নিৰ্বাচন আয়োগে ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া অসম, পশ্চিম বংগ, তামিলনাডু, কেৰালা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে।
ভাৰতৰ নিৰ্বাচন আয়োগে ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে।পশ্চিম বংগ, অসম, কেৰালা, তামিলনাডু আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত অনুষ্ঠিত হ’ব এই বিধানসভা নিৰ্বাচন। তাৰে আজি দিন ঘোষণা কৰা হ’ল।ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ পৰ্যায়, প্ৰাৰ্থীৰ মনোনয়নৰ তাৰিখ, ভোটগ্ৰহণৰ তাৰিখ, ফলাফলৰ দিন ঘোষণা কৰা হৈছে।
অসম, তামিলনাডু, কেৰালা আৰু পুডুচেৰীত এটা পৰ্যায়ত আৰু পশ্চিম বংগত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন।মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে উল্লেখ কৰে যে অসমত ২০ মে’, পশ্চিম বংগত ৭ মে’ কেৰালা ২৩ মে’, পুডুচেৰীত ১৫ জুন আৰু তামিলনাডুত ১০ মে’ ২০২৬ ত বৰ্তমানৰ চৰকাৰসমূহৰ কাৰ্যকাল অন্ত পৰিব। কেৰালাত ১৪০, পুডুচেৰীত ৩০, অসমত ১২৬, তামিলনাডুত ২৩৪ আৰু পশ্চিম বংগত ২৯৪খন বিধানসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।
নিৰ্বাচন আয়োগে চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
লগতে পঢ়ক: ঘোষণা কৰা হ’ল অসমত বিধানসভা নিৰ্বাচনৰ দিন; ৯ এপ্ৰিলত হ’ব ৰাজ্যত নিৰ্বাচন









