অসম আৰু বংগত সলনি হোৱা জনগাঁথনিক লৈ মুখ্যমন্ত্ৰীৰ শংকা, ভোটাৰক বিশেষ আহ্বান

অসম আৰু বংগত সলনি হোৱা জনগাঁথনিক লৈ মুখ্যমন্ত্ৰীৰ শংকা, জনালে বিশেষ আহ্বান

নতুন লোকপিয়লৰ পিছত উত্তৰ-পূব আৰু পশ্চিম বংগত ভৱিষ্যতে মুছলমানৰ জনগাঁথনি বৃদ্ধি পাব বুলি সম্ভাৱনা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে নতুন লোকপিয়লৰ পিছত উত্তৰ-পূব আৰু পশ্চিম বংগত ভৱিষ্যতে মুছলমানৰ জনগাঁথনি বৃদ্ধি পাব বুলি সম্ভাৱনা প্ৰকাশ কৰে । ইয়াৰ

নতুন লোকপিয়লৰ পিছত উত্তৰ-পূব আৰু পশ্চিম বংগত ভৱিষ্যতে মুছলমানৰ জনগাঁথনি বৃদ্ধি পাব বুলি সম্ভাৱনা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে নতুন লোকপিয়লৰ পিছত উত্তৰ-পূব আৰু পশ্চিম বংগত ভৱিষ্যতে মুছলমানৰ জনগাঁথনি বৃদ্ধি পাব বুলি সম্ভাৱনা প্ৰকাশ কৰে । ইয়াৰ লগতে তেওঁ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ত্ৰিপুৰা, অসম, পশ্চিম বংগ আৰু মেঘালয়ৰ মাজত এক ঐক্যবদ্ধ মৰ্চাৰ দোহাই দি আগন্তুক বিধানসভা নিৰ্বাচনত পশ্চিম বংগত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ বাবে আহ্বান জনায় ।

মালদাত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই দাবী কৰে, “এই লোকপিয়লৰ পিছত বংগৰ জনগাঁথনি পুনৰ সলনি হ’ব । বংগত মুছলমান জনসংখ্যা ৩২ শতাংশ আৰু অসমত ৩৬ শতাংশলৈ বৃদ্ধি পাব ।” ড০ শৰ্মাই লগতে দাবী কৰে যে ত্ৰিপুৰা, অসম আৰু পশ্চিম বংগৰ মাজত যুটীয়া টাস্ক ফ’ৰ্চ অবিহনে বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে নিৰন্তৰভাৱে প্ৰৱেশ কৰি থাকিব ।

প্ৰতিটো লোকপিয়লতে মুছলমান জনসংখ্যা ৪-৫ শতাংশকৈ বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই বংগৰ ৰাইজক আহ্বান জনায় যে “দেশ ৰক্ষা আপোনালোকৰ হাতত” আৰু আগন্তুক নিৰ্বাচনত বিজেপিৰ পক্ষত থিয় দিবলৈ কয় । পশ্চিম বংগৰ জনসাধাৰণক কৌশলগতভাৱে এনডিএ শাসিত ৰাজ্যসমূহৰ তালিকাত অন্তৰ্ভুক্ত হ’বলৈ আহ্বান জনাই তেওঁ কয়, “যদি বংগ, অসম, ত্ৰিপুৰা আৰু মেঘালয়ে একেলগে কাম নকৰে, তেন্তে দেশ ভাগি পৰিব, ই বাংলাদেশী মুছলমানৰ কেন্দ্ৰবিন্দু হৈ পৰিব ।”

পশ্চিম বংগত ২৩ আৰু ২৯ এপ্ৰিলত হ’বলগীয়া দুটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে ।

লগতে পঢ়ক : লোকসভাত গৃহীত নহ’ল সংবিধান সংশোধনী বিধেয়ক, বিৰোধীৰ বিৰুদ্ধে এন ডি এৰ তীব্ৰ প্ৰতিবাদ

শেহতীয়া প্ৰৱন্ধসমূহ