ঘোষণা কৰা হ’ল অসমত বিধানসভা নিৰ্বাচনৰ দিন; ৯ এপ্ৰিলত হ’ব ৰাজ্যত নিৰ্বাচন

ঘোষণা কৰা হ’ল অসম বিধানসভা নিৰ্বাচনৰ দিন

৯ এপ্ৰিলত অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। নিৰ্বাচন আয়োগে কৰিলে ঘোষণা। ৪ মে’ত ঘোষণা কৰা হ’ব ফলাফল। নিৰ্বাচন আয়োগে দেওবাৰে, ১৫ মাৰ্চত অসম, তামিলনাডু, পশ্চিম বংগ, কেৰালা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পিছত অহা ৯ এপ্ৰিলত অসমত একক

৯ এপ্ৰিলত অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। নিৰ্বাচন আয়োগে কৰিলে ঘোষণা। ৪ মে’ত ঘোষণা কৰা হ’ব ফলাফল।

নিৰ্বাচন আয়োগে দেওবাৰে, ১৫ মাৰ্চত অসম, তামিলনাডু, পশ্চিম বংগ, কেৰালা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পিছত অহা ৯ এপ্ৰিলত অসমত একক পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। সংবাদমেল সম্বোধন কৰি মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে জনালে এই কথা।

ব’হাগ পূৰ্বেই ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। অসমত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। ৪ মে’ত ঘোষণা কৰা হ’ল ফলাফল।জানিব পৰা মতে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে ২৩ মাৰ্চ। অসমত এইবাৰ ২.৫ কোটি ভোটাৰে সাব্যস্ত কৰিব ভোট। তাৰে ৫.৭৫ লাখ ভোটাৰে প্ৰথমবাৰলৈ ভোটদান কৰিব। এইবাৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে থাকিব কেইবাটাও নতুন নিয়ম।

প্ৰতিটো ভোটকেন্দ্ৰত প্ৰথমবাৰলৈ থাকিব ৱেব কাষ্টিং। প্ৰথমবাৰৰ বাবে ভোট কেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰিব মোবাইল ফোন। নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে আজিৰে পৰা জাৰি হ’ল নিৰ্বাচনী অধিসূচনা।

লগতে পঢ়ক: আজিয়ে ঘোষণা হ’ব পাৰে অসম বিধানসভা নিৰ্বাচনৰ দিন

শেহতীয়া প্ৰৱন্ধসমূহ