ইউনিফৰ্ম চিভিল ক’ডৰ পৰা দুই লাখ চাকৰিলৈঃ নিৰ্বাচনী ইস্তাহাৰত বিজেপিৰ বিশেষ ঘোষণা

ইউনিফৰ্ম চিভিল ক’ডৰ পৰা দুই লাখ চাকৰিলৈঃ নিৰ্বাচনী ইস্তাহাৰত বিজেপিৰ বিশেষ ঘোষণা

ইস্তাহাৰ মুকলি কৰি তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিলে আগন্তুক পাঁচ বছৰৰ ভিতৰত এই সকলোবোৰ প্ৰতিশ্ৰুতি পূৰণ কৰা হ’ব বুলি বিজেপিয়ে ঘোষণা কৰিছে মঙলবাৰে গুৱাহাটীত ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁলোকৰ ‘সংকল্প পত্ৰ’ উন্মোচন কৰে । এই ইস্তাহাৰত ইউনিফৰ্ম চিভিল ক’ড (UCC),

ইস্তাহাৰ মুকলি কৰি তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিলে আগন্তুক পাঁচ বছৰৰ ভিতৰত এই সকলোবোৰ প্ৰতিশ্ৰুতি পূৰণ কৰা হ’ব বুলি বিজেপিয়ে ঘোষণা কৰিছে

মঙলবাৰে গুৱাহাটীত ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁলোকৰ ‘সংকল্প পত্ৰ’ উন্মোচন কৰে । এই ইস্তাহাৰত ইউনিফৰ্ম চিভিল ক’ড (UCC), দুই লাখ চৰকাৰী চাকৰি, বানমুক্ত অসম আৰু ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ লক্ষ্যকে ধৰি ৩১ টা প্ৰতিশ্ৰুতি অন্তৰ্ভুক্ত কৰা হৈছে । ইস্তাহাৰ মুকলি কৰি ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিলে আগন্তুক পাঁচ বছৰৰ ভিতৰত এই সকলোবোৰ প্ৰতিশ্ৰুতি পূৰণ কৰা হ’ব বুলি দলটোৱে ঘোষণা কৰিছে ।

বিজেপিৰ এই ইস্তাহাৰ মুকলি কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । এই অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া উপস্থিত থাকে ।

ইউনিফৰ্ম চিভিল ক’ড-

দলটোৱে নিৰ্বাচনী ইস্তাহাৰত ইউনিফৰ্ম চিভিল ক’ড (UCC) ৰূপায়ণৰ দিশত কাম কৰিবলৈ প্ৰতিশ্ৰুতি উল্লেখ কৰিছে । অৱশ্যে ইয়াৰ পৰা ষষ্ঠ অনুসূচীভুক্ত এলেকা আৰু জনজাতীয় সম্প্ৰদায়সমূহক ৰেহাই দিয়া হ’ব বুলি উল্লেখ কৰিছে ইস্তাহাৰত । ইয়াৰ উপৰিও, দলটোৱে “লাভ জেহাদ” নাইকীয়া কৰিবলৈ এক বিশেষ আইন আৰু “লেণ্ড জেহাদ”ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰো প্ৰতিশ্ৰুতি দিছে ।

আন্তঃগাথনি-

আন্তঃগাঁথনিক লৈ এই ইস্তাহাৰত কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপি দলে । ‘অসম গতি শক্তি মাষ্টাৰ প্লেন’ৰ অধীনত অসমক ভাৰতৰ ‘পূবৰ প্ৰৱেশদ্বাৰ’ হিচাপে গঢ়ি তুলিবলৈ বিজেপিয়ে ৫ লাখ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে ।

পথ প্ৰকল্পসমূহৰ ভিতৰত আছে :

-এক নতুন শিলিগুৰি-শ্বিলং-শিলচৰ এক্সপ্ৰেছৱে’

-ব্ৰহ্মপুত্ৰৰ তলৰে গহপুৰ-নুমলীগড় সংযোগী পানীৰ তলৰ পথ আৰু ৰে’ল সুৰংগ

-গুৱাহাটী ৰিং ৰোড আৰু ডিব্ৰুগড় হৈ এটা গুৱাহাটী-তিনিচুকীয়া এক্সপ্ৰেছৱে’

ৰে’ল সেৱাৰ ক্ষেত্ৰত গুৱাহাটী-ডিব্ৰুগড়, গুৱাহাটী-আগৰতলা আৰু গুৱাহাটী-উত্তৰ লক্ষীমপুৰ পথত নতুন বন্দে ভাৰত ৰে’লৰ প্ৰতিশ্ৰুতি দিয়া হৈছে । ইয়াৰোপৰি মানস, উমৰাংচু, চৰাইদেউ, ডিফু, মাজুলী আৰু ডলুত নতুন বিমানবন্দৰ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে । গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰত ৱাটাৰ মেট্ৰ’ ব্যৱস্থাৰ লগতে বগীবিল, পাণ্ডু আৰু যোগীঘোপাত integrated river logistics hubs স্থাপনৰ প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে ।

বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি-

ৰাজ্যখনৰ এক চিৰস্থায়ী সমস্যা বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দলটোৱে ১৮,০০০ কোটি টকাৰো অধিক বিনিয়োগেৰে এক ‘বানমুক্ত অসম অভিযান’ আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিছে । ইয়াৰ ভিতৰত আছে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি মথাউৰি নিৰ্মাণৰ বাবে এক ‘নদী পুনৰুজ্জীৱন অভিযান’, ২ নং ৰাষ্ট্ৰীয় জলপথৰ পদ্ধতিগত ড্ৰেজিং (খনন), আৰু মথাউৰিসমূহ পৰীক্ষণৰ বাবে যুৱ স্বেচ্ছাসেৱকৰ দ্বাৰা গঠিত এক ‘বান নিৰীক্ষক বাহিনী’ ।

দুই লাখ চাকৰিৰ প্ৰতিশ্ৰুতি-

নিযুক্তিৰ ক্ষেত্ৰত, ইস্তাহাৰত দুই লাখ চৰকাৰী চাকৰিৰ লগতে ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান’ৰ জৰিয়তে উদ্যোগীক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, যাৰ অধীনত ১০ লাখ যুৱক-যুৱতীক সামৰি ৫ লাখ টকালৈকে আৰ্থিক সাহায্য প্ৰদানৰ প্ৰস্তাৱ কৰা হৈছে । ‘মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি’ৰ অধীনত নতুন স্নাতকসকলক নিযুক্তিৰ প্ৰস্তুতিৰ বাবে ২৫,০০০ টকাকৈ প্ৰদান কৰা হ’ব । ইয়াৰ উপৰি, ৰাজ্যখনত বিনিয়োগ কৰা নতুন উদ্যোগসমূহক প্ৰতিগৰাকী কৰ্মচাৰীৰ বিপৰীতে ১০,০০০ টকাকৈ মজুৰি ৰাজসাহায্য দিয়াৰো প্ৰতিশ্ৰুতি দিয়া হৈছে ।

৩,০০০ টকালৈ বৃদ্ধি পাব অৰুণোদয়ৰ ধন-

মহিলাসকলৰ বাবে, অৰুণোদয় আঁচনিৰ মাহেকীয়া সাহায্য পৰ্যায়ক্ৰমে ৩,০০০ টকালৈ বৃদ্ধি কৰা হ’ব আৰু অতিৰিক্ত ১৫ লাখ পৰিয়ালক এই আঁচনিৰ আওতালৈ অনা হ’ব বুলি ইস্তাহাৰত প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে । ইস্তাহাৰখনত প্ৰতিটো জিলা সদৰত মহিলাৰ দ্বাৰা পৰিচালিত ‘আইৰ পাকঘৰ’ নামৰ সামূহিক ভোজনালয় স্থাপনৰো প্ৰতিশ্ৰুতি দিয়া হৈছে ।

চাহ জনগোষ্ঠীৰ বাবে ঘোষণা-

চাহ জনগোষ্ঠীৰ বাবেও ইস্তাহাৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে । দলটোৱে চাহ শ্ৰমিকৰ দৈনিক মজুৰি পৰ্যায়ক্ৰমে ৫০০ টকালৈ বৃদ্ধি কৰা, সকলো যোগ্য পৰিয়ালক ভূমিৰ পট্টা আৰু গৃহ প্ৰদান কৰা, লগতে এক ‘চাহ জনগোষ্ঠী মজুৰি সংস্কাৰ বিশেষজ্ঞ সমিতি’ গঠনৰ প্ৰতিশ্ৰুতি দিছে ।

ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীলৈ উন্নীত-

ডিব্ৰুগড়ৰ বাবে দলটোৱে এক দ্বিতীয় সচিবালয় আৰু বিধানসভাৰ আন্তঃগাঁথনি, বিমানবন্দৰটোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীতকৰণ আৰু এখন উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠ স্থাপনৰ প্ৰতিশ্ৰুতি দিছে । ইফালে বৰাক উপত্যকাৰ বাবে, শিলচৰত এক পূৰ্ণকালীন অসম সচিবালয়, শ্ৰীভূমিত এইমছৰ এক উপ-কেন্দ্ৰ আৰু ডলু গ্ৰীণফিল্ড বিমানবন্দৰৰ দ্ৰুত উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়া হৈছে ।

উল্লেখ্য যে, ইস্তাহাৰত ৰাজ্যখনৰ ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । অসমীয়াৰ পৰিচয় আৰু অনুপ্ৰৱেশৰ ওপৰত ইস্তাহাৰত গুৰুত্ব কেন্দ্ৰীভূত কৰিছে দলটোৱে । অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ ‘ইমিগ্ৰেণ্টছ (এক্সপালচন ফ্ৰম আছাম) এক্ট, ১৯৫০’ কাৰ্যকৰী কৰাৰ লগতে বেদখলকৃত প্ৰতি ইঞ্চি ভূমি উদ্ধাৰ কৰা আৰু ‘মিছন বসুন্ধৰা’ৰ অধীনত সকলো প্ৰকৃত নাগৰিকক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে দলটোৱে ।

ইয়াৰ উপৰি, সত্ৰ, নামঘৰ আৰু দেৱালয়ৰ ভূমি বেদখলমুক্ত কৰা, সত্ৰ আয়োগক অধিক শক্তিশালী কৰা আৰু মধুপুৰ সত্ৰ তথা তলাতল ঘৰকে ধৰি বিভিন্ন ঐতিহ্যমণ্ডিত স্থানসমূহৰ পুনৰ্নিৰ্মাণৰো প্ৰতিশ্ৰুতি এই ইস্তাহাৰত প্ৰদান কৰা হৈছে ।

এই অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে বিজেপিৰ লক্ষ্য হৈছে এখন “সুৰক্ষিত অসম, উন্নত অসম” গঢ়ি তোলা । শইকীয়াই লগতে কয়, “২০২৬ চনৰ নিৰ্বাচন অসমৰ ৰাইজৰ বাবে এক অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন । এখন সুৰক্ষিত অসম গঢ়ি তোলাৰ লক্ষ্যৰে বিজেপিয়ে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে । আমি এই নিৰ্বাচনৰ বাবে সাজু । আমাৰ ‘সংকল্প’ হৈছে এখন সুৰক্ষিত অসম আৰু এখন উন্নত অসম গঢ়ি তোলা । এই সংকল্প পত্ৰখন প্ৰস্তুত কৰিবলৈ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২.৪৫ লাখ পৰামৰ্শ লাভ কৰিছোঁ ।”

লগতে পঢ়ক : ৩১টা সংকল্পৰে অসমত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি নিৰ্মলা সীতাৰমণৰ