগৰাকীৰ সৈতে কথা পাতি থকা দেখা গৈছে ।

প্ৰধানমন্ত্ৰীগৰাকীক তাত গোট খোৱা স্থানীয় লোকসকলৰ মাজত ঝালমুড়ি বিতৰণ কৰাও দেখা গৈছে । তেওঁৰ আগমনৰ লগে লগে সৰু দোকানখনত যথেষ্ট ভিৰৰ সৃষ্টি হয় ।  তেওঁৰ চাৰিওফালে উৎসুক লোকৰ ভিৰ আছিল, যাৰ ভিতৰত বিশেষকৈ মহিলাসকলক হাঁহি-স্ফূৰ্তিৰে তেওঁক নিৰীক্ষণ কৰি থকা দেখা গৈছিল । আন বহুতো লোকে তেওঁলোকৰ স্মাৰ্টফোনত এই বিশেষ মুহূৰ্তটো বন্দী কৰিবলৈ ব্যস্ত হৈ পৰিছিল ।

এই মুহূৰ্তৰ কিছু দৃশ্য ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখে: “পশ্চিম বংগৰ চাৰিখনকৈ নিৰ্বাচনী সভাৰ মাজতে এক ব্যস্ত দেওবাৰে ঝাড়গ্ৰামত কিছু সুস্বাদু ঝালমুড়ি উপভোগ কৰিলোঁ ।”

লগতে পঢ়ক : “১০ টকা দিব লাগিব”: প্ৰচাৰৰ মাজতে দোকানত ৰৈ ঝালমুৰিৰ সোৱাদ ললে প্ৰধানমন্ত্ৰী মোদীয়ে

“১০ টকা দিব লাগিব”: প্ৰচাৰৰ মাজতে দোকানত ৰৈ ঝালমুৰিৰ সোৱাদ ললে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বংগত ধাৰাবাহিকভাৱে সভা অনুষ্ঠিত কৰিছে। ইয়াৰ মাজতে দেওবাৰে পথৰ কাষৰ দোকানত ৰৈ ঝালমুৰিৰ সোৱাদ ললে।

পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰত সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নিৰ্বাচনী প্ৰচাৰৰ মাজতে পশ্চিম বংগৰ পথৰ কাষৰ দোকানত ৰৈ খাদ্যৰ সোৱাদ ললে প্ৰধানমন্ত্ৰী গৰাকীয়ে। প্ৰধানমন্ত্ৰী গৰাকীৰ এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ঝাৰগ্ৰামত এখন ৰাজহুৱা সভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে হেলিপেড খেলপথাৰলৈ যোৱাৰ পথত হঠাৎ কলেজ ম’ৰত ৰৈ দিয়ে। য’ত তেওঁ স্থানীয় দোকানৰ পৰা ঝালমুৰি খোৱাৰ লগতে সাধাৰণ মানুহৰ লগতো মত বিনিময় কৰে।

ঝালমুৰি খোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত ইয়াৰ ছবি শ্বেয়াৰ কৰি লিখিছে-দেওবাৰে পশ্চিমবংগত চাৰিটা ৰেলীৰ মাজতে ঝাৰগ্ৰামৰ সুস্বাদু ঝালমুৰি খালোঁ। লক্ষণীয় যে প্ৰধানমন্ত্ৰী মোদীয়ে দোকানীজনক ঝালমুৰি খোৱাৰ বাবদ ১০ টকাও দিয়ে।

ইফালে প্ৰধানমন্ত্ৰী গৰাকীৰ সমৰ্থকে সমবেত হৈ ভিৰ কৰা দেখিবলৈ পোৱা গৈছে।প্ৰধানমন্ত্ৰী মোদীয়ে স্থানীয় লোকসকলৰ সৈতে মত বিনিময়ো কৰে।এই সময়ছোৱাত তেওঁ ৰাইজৰ সৈতে ঝালমুৰি ভাগ কৰিছিল।

লগতে পঢ়ক: ২৯ এপ্ৰিলৰ পূৰ্বে আত্মসমৰ্পণৰ অন্তিম সুযোগ: টিএমচিৰ “গুণ্ডাৰাজ আৰু চিণ্ডিকেট”ক লৈ প্ৰধানমন্ত্ৰী মোদীৰ সকীয়নি

বিজেপি ক্ষমতালৈ আহিলে পশ্চিম বংগত নিঃশেষ হ’ব তৃণমূলঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে দাবী কৰে যে পশ্চিম বংগত ভাৰতীয় জনতা পাৰ্টি ক্ষমতালৈ অহাৰ পিছত তৃণমূল কংগ্ৰেছ একেবাৰে শেষ হৈ যাব

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাত্ৰ পাঁচ দিন বাকী । ইতিমধ্যে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হবলগীয়া সমষ্টি সমূহত নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে বিজেপিয়ে । বৰ্তমান ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে দাবী কৰে যে পশ্চিম বংগত ভাৰতীয় জনতা পাৰ্টি ক্ষমতালৈ অহাৰ পিছত তৃণমূল কংগ্ৰেছ “স্থায়ীভাৱে” শেষ হৈ যাব ।

কোচবিহাৰত এক নিৰ্বাচনী জনসভাক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই দাবী কৰে যে বিজেপিয়ে ৰাজ্যখনত চৰকাৰ গঠন কৰাৰ লগে লগে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৰাজনীতি শেষ হ’ব । ড০ শৰ্মাই কয়, “মমতা বেনাৰ্জীয়ে মোদীক কিয় ভয় কৰে কাৰণ তেওঁ জানে যে যদি কেতিয়াবা বংগত বিজেপি ক্ষমতালৈ আহে, তেন্তে তেওঁৰ ৰাজনীতি শেষ হৈ যাব । যিদৰে আমি গুজৰাট, উত্তৰ প্ৰদেশ আৰু বিহাৰত কংগ্ৰেছক স্থায়ীভাৱে তলা লগাই দিলোঁ, তেনেদৰে ইয়াতো বিজেপিয়ে জয়লাভ কৰাৰ লগে লগে টিএমচি স্থায়ীভাৱে শেষ হৈ যাব ।”

তেওঁ লগতে কয়, “তেওঁলোকৰ দাবী শুনি মই আচৰিত হওঁ । কেতিয়াবা টিভি চাই মই হাঁহো । হুমায়ুন কবীৰে কৈছিল যে তেওঁ বাবৰী মছজিদ নিৰ্মাণ কৰিব । বাস্তৱত তেওঁলোকে একো কৰিব নোৱাৰে । বিজেপি চৰকাৰ আহিলে এই সকলোবোৰ একেলগে সমাধান হ’ব ।”

উল্লেখ্য যে, পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ২৩ এপ্ৰিলত অনুষ্ঠিত হ’ব, য’ত ১৫২টা সমষ্টি সামৰি লোৱা হৈছে । প্ৰথম পৰ্যায়ত কোচবিহাৰ, আলিপুৰদুৱাৰ, জলপাইগুৰি, দাৰ্জিলিং, উত্তৰ আৰু দক্ষিণ দিনাজপুৰ, মালদা, মুৰ্শিদাবাদ, পুৰুলীয়া, বাকুড়া, ঝাৰগ্ৰাম, পশ্চিম মেদিনীপুৰ, পশ্চিম বৰ্ধমান আৰু বীৰভূম তথা নদিয়াৰ একাংশ সমষ্টি অন্তৰ্ভুক্ত হৈছে । এই অঞ্চলসমূহে সীমান্তৱৰ্তী জিলা, জনজাতীয় অঞ্চল, চাহ বাগান এলেকা আৰু উদ্যোগিক অঞ্চলসমূহক সামৰি লৈছে ।

২৯ এপ্ৰিলত বাকী থকা ১৪২টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ২৯৪খন আসনৰ ফলাফল ঘোষণা কৰা হ’ব ।

লগতে পঢ়ক : আজি নিশা দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

“মমতা বেনাৰ্জী আৰু অনুপ্ৰৱেশকাৰীৰ মাজত I Love You সম্পৰ্ক আছে ‘; মুখ্যমন্ত্ৰী

পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মমতা বেনাৰ্জীক তীব্ৰ কটাক্ষ কৰে।তেওঁ মমতা বেনাৰ্জীয়ে প্ৰতিদিনে অনুপ্ৰৱেশকাৰী অহাটো বিচাৰে বুলিও কয়।

পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ হৈ প্ৰচাৰ চলাই আছে। প্ৰচাৰৰ সময়ত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক কটাক্ষ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, পশ্চিম বংগত যদি বিজেপিৰ চৰকাৰ নাহে তেন্তে প্ৰতিদিনেই অনুপ্ৰৱেশকাৰী আহিয়েই থাকিব। অনুপ্ৰৱেশকাৰী সকল আহি আহি পশ্চিম বংগখন শেষ কৰি পেলাব।

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয়, এবাৰ পশ্চিম বংগত বিজেপি চৰকাৰ আহিব দিয়ক, অনুপ্ৰৱেশকাৰীৰ গতিয়াই গতিয়াই খেদাই দিয়া হ’ব।ভাৰতীয় মুছলমান সকলৰ প্ৰতি আমি বিৰোধী নহয়।আমাৰ এটাই উদ্দেশ্য যে এজনো অনুপ্ৰৱেশকাৰী আহিব নালাগে। কিন্তু মমতা বেনাৰ্জীয়ে অনুপ্ৰৱেশকাৰী অহাটো বিচাৰে। মমতা বেনাৰ্জী আৰু অনুপ্ৰৱেশকাৰীৰ মাজত আই লাভ ইউৰ সম্পৰ্ক আছে।সেয়েহে তেওঁ অনুপ্ৰৱেশকাৰী নোহোৱাকৈ থাকিব নোৱাৰে। পুৱাৰ পৰা ৰাতিলৈকে মমতা জীক অনুপ্ৰৱেশকাৰীক লাগে।কাৰণ অনুপ্ৰৱেশকাৰীৰ ভোটৰ দ্বাৰা হে তেওঁৰ চৰকাৰ গঠন হ’ব। আমাৰ ভোটৰ দ্বাৰা মমতা জীৰ চৰকাৰ গঠন নহয়।

লগতে পঢ়ক: ১৭ এপ্ৰিলৰ দিনটোক “ক’লা দিন” বুলি অভিহিত কৰি বিৰোধীক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ

অসম আৰু বংগত সলনি হোৱা জনগাঁথনিক লৈ মুখ্যমন্ত্ৰীৰ শংকা, জনালে বিশেষ আহ্বান

নতুন লোকপিয়লৰ পিছত উত্তৰ-পূব আৰু পশ্চিম বংগত ভৱিষ্যতে মুছলমানৰ জনগাঁথনি বৃদ্ধি পাব বুলি সম্ভাৱনা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে নতুন লোকপিয়লৰ পিছত উত্তৰ-পূব আৰু পশ্চিম বংগত ভৱিষ্যতে মুছলমানৰ জনগাঁথনি বৃদ্ধি পাব বুলি সম্ভাৱনা প্ৰকাশ কৰে । ইয়াৰ লগতে তেওঁ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ত্ৰিপুৰা, অসম, পশ্চিম বংগ আৰু মেঘালয়ৰ মাজত এক ঐক্যবদ্ধ মৰ্চাৰ দোহাই দি আগন্তুক বিধানসভা নিৰ্বাচনত পশ্চিম বংগত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ বাবে আহ্বান জনায় ।

মালদাত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই দাবী কৰে, “এই লোকপিয়লৰ পিছত বংগৰ জনগাঁথনি পুনৰ সলনি হ’ব । বংগত মুছলমান জনসংখ্যা ৩২ শতাংশ আৰু অসমত ৩৬ শতাংশলৈ বৃদ্ধি পাব ।” ড০ শৰ্মাই লগতে দাবী কৰে যে ত্ৰিপুৰা, অসম আৰু পশ্চিম বংগৰ মাজত যুটীয়া টাস্ক ফ’ৰ্চ অবিহনে বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে নিৰন্তৰভাৱে প্ৰৱেশ কৰি থাকিব ।

প্ৰতিটো লোকপিয়লতে মুছলমান জনসংখ্যা ৪-৫ শতাংশকৈ বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই বংগৰ ৰাইজক আহ্বান জনায় যে “দেশ ৰক্ষা আপোনালোকৰ হাতত” আৰু আগন্তুক নিৰ্বাচনত বিজেপিৰ পক্ষত থিয় দিবলৈ কয় । পশ্চিম বংগৰ জনসাধাৰণক কৌশলগতভাৱে এনডিএ শাসিত ৰাজ্যসমূহৰ তালিকাত অন্তৰ্ভুক্ত হ’বলৈ আহ্বান জনাই তেওঁ কয়, “যদি বংগ, অসম, ত্ৰিপুৰা আৰু মেঘালয়ে একেলগে কাম নকৰে, তেন্তে দেশ ভাগি পৰিব, ই বাংলাদেশী মুছলমানৰ কেন্দ্ৰবিন্দু হৈ পৰিব ।”

পশ্চিম বংগত ২৩ আৰু ২৯ এপ্ৰিলত হ’বলগীয়া দুটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে ।

লগতে পঢ়ক : লোকসভাত গৃহীত নহ’ল সংবিধান সংশোধনী বিধেয়ক, বিৰোধীৰ বিৰুদ্ধে এন ডি এৰ তীব্ৰ প্ৰতিবাদ

“বাংলাদেশী আৰু আমি একেলগে জীয়াই থাকিব নোৱাৰো”: পশ্চিম বংগৰ পৰা বাংলাদেশীক হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ

পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ চলাই বাংলাদেশীক হুংকাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনী প্ৰচাৰত মমতা বেনাৰ্জীকো কটাক্ষ।

বৃহস্পতিবাৰে পশ্চিম বংগত ভাৰতীয় জনতা পাৰ্টীৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পশ্চিম বংগৰ পৰাই বাংলাদেশীক হুংকাৰ মুখ্যমন্ত্ৰী গৰাকীৰ। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, পশ্চিম বংগ আৰু অসমত হয় আমি জীয়াই থাকিম নহ’লে বাংলাদেশী মুছলমান জীয়াই থাকিব। দুয়োটাই একেলগে বাস কৰিবই নোৱাৰে। সীমান্তত বেৰ নাই। যাৰ বাবে অভিষেক বেনাৰ্জীয়ে গৰু পঠিয়াই দিয়ে আৰু তাৰ বাংলাদেশৰ পৰা মানুহ আহি থাকে। যদি ইমান বাংলাদেশী আহি থাকে, তেনেহলে আমি কেনেকৈ জীয়াই থাকিম। বাংলাদেশী মুছলমানে অসম আৰু পশ্চিম বংগক একেবাৰে খাই পেলাব। ২০ বছৰৰ পিছত ইয়াত কোনো হিন্দুৱে বাস কৰিব নোৱাৰিব।

মমতা বেনাৰ্জীক কটাক্ষ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, মমতাজীয়ে কৈছে যে পশ্চিম বংগত বিজেপি জয়ী হ’লে মাছ-মাংস খোৱাটো বন্ধ কৰি দিব।গতিকে মই মমতা জীক ক’ব বিচাৰিছো যে, মমতা দিদি অসমলৈ আহক, বহুত ভাল চিকেন-মাটন খুৱাম।অসমত ১০ বছৰ ধৰি বিজেপিৰ চৰকাৰ আছিলে।কিন্তু কোনোবা লোকে  মাছ-মাংস খোৱাটো নিষিদ্ধ হ’ব বুলি কৈছে নেকি?  কোনোবাই মা কামাখ্যাত বলি বন্ধ হৈছে বুলি কৈছে নেকি? তেনেহলে মমতা বেনাৰ্জীয়ে কিয় ভয় খাইছে? আচলতে ইয়াৰ কাৰণটো হৈছে বিজেপি চৰকাৰ আহিলে পশ্চিম বংগত গো মাংস বন্ধ হ’ব। মমতা জীয়ে মুখেৰে যদিও মাছ-মাংস বন্ধ হ’ব বুলি কৈছে কিন্তু মনৰ ভিতৰত ভাবিছে বিজেপিয়ে চৰকাৰলৈ আহিলে গো মাংস বন্ধ হ’ব।তৃণমূল পাৰ্টীৰ লোকে কি মাংস খায় সেই কথাটোত সন্দেহ আছে।কাৰণ তেওঁলোকে সদায় বাংলাদেশী মুছলমানৰ পক্ষত কথা কৈ থাকে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিজেপিয়ে শাসনলৈ আহিলে বংগতো আমি নতুন আইন আনিম।আমি UCC বলৱৎ কৰিম। এই আইনৰ অধীনত এজন ব্যক্তিয়ে কেৱল এবাৰ হে বিয়া পাতিব পাৰিব। সেই কাৰণে আমাৰ ওপৰত সদায় মমতা জীয়ে খং কৰি থাকে।   

লগতে পঢ়ক: “বিধেয়কখন বিৰোধীতা কৰা সকল নিৰ্বাচনত পৰাস্ত হ’ব”; লোকসভাত মহিলা সংৰক্ষণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী

“মই আপোনালোকৰ ওচৰত ঋণী হৈ পৰিছো”; পশ্চিম বংগত উচুপি উঠিল প্ৰধানমন্ত্ৰী মোদী

শিলিগুৰিত নিৰ্বাচনী প্ৰচাৰ সভাত আৱেগিক হ’ল প্ৰধানমন্ত্ৰী মোদী। চলচলীয়া চকুৰে জনতাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

শিলিগুৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত এক আৱেগিক মুহূৰ্ত দেখিবলৈ পোৱা গ’ল।বিপুল জনসমাগম আৰু জনতাৰ অদম্য সমর্থনৰ সাক্ষী হৈ মঞ্চত আৱেগিক হৈ পৰিল প্রধানমন্ত্রী মোদী৷ চলচলীয়া চকুৰে জনতাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ কয়, এনে মৰম আৰু বিশ্বাস দেখি মই আপোনাৰ ওচৰত ঋণী হৈ পৰিছো। শনিবাৰে ৰোডশ্ব’ৰ কথা মনত পেলাই আৱেগিক হৈ পৰে প্ৰধানমন্ত্ৰী মোদী।তেওঁ কয় যে, , লাইনত থকা সৰু সৰু ল’ৰা-ছোৱালীবোৰক দেখি মই আচৰিত হৈছিলো যে সিহঁতে মোক কিমান ভাল পায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চৰকাৰক লক্ষ্য কৰি অভিযোগ উত্থাপন কৰে যে, তেওঁ ভোট-বেংকৰ ৰাজনীতি কৰি আছে আৰু নিজৰ মূল শ্লোগান ‘মা-মাটি-মানুহ’ৰ পৰা আঁতৰি গৈছে।  

লগতে পঢ়ক: ‘পাকিস্তানে য’তেই হাত দিয়ে সেইটো ধ্বংস হৈ যায়’; উমা ভাৰতীৰ বিস্ফোৰক মন্তব্য 

“সাপক বিশ্বাস কৰিব পাৰিলেও বিজেপিক বিশ্বাস কৰিব নোৱাৰি’; মমতা বেনাৰ্জী

নিৰ্বাচনী প্ৰচাৰ চলাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিক কটাক্ষ কৰে।

পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত অভিযোগ তীব্ৰতৰ হৈ পৰিছে।এইবাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দাবী কৰিছে যে, অসমবাসীৰ ভোটৰ ভিত্তিত বিজেপিৰ বিজয়ৰ আত্মবিশ্বাস নাছিল সেয়েহে অসমৰ নিৰ্বাচনৰ বাবে বাহিৰৰ পৰা মানুহ আনিছিল।লগতে তেওঁ কয় যে সাপক বিশ্বাস কৰিব পাৰি, কিন্তু বিজেপিক নোৱাৰি।

শুকুৰবাৰে (১০ এপ্ৰিল, ২০২৬) উত্তৰ ২৪ পৰগনা জিলাৰ টেণ্টুলিয়াত নিৰ্বাচনী সভাত ভাষণ দি মমতা বেনাৰ্জীয়ে অভিযোগ কৰে যে কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ বাবে দেশৰ কোনো এজেন্সী নিৰপেক্ষ হৈ নাথাকে, কাৰণ বিজেপিয়ে সকলো কিনি লৈছে। তেওঁ কয় যে, উত্তৰ প্ৰদেশৰ পৰা অসমলৈ এখন ৰে’লত ৫০ হাজাৰ লোকক প্ৰেৰণ কৰা হ’ল।

অসম নিৰ্বাচনৰ কথা উল্লেখ কৰি মমতা বেনাৰ্জীয়ে অভিযোগ কৰে যে বিজেপিয়ে পশ্চিমবংগতো বাহিৰৰ পৰা মানুহ অনাৰ বাবে একে কৌশল প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছে আৰু এই কাৰণেই বিষয়াসকলক বদলি কৰা হ’ল।

তেওঁ লগতে কয় যে, ‘মই চিন্তা কৰা নাই।বংগবাসী ৰাইজৰ ওপৰত মোৰ বিশ্বাস আছে। ভোটাৰ তালিকাত বাকী থকা সকলো ভোট আমি লাভ কৰিম।

লগতে পঢ়ক: হুমায়ুন কবীৰক মোক্ষম আঘাত; আছাদুদ্দিন ওৱেইছিয়ে ভংগ কৰিলে মিত্ৰতা